বিশ্বকাপ ক্ৰিকেট ২০১৫

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিশ্বকাপ ক্ৰিকেট ২০১৫

বিশ্বকাপ ক্ৰিকেট ২০১৫ৰ আনুষ্ঠানিক ল'গ'
দিনাংক ১৪ ফেব্ৰুৱাৰী – ২৯ মাৰ্চ
প্ৰশাসক(সমূহ) আন্তৰ্জাতিক ক্ৰিকেট পৰিষদ
ধৰণ এদিনীয়া আন্তৰ্জাতিক
প্ৰতিযোগিতাৰ ধৰণ(সমূহ) ৰাউণ্ড-ৰবিন আৰু নকআউট
আয়োজক(সমূহ) অষ্ট্ৰেলিয়া
নিউজিলেণ্ড
দলৰ সংখ্যা ১৪
মুঠ খেলৰ সংখ্যা ৪৯
আনুষ্ঠানিক ৱেবছাইট www.cricketworldcup.com

বিশ্বকাপ ক্ৰিকেট ২০১৫ হৈছে একাদশ এদিনীয়া আন্তৰ্জাতিক বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা। ২০১৫ চনৰ ১৪ ফেব্ৰুৱাৰীৰপৰা ২৯ মাৰ্চলৈকে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত যুটীয়াভাৱে এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। এই প্ৰতিযোগিতাত মুঠ ১৪খন ষ্টেডিয়ামত ৪৯খন খেল অনুষ্ঠিত হৈছিল। অষ্ট্ৰেলিয়াৰ ৭খন ষ্টেডিয়ামত ২৬খন খেল আৰু নিউজিলেণ্ডৰ ৭খন ষ্টেডিয়ামত ২৩খন খেল অনুষ্ঠিত হৈছিল।[1][2] মেলব'ৰ্ণত প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হৈছিল। ১৯৯২ চনৰ পাছত সেয়া দ্বিতীয়বাৰৰ বাবে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত বিশ্বকাপ ক্ৰিকেট অনুষ্ঠিত হয়। ২০১১ চনৰ বিশ্বকাপৰ দৰে সেইবাৰো আই চি চিয়ে শচীন টেণ্ডুলকাৰক ২০১৫ চনৰ বিশ্বকাপ ক্ৰিকেটৰ দূত (ambassador) হিচাপে ঘোষণা কৰে।[3]

২০১১ চনত জয়লাভ কৰি ভাৰতে ডিফেণ্ডিং চেম্পিয়ন হিচাপে এইবাৰ বিশ্বকাপত অংশগ্ৰহণ কৰিছিল। পুল বি-ত স্থান পোৱা ভাৰতৰ প্ৰথমখন খেল ১৫ ফেব্ৰুৱাৰী তাৰিখে পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হয়। টিকট মুকলিৰ ১২ মিনিটৰ ভিতৰতে এই খেলখনৰ টিকট বিক্ৰী শেষ হৈ যায়।[4]

আয়োজক দেশ নিৰ্বাচন[সম্পাদনা কৰক]

২০০৬ চনৰ ৩০ এপ্ৰিলত ২০১১, ২০১৫ আৰু ২০১৯ চনৰ বিশ্বকাপ ক্ৰিকেট আয়োজক দেশৰ নাম ঘোষণা কৰা হয়। অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডে ২০১১ চনৰ বিশ্বকাপ আয়োজনৰ অনুমতি বিচাৰিছিল আৰু ২০০৬ চনৰ ১ মাৰ্চৰ সময়সীমাৰ আগত এই অনুমতি বিচৰা মাত্ৰ তেওঁলোকেই আছিল।[5] কিন্তু এছীয় দেশকেইখনেও পাছত আগ্ৰহ দেখুৱাই অতিৰিক্ত সময় বিচাৰে। আয়োজক নিৰ্বাচনৰ বাবে হোৱা ভোটদানত এছীয় দেশকেইখন ৭-৪ ভোটত বিজয়ী হয়[6] আৰু ফলত ভাৰত, শ্ৰীলংকা, পাকিস্তান আৰু বাংলাদেশক ২০১১ চনৰ বিশ্বকাপ ক্ৰিকেট আয়োজন কৰিব দিয়া হয়। অৱশ্যে ২০০৯ চনত পাকিস্তানত শ্ৰীলংকা ক্ৰিকেট দলৰ ওপৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত পাকিস্তান আয়োজক দেশৰ তালিকাৰপৰা বাদ পৰে। অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডক ২০১১ চনৰ সলনি ২০১৫ চনত আৰু ইংলেণ্ডক ২০১৯ চনত বিশ্বকাপ আয়োজন কৰিবলৈ অনুমোদন জনোৱা হয়।[7]

প্ৰতিযোগিতাৰ ধৰণ[সম্পাদনা কৰক]

২০১১ চনৰ নিচিনাকৈ এইবাৰো মূল প্ৰতিযোগিতাখনত ১৪টা দলে অংশগ্ৰহ কৰে। আই চি চিৰ সহযোগী (associate and affiliate) সদস্য দেশসমূ্হকো প্ৰতিযোগিতাত অংশ লোৱাৰ সুযোগ দিয়া হয়।[8]

প্ৰতিযোগিতাৰ ধৰণটোও ২০১১ চনৰ সৈতে একে। প্ৰথম পৰ্যায়ত ১৪টা দলে ৭ দলীয়া ২টা গোটত বিভক্ত হৈ অংশগ্ৰহণ কৰে। প্ৰতি দলে নিজৰ গোটৰ আন ৬টা দলৰ বিৰুদ্ধে এখনকৈ খেলত অংশ লোৱাৰ পাছত প্ৰতি গোটৰ শীৰ্ষৰ ৪টা দলে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব আৰু তাৰ পাছত নক আউট ব্যৱস্থাৰে কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল আৰু ফাইনেল অনুষ্ঠিত হ'ব॥

২০১৫ চনৰ ২৯ জানুৱাৰী তাৰিখে আই চি চিয়ে ঘোষণা কৰে যে যদি বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল খেলখন অমীমাংসিত হৈ ৰয় তেন্তে ছুপাৰ অ'ভাৰৰ ব্যৱস্থা কৰা হ'ব। এই ব্যৱস্থা ২০১৫ চনৰ বিশ্বকাপৰপৰা বলবৎ কৰা হয়।[9]

যোগ্যতা অৰ্জন[সম্পাদনা কৰক]

