নৰসিংহ (উদ্ভিদ)
| Curry Leaf Tree | |
|---|---|
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| জগৎ/ৰাজ্য: | Plantae |
| বিভাগ: | Angiosperms |
| (অশ্ৰেণীকৃত): | Rosids |
| শ্ৰেণী: | Eudicots |
| বৰ্গ: | Sapindales |
| পৰিয়াল: | Rutaceae |
| গণ: | Murraya |
| প্ৰজাতি: | M. koenigii |
| বৈজ্ঞানিক নাম | |
| Murraya koenigii (L.) Sprengel[1] |
|
নৰসিংহ (ইংৰাজী: Curry Tree; বৈজ্ঞানিক নামঃ Murraya koenigii) ৰুটেছি (Rutaceae) গোত্ৰৰ এবিধ বহুবৰ্ষীয় গুল্ম (জোপোহা) জাতৰ উদ্ভিদ৷ ৪-৬ মিটাৰ ওখ হোৱা এই উদ্ভিদবিধৰ গা-গছৰ পৰিধি ৪০ ছেঃমিঃ পৰ্যন্ত হয়৷ ইয়াৰ ফুলবিলাক সৰু, বগা আৰু গোন্ধযুক্ত৷ ইয়াৰ সৰু সৰু ক'লা ৰঙৰ ফলবিলাক খাব পাৰি যদিও তাৰ গুটিবিলাক বিষাক্ত৷ নৰসিংহৰ গা-গছ ঠাল-ঠেঙুলিৰে মুগা বৰণৰ বাকলিৰে আবৃত হৈ থাকে৷ পাত মহানিমৰ সেউজীয়া বৰণৰ পাতৰ দৰে৷ পাতৰ কাষ অসমান, ডিম্বাকাৰ আৰু পাতবোৰ একোডাল পটুৱাত এটাৰ পিছত এটাকৈ সৰু ঠাৰিৰে সংযুক্ত হৈ থাকে৷ একোডাল পটুৱাত ৫ ৰ পৰা ২৫ খিলাকৈ পাত থাকে৷ ফেব্ৰুৱাৰী মাহত ফুল ফুলে আৰু ফলবোৰ জুন মাহৰ পৰা আগষ্ট মাহৰ ভিতৰত পকে৷ ফলবোৰ ডিম্বাকৃতিৰ হয়৷ গুটিবোৰ ফলৰ ভিতৰত কিছুমান বিজলুৱা পদাৰ্থৰ ভিতৰত থাকে৷ প্ৰজনন গুটিৰ পৰা হয়৷
সূচী |
উপলদ্ধতা[সম্পাদনা কৰক]
পশ্চিম বংগ, অসম, কেৰেলা, উৰিষ্যা, তামিলনাডু, গুজৰাট, হিমালয়ৰ কুমায়ুনৰ পাৰ্বত্য অঞ্চল আৰু ছিকিম৷ ভাৰতৰ বাহিৰেও মাদাগাস্কাৰ, ম্যানমাৰ, জাভা, লাউচ, বাংলাদেশ আদি ঠাইতো এই গছ পোৱা যায়৷
ব্যৱহাৰ[সম্পাদনা কৰক]
সুদুৰ অতীতৰ পৰা নৰসিংহৰ পাত ৰন্ধন প্ৰণালীত ব্যৱহাৰ হৈ আহিছে৷ ইয়াৰ সুগন্ধ আৰু সুস্বাদুৰ বাবে তৰকাৰী আৰু আচাৰ আদি সামগ্ৰীত ব্যৱহাৰ হয়৷ ইয়াৰ পাত, ডাল –শিপা আদি অতীজৰে পৰা আয়ুৰ্বেদীয় আৰু ইউনানী ঔষধীয় পদ্ধতিত ব্যৱহাৰ হৈ আহিছে৷ ইয়াৰ গা-গছৰ পাতৰ পৰা নিষ্কাশিত ৰসৰে প্ৰস্তুত কৰা তেলেৰে অণুজীৱ ধ্বংস আৰু পোক-পৰুৱা নিয়ন্ত্ৰণৰ কামত ব্যৱহাৰ কৰা হয়৷[2]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "Murraya koenigii information from NPGS/GRIN". www.ars-grin.gov. http://www.ars-grin.gov/cgi-bin/npgs/html/taxon.pl?24703। আহৰণ কৰা হৈছে: 2008-03-11.
- ↑ প্ৰান্তিক, লিখক: বিনোদ কলিতা, ১-১৫ ফেব্ৰুৱাৰী, ২০০৭, পৃষ্ঠা নং- ২৩, vol no- ২৬ বছৰ পঞ্চম সংখ্যা, PRANTIK ISSN- 0971-5932
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
| ৱিকিমিডিয়া কমন্সত ‘Murraya koenigii’ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |