কুইন হাজৰিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কুইন হাজৰিকা

২০১৫ চনত বাংগালোৰত এক ভিডিঅ' শ্বুটত কুইন হাজৰিকাক দেখা গৈছে
জন্ম কুইন হাজৰিকা
১৬ অক্টোবৰ, ১৯৭৬ (৪৭ বছৰ)
উত্তৰ লখিমপুৰ, অসম, ভাৰত
পেচা গায়ক, অভিনেত্ৰী
পিতৃ-মাতৃ ৰাজ হাজৰিকা
উষা গগৈ হাজৰিকা
সন্তান Mahin
Caillou
সাংগীতিক কেৰিয়াৰ
সংগীতৰ প্ৰকাৰ
বাদ্যযন্ত্ৰ
কাৰ্যকাল ১৯৯৬ চনৰ পৰা বৰ্তমানলৈ
সহযোগী  জুবিন গাৰ্গ, পৰাণ বৰকটকী, অন্তৰা নন্দী, মানস হাজৰিকা, জিম অংকন ডেকা
ৱেবছাইট
www.queenhazarika.com

কুইন হাজৰিকা (জন্ম: ১৬ অক্টোবৰ ১৯৭৬) এগৰাকী ভাৰতীয় গায়িকা[1] আৰু অভিনেত্ৰী। তেওঁৰ ঘৰ অসমলখিমপুৰ জিলাত। তেওঁ কণ্ঠ প্ৰদান কৰা কেইখনমান অসমীয়া বোলছবিৰ ভিতৰত গৰম বতাহ, মন, চুৰেণ চোৰৰ পুতেক আৰু স্নেহ বন্ধন অন্যতম। তেওঁ ২০১৩ চনত ৰটাৰী য়ং এশ্বিভাৰ এৱাৰ্ডেৰে সন্মানিত[2] হোৱাৰ লগতে ২০১৩ চনতে প্ৰাগ চিনে এৱাৰ্ডৰ শ্ৰেষ্ঠ মহিলা গায়িকাৰ বাবে মনোনীত হৈছিল।[3]

প্ৰাক জীৱনকাল আৰু কেৰিয়াৰ[সম্পাদনা কৰক]

কুইন হাজৰিকাৰ জন্ম অসমৰ এখন সৰু চহৰ লখিমপুৰত আৰু পিতৃ মাতৃ ক্ৰমে ৰাজ হাজৰিকা আৰু উষা গগৈ হাজৰিকা। স্কুলীয়া শিক্ষা লখিমপুৰৰে ছেইণ্ট মেৰীজ হাইস্কুলৰ পৰা সমাপ্ত কৰাৰ পিছত গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। সৰুৰে পৰাই সংগীত আৰু নাটকৰ চখ থকা হাজৰিকাই চাৰি বছৰ বয়সতে তেওঁৰ প্ৰথম প্ৰদৰ্শন আগবঢ়াইছিল[3]। ভালেমান অসমীয়া আৰু হিন্দী ছবিত তেওঁ গান গোৱাৰ লগতে অভিনয়ো কৰিছে। দূৰদৰ্শন, অল ইণ্ডিয়া ৰেডিঅ, ইউনিচেফ আদিৰ দ্বাৰা প্ৰযোজিত বহু ডকুমেণ্টৰীতো তেওঁ কণ্ঠ নিগৰাইছে। তদুপৰি ডি ৱাই ৩৬৫, ফ’কাছ এন ই, নিউজ লাইভৰ কিছু অনুষ্ঠানো তেওঁ সঞ্চালনা কৰিছে। ২০১২ চনত তেওঁ অসমীয়া বোলছবি সূৰ্যাস্তৰ বাবে অভিনয়ৰ প্ৰস্তাৱ লাভ কৰে।[4]

অনন্ত নন্দী, জিম অংকন ডেকা আৰু ঋত্বিকা ভট্টাচাৰ্যৰ আৰু কুইন হাজৰিকাই মিলি সৃষ্টি কৰা 'আৱাজ- স্পিক আপ এগেইনষ্ট ছেক্সুৱেল ভায়’লেন্স'-এ ইতিমধ্যে বিভিন্ন চিনেমা আৰু সংগীতৰ মহোৎসৱত বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।[5][6]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • ৰ’টাৰী যুৱ প্ৰতিভা বঁটা, ২০১৩
  • প্ৰাগ চিনে এৱাৰ্ডৰ শ্ৰেষ্ঠ মহিলা গায়ক বঁটাৰ বাবে মনোনীত, ২০১৩

ফিল্ম'গ্ৰাফী[সম্পাদনা কৰক]

বৰ্ষ ছবি ভাষা ভূমিকা
গায়ক অভিনয় ৰচক পৰিচালক প্ৰযোজক
২০০১ গৰম বতাহ অসমীয়া হয়
২০০২ মন অসমীয়া হয়
২০০৫ চুৰেণ চোৰৰ পুতেক অসমীয়া হয়
স্নেহ বন্ধন অসমীয়া হয়
২০১১ আকাশ চুবলৈ মন অসমীয়া হয়
২০১৩ সূৰ্যাস্ত অসমীয়া হয়
২০১৫ অৱতৰণ অসমীয়া হয়
২০১৫ অকস্মাৎ - out of the blue অসমীয়া হয়

ডিস্ক’গ্ৰাফী[সম্পাদনা কৰক]

  • ছবি
  • স্বৰ্গদেউ
  • শক্তি অভিমান

সংগীতৰ ভিডিঅ'[সম্পাদনা কৰক]

  • সাৰে আছোঁ (২০১৫)[7]
  • আৱাজ- স্পিক আপ এগেইনষ্ট ছেক্সুৱেল ভায়’লেন্স(২০১৩)[8]
  • মোৰ আন্ধাৰ নিশাৰ

গীত[সম্পাদনা কৰক]

  • আৱাজ- স্পিক আপ এগেইনষ্ট ছেক্সুৱেল ভায়’লেন্স (২০১২)[9]
  • কি নাম দি মাতিম (২০১২)
  • সাৰে আছোঁ (২০১৫)[10]
  • মোৰ আন্ধাৰ নিশাৰ(২০০৩)

দূৰদৰ্শনৰ অনুষ্ঠান[সম্পাদনা কৰক]

  • Dil Ka Connection (NE TV)
  • Your Request Our Pleasure (NE TV)
  • Songs on Demand (NE TV)
  • Good Life (News Live)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]