হাইলাইট কৰা দেশকেইখনে ২০১৫ চনৰ বিশ্বকাপ ক্ৰিকেটত অংশগ্ৰহণ কৰে।
  আই চি চিৰ পূৰ্ণ সদস্য হিচাপে যোগ্যতা অৰ্জন কৰা দেশ।
  WCLৰ দ্বাৰা বা কোৱালিফায়াৰৰদ্বাৰা যোগ্যতা অৰ্জন কৰা দেশ।
  কোৱালিফায়াৰত অংশগ্ৰহণ কৰা কিন্তু যোগ্যতা অৰ্জন নকৰা দেশ।

আই চি চিৰ নিৰ্দেশনা মতে, আই চি চিৰ পূৰ্ণ সদস্য ১০খন দেশে পোনপটীয়াকৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰে। ২০১১ চনৰ বিশ্বকাপৰ পাছতে সিদ্ধান্ত লোৱা হৈছিল যে পাছৰবাৰৰ বিশ্বকাপত মাত্ৰ পূৰ্ণ সদস্য দেশকেইখনেহে অংশগ্ৰহণ কৰিব।[10] আই চি চিৰ বহুকেইখন সহযোগী সদস্য্ দেশে, বিশেষকৈ ২০০৭ আৰু ২০১১ চনৰ বিশ্বকাপত ভাল প্ৰদৰ্শন আগবঢ়োৱা আয়াৰলেণ্ড ক্ৰিকেট দলে এই সিদ্ধান্তৰ ঘোৰ সমালোচনা কৰে। আই চি চি ক্ৰিকেট কমিটীয়ে এক যোগ্যতা অৰ্জনকাৰী পদ্ধতিৰ সমৰ্থন কৰাত,[11] ২০১১ চনৰ জুন মাহত আই চি চিয়ে নিজৰ সিদ্ধান্ত সলনি কৰি ২০১৫ চনৰ বিশ্বকাপত ৪খন সহযোগী সদস্য দেশৰ দলসহ ১৪টা দলৰ অংশগ্ৰহণৰ সুবিধা কৰে।[12]

২০১১ চনৰ চেপ্তেম্বৰ মাহত আই চি চিৰ কাৰ্যকৰী বৈঠকত আই চি চিয়ে এক নতুন যোগ্যতা অৰ্জনকাৰী পদ্ধতিৰ সিদ্ধান্ত লয়। এই সিদ্ধান্ত আছিল যে ২০১১-১৩ চনৰ ৱৰ্ল্ড ক্ৰিকেট লীগ চেম্পিয়নশ্বিপৰ শীৰ্ষৰ দল দুটাই পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰিব। বাকী থকা ৬টা দলে ২০১১ আই চি চি ৱৰ্ল্ড ক্ৰিকেট লীগ ডিভিজন ২ৰ তৃতীয় আৰু চতুৰ্থ স্থানৰ দল দুটা আৰু ২০১৩ ৱৰ্ল্ড ক্ৰিকেট লীগ ডিভিজন ৩ৰ শীৰ্ষৰ দল দুটাৰ সৈতে মিলি এক ১০-দলীয়া বিশ্বকাপ যোগ্যতা অৰ্জনকাৰী প্ৰতিযোগিতাত (World Cup Qualifier) অংশগ্ৰহণ কৰিব আৰু এই প্ৰতিযোগিতাৰ শীৰ্ষৰ দুটা দলে বিশ্বকাপ ২০১৫ত অংশগ্ৰহণ কৰিব।[13][14]

২০১৩ চনৰ ৯ জুলাই তাৰিখে আয়াৰলেণ্ডে প্ৰথমখন দেশ হিচাপে ২০১৫ বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰে।[15] ২০১৩ চনৰ ৪ অক্টোবৰ তাৰিখে আফগানিস্তানে লীগৰ দ্বিতীয় স্থান দখল কৰি পোন প্ৰথমবাৰৰ বাবে বিশ্বকাপ ক্ৰিকেট খেলাৰ যোগ্যতা অৰ্জন কৰে।[16]

২০১৪ চনত অনুষ্ঠিত বিশ্বকাপ যোগ্যতা অৰ্জনকাৰী প্ৰতিযোগিতাৰ ফাইনেলত স্কটলেণ্ডে সংযুক্ত আৰব আমিৰাতক পৰাস্ত কৰে আৰু শীৰ্ষৰ দুটা দল হিচাপে দুয়োটা দলে বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰে।

দল যোগ্যতা অৰ্জন কৰা পদ্ধতি বিশ্বকাপত অংশগ্ৰহণ আগৰবাৰ অংশগ্ৰহণ পূৰ্বৰ শ্ৰেষ্ঠ প্ৰদৰ্শন ৰেংক[nb 1] গ্ৰুপ
 ইংলেণ্ড পূৰ্ণ সদস্য ১০ বাৰ ২০১১ (১৯৭৯, ১৯৮৭, ১৯৯২) A
 দক্ষিণ আফ্ৰিকা ৬ বাৰ ২০১১ ছেমি ফাইনেল (১৯৯২, ১৯৯৯, ২০০৭)) B
 ভাৰত ১০ বাৰ ২০১১ বিজয়ী (১৯৮৩, ২০১১) B
 অষ্ট্ৰেলিয়া ১০ বাৰ ২০১১ বিজয়ী ১৯৮৭, ১৯৯৯, ২০০৩, ২০০৭) A
 শ্ৰীলংকা ১০ বাৰ ২০১১ বিজয়ী (১৯৯৬) A
 পাকিস্তান ১০ বাৰ ২০১১ বিজয়ী (১৯৯২) B
 ৱেষ্ট ইণ্ডিজ ১০ বাৰ ২০১১ বিজয়ী (১৯৭৫, ১৯৭৯) B
 বাংলাদেশ ৪ বাৰ ২০১১ ছুপাৰ ৮ (২০০৭) A
 নিউজিলেণ্ড ১০ বাৰ ২০১১ ছেমি ফাইনেল (১৯৭৫, ১৯৭৯, ১৯৯২, ১৯৯৯, ২০০৭, ২০১১) A
 জিম্বাৱৱে ৮ বাৰ ২০১১ ছুপাৰ ৬ (১৯৯৯, ২০০৩) ১০ B
 আয়াৰলেণ্ড WCL চেম্পিয়নশ্বিপ ২ বাৰ ২০১১ ছুপাৰ ৮ (২০০৭) ১১ B
 আফগানিস্তান ১২ A
 স্কটলেণ্ড[17] বিশ্বকাপ কোৱালিফায়াৰ ২ বাৰ ২০০৭ গ্ৰুপ পৰ্যায় (১৯৯৯, ২০০৭) ১৩ A
 সংযুক্ত আৰৱ আমিৰাত ১ বাৰ ১৯৯৬ গ্ৰুপ পৰ্যায় (১৯৯৬) ১৪ B
  1. পূৰ্ণ সদস্য দেশৰ ৰেংকসমূহ ২০১২ চনৰ ৩১ ডিচেম্বৰ মতে


পুৰস্কাৰৰ ধন[সম্পাদনা কৰক]

ইণ্টাৰনেচনেল ক্ৰিকেট কাউন্সিলে প্ৰতিযোগিতাখনৰ কাৰণে সৰ্বমুঠ ১০ নিযুত ডলাৰ পুৰস্কাৰৰ ধন (প্ৰাইজ মানি) ঘোষণা কৰে। এই ধন ২০১১ চনৰ বিশ্বকাপতকৈ ২০% বেছি। এই ধন তলত দিয়া তালিকা অনুসৰি বিতৰণ কৰা হ'ব।[18]

প্ৰদৰ্শন পুৰস্কাৰৰ ধন (US$) সৰ্বমুঠ
বিজয়ী $৩,৯৭৫,০০০ $৩,৯৭৫,০০০
ৰাণাৰ-আপ $১,৭৫০,০০০ $১,৭৫০,০০০
ছেমি ফাইনেলত পৰাজিত $৬০০,০০০ $১,২০০,০০০
কোৱাৰ্টাৰ ফাইনেলত পৰাজিত $৩০০,০০০ $১,২০০,০০০
গ্ৰুপ পৰ্যায়ৰ খেলত জয়ী (প্ৰতিখন) $৪৫,০০০ $১,৮৯০,০০০
গ্ৰুপ পৰ্যায়ত বিদায় লোৱা দল $৩৫,০০০ $২১০,০০০
সৰ্বমুঠ $১০,২২৫,০০০

অৰ্থাৎ প্ৰতিযোগিতাৰ বিজয়ী দলে যদি গ্ৰুপ পৰ্য্যায়ৰ প্ৰতিখন খেলত জয়লাভ কৰে তেন্তে তেওঁলোকে মুঠ $৪,২৪৫,০০০ লাভ কৰিব আৰু গ্ৰুপ পৰ্যায়ত এখনো খেলত জয়লাভ নকৰাকৈ বিদায় লোৱা দলে $৩৫,০০০ লাভ কৰিব।

খেলপথাৰ সমূহ[সম্পাদনা কৰক]

ছিডনী মেলব'ৰ্ণ এডিলেইড ব্ৰিচবে'ন পাৰ্থ
ছিডনী ক্ৰিকেট খেলপথাৰ মেলব'ৰ্ণ ক্ৰিকেট খেলপথাৰ এডিলেইড অ'ভেল দ্য গব্বা WACA খেলপথাৰ
ক্ষমতা : ৪৮,০০০ ক্ষমতা : ১,০০,০২৪ ক্ষমতা : ৫৩,৫০০ ক্ষমতা : ৪২,০০০ ক্ষমতা : ২৪,৫০০
হ'বাৰ্ট
অষ্ট্ৰেলিয়াৰ খেলপথাৰসমূহৰ অৱস্থিতি
কেনবেৰা
বেলেৰিভ অ'ভেল মানুকা অ'ভেল
ক্ষমতা: ২০,০০০ ক্ষমতা: ১৩,৫৫০
অকলেণ্ড খ্ৰাইষ্টচাৰ্চ
ইডেন পাৰ্ক হেগলী অ'ভেল
ক্ষমতা: ৫০,০০০ ক্ষমতা: ২০,০০০
হেমিল্টন নেপিয়েৰ ৱেলিংটন নেলছন ডুনেদিন
ছেদ্দন পাৰ্ক মেকলিন পাৰ্ক ৱেলিংটন ৰিজিয়নেল খেলপথাৰ ছেক্সটন অ'ভেল ইউনিভাৰ্চিটি অ'ভেল
ক্ষমতা: ১২,০০০ ক্ষমতা: ২২,৫০০ ক্ষমতা: ৩৭,০০০ ক্ষমতা: ৫,০০০ ক্ষমতা: ৬,০০০

গ্ৰুপ পৰ্য্যায়[সম্পাদনা কৰক]

প্ৰতিযোগিতাখনৰ গ্ৰুপ পৰ্যায়ত মুঠ ৪২খন খেল অনুষ্ঠিত হয়। পুল এ-ত নিউজিলেণ্ডে আৰু পুল বি-ত ভাৰতে নিজৰ আটাইকেইখন খেলত জয়লাভ কৰি নিজ নিজ পুলৰ শীৰ্ষস্থান অধিকাৰ কৰে। প্ৰতি পুলৰ শীৰ্ষৰ ৪টা দল হিচাপে পুল এ-ৰ পৰা নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, শ্ৰীলংকা, বাংলাদেশ আৰু পুল বি-ৰ পৰা ভাৰত, দক্ষিণ আফ্ৰিকা, পাকিস্তান আৰু ৱেষ্ট ইণ্ডিজে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

পুল এ[সম্পাদনা কৰক]

দল খেল টা অমী নেট
 নিউজিলেণ্ড +২.৫৬৪ ১২
 অষ্ট্ৰেলিয়া +২.২৫৭
 শ্ৰীলংকা +০.৩৭১
 বাংলাদেশ +০.১৩৬
 ইংলেণ্ড −০.৭৫৩
 আফগানিস্তান −১.৮৫৩
 স্কটলেণ্ড −২.২১৮

পুল বি[সম্পাদনা কৰক]

দল খেল টা অমী নেট
 ভাৰত +১.৮২৭ ১২
 দক্ষিণ আফ্ৰিকা +১.৭০৭
 পাকিস্তান −০.০৮৫
 ৱেষ্ট ইণ্ডিজ −০.০৫৩
 আয়াৰলেণ্ড −০.৯৩৩
 জিম্বাৱৱে −০.৫২৭
 সংযুক্ত আৰৱ আমিৰাত −২.০২৩

নক্‌-আউট পৰ্ব[সম্পাদনা কৰক]

কোৱাৰ্টাৰ-ফাইনেল চেমি-ফাইনেল ফাইনেল
         
A1  নিউজিলেণ্ড ৩৯৩/৬
B4  ৱেষ্ট ইণ্ডিজ ২৫০
B2  দক্ষিণ আফ্ৰিকা ২৮১/৫
A1  নিউজিলেণ্ড ২৯৯/৬
A3  শ্ৰীলংকা ১৩৩
B2  দক্ষিণ আফ্ৰিকা ১৩৪/১
A1  নিউজিলেণ্ড ১৮৩
A2  অষ্ট্ৰেলিয়া ১৮৬/৩
B3  পাকিস্তান ২১৩
A2  অষ্ট্ৰেলিয়া ২১৬/৪
A2  অষ্ট্ৰেলিয়া ৩২৮/৭
B1  ভাৰত ২৩৩
B1  ভাৰত ৩০২/৬
A4  বাংলাদেশ ১৯৩


