অসমৰ লোকসভা সমষ্টিসমূহৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসমৰ লোকসভা সমষ্টিসমূহ

লোকসভা হৈছে ভাৰতীয় সংসদৰ নিম্ন সদন বা নিম্নকক্ষ, ইয়াৰ সদস্যসকলক সাংসদ বোলে (MP)। প্ৰতিজন সাংসদে এটা নিৰ্দিষ্ট ভৌগোলিক সমষ্টিক প্ৰতিনিধিত্ব কৰে। লোকসভাৰ সদস্যসকলক ভাৰতীয় ভোটাৰে পোনপটিয়াভাবে নিৰ্বাচিত কৰে। ভাৰতীয় সংবিধান অনুসৰি লোকসভাত সৰ্বাধিক ৫৫২ জন সদস্য থাকিব পাৰে। ইয়াৰে ৫৩০ জনক ভাৰতৰ ৰাজ্যবোৰৰ ভোটাৰে আৰু ২০ জনক কেন্দ্ৰীয় শাসিত প্ৰদেশৰ ভোটাৰে নিৰ্বাচিত কৰে, বাকী দুজনক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে, এওঁলোক দুজন এংলো-ইণ্ডিয়ান মুলৰ হয়। প্ৰতি জন লোকসভাৰ সদস্যই তেওৰ সমষ্টিক লোকসভাত প্ৰতিনিধিত্ব কৰে। প্ৰত্যেক লোকসভাৰ কায্যৰ্কাল পাঁচ বছৰ। বৰ্তমান লোকসভাত ৫৪৫ জন সদস্য আছে।

অসমৰ লোকসভা সমষ্টিসমূহৰ তালিকা[সম্পাদনা কৰক]

সমষ্টি
নং
সমষ্টিৰ নাম সংৰক্ষণ স্থিতি
(অনুসূচিত জাতি/অনুসূচিত জনজাতি/নাই)
বিধানসভাৰ সমষ্টিসমূহ
কৰিমগঞ্জ অনুসূচিত জাতি ১.ৰাতাবাৰী(অনুসূচিত জাতি), ২.পাথাৰকাণ্ডি, ৩.কৰিমগঞ্জ উত্তৰ, ৪.কৰিমগঞ্জ দক্ষিণ, ৫.বদৰপুৰ, ৬.হাইলাকান্দি, ৭.কটলীছেৰা, ৮.আলগাপুৰ
শিলচৰ নাই ১.সোণাই, ২.শিলচৰ ৩.ধলাই (অনুসূচিত জাতি) ৪.উধাৰব্ণ্ড ৫.লখিপুৰ ৬.বৰখোলা ৭.কাতিগড়া
স্বায়ত্ত্ব শাসিত জিলা অনুসূচিত জনজাতি ১.হাফলঙ(অনুসূচিত জনজাতি) ২.বোকাজান(অনুসূচিত জনজাতি) ৩.হাওৰাঘাট(অনুসূচিত জনজাতি) ৪.ডিফু(অনুসূচিত জনজাতি) ৫.বৈঠালাংছু(অনুসূচিত জনজাতি)
ধুবুৰী নাই ১.মানকাচৰ ২.শ'লমৰা দক্ষিণ ৩.ধুবুৰী ৪.গৌৰীপুৰ ৫.গোলকগঞ্জ ৬.বিলাসীপাৰা পশ্চিম, ৭.বিলাসীপাৰা পূব ৮.গোৱালপাৰা পূব ৯.গোৱালপাৰা পশ্চিম ১০.জলেশ্বৰ
কোকোৰাঝাৰ অনুসূচিত জনজাতি 1.গোসাইগাঁও 2.কোকোৰাঝাৰ পশ্চিম (অনুসূচিত জনজাতি) 3.কোকোৰাঝাৰ পূব (অনুসূচিত জনজাতি) 4.ছিদলী (অনুসূচিত জনজাতি) 5.বিজনী 6.সৰভোগ 7.ভৱানীপুৰ 8.তামোলপুৰ 9.বৰমা (অনুসূচিত জনজাতি) 10.চাপাগুৰি (অনুসূচিত জনজাতি)
বৰপেটা নাই 1.বঙাইগাঁও 2.অভয়াপুৰী উত্তৰ 3.অভয়াপুৰী দক্ষিণ 4.বৰপেটা 5.পাটছাৰকুছি 6.জনীয়া 7.বাঘবৰ 8.সৰুক্ষেত্ৰী 9.চেঙা 10.ধৰ্মপুৰ
গুৱাহাটী নাই 1.দুধনৈ (অনুসূচিত জনজাতি) 2.বকো (অনুসূচিত জাতি) 3.ছয়গাঁও 4.পলাশবাৰী 5.জালুকবাৰী 6.দিছপুৰ 7.গুৱাহাটী পূব, 8.গুৱাহাটী পশ্চিম, 9.হাজো, 10.বৰক্ষেত্ৰী
মঙ্গলদৈ নাই 1.কমলপুৰ 2.ৰঙিয়া 3.নলবাৰী 4.পানেৰী 5.কলাইগাঁও 6.ছিপাঝাৰ 7.মঙ্গলদৈ (অনুসূচিত জাতি) 8.দলগাঁও 9.ওদালগুৰি (অনুসূচিত জনজাতি) 10.মাজবাট
তেজপুৰ নাই 1.ঢেকীয়াজুলি 2.বৰচলা 3.চতিয়া 4.তেজপুৰ 5.গহপুৰ 6.বিশ্বনাথ 7.ৰঙাপাৰা 8.বিহালী 9.বিহপুৰীয়া
১০ নগাঁও নাই 1.জাগীৰোড(অনুসূচিত জাতি) 2.মৰিগাঁও 3.লাহৰীঘাট, 4.ৰহা (অনুসূচিত জাতি), 5.নগাঁও 6.বঢ়মপুৰ 7.যমুনামুখ 8.হোজাই 9.লামডিং
১১ কলিয়াবৰ নাই 1.ধিং 2.বটদ্ৰৱা 3.ৰূপহীহাট 4.চামগুৰি 5.কলিয়াবৰ 6.সৰুপথাৰ 7.বোকাখাট 8.গোলাঘাট 9.খুমটাই 10.ডেৰগাঁও(অনুসূচিত জাতি)
১২ যোৰহাট নাই 1.যোৰহাট, 2.তিতাবৰ, 3.মৰিয়নি, 4.টিয়ক, 5.আমগুৰি, 6.নাজিৰা, 7.মাহমৰা, 8.সোণাৰি 9.থাওৰা, 10.শিৱসাগৰ
১৩ ডিব্ৰুগড় নাই 1.মৰাণ, 2.ডিব্ৰুগড়, 3.লাহোৱাল, 4.দুলিয়াজান, 5.টিংখং 6.নাহৰকটীয়া, 7.তিনিচুকীয়া, 8.ডিগবৈ, 9.মাৰ্ঘেৰিটা
১৪ লক্ষ্মীমপুৰ নাই ১.মাজুলী (অনুসূচিত জনজাতি), ২.নাওবৈচা, ৩.লক্ষ্মীমপুৰ, ৪.ঢকুৱাখানা(অনুসূচিত জনজাতি), ৫.ধেমাজী(অনুসূচিত জনজাতি), ৬.জোনাই(অনুসূচিত জনজাতি), ৭.চাবুৱা, ৮.ডুমডুমা, ৯.শদিয়া