গংগাধৰ ৰাষ্ট্ৰীয় বঁটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গংগাধৰ ৰাষ্ট্ৰীয় বঁটা
Gangadhar National Award For Poetry
প্ৰদান কৰা হয় সাহিত্য, বিশেষকৈ কবিতাৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে
তাৰিখ সম্বলপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ দিনা
অৱস্থান সম্বলপুৰ বিশ্ববিদ্যালয়, উৰিষ্যা
দেশ  ভাৰত
প্ৰদান কৰোঁতা সম্বলপুৰ বিশ্ববিদ্যালয়
পুৰস্কাৰ ৫০,০০০ নগদ টকা, অংগবস্ত্ৰ, প্ৰমাণ-পত্ৰ, এটি স্মাৰক আৰু ইংৰাজীলৈ অনূদিত গংগাধৰ মেহেৰৰ কবিতাৰ কিতাপ গংগাধৰ মেহেৰ:চিলেক্টেড ৱৰ্কচ্‌
প্ৰথমবাৰলৈ প্ৰদান কৰা হৈছিল ১৯৯১
শেষবাৰলৈ প্ৰদান কৰা হৈছিল ২০২১
শ্ৰেষ্ঠাংশ
প্ৰথম বিজয়ী আলি চৰ্দাৰ জাফ্ৰি (১৯৯১)
শেহতীয়া বিজয়ী কে. জি. শংকৰ পিল্লাই (২০২১)
মুঠ বিজয়ী ৩১

গংগাধৰ ৰাষ্ট্ৰীয় বঁটা (ইংৰাজী: Gangadhar National Award For Poetry) হৈছে উৰিষ্যাৰ সম্বলপুৰ বিশ্ববিদ্যালয়ে সাহিত্য, বিশেষকৈ কবিতাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে প্ৰদান কৰা এটি সাহিত্য বঁটা। কবি গংগাধৰ মেহেৰৰ নামত এই বঁটা নামাকৰণ কৰা হৈছে। ১৯৯১ চনত আলি চৰ্দাৰ জাফ্ৰিক প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল। বৰ্তমানলৈকে বিভিন্ন ভাৰতীয় ভাষাৰ মুঠ ৩১জন কবিক এই বঁটাৰে সন্মানিত কৰা হৈছে।

ইতিহাস[সম্পাদনা কৰক]

১৯৯১ চনত প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল যদিও বঁটা প্ৰদানৰ প্ৰক্ৰিয়াটো ১৯৮৯ চনতে আৰম্ভ হৈছিল।

পদ্ধতি[সম্পাদনা কৰক]

বঁটাৰ বাবে প্ৰাৰ্থী নিৰ্বাচনৰ প্ৰক্ৰিয়াটোত প্ৰায় এবছৰ সময় লাগিছিল। যদি বঁটা বিজয়ীজন ২০১৯ চনত এই বঁটাৰ বাবে বিবেচিত হয়, তেন্তে তেওঁ ২০২১ চনতহে এই বঁটা লাভ কৰে। একেদৰে ২০১৭ চনৰ বিজয়ীজনক ২০১৯ চনত বঁটা প্ৰদান কৰা হয়। সম্বলপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰ দিনা এই বঁটা প্ৰদান কৰা হয়। প্ৰতিবছৰে জানুৱাৰী মাহত এই দিৱস উদযাপন কৰা হয়।

এই বঁটাৰ সৈতে ৫০,০০০ নগদ টকা, অংগবস্ত্ৰ, প্ৰমাণ-পত্ৰ, এটি স্মাৰক আৰু ইংৰাজীলৈ অনূদিত গংগাধৰ মেহেৰৰ গংগাধৰ মেহেৰ:চিলেক্টেড ৱৰ্কচ্‌ শীৰ্ষক এখন কবিতাৰ কিতাপ আগবঢ়োৱা হয়।[1][2]

বিজয়ীসকল[সম্পাদনা কৰক]