কোৱাৰ্টাৰ-ফাইনেল[সম্পাদনা কৰক]

১৮ মাৰ্চ
১৪:৩০ (AEDT) (দি/নৈ)
স্ক'ৰকাৰ্ড
শ্ৰীলংকা 
১৩৩ (৩৭.২ অ'ভাৰ)
আৰু
  দক্ষিণ আফ্ৰিকা
১৩৪/১ (১৮ অ'ভাৰ)
কুইণ্টন ডি কক ৭৮ * (৫৭)
লাচিথ মালিংগা ১/৪৩ (৬ অ'ভাৰ)
দক্ষিণ আফ্ৰিকা ৯ উইকেটত বিজয়ী।
ছিডনী ক্ৰিকেট গ্ৰাউণ্ড, ছিডনী
আম্পায়াৰ: নাইজেল লং (ইংলেণ্ড) আৰু ৰড টাকাৰ (অষ্ট্ৰেলিয়া)
শ্ৰেষ্ঠ খেলুৱৈ: ইমৰাণ তাহিৰ (দক্ষিণ আফ্ৰিকা)
১৯ মাৰ্চ
১৪:৩০ (AEDT) (দি/নৈ)
স্ক’ৰকাৰ্ড
ভাৰত 
৩০২/৬ (৫০ অ’ভাৰ)
আৰু
  বাংলাদেশ
১৯৩ (৪৫ অ’ভাৰ)
ৰোহিত শৰ্মা ১৩৭ (১২৬)
তাস্কিন আহমেদ ৩/৬৯ (১০ অ’ভাৰ)
নাচিৰ হুছেইন ৩৫ (৩৪)
উমেশ যাদৱ ৪/৩১ (9 অ’ভাৰ)
ভাৰত ১০৯ ৰাণত বিজয়ী
মেলব'ৰ্ণ ক্ৰিকেট গ্ৰাউণ্ড, মেলব'ৰ্ণ
আম্পায়াৰ: আলীম দাৰ (পাকিস্তান) আৰু ইয়ান গ'ল্ড (ইংলেণ্ড)
শ্ৰেষ্ঠ খেলুৱৈ: ৰোহিত শৰ্মা (ভাৰত)
  • ভাৰতে টছত জিকি প্ৰথমে বেটিং কৰে।
  • ভাৰতৰ অধিনায়ক হিচাপে মহেন্দ্ৰ সিং ধোনীৰ এইয়া আছিল ১০০তম জয়।[85]
  • ভাৰতে ক্ৰমাগত সাতখন খেলত বিপক্ষৰ আটাইকেটা উইকেট দখল কৰে; বিশ্বকাপৰ অভিলেখ।[86]
  • কেইটামান বিতৰ্কিত সিদ্ধান্তৰ বাবে আম্পায়াৰদ্বয় সমালোচনাৰ সন্মুখীন হয়।[87][88] আই চি চিৰ অধ্যক্ষ মুস্তাফা কমালে কয় যে আম্পায়াৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বাংলাদেশে আই চি চিৰ ব'ৰ্ড মিটিঙত আপীল কৰিব।[89]
  • মন্থৰ অ'ভাৰ ৰেটৰ বাবে বাংলাদেশৰ অধিনায়ক মাশ্ৰাফী ম'ৰ্টাজা এখন এদিনীয়াৰপৰা নিলম্বিত হয় আৰু মেচ ফীৰ ৪০% জৰিমণা দিবলগীয়া হয়। বাংলাদেশৰ আনসকল খেলুৱৈয়ো মেচ ফীৰ ২০% জৰিমণা ভৰে।[90]
২০ মাৰ্চ
১৪:০০ (ACDT) (দি/নৈ)
স্ক'ৰকাৰ্ড
পাকিস্তান 
২১৩ (৪৯.৫ অ'ভাৰ)
আৰু
  অষ্ট্ৰেলিয়া
২১৬/৪ (৩৩.৫ অ'ভাৰ)
হৰিছ ছ'হেইল ৪১ (৫৭)
জশ্ব হেজ্‌লউড ৪/৩৫ (১০ অ'ভাৰ)
ষ্টীভ স্মিথ ৬৫ (৬৯)
ৱাহাব ৰিয়াজ ২/৫৪ (৯ অ'ভাৰ)
অষ্ট্ৰেলিয়া ৬ উইকেটত বিজয়ী
এডিলেইড অ'ভেল, এডিলেইড
আম্পায়াৰ: কুমাৰ ধৰ্মসেনা (শ্ৰীলংকা) আৰু মাৰাই ইৰাছমাছ (দক্ষিণ আফ্ৰিকা)
শ্ৰেষ্ঠ খেলুৱৈ: জশ্ব হেজ্‌লউড (অষ্ট্ৰেলিয়া)
২১ মাৰ্চ
১৪:০০ (NZDT) (দি/নৈ)
স্ক'ৰকাৰ্ড
আৰু
চতুৰ্থ কোৱাৰ্টাৰ ফাইনেল
ৱেলিংটন ৰিজিঅ'নেল ষ্টেডিয়াম, ৱেলিংটন
আম্পায়াৰ: ব্ৰুচ অক্সেনফ'ৰ্ড (অষ্ট্ৰেলিয়া) আৰু ৰিচাৰ্ড কেট্‌লব'ৰ' (ইংৱলেণ্ড)

ছেমি-ফাইনেল[সম্পাদনা কৰক]

২৪ মাৰ্চ
১৪:০০ (NZDT) (দি/নৈ)
স্ক'ৰকাৰ্ড
চতুৰ্থ কোৱাৰ্টাৰ ফাইনেলৰ বিজয়ী
আৰু
প্ৰথম ছেমি ফাইনেল
ইদেন পাৰ্ক, অকলেণ্ড
২৬ মাৰ্চ
১৪:৩০ (AEDT) (দি/নৈ)
স্ক'ৰকাৰ্ড
আৰু
 তৃতীয় কোৱাৰ্টাৰ ফাইনেলৰ বিজয়ী
দ্বিতীয় ছেমি ফাইনেল
ছিডনী ক্ৰিকেট গ্ৰাউণ্ড, ছিডনী

ফাইনেল[সম্পাদনা কৰক]

২৯ মাৰ্চ
১৪:৩০ (AEDT) (দি/নৈ)
স্ক'ৰকাৰ্ড
প্ৰথম ছেমি ফাইনেলৰ বিজয়ী
আৰু
 দ্বিতীয় ছেমি ফাইনেলৰ বিজয়ী

পৰিসংখ্যা[সম্পাদনা কৰক]

সৰ্বাধিক ৰাণ[সম্পাদনা কৰক]

