নামদাং নদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা


নামদাং নদী
দেশ  ভাৰত
প্ৰদেশ অসম
উৎস নগাপাহাৰৰ পাদদেশ
মোহনা দিখৌ নদী
 - অৱস্থান শিৱসাগৰ জিলা, অসম, ভাৰত

নামদাং নদী হৈছে দিখৌ নদীৰ উপনদী। নামদাং নদীখন নগাপাহাৰৰ পাদদেশত উৎপত্তি হৈছে।

গতিপথ[সম্পাদনা কৰক]

নগাপাহাৰৰ পাদদেশত উৎপত্তি হৈ নামদাং নদীখন ২ কি:মি: বৈ আহিছে। তাৰ পিছত শিৱসাগৰ জিলাৰ সীমাইদি ২.৫ কি:মি: বৈ গৈ নাগালেণ্ডৰ মোককচাং আৰু টুৱেনচাং জিলাৰ সীমাইদি ৰঙাগৰাৰ পৰা ৩ কি:মি: আহি মেকিপুৰ চাহ বাগিছা আৰু নাজিৰা গেলেকি পথ পাৰ হৈ পশ্ছিমমুৱা হয়। ইয়াৰ পৰা শলগুৰি গাঁও পাৰ হৈ কালুগাঁওৰ ৰূপজানৰ সৈতে লগ লাগি সৰ্পিল পথেৰে উত্তৰ পশ্ছিমমুৱা হয়। আকৌ তাৰ পৰা জেৰেঙা বিলৰ দক্ষিণেদি ৬ কি:মি: আহি চাৰিঙীয়া জানৰ লগ হৈ আকৌ উত্তৰমুৱা হৈ ৩০০ বছৰ পুৰনি নামদাঙৰ শিলৰ সাঁকোৰ তলেদি পাৰ হৈ সামান্য উত্তৰত দিখৌ নদীত পৰিছে।

নামদাঙৰ প্ৰধান উপনদী[সম্পাদনা কৰক]

টিফুক বা নামতি নদী[সম্পাদনা কৰক]

টিফুক বা নামতি নদী নদীখন গেলেকি সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই উত্তৰমুৱা হৈ নামতি বঙালীগাঁও পায় ইয়াৰ পৰাই নামতি নদী নামেৰে দুলিয়াগাঁও পাৰ হৈ উত্তৰ-পশ্ছিমমুৱা হয় । ইয়াৰ পৰা ৰেলপথ আৰু কুকুৰাচোৱা পাৰ হৈ মাউত গাঁওত দিকচু নদী লগ হয় আৰু তেতিয়াৰ পৰা এই নদীক টিফুক নদী বোলা হয় । টিফুক নদী উত্তৰ-পশ্ছিম দিশত ২.৫ কি:মি: আহি পশ্ছিম চাৰিঙীয়া জানৰ লগ লাগে । তাৰ পৰা ৪ কি:মি: আহি মাহীগাঁওত নামদাঙত পৰে । নদী খনৰ দৈৰ্ঘ প্ৰায় ১৯ কি:মি:।

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]