পূৰ্ণকান্ত বুঢ়াগোহাঞি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পূৰ্ণকান্ত বুঢ়াগোহাঞি
জন্ম ১৮৯০, ১০ ফেব্ৰুৱাৰী
পীড়াকটা গোঁহাই গাঁও, যোৰহাট
মৃত্যু ১৯৫৮, ৩১ মাৰ্চ
ধেমেচী, ডিব্ৰুগড়
পেচা প্ৰবন্ধকাৰ, বুৰঞ্জীবিদ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
সময় ১৮৯০-১৯৫৮
উল্লেখনীয় কৰ্মৰাজি পাত্‌কাইৰ সিপাৰে ন বছৰ (গ্ৰন্থ)

পূৰ্ণকান্ত বুঢ়াগোহাঞি (ইংৰাজী: Purna Kanta Buragohain; ১৮৯০- ১৯৫৮) তাই আহোম জাতিৰ আদি বুৰঞ্জীৰ এজন নীৰৱ সাধক আছিল । ১৯৩৩ চনৰ পৰা ১৯৪২ চনলৈকে সুদীৰ্ঘ ন বছৰ কাল ম্যানমাৰ, থাইলেণ্ড আৰু চীন দেশত থাকি বিভিন্ন অঞ্চল ভ্ৰমণ কৰি তাই জাতিৰ আদি বাসস্থান, শাসন নীতি, ৰাজ্য বিস্তাৰ, ধৰ্ম আৰু কৃষ্টি সম্পৰ্কে অধ্যয়ন কৰিছিল । বহুদিন ধৰি বিদেশত থকা বাবে তেওঁ "ফকীৰ" আৰু পিছলৈ "বাবাজী গোঁহাই" নামেৰে পৰিচিত হৈছিল ।[1]

চমু জীৱনী[সম্পাদনা কৰক]

পূৰ্ণকান্ত বুঢ়াগোহাঞিৰ ১৮৯০ চনৰ ১০ ফেব্ৰুৱাৰীত যোৰহাটত জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম সোৰোপা বুঢ়াগোহাঞি আছিল । তেখেতৰ বিশেষ আনুষ্ঠানিক শিক্ষা নাছিল যদিও ইংৰাজী আৰু বঙালী ভাষাও সুন্দৰকৈ কব আৰু লিখিব পাৰিছিল । তাই শ্ব্যান ভাষাতো তেখেতৰ যথেষ্ট ব্যুৎপত্তি আছিল । ১৯৩০ চনত তেওঁ যোৰহাটৰ পৰা ডিব্ৰুগড় জিলামৰাণৰ ভিতৰুৱা অঞ্চলত নিগাজিকৈ থাকিবলৈ লয় । ১৯৩৩ চনৰ ১ এপ্ৰিলৰ দিনা তেখেতে যোৰহাট হৈ মণিপুৰেদি বৰ্মালৈ গমন কৰে । তাত তেওঁ ন বছৰ কাল থাকি বৰ্মা, শ্ব্যান আৰু চীন দেশৰ য়ুনান প্ৰদেশ ভ্ৰমণ কৰি তাই জাতিৰ বিষয়ে বহুতো মূল্যবান তথ্য সংগ্ৰহ কৰে । ১৯৪৬ চনত তেওঁ "অহমৰ আদি বুৰঞ্জী" নামৰ পুথিখন প্ৰকাশ কৰে । ১৯৫৮ চনৰ ৩১ মাৰ্চত পূৰ্ণকান্ত বুঢ়াগোহাঞিদেৱৰ দেহাৱসান ঘটে । ১৯৫৯ চনৰ সদৌ অসম সাহিত্য সভাৰ নগাওঁ অধিবেশনত তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰি সমবেদনা জ্ঞাপন কৰা হৈছিল ।[2]

সাহিত্যিক অৱদান[সম্পাদনা কৰক]

প্ৰবন্ধ
  • অহমৰ আদি বুৰঞ্জী
  • সচিত্ৰ ব্ৰহ্মদেশ ভ্ৰমণ
  • বৰ্মদেশ অভিমুখে ডিমাপুৰত
  • ইন্দাগাই হ্ৰদঃ হ্ৰদৰ পূজা
  • পুনৰ বৰ্মদেশ বুলি মণিপুৰ অভিমুখে
  • মান্দালয়ত অসমীয়া গাঁও
  • দক্ষিণ শ্ব্যান দেশঃ তাই শ্ব্যানৰ প্ৰাণকেন্দ্ৰ তোংজিত
  • তাই জাতিৰ ৰাজনীতি আৰু ধৰ্মনীতি
  • ভগনীয়াৰ দিন পঞ্জীকা

বুঢ়াগোহাঞিয়ে ম্যানমাৰত কটোৱা ন বছৰৰ অভিজ্ঞতাৰে লিখা পাত্‌কাইৰ সিপাৰে ন বছৰ গ্ৰন্থখন ১৯৯৩ চনত প্ৰকাশ পায়। এইখনে তেওঁক অসমীয়া সাহিত্যত অনন্য পৰিচিতি প্ৰদান কৰে।[3]

সন্মান[সম্পাদনা কৰক]

  • পূৰ্ণকান্ত বুঢ়াগোহাঞিদেৱ আহোম সভাৰ সক্ৰিয় সভ্য আছিল ।[4]
  • তেখেত ডিব্ৰুগড় জৰ্জকৰ্টৰ জুৰিৰ সভ্য আছিল ।[5]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. গগৈ, পুস্প (১৯৯৩). পাত্‌কাইৰ সিপাৰে ন বছৰ. পূৰ্বাঞ্চল তাই সাহিত্য সভা, ধেমাজী. পৃ: ১৯-২৩
  2. গগৈ, পুস্প (১৯৯৩). পাত্‌কাইৰ সিপাৰে ন বছৰ. পূৰ্বাঞ্চল তাই সাহিত্য সভা, ধেমাজী. পৃ: ১৯-২৩
  3. গগৈ, পুস্প (১৯৯৩). পাত্‌কাইৰ সিপাৰে ন বছৰ. পূৰ্বাঞ্চল তাই সাহিত্য সভা, ধেমাজী. পৃ: ১৯-২৩
  4. গগৈ, পুস্প (১৯৯৩). পাত্‌কাইৰ সিপাৰে ন বছৰ. পূৰ্বাঞ্চল তাই সাহিত্য সভা, ধেমাজী. পৃ: ২৩
  5. গগৈ, পুস্প (১৯৯৩). পাত্‌কাইৰ সিপাৰে ন বছৰ. পূৰ্বাঞ্চল তাই সাহিত্য সভা, ধেমাজী. পৃ: ২৩