ছিক্কিমৰ জিলাসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উত্তৰ ছিক্কিম পূৱ ছিক্কিম দক্ষিণ ছিক্কিম পশ্চিম ছিক্কিমA clickable map of Sikkim exhibiting its four districts.
এই ছবিখনৰ বিষয়ে

ছিক্কিম (ইংৰাজী: Sikkim) (এই শব্দটোৰ বিষয়ে শুনক) হিমালয় পৰ্বতমালাৰ ওপৰত অৱস্থিত ভাৰতবৰ্ষৰ এখন ৰাজ্য।| এই ৰাজ্যখন চাৰিখন জিলাত ভাগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়া জিলা উপায়ুক্তই এই জিলা সমূহ পৰিচালনা কৰে। এই জিলা সমূহ পুনৰ মহকুমাত ভাগ কৰা হৈছে। ৰাজ্যখনৰ বহুতো অংশ ভাৰতীয় সেনা বাহিনীৰ দ্বাৰা নিয়ন্ত্ৰিত। কাৰণ, ছিক্কিমত চীনৰ লগত বহুতো স্পৰ্শকাতৰ সীমান্তৱৰ্তী এলেকা আছে। বহুতো অঞ্চল বিদেশী লোকৰ বাবে নিষিদ্ধ কৰা আছে আৰু সেই ঠাই সমূহ ভ্ৰমণ কৰিবৰ বাবে বিশেষ চৰকাৰী অনুমতিৰ প্ৰয়োজন। ছিক্কিমত সৰ্বমুঠ ৮ খন চহৰ আৰু ৯ টা মহকুমা আছে।

ছিক্কিমৰ জিলা কেইখন হৈছে:

ক'ড জিলা সদৰ জনসংখ্যা (২০১১)[1] মাটিকালি (বৰ্গ কিঃমিঃ) ঘনত্ব (/বৰ্গ কিঃমিঃ) মানচিত্ৰ
ES পূৱ ছিক্কিম গেংটক 281,293 954 257
SikkimEast.png
NS উত্তৰ ছিক্কিম মাংগন 43,354 4,226 10
SikkimNorth.png
SS দক্ষিণ ছিক্কিম নামছি 146,742 750 175
SikkimSouth.png
WS পশ্চিম ছিক্কিম গেইজিঙ 136,299 1,166 106
SikkimWest.png

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Ranking od (sic) Districts by Population Size" (XLS). The Registrar General & Census Commissioner, India, New Delhi-110011. 2010 - 2011. http://censusindia.gov.in/2011-prov-results/data_files/sikkim/stm1.xls। আহৰণ কৰা হৈছে: 2011-09-19. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]