আঁহত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আঁহত (Sacred Fig)
Ficus religiosa
Leaves and trunk of a Sacred Fig.
Note the distinctive leaf shape.
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Rosales
পৰিয়াল: Moraceae
গণ: Ficus
প্ৰজাতি: F. religiosa
বৈজ্ঞানিক নাম
Ficus religiosa
L.

আঁহত (ইংৰাজী: Sacred Fig , বৈজ্ঞানিক নাম-Ficus religiosa ) ‘Moraceae’ পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ উদ্ভিদৰ প্ৰজাতি৷ এই উদ্ভিদবিধ ভাৰত, বাংলাদেশ, নেপাল, পাকিস্তান, শ্ৰীলংকা, দক্ষিণ-পশ্চিম চীন আৰু ইন্দোনেছিয়া আদি দেশত স্থানীয়ভাৱে পোৱা যায়৷ [1][2]

বিৱৰণ[সম্পাদনা কৰক]

আঁহত ডাঙৰ বৃক্ষ উদ্ভিদ৷ এই গছবিধ পৰ্ণপাতী বা অৰ্ধ-সেউজীয়া উদ্ভিদ৷ ইয়াৰ উচ্চতা প্ৰায় ৩০ মিটাৰ হয় আৰু গছডালৰ গুৰিৰ ব্যাস প্ৰায় ৩ মিটাৰ হোৱা দেখা যায়৷ ইয়াৰ পাতবোৰৰ আকৃতি cordate ধৰণৰ আৰু আগটো দীঘল জোঙা হয়ৰ পাতৰ দৈৰ্ঘ্য প্ৰায় ১০-১৭ ছে:মি: আৰু পৃস্থ ৮-১২ ছে: মি: হয়৷ আঁহতৰ ফল সৰু গুটি ( Fig) যাৰ বৰণ প্ৰথমে সেউজীয়া আৰু পকিলে বেঙুণীয়া বৰণৰ হোৱা দেখা যায়৷

সংস্কৃতিত[সম্পাদনা কৰক]

The Bodhi Tree at the Mahabodhi Temple. Propagated from the Sri Maha Bodhi, which in turn is propagated from the original Bodhi Tree at this location.

আঁহত গছক হিন্দু, জৈন আৰু বৌদ্ধ ধৰ্মত পবিত্ৰ বুলি গণ্য কৰা হয়৷ শ্ৰীলংকাত থকা বোধি বৃক্ষক মানুহে ৰোৱা আটাইতকৈ পুৰণি গছ বুলি অনুমান কৰা হয়৷

A huge Peepal tree in a North Indian city.

স্থানীয় নাম[সম্পাদনা কৰক]

Typical shape of the leaf of the Ficus Religiosa

ব্যৱহাৰ[সম্পাদনা কৰক]

পৰম্পৰাগতভাৱে আঁহতৰ বিভিন্ন অংশ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়৷ তথ্য অনুসৰি প্ৰায় ৫০ বিধ সৰু-বৰ ৰোগ যেনে বহুমূত্ৰ, এজমা, ডায়েৰিয়া, হৃদযন্ত্ৰৰ বিভিন্ন বিসংগতি আদিত এই উদ্ভিদ ব্যৱহৃত হয়৷[3][4] আয়ুৰ্বেদীয় চিকিৎসা পদ্ধতিতো আঁহত গছৰ বিভিন্ন অংশৰ বহুলভাৱে ব্যৱহাৰ কৰা হয়৷

আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]

লগতে চাওক[সম্পাদনা কৰক]

Pipal tree at Nandan Kanan Park Bhopal.

তথ্যসুত্ৰ[সম্পাদনা কৰক]

  1. Oxford English Dictionary, Oxford University Press, 1971, p.1014
  2. "Ficus religiosa — Peepal". Flowers of India. http://www.flowersofindia.in/catalog/slides/Peepal.html। আহৰণ কৰা হৈছে: November 3, 2011. 
  3. Singh D, Singh B, Goel RK "Traditional uses, phytochemistry and pharmacology of Ficus religiosa: a review." J Ethnopharmacol. February 2, 2011
  4. "Journal of Ethnopharmacology : Traditional uses, phytochemistry and pharmacology of Ficus religiosa: A review". ScienceDirect. http://www.sciencedirect.com/science?_ob=ArticleURL&_udi=B6T8D-523CDP7-1&_user=10&_coverDate=04%2F12%2F2011&_rdoc=1&_fmt=high&_orig=gateway&_origin=gateway&_sort=d&_docanchor=&view=c&_acct=C000050221&_version=1&_urlVersion=0&_userid=10&md5=b28956819f4c2a37db22414cbf670516&searchtype=a। আহৰণ কৰা হৈছে: 2012-01-05. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]