ভানুমতী

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা


ভানুমতী  
লেখক পদ্মনাথ গোহাঞিবৰুৱা
দেশ অসম, ভাৰত
ভাষা অসমীয়া
বিষয় উপন্যাস
প্ৰকাশৰ তাৰিখ ১৯০৮ চন
মিডিয়া প্ৰকাৰ মুদ্ৰণ

পদ্মনাথ গোহাঞিবৰুৱাৰ ভানুমতী(১৮৯১) আৰু লাহৰী(১৮৯২) আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ ‘পদুম কুঁৱৰী’(১৯০৫)ৰচনাৰ পাছত আধুনিক অসমীয়া উপন্যাসৰ ধাৰা আৰম্ভ হয় বুলিব পাৰি । ‘ভানুমতী’ উপন্যাসখন ‘বিজুলী (আলোচনী)’ত খণ্ড-খণ্ডকৈ ধাৰাবাহিক ভাৱে প্ৰকাশ হৈ থাকোঁতেই পূৰ্ণাংগ ৰূপত লাহৰী গ্ৰন্থ আকাৰত প্ৰকাশ হৈ ওলায়। সেই সূত্ৰে যদিও ‘ভানুমতী’য়ে ছপাশালৰ মুখ প্ৰথমে দেখিছিল, আধুনিক অসমীয়া সাহিত্যৰ প্ৰথম পূৰ্ণাংগ উপন্যাস লাহৰী । ১৮৯১ চনত ‘ভানুমতী’ ‘বিজুলী’ আলোচনীত প্ৰকাশ হয় । গ্ৰন্থ গাঢ় লেখাআকাৰত প্ৰকাশ হয় ১৯০৮ চনত । উপন্যাস খন নায়িকা প্ৰধান । ভানুমতী আৰু চাৰু গোহাঞি নামৰ এহাল ডেকা-গাভৰু প্ৰণয় কাহীনীক পটভূমি হিচাপে লৈ উপন্যাস খন ৰচিত হৈছে । ভানুমতী আৰু চাৰু গোহাঞিৰ মিলনৰ দুৱাৰডলিত যুৱৰাজ (পিছলৈ ৰজা) হেঙাৰ ৰূপে থিয় দিয়াত, ঘটনাক্ৰমে চাৰু গোহাঞিক প্ৰাণদণ্ড দিয়াৰ বাবে চাওদাঙৰ হাতত অৰ্পণ কৰা হয় আৰু পৰিনতিত ভানুমতীয়েও উন্মাদিনী হৈ পুখুৰীত জাঁপ দি প্ৰাণ ত্যাগ কৰে । কাহিনীটো ঐতিহাসিক পটভূমিৰ আধাৰত ৰচিত হ’লেও তাত ইতিহাসৰ কোনো আখ্যান পাবলৈ নাই । সেই ফালৰ পৰা উপন্যাস খন সামাজিক উপন্যাস বুলিব পাৰি ।

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি