গড় দ’ল

অসমীয়া ৱিকিপিডিয়াৰ পৰা


গড় দ'ল
Garh Doul
সাধাৰণ তথ্য
অৱস্থিতি শোণিতপুৰ জিলা
অসম
ভাৰত
নিৰ্মাণ আৰম্ভ সপ্তম আৰু অষ্টম শতিকা
প্ৰযুক্তিৰ বিৱৰণ
গঠন পদ্ধতি ইটা আৰু ভাৰতীয় স্থানীয় চিমেণ্ট

গড় দ'ল বা গড় দৌল শোণিতপুৰ জিলাত অৱস্থিত ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ সংৰক্ষিত স্থান। ই অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নৰ অন্যতম। ই তেজপুৰৰ পৰা প্ৰায় ৭ কিঃমিঃ নিলগত তৰাজান কুমাৰগাঁৱত অৱস্থিত।[1] গড় দ'লৰ ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান বিভাগে প্ৰদান কৰা নম্বৰ হ'ল S-AS-95। ইয়াৰ মাটি কালি প্ৰায় ২৫০×২৫০ বৰ্গ মিটাৰ। ইয়াত ইটাৰ দুশাৰী সাঁচ পোৱা গৈছে যাক কোনো মন্দিৰৰ বেদী বুলি অনুমান কৰা হয়। ইয়াৰ ধ্বংসাৱশেষ খ্ৰীষ্টীয় সপ্তম আৰু অষ্টম শতিকাৰ।

গড় দৌলৰ প্ৰৱেশদ্বাৰ

হিন্দু শাস্ত্ৰ মতে এই ঠাই ৰজা বাণাসুৰে তেওঁৰ জীয়েক ঊষাক ৰাখিবলৈ সজোৱা গড় আছিল। ঊষায়ে তাইৰ শৈশৱ ইয়াতেই অতিবাহিত কৰিছিল।

গড় দৌলৰ ধ্বংসাৱশেষ বহু পৰিমাণে এতিয়াও আৱিষ্কৃত হোৱা নাই। অসমৰ পুৰাতত্ত্ব অনুসন্ধান বিভাগে এই ধ্বংসাৱশেষ উদ্ধাৰ আৰু সংৰক্ষণৰ বাবে কাম কৰি আছে লগতে ইয়াক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিবলৈ এটি উদ্যান নিৰ্মাণ কৰাইছে।

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Protected Monuments in Assam". Archaeological Survey of India. http://asi.nic.in/asi_protected_monu_assam.asp। আহৰণ কৰা হৈছে: 5 October 2013. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  • ৱিকিমিডিয়া কমন্সত গড় দ’ল সম্পৰ্কীয় মিডিয়া ফাইল।