ভেলেণ্টাইন দিৱস

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
ভেলেণ্টাইন দিৱস
ভেলেণ্টাইন দিৱস
ভেলেণ্টাইন দিৱসৰ কাৰ্ড
পালন কৰে বহুতো দেশত
প্রকাৰ কৃষ্টি
মহত্ব প্ৰেম আৰু ভালপোৱা
তাৰিখ ১৪ ফেব্ৰুৱাৰী
মানিবলগা ধাৰ্মিক কাৰ্য্য শুভেচ্ছা পত্ৰ আৰু উপহাৰ প্ৰেৰণ, প্ৰেমালাপ

সাধু ভেলেণ্টাইন দিৱস[1] , সাধাৰণতে চমুকৈ ভেলেণ্টাইন দিৱস [2] হ'ল এজন বা ততোধিক খ্ৰীষ্টিয় শ্বহীদ চেইণ্ট ভেলেণ্টাইনৰ নামত উচৰ্গিত দিন৷ বছৰৰ দ্বিতীয় মাহ ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখে ইয়াক পালন কৰা হয়৷ ইয়াক এটা পৱিত্ৰ প্ৰেমৰ দিন হিচাপে কৰা হয় সমগ্ৰ বিশ্বতে পালন কৰা হয়৷ এইদিনটোত প্ৰেমিক -প্ৰেমিকা সকলে নিজৰ প্ৰিয়জনক ফুলৰে, মিঠাই বা মৰমৰ বাৰ্তাৰে ( ভেলেণ্টাইন বাৰ্তা ) সম্ভাষণ জনায়৷ এই দিনটো, উচ্চ মধ্য যুগৰ জিও’ফ্ৰি চাওঁচাৰ (Geoffrey Chaucer)ৰ চক্ৰৰ লগত ৰাজকীয় প্ৰেমৰ পৰম্পৰাৰ জয়জয় ময়ময়ৰ সময়তে, প্ৰথম বাৰৰ বাবে ৰোমান্টিক প্ৰেমৰ লগত সাঙোৰ খাই পৰে৷ এই দিৱসটো প্ৰথম বাৰৰ বাবে প’প গিলাচিয়াছে ৪৯৬ খ্ৰীঃ পূঃ ত প্ৰতিস্থিত কৰে আৰু ইয়াক পিছত ১৯৬৯ চনত চতুৰ্থ প’প প’লৰ দ্বাৰা সাধাৰণ ৰোমান দিনপঞ্জীৰ পৰা আঁতৰাই দিয়া হয় ৷

হৃদয়ৰ আকৃতিৰ পৰিসীমা, কপৌ আৰু ডেউকা থকা কিউপিডৰ ছবিক, আধুনিক ভেলেণ্টাইন দিৱসৰ প্ৰতীক হিচাপে গণ্য কৰা হয়৷ ১৯ শতিকাৰ পৰা হাতে লিখা ভেলেণ্টাইন বাৰ্তা আতৰি, তাৰ ঠাইত পাইকাৰী হাৰত শুভেচ্ছা প্ৰত্ৰৰ প্ৰচলন আৰম্ভ হয়৷

সূচী

[সম্পাদনা কৰক] সাধু ভেলেণ্টাইন

[সম্পাদনা কৰক] ঐতিহাসিক সত্যতা

আদিতে কেইবাজনো খ্ৰীষ্টিয় শ্বহীদক চেইণ্ট ভেলেণ্টাইন নামেৰে নামাকৰণ কৰা হৈছিল। ১৪ ফেব্ৰুৱাৰী তাৰিখত সন্মান জনোৱা সকল হৈছে ৰোমৰ ভেলেণ্টাইন (Valentinus presb. m. Romae) আৰু টাৰ্ণিৰ ভেলেণ্টাইন (Valentinus ep. Interamnensis m. Romae). প্ৰায় ২৬৯ খ্ৰীষ্ট পূৰ্বাব্দত খ্ৰীষ্টিয় পুৰোহিত ৰোমৰ ভেলেণ্টাইন গৰাকীক মৃত্যুদন্ডৰে দণ্ডিত কৰা হয় আৰু তেওঁক ভায়া ফ্লেমিনা নামে ঠাইত কবৰ দিয়া হয় ।


[সম্পাদনা কৰক] আখ্যান

ভেলেণ্টাইন দিৱসত বিশেষ গুৰুত্ব লাভ কৰা ১০ টা জনপ্ৰিয় কাহিনী তলত উল্লেখ কৰা হ’ল।

[সম্পাদনা কৰক] দেবদাস আৰু পাৰু

ভাৰতৰ লগতে পৃথিৱীৰ অন্য কিছুপ্ৰান্তটো এই কাহিনী জনপ্ৰিয়। বাংলা ভাষাৰ সাহিত্যিক শৰত্‍ চন্দ্ৰ চট্টোপধ্যায়ে এই কাহিনীটোৰ ৰচনা কৰিছিল। এই কাহিনীটোক লৈ বৰ্তমানলৈকে কেবাখনো চলচ্চিত্ৰ আৰু নাটক নিৰ্মাণ কৰা হৈছে।[3]

[সম্পাদনা কৰক] ছাহজাহান আৰু মমতাজ

১৬১২ত আৰ্জমুণ্ড বানু নামৰ এগৰাকী কিশোৰী মোগল সম্ৰাট ছাহজাহানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। মমতাজ ছাহজাহানৰ সকলোতকৈ প্ৰিয় পত্নী আছিল কিন্তু মমতাজৰ অকাল মৃত্যু ঘটাত পত্নীৰ মৃত্যু চিৰযুগমীয়া কৰি ৰাখিবৰ বাবে ২০০০০ কৰ্মী, এহেজাৰ হাতী আৰু সুদীৰ্ঘ ২০ বছৰ কাল ব্যয় কৰি তাজমহল নিৰ্মান কৰি উলিয়াইছিল। ছাহজাহানৰ মৃত্যুৰ পাছত তেওঁৰ নিজ ইচ্ছা অনুসৰি তাজমহলত থকা মমতাজত কবৰৰ কাষতেই কবৰ দিয়া হয়।

[সম্পাদনা কৰক] ছেলিম আৰু আনাৰকলি

মোগল সম্ৰাট আকবৰৰ পুত্ৰ ছেলিম আৰু আনাৰকলি নামৰ এগৰাকী সাধাৰণ নৰ্তকীৰ মাজত হোৱা এটা প্ৰেমৰ সম্বন্ধৰ আঁত ধৰিয়েই এই কাহিনীটো লিখা হৈছে।

[সম্পাদনা কৰক] ৰোমিঅ’ আৰু জুলিয়েট

নাট্যকাৰ উইলিয়াম শেক্সপীয়েৰে নাট্যৰূপ দি এই ঐতিহাসিক কাহিনীটো সমগ্ৰ বিশ্বতে জনপ্ৰিয় কৰি তুলিছিল। এই প্ৰেম কাহিনীটোৰ দুয়োগৰাকী নায়ক নায়িকাই তেওঁলোকৰ কৈশোৰতে পৰস্পৰে পৰস্পৰৰ প্ৰেমত পৰে, আৰু পাছত বিবাহপাশটো আবদ্ধ হয়। ৰোমিঅ’ আৰু জুলিয়েটৰ দুয়োটা পৰিয়ালৰ মাজত শত্ৰুতা থকা বাবে এই প্ৰেমৰ বান্ধোনত প্ৰাচীৰ হিচাপে থিয় দিয়ে। সকলো বাধাৰ সৈতে যুঁজি যুঁজি অৱশেষত ৰোমিঅ’ আৰু জুলিয়েটে কৰুণ মৃত্যুক সাৱটি লয়। দুয়োটি কিশোৰৰ কৰুণ মৃত্যুৱে দুয়োটা পৰিয়ালৰ শত্ৰুতাক বিনাশ কৰি প্ৰেমৰ বান্ধোনেৰে বান্ধ খাবলৈ অনুপ্ৰাণিত কৰে।

[সম্পাদনা কৰক] মেৰী আৰু পীয়েৰ কুৰী

এই সঁচা কাহিনীটো প্ৰেম আৰু বিজ্ঞানৰ কাহিনী বুলিও কোৱা হয়। ১৯০৩ চনত পদাৰ্থ বিজ্ঞানন’বেল বঁটা লাভ কৰা এইহাল প্ৰেমিক প্ৰেমিকাক লৈ লিখা এই কাহিনীটো ইংলেণ্ডত সবাটোকৈ জনপ্ৰিয়।

[সম্পাদনা কৰক] লায়লা আৰু মজনু

পাৰস্যৰ মধ্যযুগৰ এজন কবি জামি নুৰুদ্দিন আব্দুৰৰেহমান[4]য়ে 'লায়লা মজনু' নামেৰে এটা ৰোমাণ্টিক কবিতা লিখিছিল। প্ৰকৃততে এই কাহিনী এক আৰবী আখ্যান আছিল।

[সম্পাদনা কৰক] কিঅ’পেট্ৰা আৰু মাৰ্ক এণ্টনী

এই কাহিনীটো নাট্যকাৰ উইলিয়াম শেক্সপীয়েৰে সৃষ্টি কৰিছিল|

[সম্পাদনা কৰক] লেন্সলট আৰু গুনিভেৰ

সম্ৰাট আৰ্থাৰৰ কাৰ্যকালত বিভিন্ন কাহিনী প্ৰচলিত হৈ আছে, এই কাহিনীটো তেনে এটা জনপ্ৰিয় কাহিনী|

[সম্পাদনা কৰক] ট্ৰীষ্টান আৰু ইছল’ড

[সম্পাদনা কৰক] পেৰিছ আৰু হেলেনা

এই কাহিনীটো হোমাৰৰ ইলিয়াডৰ অন্তৰ্গত|


[সম্পাদনা কৰক] সংলগ্ন পৰম্পৰা

[সম্পাদনা কৰক] তথ্যসূত্ৰ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত