অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী
অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী Assam State Primary Teachers' Association | |
---|---|
অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতীক | |
ধৰণ | অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত |
সক্ৰিয়তা | সক্ৰিয় |
প্ৰধান কাৰ্যালয় | গুৱাহাটী, অসম, ভাৰত |
সদস্যপদ | ১ লাখ+ |
আনুষ্ঠানিক ভাষা | অসমীয়া |
সভাপতি | নীলাক্ষী গগৈ(ভাৰপ্ৰাপ্ত) |
প্ৰধান সম্পাদক | ৰাতুল চন্দ্ৰ গোস্বামী |
অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী (ইংৰাজী: Assam State Primary Teachers' Association) অসম ৰাজ্যৰ প্ৰাথমিক শিক্ষক, শিক্ষাৰ্থী, শিক্ষানুষ্ঠান আৰু শিক্ষাৰ উত্তৰণত সেৱাৰত অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত এটি শিক্ষক সংগঠন। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ পঞ্জীয়ন নং - 65 of 1968/1969 vide 65 of 1968/69 vide memo no 77(s) 68-69/813 ps Dated Shillong the 12th Nov.1968.[1] স্বাধীনতা-উত্তৰ কালৰ অসমৰ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত ১২০০ শিক্ষক শিক্ষয়িত্ৰীয়ে সংগঠিত হৈ গঠন হোৱা এই সংগঠনৰ বৰ্তমান সদস্য প্ৰায় এক লাখৰো অধিক।
ইতিহাস
[সম্পাদনা কৰক]শিশুসকলৰ গুণগত শিক্ষা, শিশুৰ শিক্ষাৰ অধিকাৰ সাব্যস্তকৰণ, দেশ-দহৰ বিপদৰ সময়ত জাতিৰ অস্তিত্ব ৰক্ষাত বৰঙণি যোগোৱা আৰু শিক্ষকৰ নাৰ্য্য প্ৰাপ্য আদায় কৰি সমাজত যোগ্যস্থান লোৱা আদি উদ্দেশ্যৰে প্ৰাক্-স্বাধীনতা কালতে প্ৰতিষ্ঠা হোৱা প্ৰাথমিক বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক একত্ৰিত কৰি কেন্দ্ৰসভা গঠন হৈছিল। চৰকাৰী পৃষ্ঠপোষকতা লাভ কৰা এই কেন্দ্ৰসভাসমূহ ১৯১০ চনৰ পৰাই অসমৰ গ্ৰামাঞ্চল, বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন ঠাইত চলি থকাৰ তথ্য বিশিষ্ট সাহিত্যিক তথা সেইসময়ৰ উজনি অসমৰ একমাত্ৰ গুৰু প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ শৰৎ চন্দ্ৰ গোস্বামীৰ ৰচনাৱলীত উল্লেখ আছে। শিক্ষক সমাজে দেশৰ স্বাধীনতা সংগ্ৰামৰ সমান্তৰালকৈ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত সেৱাৰত শিক্ষক আৰু শিক্ষাৰ্থীসকলৰো সমস্যাসমূহ যথাস্থানত সঠিকভাৱে উপস্থাপন কৰি সমাধান কৰাত গুৰুত্ব প্ৰদান কৰিছিল।
জনগনৰ প্ৰবল ইচ্ছা সাকাৰ হৈ ১৯৪৭ চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে। অসমৰ অনাক্ষৰী জনসাধাৰণৰ মাজত প্ৰাথমিক শিক্ষা বিস্তাৰ কৰিবলৈ আৰু শিক্ষকৰ প্ৰাপ্য মৰ্যাদা লাভ কৰিবলৈ ইতিমধ্যে অঞ্চলভেদে সংগঠিত হৈ থকা শিক্ষক-শিক্ষয়িত্ৰীসকলে ৰাজ্যিক ভিত্তিত এখন মঞ্চ গঠনৰ প্ৰয়োজন অনুভৱ কৰিলে।
১৯৪৯ চনৰ ২৩ নