ভৱকৃষ্ণ গোস্বামী
অৱয়ব
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ভৱকৃষ্ণ গোস্বামী | |
---|---|
জন্ম | ১৯২৯চন লখিমপুৰ, অসম |
মৃত্যু | ২৭ ফেব্ৰুৱাৰী, ২০২১ বৰএলেঙী সত্ৰ, নকছাৰি, যোৰহাট |
সংগীতৰ প্ৰকাৰ | সত্ৰীয়া নৃত্য, সত্ৰীয়া গীত, তাণ্ডৱ নৃত্য, অন্যান্য অসমীয়া গীত -নৃত্য |
কাৰ্যকাল | -২০২১ |
সদস্য | |
শ্ৰীশ্ৰীবৰএলেঙী সত্ৰৰ সত্ৰাধিকাৰ, অসম সত্ৰ মহাসভাৰ আজীৱন সদস্য |
ভৱকৃষ্ণ গোস্বামী অসমৰ সত্ৰীয়া গীত-নৃত্যৰ বিশিষ্ট শিল্পী। শ্ৰীশ্ৰীবৰএলেঙী সত্ৰৰ সত্ৰাধিকাৰ গোস্বামীয়ে সৰুৰে পৰা সত্ৰীয়া পৰিৱেশত ডাঙৰ হৈ তেতিয়াৰ পৰা মৃত্যু পৰ্যন্ত সত্ৰীয়া সংস্কৃতিৰ চৰ্চাত জড়িত হৈ আছিল। অসমৰ বিশিষ্ট শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্যিধ্য লাভ কৰা ভৱকৃষ্ণ গোস্বামীয়ে ৰাভাৰ পৰা শিৱৰ তাণ্ডৱ নৃত্যৰ শিক্ষা লৈছিল। তেখেতে নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল।
শৈশৱ আৰু কৰ্মজীৱন
[সম্পাদনা কৰক]ভৱকৃষ্ণ গোস্বামী জন্ম হয় অসমৰ লখিমপুৰ জিলাত। লক্ষীমপুৰত শিক্ষা জীৱন আৰম্ভ কৰি তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰে। পিছলৈ তেওঁ যোৰহাট জিলাৰ মৰিয়নিৰ অন্তৰ্গত নকছাৰিৰ ভেলেউগুৰিত শ্ৰীশ্ৰীবৰএলেঙী সত্ৰত মৃত্যু পৰ্যন্ত আছিল।