খেলুৱৈ দল খেল ইনিংছ ৰাণ গড় SR HS ১০০ ৫০
কুমাৰ ছাংগাক্কাৰা  শ্ৰীলংকা ৫৪১ ১০৮.২০ ১০৫.৮৭ ১২৪ ৫৭
ব্ৰেণ্ডন টেইলৰ  জিম্বাৱৱে ৪৩৩ ৭২.১৬ ১০৬.৯১ ১৩৮ ৪৩ ১২
এ বি ডিভিলিয়াৰ্ছ  দক্ষিণ আফ্ৰিকা ৪১৭ ৮৩.৪০ ১৪৪.২৯ ১৬২* ৩৫ ২০
তিলকৰত্নে দিলশ্বান  শ্ৰীলংকা ৩৯৫ ৬৫.৮৩ ৯৬.৫৭ ১৬১* ৪৬
শিখৰ ধাৱান  ভাৰত ৩৬৭ ৫২.৪২ ৮৯.৯৫ ১৩৭ ৪২
অন্তিম সম্পাদনা: ১৯ মাৰ্চ ২০১৫[93]

সৰ্বাধিক উইকেট[সম্পাদনা কৰক]

খেলুৱৈ দল খেল ইনিংছ উইকেট গড় ইক' BBI SR
মহম্মদ শ্বামি  ভাৰত ১৭ ১৩.২৯ ৪.৪৩ ৪/৩৫ ১৮.০০
মিচ্চেল ষ্টাৰ্ক  অষ্ট্ৰেলিয়া ১৬ ৮.৫০ ৩.৬৭ ৬/২৮ ১৩.৮০
ট্ৰেণ্ট ব'ল্ট  নিউজিলেণ্ড ১৫ ১৫.৬০ ৪.১৭ ৫/২৭ ২২.৪৯
ইমৰাণ তাহিৰ  দক্ষিণ আফ্ৰিকা ১৫ ১৮.৮৬ ৪.২০ ৫/৪৫ ২৬.৯০
জশ্ব ডেভী  স্কটলেণ্ড ১৫ ২০.৭৩ ৬.২২ ৪/৬৮ ২০.০০
অন্তিম সম্পাদনা: ১৯ মাৰ্চ ২০১৫[94]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ICC Cricket World Cup 2015 Launched
  2. "ICC Cricket World Cup 2015 Schedule". Archived from the original on 2015-02-08. https://web.archive.org/web/20150208070212/http://www.cricket.com.pk/worldcup/schedule/। আহৰণ কৰা হৈছে: 2015-02-08. 
  3. "Sachin Tendulkar Named As 2015 Cricket World Cup Ambassador", "Affairscloud", 22 December 2014.
  4. "World Cup 2015: Tickets of India-Pakistan clash sold out in 12 minutes". Archived from the original on 2014-11-12. https://web.archive.org/web/20141112064855/http://www.hindustantimes.com/sports-news/cricketnews/world-cup-2015-95-days-to-go-australia-already-minting-money/article1-1285115.aspx। আহৰণ কৰা হৈছে: 2015-02-08. 
  5. "Asia to host 2011 World Cup". ESPNcricinfo (ESPN Sports Media). 30 April 2006. http://www.espncricinfo.com/ci/content/story/245789.html। আহৰণ কৰা হৈছে: 31 July 2013. 
  6. "Asia promises spectacular World Cup". Dawn. 2 May 2005. http://www.dawn.com/2006/05/02/spt1.htm। আহৰণ কৰা হৈছে: 2 May 2005. 
  7. "England lands Cricket World Cup". 30 April 2006. Archived from the original on 7 January 2019. https://web.archive.org/web/20190107023601/http://news.bbc.co.uk/sport2/hi/cricket/4956010.stm%20/default.stm। আহৰণ কৰা হৈছে: 6 January 2015. 
  8. Nayar, K.R. (29 June 2011). "International Cricket Council approves 14-team cup". Gulf News. http://gulfnews.com/sport/cricket/international-cricket-council-approves-14-team-cup-1.829620। আহৰণ কৰা হৈছে: 29 June 2011. 
  9. "OUTCOMES FROM ICC BOARD AND COMMITTEE MEETINGS". ICC. 29 January 2015. Archived from the original on 7 January 2019. https://web.archive.org/web/20190107023603/https://www.icc-cricket.com/cricket-world-cup/news/2015/media-releases/84891/outcomes-from-icc-board-and-committee-meetings। আহৰণ কৰা হৈছে: 29 January 2015. 
  10. "ICC news: ICC confirms 10 teams for next two World Cups". ESPNcricinfo (ESPN Sports Media). http://www.espncricinfo.com/ci-icc/content/story/509530.html। আহৰণ কৰা হৈছে: 29 June 2011. 
  11. Irish handed further World Cup boost after ICC meeting
  12. "ICC annual conference: Associates included in 2015 World Cup". ESPNcricinfo (ESPN Sports Media). 28 June 2011. http://www.espncricinfo.com/ci-icc/content/current/story/521049.html। আহৰণ কৰা হৈছে: 29 June 2011. 
  13. "Results of the ICC Chief Executives' Committee meeting in London". 12 September 2011. http://icc-cricket.yahoo.net/newsdetails.php?newsId=17042_1315836720। আহৰণ কৰা হৈছে: 13 September 2011. 
  14. "ICC spells out 2015 WC qualification plan". ESPNcricinfo (ESPN Sports Media). 11 October 2011. http://www.espncricinfo.com/ci-icc/content/current/story/535977.html। আহৰণ কৰা হৈছে: 11 October 2011. 
  15. "Ireland become first team to qualify for the 2015 Cricket World Cup". Independent.ie (Independent News & Media). 9 July 2013. http://www.independent.ie/sport/ireland-become-first-team-to-qualify-for-the-2015-cricket-world-cup-29407714.html। আহৰণ কৰা হৈছে: 30 July 2013. 
  16. "Afghanistan celebrates cricket World Cup qualification". BBC News (British Broadcasting Corporation). 4 October 2013. http://www.bbc.co.uk/news/world-asia-24404178। আহৰণ কৰা হৈছে: 29 December 2013. 
  17. "Scotland Win World Cup Qualifier". Cricket World Media. http://www.cricketworld.com/scotland-win-world-cup-qualifier/36502.htm। আহৰণ কৰা হৈছে: 17 July 2014. 
  18. "ICC raises prize pool for World Cup". Cricket Australia. http://www.cricket.com.au/news/icc-cricket-world-cup-prizemoney-increases/2014-11-11। আহৰণ কৰা হৈছে: 13 November 2014. 
  19. http://sports.ndtv.com/icc-cricket-world-cup-2015/news/237528-kumar-sangakkara-becomes-second-highest-odi-run-getter
  20. "Cricket World Cup 2015: Steven Finn takes hat-trick". BBC Sport (British Broadcasting Corporation). 14 February 2015. http://www.bbc.co.uk/sport/0/cricket/31468542। আহৰণ কৰা হৈছে: 14 February 2015. 
  21. "ICC accepts umpiring error on Anderson run-out". ESPNcricinfo (ESPN Sports Media). 14 February 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/831485.html। আহৰণ কৰা হৈছে: 14 February 2015. 
  22. "Fort Dunedin and golden ducks". ESPN Cricinfo. 14 February 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/833427.html। আহৰণ কৰা হৈছে: 17 February 2015. 
  23. "Records / One-Day Internationals / Team records / Most ducks in an innings". ESPNcricinfo. ESPN Sports Media. http://stats.espncricinfo.com/ci/content/records/283039.html। আহৰণ কৰা হৈছে: 17 February 2015. 
  24. "ICC World Cup: Shakib Al Hasan First Bangladesh Batsman to Cross 4000 ODI Runs". NDTV Sports (NDTV Convergence). 19 February 2015. http://sports.ndtv.com/icc-cricket-world-cup-2015/news/237726-icc-world-cup-shakib-al-hasan-first-bangladesh-batsman-to-cross-4000-odi-runs। আহৰণ কৰা হৈছে: 19 February 2015. 
  25. 25.0 25.1 "Southee, McCullum trample England". ESPNcricinfo (ESPN Sports Media). 20 February 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/835003.html। আহৰণ কৰা হৈছে: 20 February 2015. 
  26. "Cricket World Cup 2015: Australia v Bangladesh washed out by rain". BBC Sport (British Broadcasting Corporation). 21 February 2015. http://www.bbc.co.uk/sport/0/cricket/31545382। আহৰণ কৰা হৈছে: 21 February 2015. 
  27. 27.0 27.1 "Golden ducks for openers, and Mahela on song". ESPNcricinfo (ESPN Sports Media). 22 February 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/836525.html। আহৰণ কৰা হৈছে: 22 February 2015. 
  28. 28.0 28.1 28.2 McGlashan, Andrew (26 February 2015). "History for Afghanistan, heartbreak for Scotland". ESPNcricinfo. ESPN Sports Media. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/838807.html। আহৰণ কৰা হৈছে: 26 February 2015. 
  29. Jayaraman, Shiva. "Sangakkara marks landmark game with fastest ton". ESPNcricinfo (ESPN Sports Media). http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/839379.html। আহৰণ কৰা হৈছে: 26 February 2015. 
  30. filter=advanced; orderby=batted_score; qualmax1=0; qualmin1=0; qualval1=sixes; template=results; type=batting; view=innings "Statistics / Statsguru / One-Day Internationals / Batting records". ESPNcricinfo. ESPN Sports Media. http://stats.espncricinfo.com/ci/engine/stats/index.html?class=2; filter=advanced; orderby=batted_score; qualmax1=0; qualmin1=0; qualval1=sixes; template=results; type=batting; view=innings। আহৰণ কৰা হৈছে: 26 February 2015. [সংযোগবিহীন উৎস]
  31. Goulding, Justin (28 February 2015). "Cricket World Cup: New Zealand beat Australia by one wicket". BBC Sport. http://www.dailytelegraph.com.au/sport/cricket/cricket-world-cup-2015-australia-loses-an-incredible-8-for-26-in-49-frenetic-minutes/story-fnq1ugvm-1227242684116। আহৰণ কৰা হৈছে: 28 February 2015. 
  32. Walsh, Dan (28 February 2015). "Cricket World Cup 2015: Australia loses an incredible 8 for 26 in 49 frenetic minutes". The Daily Telegraph. http://www.dailytelegraph.com.au/sport/cricket/cricket-world-cup-2015-australia-loses-an-incredible-8-for-26-in-49-frenetic-minutes/story-fnq1ugvm-1227242684116। আহৰণ কৰা হৈছে: 28 February 2015. 
  33. Martin Smith (24 February 2015). "Chappell-Hadlee trophy back up for grabs". Cricket Australia. http://www.cricket.com.au/news/chappell-hadlee-trophy-up-for-grabs-in-australia-new-zealand-world-cup-clash/2015-02-24। আহৰণ কৰা হৈছে: 28 February 2015. 
  34. "World Cup: New Zealand book quarter-final slot after thrilling win against Australia". Hindustan Times. 28 February 2015. Archived from the original on 28 February 2015. https://web.archive.org/web/20150228103827/http://www.hindustantimes.com/cricket-world-cup-2015/worldcup2015-topstories/live-world-cup-2015-score-and-updates-new-zealand-vs-australia-in-auckland-michael-clarke/article1-1321444.aspx। আহৰণ কৰা হৈছে: 28 February 2015. 
  35. 35.0 35.1 "Youngest World Cup centurions for England and Sri Lanka". ESPN Cricinfo. 1 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/841203.html। আহৰণ কৰা হৈছে: 3 March 2015. 
  36. "England thrashed by Sri Lanka in World Cup in Wellington". BBC Sport. 1 March 2015. http://www.bbc.co.uk/sport/0/cricket/31680377। আহৰণ কৰা হৈছে: 1 March 2015. 
  37. 37.0 37.1 "Australia post Cricket World Cup record score v Afghanistan". BBC Sport. 4 March 2015. http://www.bbc.co.uk/sport/0/cricket/31727203। আহৰণ কৰা হৈছে: 4 March 2015. 
  38. "Australia post Cricket World Cup record score in victory over Afghanistan". The Guardian. 4 March 2015. http://www.theguardian.com/sport/2015/mar/04/cricket-world-cup-australia-record-afghanistan। আহৰণ কৰা হৈছে: 4 March 2015. 
  39. 39.0 39.1 "Scotland's Cricket World Cup hopes ended by Bangladesh". BBC Sport. 5 March 2015. http://www.bbc.co.uk/sport/0/cricket/31743440। আহৰণ কৰা হৈছে: 5 March 2015. 
  40. "Seniors set up Bangladesh's highest chase". ESPN Cricinfo. 5 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/843327.html। আহৰণ কৰা হৈছে: 5 March 2015. 
  41. "Vettori's 300, and Shenwari's fifties". ESPN Cricinfo. 8 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/845531.html। আহৰণ কৰা হৈছে: 8 March 2015. 
  42. Mitchener, Mark (8 March 2015). "Cricket World Cup 2015: New Zealand beat Afghanistan". BBC Sport. http://www.bbc.co.uk/sport/0/cricket/31785955। আহৰণ কৰা হৈছে: 8 March 2015. 
  43. "Ian Gould officiates his 100th ODI in Australia-Sri Lanka match in ICC Cricket World Cup 2015". Cricket Country. 8 March 2015. http://www.cricketcountry.com/news/ian-gould-officiates-his-100th-odi-in-australia-sri-lanka-match-in-icc-cricket-world-cup-2015-261322। আহৰণ কৰা হৈছে: 8 March 2015. 
  44. "Maxwell's maiden ton takes Australia to 376". ESPN Cricinfo. 8 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/845535.html। আহৰণ কৰা হৈছে: 8 March 2015. 
