চক্ৰধ্বজ সিংহ (নাটক)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চক্ৰধ্বজ সিংহ
লিখক লক্ষ্মীনাথ বেজবৰুৱা
চৰিত্ৰসমূহ প্ৰিয়ৰাম
গজপুৰীয়া
প্ৰথম প্ৰদৰ্শনৰ ঠাই অসম
মূল ভাষা অসমীয়া
শৈলী ঐতিহাসিক

চক্ৰধ্বজ সিংহ (ইংৰাজী: Chakraddhaj Singha) হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত এখন উল্লেখযোগ্য ঐতিহাসিক নাটক। এই নাটকৰ কথাবস্তু বেজবৰুৱাই প্ৰধানকৈ হেমচন্দ্ৰ গোস্বামীশৰাইঘাটৰ যুদ্ধ নামৰ প্ৰবন্ধৰ পৰা চয়ন কৰিছে।[1] অসমৰ অতীত গৌৰৱ অসমীয়াৰ আগত দাঙি ধৰিবলৈহে বেজবৰুৱাই এই নাটকখন ৰচনা কৰিছিল। ঐতিহাসিক নাটকৰূপে এই নাটকখনৰ অসমীয়া নাট সাহিত্যৰ বুৰঞ্জীত এক সুকীয়া স্থান আছে।

লেখকৰ বিষয়ে[সম্পাদনা কৰক]

লক্ষ্মীনাথ বেজবৰুৱা (ইংৰাজী: Laksminath Bezbarua; ১৮৬৪-১৯৩৮) আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক। কবিতা, নাটক,গল্প, উপন্যাস, প্ৰৱন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাৰ অৱদান অমূল্য। কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপেও চিনাকি দিছে।

কথাবস্তু[সম্পাদনা কৰক]

স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্ব কালত লাচিত বৰফুকনৰ নেতৃত্বত মোগল সৈন্যৰ বিৰুদ্ধে দুটা সাৰ্থক অভিযান চলোৱাৰ কথা নাটকখনত নাট্যৰূপ দিয়া হৈছে। নাটকখনৰ কথাবস্তুৰ অন্তৰ্গত স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ সেই সাৰ্থক অভিযান দুটা হ’ল:

  • চৈয়দ চানা আৰু চৈয়দ ফিৰোজৰ বিৰুদ্ধে বাঁহবাৰী, কাজলীমুখত সাৰ্থক অভিযান চলাই শেষত মোগলৰ হাতৰ পৰা গুৱাহাটী অধিকাৰ কৰা।
  • ইয়াৰ পিছতে ৰামসিংহই অসম আক্ৰমণ কৰি শৰাইঘাটৰ যুদ্ধত বেয়াকৈ পৰাস্ত হোৱা।[1]

সমালোচনা[সম্পাদনা কৰক]

চক্ৰধ্বজ সিংহৰ নাটকখনত শ্বেইক্সপীয়েৰৰ নাটকৰ প্ৰভাৱ আছে।[2] এই সম্পৰ্কত নাটকখনৰ পাতনিতে বেজবৰুৱাদেৱে কৈছে, “মহাকবি শ্বেইক্সপীয়েৰৰ প্ৰিন্স হেনৰি, ফলষ্টাফ আৰু তেওঁলোকৰৰ লগৰীয়াসকলৰ চৰিত্ৰৰ চানেকিৰ কিছু দূৰ অনুসৰণ কৰি এই নাটৰ প্ৰিয়ৰাম আৰু গজপুৰীয়া প্ৰভৃতিৰ চৰিত্ৰ গঠন কৰা হৈছে। মহাকবিৰ পদাংক অনুসৰণ কৰি তেওঁৰ আশীৰ্বাদৰ কণমান লাভৰ ভিকহু হোৱাহে লেখকৰ মনস্কামনা।”

চৰিত্ৰ[সম্পাদনা কৰক]

বেজবৰুৱাদেৱে প্ৰিয়ৰাম, গজপুৰীয়া আদি চৰিত্ৰকেইটা শ্বেইক্সপীয়েৰৰ ‘চতুৰ্থ হেনৰী’ নাটকৰ ৰাজকুমাৰ হেন্‌ৰী, ফলষ্টাফ আৰু তেওঁলোকৰ লগৰীয়াসকলৰ আলমত নিৰ্মাণ কৰিছে। তেওঁ প্ৰতিটো চৰিত্ৰকে অসমীয়া সাঁচত একোটা মৌলিক চৰিত্ৰলৈ ৰূপান্তৰ কৰিছে।[2]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 সুব্ৰত জ্যোতি নেওগ (২৯ জুন, শনিবাৰ ২০১৩). "লক্ষীনাথ বেজবৰুৱাৰ নাটক". দৈনিক জনমভূমি: ৭ পৃষ্ঠা. 
  2. 2.0 2.1 সুব্ৰত জ্যোতি নেওগ (৬ জুলাই, শনিবাৰ ২০১৩). "লক্ষীনাথ বেজবৰুৱাৰ নাটক – ৬ জুলাই". দৈনিক জনমভূমি: ৭ পৃষ্ঠা.