হৰলিক্স

অসমীয়া ৱিকিপিডিয়াৰ পৰা


হৰলিক্স (ইংৰাজী: Horlicks) এবিধ জনপ্ৰিয় মল্টেড শক্তিবৰ্ধক উষ্ম পানীয়৷ এই শক্তিবৰ্ধক পানীয়বিধ গ্লাক্সোস্মিথক্লিন নামৰ এটি কোম্পানীয়ে যুক্তৰাষ্ট্ৰ, ভাৰত, পাকিস্তান, বাংলাদেশ, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু জামাইকাত উৎপাদন কৰে তথা ফিলিপাইনচ আৰু মালেয়াচিয়াত অনুজ্ঞাপ্ৰাপ্ত৷

উৎপাদন পদ্ধতি[সম্পাদনা কৰক]

প্ৰথমতে মল্টেড ষ্টাৰ্চ আৰু ঘেহুৰ মিশ্ৰণ প্ৰস্তুত কৰি গৰম পানীত গুলা হয়৷ ইয়াত থকা ষ্টাৰ্চখিনি শৰ্কৰালৈ পৰিণত হয়৷এই মিশ্ৰণত গাখীৰ যোগ কৰি পুনৰ গৰম কৰা হয়৷ ইয়াত থকা জলীয় বাষ্প এই পক্ৰিয়াত বাষ্পীভূত হয়৷ এই মিশ্ৰণটি ভেকুৱামত শুকুওৱা হয়৷ ই কেকৰ আকাৰ লয়৷ পিছত তাক গুৰি কৰি চূড়ান্ত হৰলিক্সৰ উৎপাদন কৰা হয়৷

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]