মলুৱা বান্দৰ

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
মলুৱা বান্দৰ (Rhesus macaque)[1]
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পর্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Primates
পৰিয়াল: Cercopithecidae
গণ: Macaca
প্ৰজাতি: M. mulatta
বৈজ্ঞানিক নাম
Macaca mulatta
(Zimmermann, 1780)
মলুৱা বান্দৰৰ বিতৰণ

মলুৱা বান্দৰ (ইংৰাজী: Rhesus Macaque) হ’ল, আটাইতকৈ বহুলভাৱে বিস্তৃত আৰু মানুহৰ সৈতে ওচৰ সম্পৰ্ক থকা এবিধ বান্দৰৰ প্ৰজাতি৷

সূচী

[সম্পাদনা কৰক] দৈহিক গঠন

মলুৱা বান্দৰৰ দেহটো মূগা বা মটীয়া ৰঙৰ আৰু মুখখন গুলপীয়া৷ নেজ মজলীয়া দৈৰ্ঘ্যৰ৷ মতাতকৈ মাইকী প্ৰাণীবোৰৰ আকাৰ কিছু সৰু৷

দেহৰ দৈৰ্ঘ্য ৪৭-৬৩ ছে: মি: আৰু ওজন প্ৰায় ৫-১১ কি: গ্ৰা:৷

[সম্পাদনা কৰক] বসতিস্থল তথা বিস্তৃতি

মলুৱা বান্দৰ উত্তৰ ভাৰত, বাংলাদেশ, পাকিস্তান, নেপাল, বাৰ্মা, থাইলেণ্ড, আফগানিস্তান, ভিয়েটনাম, দক্ষিণ চীন আদি দেশৰ নিগাজী বাসিন্দা (native)৷ এছিয়া মহাদেশৰ নানা প্ৰকাৰৰ অঞ্চল যেনে, ঘাঁহনি, শুস্ক অৰণ্য, আনকি পাহাৰীয়া অঞ্চল সমূহটো মলুৱা বান্দৰে নিজকে খাপ খুৱাই লৈ বসতি স্হাপন কৰিছে ৷ অন্যান্য প্ৰজাতি সমূহতকৈ অধিক খৰতকীয়া ভাৱে এই জন্তু বিধে মানৱ সমাজৰ নগৰীয়া সভ্যতাৰ লগত নিজকে খাপ খুৱাব পাৰিছে আৰু অধিক নিৰ্ভৰশীল হৈ পৰিছে ৷[3]

[সম্পাদনা কৰক] আচৰণ

জাক পাতি বা দল-বান্ধি বাস কৰে৷ একোটা জাকত এটা কৈ দমনকাৰী মতা (alpha male) প্ৰাণীয়ে অন্য মতা প্ৰাণীবোৰক দমন কৰি ৰাখে৷ দমনকাৰী মতা প্ৰাণীয়ে নানা ধৰণৰ ভাবুকি প্ৰদৰ্শনেৰে যেনে গছৰ ডাল জোকৰা ইত্যাদি কামেৰে দলত নিজৰ স্হান অটুট ৰাখিবলৈ চেষ্টা কৰে ৷ এই প্ৰজাতিটৌ সাতোৰাটো পাৰ্গত৷ মলুৱা বান্দৰে স্হল তথা গছতো বাস কৰে৷ ই মূলত : তৃণভোজী , ফল-মূল, গছৰ গুটী, শিপা, বাকলি আদি খাই জীয়াই থাকে৷ অৱশ্যে বৈজ্ঞানিক অধ্যয়নৰ পৰা পোৱা তথ্য অনুসৰি মলুৱা বান্দৰে মাজে মাজে উইহাঁফলু, ফৰিং, পৰুৱা আদিও খাদ্য হিচাপে গ্ৰহণ কৰে৷

বিভিন্ন ধৰণৰ মুখ-ভংগীমা, দেহৰ ভংগীমা আৰু মাতেৰে মলুৱা বান্দৰে পৰস্পৰে পৰস্পৰৰ লগত মত-বিনিময় কৰে বুলি জনা যায় [4]

[সম্পাদনা কৰক] প্ৰজনন

মাইকী মলুৱা বান্দৰে চাৰি বছৰমান বয়সৰ পৰা পোৱালী দিবলৈ আৰম্ভ কৰে আৰু ২৫ বছৰ বয়সলৈকে প্ৰজননক্ষম হৈ থাকে৷ [5]

[সম্পাদনা কৰক] চিত্ৰ

[সম্পাদনা কৰক] তথ্যসূত্ৰ

  1. Groves, C. (2005). Wilson, D. E., & Reeder, D. M, eds. ed. Mammal Species of the World (3rd ed.). Baltimore: Johns Hopkins University Press. পৃষ্ঠা. 163. ISBN 0-801-88221-4. OCLC 62265494. http://www.bucknell.edu/msw3/browse.asp?id=12100551. 
  2. Timmins, R. J., Richardson, M., Chhangani, A., Yongcheng, L. (2008). "Macaca mulatta". IUCN Red List of Threatened Species. Version 2010.4. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/12554. 
  3. Ciani, A. C. (1986). Intertroop Agonistic Behavior of a Feral Rhesus Macaque Troop in Ranging in Town and Forest Areas in India. Aggressive Behavior 12: 433−439. http://www.esploratore.com/files/resourcesmodule/@random44be4ac49f856/1153323855_Intertroop_Agonistic_Behavior_of_a_Feral_rhesus_Macaque_Troop_Ranging_in_Town_and_Areas_in_India.pdf. 
  4. Maestripieri D. (1999) "Primate social organization, gestural repertoire size, and communication dynamics: a comparative study of macaque s". In: King BJ, editor. The origins of language: what nonhuman primates can tell us. Santa Fe (NM): School American Research Pr. p 55-77.
  5. Walker ML, Herndon JG (2008). "Menopause in nonhuman primates?". Biology of Reproduction 79 (3): 398–406. doi:10.1095/biolreprod.108.068536. PMID 18495681. 

[সম্পাদনা কৰক] বহিঃসংযোগ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত