চিলনী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চিলনী (Black Kite)
বাংগালোৰত এটা চিলনী
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Falconiformes
(or Accipitriformes, q.v.)

পৰিয়াল: Accipitridae
গণ: Milvus
প্ৰজাতি: M. migrans
বৈজ্ঞানিক নাম
Milvus migrans
(Boddaert, 1783)
উপপ্ৰজাতিসমূহ

5, see text

Black and Yellow-billed Kite ৰ গোলকীয় বিতৰণ
কমলা: বাৰিষা কাল
সেউজীয়া: সমগ্ৰ বছৰ জুৰি
নীলা: শীত কালত
সমাৰ্থক
  • Falco migrans Boddaert, 1783
  • Milvus affinis
  • Milvus ater
  • Milvus melanotis

চিলনী (ইংৰাজী: Black Kite, বৈজ্ঞানিক নাম:Milvus migrans) এবিধ মধ্যমীয়া আকাৰৰ মাংসহাৰী চিকাৰী(bird of prey) চৰাই৷ অন্যান্য দিবাচৰ (diurnal) মাংসহাৰী চৰাইৰ পৰা ইয়াৰ পাৰ্থক্য এয়ে যে ই সুবিধাবাদী চিকাৰী (opportunistic hunter) আৰু কেতিয়াবা মৃত প্ৰাণীও আহাৰ হিচাপে গ্ৰহণ কৰে (scavenge)৷ খাদ্যৰ সন্ধানত ইহঁতে প্ৰায়ে আকাশত উৰি ফুৰে৷ চিলনীৰ কোণীয়া ডেউকা আৰু স্পষ্টকৈ বিভক্ত নেজ (forked tail) ৰ সহায়ত ইয়াক সহজেই চিনক্ত কৰিৱ পৰা যায়৷

বিৱৰণ[সম্পাদনা কৰক]

চিলনীৰ আকাৰ অন্যান্য মাংসহাৰী চৰাইতকৈ তুলনামূলক ভাৱে সৰু৷ ইয়াৰ নেজ কিছু অংশলৈকে বিভক্ত আৰু বৰণ সাধাৰণতে গাঢ় হয়৷ মতা আৰু মাইকী উভয়ে দেখাত একে৷ দেহৰ উপৰভাগ মুগা (brown) কিন্তু মূৰ আৰূ ডিঙি কিছু শেঁতা বৰণৰ হয়৷ চকুৰ তলৰ অংশ কিছু গাঢ় হয়৷ ডেউকা ক'লা বৰণৰ আৰু পথালিকৈ ডাঠ আঁচ (cross bars) থকা দেখা যায়৷ দেহৰ তলৰ ভাগ শঁতা মুগা ৰঙৰ৷ চিলনীৰ ঠোঁট ক'লা, কাষটো হালধীয়া৷ ইয়াৰ ঠেং হালধীয়া ৷ চিলনীৰ এটা স্পষ্ট আৰু তীক্ষ্ণ হুইচেলৰ দৰে মাত (shrill whistle followed by a rapid whinnying call) আছে৷ [2]

ক্ৰমবিৱৰ্তন আৰু টেক্সন’মি[সম্পাদনা কৰক]

বৰ্তমানলৈকে চিলনীৰ কেইবাটাও উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে৷ এই উপ-প্ৰজাতি সমূহ হ'ল-

  • Milvus migrans migrans (Boddaert, 1783): European Black Kite
ইউৰোপ আৰু পাকিস্তানত প্ৰজনন কৰে বুলি জনা যায়৷ শীতকালত আফ্ৰিকা লৈ প্ৰব্ৰজন কৰে ৷
  • Milvus migrans lineatus (J. E. Gray, 1831): Black-eared Kite
চাইবেৰিয়া ৰ পৰা আমোৰলেণ্ড (Amurland) আৰু হিমালয়ৰ পৰা উত্তৰ ভাৰত, উত্তৰ ইণ্ডোনেছিয়া আৰু দক্ষিণ চীন, জাপান লৈকে বিস্তৃত৷
  • Milvus migrans govinda (Sykes, 1832): Small Indian Kite (formerly Pariah Kite)
পূব পাকিস্তান, ভাৰত, শ্ৰীলংকা, ইণ্ডোনেচিয়া আদিত পোৱা যায়৷[3][4]
  • Milvus migrans affinis (Gould, 1838): Fork-tailed Kite
Sulawesi, পপুৱা নিউ গিনি ( Papua New Guinea) আৰু অষ্ট্ৰেলিয়াত পোৱা যায়৷
  • Milvus migrans formosanus (Kuroda, 1920): Taiwan Kite
টাইৱান আৰু হাইনান (Hainan) ত বিস্তৃত হৈ আছে৷

বিতৰণ[সম্পাদনা কৰক]

অষ্ট্ৰেলিয়াত উৰন্ত অৱস্থাত এটা চিলনী
Milvus migrans' ৰ মূৰ অংশ

চিলনী ইউৰোপ, এছিয়া, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াত বহুলভাৱে বিস্তৃত৷ নাতিশীতোষ্ণ (temperate) অঞ্চলৰ চিলনী সমূহে প্ৰব্ৰজন কৰে বুলি জনা যায় কিন্তু ক্ৰান্তীয় (tropical) চিলনী সমূহ ঘাইকৈ থলুৱা৷ উদাহৰণস্বৰূপে [ইউৰোপ]]আৰু এছিয়াৰ উপ-প্ৰজাতি যেনে M. m. milvus আৰু M. m. lineatus আদিয়ে শীতকালত ক্ৰন্তীয় অঞ্চললৈ প্ৰব্ৰজন কৰে কিন্তু ভাৰতM. m. govinda (Pariah Kite), বা অষ্ট্ৰেলিয়াৰ M. m. affinis (Fork-tailed Kite) আদি উপ-প্ৰজাতি সমূহ থলুৱা৷[5]

ভাৰতবৰ্ষত M. m. govinda উপ-প্ৰজাতিৰ জনসংখ্যাই আটাইতকৈ বেছি আৰু ইহঁতক মানুহৰ ঘন আবাদীপূৰ্ণ অঞ্চলতে ঘাইকৈ দেখা যায়৷ ই বনাঞ্ছলত বসবাস নকৰে৷ ১৯৬৭ চনত নতুন দিল্লীত ১৫০ বৰ্গ কিল'মিটাৰ জোৰা এটা অঞ্চলত অধ্যয়ন কৰি মুঠ ২২০০ যোৰ চিলনী পোৱা গৈছিল৷ [2][6]

আচৰণ[সম্পাদনা কৰক]

খাদ্য[সম্পাদনা কৰক]

চিলনীয়ে সাধাৰণতে আকাশত উৰি থাকি চিকাৰৰ সন্ধান কৰে৷ চিকাৰ দেখিলে চোঁ মাৰি নামি আহি জীৱন্ত অৱস্থাতে ধৰি নিয়ে ৷ ই এবিধ সুযোগসন্ধানী চিকাৰী৷ মাছ, নিগনি, চৰাই আদি ইয়াৰ প্ৰধান খাদ্য৷ [7] ইহঁত সাধাৰণতে ধোঁৱা বা জুইৰ প্ৰতি আকৰ্ষিত হয় কাৰণ এনে অৱস্থাত পলাবলৈ ধৰা চিকাৰ ধৰিবলৈ সহজ৷ [8] এই আচৰণৰ বাবেই অষ্ট্ৰেলিয়াৰ অধিবাসীসকলে চিলনীয়ে জ্বলি থকা ডাল আদি শুকান ঘাঁহনিত পেলাই জুই লগাব পাৰে বুলি বিশ্বাস কৰে৷ [9] ভাৰতৰ চিলনী সমূহ নগৰ অঞ্চলত বসবাস কৰাত অভ্যস্ত৷ সেয়ে ইহঁতক ঘন আবাদীপূৰ্ণ ঠাইতো দেখিবলৈ পোৱা যায়৷ আনকি কোনো কোনো অঞ্চলত ই চোঁ মাৰি আহি মানুহৰ পৰা খাদ্যবস্তু কাঢ়ি নিয়াৰো বাতৰি পোৱা যায়৷ [2][10] চিলনীয়ে কেতিয়াবা অন্য চিলনীৰ বাহতো চিকাৰ কৰে৷[11] তাৰোপৰি চিলনীয়ে কেতিয়াবা কণী বা পোৱালিৰ আশাত টোকোৰা চৰাইৰ বাহ চিঙি কঢ়িয়াই লৈ যোৱা দেখা যায়[12]

প্ৰজনন[সম্পাদনা কৰক]

ভাৰতত চিলনীৰ প্ৰজনন শীতকালত আৰম্ভ হয়৷ বাৰিষাৰ সময়লৈকে পোৱালিয়ে উৰিব পৰা হয়৷ চিলনীয়ে গছৰ ডালিৰে বাহ সাজে৷ [13] চিলনীয়ে বাহটো কেতিয়াবা উজ্জ্বল সামগ্ৰী যেনে বগা পলিথিনৰে সজোৱাৰ তথ্য পোৱা গৈছে৷ [14] মতা-মাইকী উভয়ে মিলি বাহ সাজে আৰু পোৱালিৰ যত্ন লয়৷ এবাৰত ২-৩ টা কণী পাৰে৷[10][15] পোৱালি জন্মৰ পৰা দুমাহ পৰ্যন্ত বাহত থাকে৷ [16] পোৱালিৰ মাজত দন্দ্ব হয় আৰু আটাইতকৈ দুৰ্বল পোৱালিটো প্ৰায়ে মৃত্যুমুখত পৰে৷ [17] জ্নমৰ দুবছৰৰ পিছৰ পৰা চিলনী প্ৰজননক্ষম হৈ উঠে৷

আলোকচিত্ৰ[সম্পাদনা কৰক]


তথ্যসুত্ৰ[সম্পাদনা কৰক]

  1. BirdLife International (2012). "Milvus migrans". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/160032423। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. 2.0 2.1 2.2 Whistler, Hugh (1949). Popular handbook of Indian birds (4 সম্পাদনা). Gurney and Jackson, London. পৃষ্ঠা. 371–373. ISBN 1-4067-4576-6. http://www.archive.org/stream/popularhandbooko033226mbp#page/n422/mode/1up/. 
  3. Agoramoorthy, G (2005). "Disallow caste discrimination in biological and social contexts". Current Science খণ্ড 89 (5): 727. http://www.ias.ac.in/currsci/sep102005/727.pdf. 
  4. Blanford WT (1896). Fauna of British India. Birds. Volume 3. Taylor and Francis, London. পৃষ্ঠা. 374–378. http://www.archive.org/stream/faunaofbritishin03oate#page/374/mode/1up/. 
  5. Badley, John and Philip Hyde (2006). "The Black-eared Kite in Lincolnshire - a new British bird". Birding World খণ্ড 19 (11): 465–470. 
  6. Galushin V M (1971). "A huge urban population of birds of prey in Delhi, India". Ibis খণ্ড 113: 552. 
  7. Narayanan, E (1989). "Pariah Kite Milvus migrans capturing Whitebreasted Kingfisher Halcyon smyrnensis". J. Bombay Nat. Hist. Soc. খণ্ড 86 (3): 445. 
  8. Hollands, David (1984). Eagles, hawks, and falcons of Australia. Nelson. ISBN 0-17-006411-5. 
  9. Chisholm AH (1971). "The use by birds of tools and playthings". Vict. Nat. খণ্ড 88: 180–188. 
  10. 10.0 10.1 Ali, S & S D Ripley (1978). Handbook of the birds of India and Pakistan. 1 (2 সম্পাদনা). Oxford University Press. পৃষ্ঠা. 226–230. ISBN 0-19-562063-1. 
  11. Veiga, J. P. and Hiraldo, F. (1990). "Food habits and the survival and growth of nestlings in two sympatric kites (Milvus milvus and Milvus migrans)". Holarct. Ecol. খণ্ড 13: 62–71. 
  12. Wesley,H Daniel; Relton,A; Moses,A Alagappa (1991). "A strange predatory habit of the Pariah Kite Milvus migrans". J. Bombay Nat. Hist. Soc. খণ্ড 88 (1): 110–111. 
  13. Sergio, Fabrizio; Paolo Pedrini and Luigi Marchesi (2003). "Adaptive selection of foraging and nesting habitat by black kites (Milvus migrans) and its implications for conservation: a multi-scale approach". Biological Conservation খণ্ড 112 (3): 351–362. doi:10.1016/S0006-3207(02)00332-4. 
  14. Sergio, F; J. Blas; G. Blanco; A. Tanferna; L. López; J. A. Lemus; F. Hiraldo (2011). "Raptor Nest Decorations Are a Reliable Threat Against Conspecifics". Science খণ্ড 331 (6015): 327–330. doi:10.1126/science.1199422. PMID 21252345. 
  15. Kimiya Koga, Satoshi Siraishi and Teru Aki Uchida (1989). "Breeding Ecology of the Black-eared Kite Milvus migrans lineatus in the Nagasaki Peninsula, Kyushu". Jap. J. Ornithol খণ্ড 38 (2): 57–66. doi:10.3838/jjo.38.57. 
  16. Desai,JH; Malhotra,AK (1979). "Breeding biology of the Pariah Kite Milvus migrans at Delhi Zoological Park". Ibis খণ্ড 121 (3): 320–325. doi:10.1111/j.1474-919X.1979.tb06849.x. 
  17. Viñuela, Javier (1999). "Sibling aggression, hatching asynchrony, and nestling mortality in the black kite ( Milvus migrans )". Behavioral Ecology and Sociobiology খণ্ড 45 (1): 33–45. doi:10.1007/s002650050537. 

লগতে চাওঁক[সম্পাদনা কৰক]

  • Desai, J. H.; Malhotra, A. K. (1982). "Annual gonadal cycle of Black Kite Milvus migrans govinda". J. Yamashina Inst. Orn. খণ্ড 14: 143–150. 
  • Hardy, J. (1985). "Black Kite capturing small passerines". Australasian Raptor Association News খণ্ড 6: 14. 
  • American Ornithologists' Union (2000). "Forty-second supplement to the American Ornithologists' Union Check-list of North American Birds". Auk খণ্ড 117 (3): 847–858. doi:10.1642/0004-8038(2000)117[0847:FSSTTA]2.0.CO;2. 
  • Crochet Pierre-André (2005). "Recent DNA studies of kites". Birding World খণ্ড 18 (12): 486–488. 
  • Forsman Dick (2003). "Identification of Black-eared Kite". Birding World খণ্ড 16 (4): 156–60. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]