  45. "Tillakaratne Dilshan hits six fours off a Mitchell Johnson over". CricketCountry Staff. 8 March 2015. http://www.cricketcountry.com/news/tillakaratne-dilshan-hits-six-fours-off-a-mitchell-johnson-over-in-australia-vs-sri-lanka-icc-cricket-world-cup-2015-pool-a-match-32-261525। আহৰণ কৰা হৈছে: 8 March 2015. 
  46. "Sangakkara becomes only 2nd batsman to pass 14,000 ODI runs". The New Zealand Herald. 8 March 2015. Archived from the original on 3 April 2015. https://web.archive.org/web/20150403011523/http://www.nzherald.co.nz/sport/news/article.cfm?c_id=4&objectid=11414007। আহৰণ কৰা হৈছে: 8 March 2015. 
  47. 47.0 47.1 47.2 "Cricket World Cup 2015: Australia overcome Sri Lanka in Sydney". BBC Sport. 8 March 2015. http://www.bbc.co.uk/sport/0/cricket/31787939। আহৰণ কৰা হৈছে: 8 March 2015. 
  48. 48.0 48.1 "Mahmudullah ton lifts Bangladesh to 275". ESPN Cricinfo. 9 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/846263.html। আহৰণ কৰা হৈছে: 9 March 2015. 
  49. "Bangladesh reach World Cup quarter-final". 9 March 2015. Archived from the original on 2 April 2015. https://web.archive.org/web/20150402130936/http://thedailynewnation.com/news/45736/bangladesh-reach-world-cup-quarter-final.html। আহৰণ কৰা হৈছে: 9 March 2015. 
  50. Cricinfo - Bangladesh's Highest Partnerships by Runs http://stats.espncricinfo.com/bangladesh/engine/records/fow/highest_partnerships_for_any_wicket.html?class=2[সংযোগবিহীন উৎস]; id=25; type=team
  51. "2015 Cricket World Cup pools and venues revealed". Herald Sun. July 30, 2013. http://www.heraldsun.com.au/sport/cricket/cricket-world-cup-pools-and-venues-revealed/story-fni2usfi-1226688015038। আহৰণ কৰা হৈছে: 3 March 2014. 
  52. "Cricket World Cup 2015: England knocked out by Bangladesh". BBC Sport. 9 March 2015. http://www.bbc.co.uk/sport/0/cricket/31792930। আহৰণ কৰা হৈছে: 9 March 2015. 
  53. 53.0 53.1 53.2 "Most consecutive ODI hundreds, and a WC record for Sangakkara". ESPN Cricinfo. 11 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/847779.html। আহৰণ কৰা হৈছে: 11 March 2015. 
  54. Cricinfo Database http://stats.espncricinfo.com/scotland/engine/records/team/highest_innings_totals.html?class=2[সংযোগবিহীন উৎস]; id=30; type=opposition
  55. 55.0 55.1 "Mahmudullah's twin tons, and Taylor's slow fifty". ESPN Cricinfo. 13 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/848791.html। আহৰণ কৰা হৈছে: 13 March 2015. 
  56. Mitchener, Mark (15 February 2015). "World Cup 2015: South Africa beat Zimbabwe after record stand". BBC Sport (British Broadcasting Corporation). http://www.bbc.co.uk/sport/0/cricket/31476376। আহৰণ কৰা হৈছে: 15 February 2015. 
  57. Jurejko, Jonathan (19 February 2015). "Cricket World Cup 2015: Zimbabwe avoid UAE loss". BBC Sport (British Broadcasting Corporation). http://www.bbc.co.uk/sport/0/cricket/31529167। আহৰণ কৰা হৈছে: 19 February 2015. 
  58. "Russell leads rout of sloppy Pakistan". ESPNcricinfo (ESPN Sports Media). 21 February 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/835501.html। আহৰণ কৰা হৈছে: 21 February 2015. 
  59. opposition=7; orderby=amount; result=1; team=4; template=results; type=team; view=results "Statistics / Statsguru / One-Day Internationals / Team records". ESPNcricinfo. ESPN Sports Media. http://stats.espncricinfo.com/ci/engine/stats/index.html?class=2; opposition=7; orderby=amount; result=1; team=4; template=results; type=team; view=results। আহৰণ কৰা হৈছে: 21 February 2015. [সংযোগবিহীন উৎস]
  60. Monga, Sidharth (22 February 2015). "Dhawan hundred sets up another big-day win". ESPNcricinfo (ESPN Sports Media). http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/836119.html। আহৰণ কৰা হৈছে: 22 February 2015. 
  61. "Gayle enters 9000 runs: Records / Leading Run Scorers". ESPNcricinfo (ESPN Sports Media). http://stats.espncricinfo.com/ci/content/records/83548.html। আহৰণ কৰা হৈছে: 24 February 2015. 
  62. "Gayle becomes first batsman to score double ton in world cup". SportsMirchi.com. http://www.sportsmirchi.com/gayle-becomes-first-batsman-to-score-double-ton-in-world-cup/. 
  63. Krishnaswamy, Karthik (24 February 2015). "Gayle, Samuels smash Zimbabwe and records". ESPNcricinfo (ESPN Sports Media). http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/837549.html। আহৰণ কৰা হৈছে: 24 February 2015. 
  64. "Most sixes in an innings". ESPNcricinfo. ESPN Sports Media. http://stats.espncricinfo.com/ci/content/records/283127.html। আহৰণ কৰা হৈছে: 24 February 2015. 
  65. "Highest partnership ever for Chris Gayle and Marlon Samuels". ESPNcricinfo. ESPN Sports Media. http://stats.espncricinfo.com/momentum-one-day-cup-2014-15/content/records/283574.html। আহৰণ কৰা হৈছে: 24 February 2015. 
  66. 66.0 66.1 "Wilson, K O'Brien seal tense win". ESPNcricinfo (ESPN Sports Media). 25 February 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/838183.html। আহৰণ কৰা হৈছে: 25 February 2015. 
  67. "De Villiers 162* off 66, WI 151 all out". ESPNcricinfo. ESPN Sports Media. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/839693.html। আহৰণ কৰা হৈছে: 27 February 2015. 
  68. "15 overs, 222 runs". ESPNcricinfo. ESPN Sports Media. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/840037.html। আহৰণ কৰা হৈছে: 27 February 2015. 
  69. "Cricket World Cup: Pakistan beat Zimbabwe to keep hopes alive". BBC Sport. 1 March 2015. http://www.bbc.co.uk/sport/0/cricket/31681255। আহৰণ কৰা হৈছে: 1 March 2015. 
  70. "Amla fastest to 20 ODI tons". ESPNcricinfo (ESPN Sports Media). 3 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/842419.html। আহৰণ কৰা হৈছে: 3 March 2015. 
  71. "Cricket World Cup: South Africa beat Ireland by 201 runs". BBC Sport. 3 March 2015. http://www.bbc.com/sport/0/cricket/31707106। আহৰণ কৰা হৈছে: 3 March 2015. 
  72. "Afridi's 8000, and Misbah's quick fifties". ESPNcricinfo (ESPN Sports Media). 4 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/842825.html। আহৰণ কৰা হৈছে: 4 March 2015. 
  73. "India defeat West Indies to reach the Cricket World Cup quarter-finals". The Guardian. 6 March 2015. http://www.theguardian.com/sport/2015/mar/06/india-west-indies-cricket-world-cup-match-report। আহৰণ কৰা হৈছে: 6 March 2015. 
  74. "Dhoni, bowlers extend World Cup streak". ESPNcricinfo (ESPN Sports Media). 6 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/843961.html। আহৰণ কৰা হৈছে: 6 March 2015. 
  75. Drummond, Andrew (7 March 2015). "Ireland beat Zimbabwe by five runs". Yahoo Sports Australia. Archived from the original on 7 March 2015. https://archive.is/20150307173143/https://au.sports.yahoo.com/cricket/news/article/-/26550312/ireland-beat-zimbabwe-by-five-runs/। আহৰণ কৰা হৈছে: 7 March 2015. 
  76. "Cricket World Cup 2015: Ireland dealt qualification blow by India". BBC Sport. 10 March 2015. http://www.bbc.co.uk/sport/0/cricket/31811867। আহৰণ কৰা হৈছে: 10 March 2015. 
  77. "Ashwin, Dhawan make it nine in a row". ESPNcricinfo (ESPN Sports Media). 6 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/846849.html। আহৰণ কৰা হৈছে: 10 March 2015. 
  78. "Anwar's record and de Villiers' sixes". ESPNcricinfo (ESPN Sports Media). 12 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/848297.html। আহৰণ কৰা হৈছে: 12 March 2015. 
  79. "Cricket World Cup 2015: South Africa ease into quarter-finals". BBC Sport (BBC Sport). 12 March 2015. http://www.bbc.co.uk/sport/0/cricket/31846582। আহৰণ কৰা হৈছে: 12 March 2015. 
  80. "WI in quarter-final barring Adelaide tie". ESPNcricinfo (ESPN Sports Media). 15 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/850289.html। আহৰণ কৰা হৈছে: 15 March 2015. 
  81. "First World Cup ton by Pakistan wicketkeeper". ESPNcricinfo (ESPN Sports Media). 15 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/850865.html। আহৰণ কৰা হৈছে: 15 March 2015. 
  82. "JP Duminy Becomes First South African to Claim World Cup Hat-Trick". NDTV. http://sports.ndtv.com/icc-cricket-world-cup-2015/news/239238-jp-duminy-becomes-first-south-african-to-claim-world-cup-hat-trick। আহৰণ কৰা হৈছে: 18 March 2015. 
  83. "South Africa beat Sri Lanka for their first-ever World Cup knockout win". NDTV. http://sports.ndtv.com/icc-cricket-world-cup-2015/news/239222-icc-world-cup-2015-live-cricket-score-south-africa-vs-sri-lanka। আহৰণ কৰা হৈছে: 18 March 2015. 
  84. "SA v SL (Scorecard and ball-by-ball details)". ESPN. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/851553.html। আহৰণ কৰা হৈছে: 18 March 2015. 
  85. "India beat Bangladesh to reach Cricket World Cup semi-finals". BBC Sport. 19 March 2015. http://www.bbc.co.uk/sport/0/cricket/31948172। আহৰণ কৰা হৈছে: 19 March 2015. 
  86. "India 11, Dhoni 100". ESPN Cricinfo. 19 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/852667.html। আহৰণ কৰা হৈছে: 19 March 2015. 
  87. "Responsible Rohit sees off Bangladesh threat". ESPNcricinfo (ESPN Sports Media). 19 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/852251.html। আহৰণ কৰা হৈছে: 19 March 2015. 
  88. "World Cup 2015: Protests in Bangladesh over 'biased' umpiring". AFP. 19 March 2015. http://timesofindia.indiatimes.com/sports/icc-world-cup-2015/top-stories/World-Cup-2015-Protests-in-Bangladesh-over-biased-umpiring/articleshow/46624112.cms। আহৰণ কৰা হৈছে: 19 March 2015. 
  89. "Bangladesh to challenge umpires’ decision". bdnews24.com. 19 March 2015. http://bdnews24.com/cricket/2015/03/19/bangladesh-to-challenge-umpires-decision। আহৰণ কৰা হৈছে: 19 March 2015. 
  90. "Responsible Rohit sees off Bangladesh threat". ESPNcricinfo (ESPN Sports Media). 19 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/852251.html। আহৰণ কৰা হৈছে: 19 March 2015. 
  91. "Smith, Hazlewood book semi-final berth". ESPNcricinfo (ESPN Sports Media). 20 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/852819.html। আহৰণ কৰা হৈছে: 20 March 2015. 
  92. "Cricket World Cup 2015: Wahab Riaz and Shane Watson punished". BBC Sport (British Broadcasting Corporation). 21 March 2015. http://www.bbc.co.uk/sport/0/cricket/31999085। আহৰণ কৰা হৈছে: 21 March 2015. 
  93. type=tournament "Records / ICC Cricket World Cup, 2014/15 / Most runs". ESPNcricinfo. ESPN Sports Media. http://stats.espncricinfo.com/ci/engine/records/batting/most_runs_career.html?id=6537; type=tournament। আহৰণ কৰা হৈছে: 15 March 2015. [সংযোগবিহীন উৎস]
  94. type=tournament "Records / ICC Cricket World Cup, 2014/15 / Most wickets". ESPNcricinfo. ESPN Sports Media. http://stats.espncricinfo.com/icc-cricket-world-cup-2015/engine/records/bowling/most_wickets_career.html?id=6537; type=tournament। আহৰণ কৰা হৈছে: 13 March 2015. [সংযোগবিহীন উৎস]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]