বঁটা ঘোষণা কৰা বৰ্ষ বিজয়ীৰ নাম (বঁটা প্ৰদান কৰা বৰ্ষৰ সৈতে) ভাষা প্ৰতিষ্ঠা দিৱস
১৯৯১ আলি চৰ্দাৰ জাফ্ৰি (১৯৯৩) উৰ্দু ২৬তম
১৯৯২ নৱকান্ত বৰুৱা (১৯৯৪) অসমীয়া ২৭তম
১৯৯৩ শক্তি চট্টোপাধ্যায় (১৯৯৫) বঙালী ২৮তম
১৯৯৪ জয়ন্ত মহাপাত্ৰ (১৯৯৬) ইংৰাজী/ওড়িয়া ২৯তম
১৯৯৫ কেদাৰনাথ সিং (১৯৯৭) হিন্দী ৩০তম
১৯৯৬ কে আয়াপ্পা পানিকাৰ (১৯৯৮) মালয়ালম ৩১তম
১৯৯৭ সীতাকান্ত মহাপাত্ৰ (১৯৯৯) ওড়িয়া ৩২তম
১৯৯৮ নিৰুপমা কৌৰ (২০০০) পঞ্জাৱী ৩৩তম
১৯৯৯ Vinda Karandikar (২০০১) মাৰাঠী ৩৪তম
২০০০ ৰমাকান্ত ৰাঠ (২০০২) ওড়িয়া ৩৫তম
২০০১ কে সচিদানন্দন (২০০৩) মালয়ালম ৩৬তম
২০০২ শংখ ঘোষ (২০০৪) বঙালী ৩৭তম
২০০৩ সীতাংশু য়শচন্দ্ৰ (২০০৫) গুজৰাটী ৩৮তম
২০০৪ দিলীপ চিত্ৰে (২০০৬) মাৰাঠী ৩৯তম
২০০৫ গুলজাৰ (২০০৭) উৰ্দু ৪০তম
২০০৬ নীলমণি ফুকন (কনিষ্ঠ) (২০০৮) অসমীয়া ৪১তম
২০০৭ হৰপ্ৰসাদ দাস (২০০৯) ওড়িয়া ৪২তম
২০০৮ আখলাক মহম্মদ খান (২০১০) উৰ্দু ৪৩তম
২০০৯ সুৰজিৎ পাটৰ (২০১১) পঞ্জাৱী ৪৪তম
২০১০ ৰাজেন্দ্ৰ কিশোৰ পাণ্ডা (২০১২) ওড়িয়া ৪৫তম
২০১১ বলৰাজ কোমল (২০১৩) উৰ্দু ৪৬তম
২০১২ বাসদেৱ মহী (২০১৪) সিন্ধী ৪৭তম[3]
২০১৩ সৌভাগ্য কুমাৰ মিশ্ৰ (২০১৫) ওড়িয়া ৪৮তম
২০১৪ সুবোধ চৰকাৰ (২০১৬)[4][5] বঙালী ৪৯তম
২০১৫ লীলাধৰ জাগুৰী (২০১৭)[6] হিন্দী ৫০তম
২০১৬ কে শিৱ ৰেড্ডী (২০১৮) তেলেগু ৫১তম
২০১৭ চন্দ্ৰশেখৰা কাম্বৰা (২০১৯)[7] কানাড়া ৫২তম
২০১৮ বিশ্বনাথ প্ৰসাদ তিৱাৰী (২০২০)[8][9][10] হিন্দী[11][12] ৫৩তম[13][14]
২০১৯ Sheen Kaaf Nizam (২০২১) উৰ্দু ৫৪তম
২০২০ কমল ভৰা (২০২২)[15] গুজৰাটী ৫৫তম
২০২১ কে. জি. শংকৰ পিল্লাই (২০২৩) মালয়ালম ৫৬তম

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "SELF STUDY REPORT FOR REACCREDITATION (Volume –I)". 2019-12-23. পৃষ্ঠা: 202. https://www.suniv.ac.in/documents/Sambalpur%20University%20NAAC%20SSR-%20Volume-1.pdf। আহৰণ কৰা হৈছে: 2019-12-23. 
  2. "SELF STUDY REPORT FOR REACCREDITATION (Volume –I)". 2019-12-23. https://www.suniv.ac.in/documents/Sambalpur%20University%20NAAC%20SSR-%20Volume-1.pdf। আহৰণ কৰা হৈছে: 2019-12-29. 
  3. "Meet the author, Vasdev Mohi". sahitya-akademi.gov.in. http://sahitya-akademi.gov.in/library/meettheauthor/vasdev_mohi.pdf. 
  4. "Subodh Sarkar conferred Gangadhar National Award for poetry". Business Standard India. Press Trust of India. 2016-01-06. https://www.business-standard.com/article/pti-stories/subodh-sarkar-conferred-gangadhar-national-award-for-poetry-116010601237_1.html. 
  5. January 6, 2016. "Subodh Sarkar conferred Gangadhar National Award for poetry" (en ভাষাত). India Today. https://www.indiatoday.in/pti-feed/story/subodh-sarkar-conferred-gangadhar-national-award-for-poetry-484088-2016-01-06। আহৰণ কৰা হৈছে: 2019-12-23. 
  6. "Hindi poet Leeladhar Jagoori to get Gangadhar National Award". Business Standard India. Press Trust of India. 2016-12-04. https://www.business-standard.com/article/pti-stories/hindi-poet-leeladhar-jagoori-to-get-gangadhar-national-award-116120400322_1.html. 
  7. "Sambalpur University honour for poets" (en ভাষাত). The Times of India. January 1, 2019. https://timesofindia.indiatimes.com/city/bhubaneswar/sambalpur-university-honour-for-poets/articleshow/67332521.cms। আহৰণ কৰা হৈছে: 2019-12-23. 
  8. "Poet Viswanath Prasad Tiwari To Get Gangadhar National Award | OTV" (en-US ভাষাত). https://odishatv.in/odisha/poet-viswanath-prasad-tiwari-to-get-gangadhar-national-award-420367। আহৰণ কৰা হৈছে: 2019-12-13. 
  9. "Hindi poet Tiwari to get Gangadhar National Award" (en ভাষাত). The Pioneer. https://www.dailypioneer.com/2019/state-editions/hindi-poet-tiwari-to-get-gangadhar-national-award.html। আহৰণ কৰা হৈছে: 2019-12-13. 
  10. "Poet Viswanath Prasad Tiwari to get Gangadhar National Award". Business Standard India. Press Trust of India. 2019-12-09. https://www.business-standard.com/article/pti-stories/poet-viswanath-prasad-tiwari-to-get-gangadhar-national-award-119120900180_1.html. 
  11. "Eminent poet Viswanath Prasad Tiwari to be conferred with Gangadhar National Award - OrissaPOST" (en-US ভাষাত). OrissaPost. 2019-12-09. https://www.orissapost.com/eminent-poet-viswanath-prasad-tiwari-to-be-conferred-with-gangadhar-national-award/। আহৰণ কৰা হৈছে: 2019-12-13. 
  12. "Hindi Poet Viswanath Prasad Tiwari To Receive Gangadhar National Award" (en-US ভাষাত). Odisha Bytes. 2019-12-09. 
  13. "Hindi poet Viswanath Prasad Tiwari to get 'Gangadhar National Award'" (en-US ভাষাত). KalingaTV. 2019-12-09. https://kalingatv.com/state/hindi-poet-viswanath-prasad-tiwari-to-get-gangadhar-national-award/। আহৰণ কৰা হৈছে: 2019-12-23. 
  14. "Viswanath Prasad Tiwariconferred Gangadhar National Award for poetry" (en-US ভাষাত). Reporters Today. 2019-12-09. Archived from the original on 2022-10-07. https://web.archive.org/web/20221007181936/https://englishnews.reporterstoday.com/viswanath-prasad-tiwariconferred-gangadhar-national-award-for-poetry/। আহৰণ কৰা হৈছে: 2019-12-23. 
  15. "Gujarati poet Kamal Vora gets Gangadhar Award". The New Indian Express. 28 Jan 2022. https://www.newindianexpress.com/states/odisha/2022/jan/28/gujarati-poet-kamal-vora-gets-gangadhar-award-2412260.html.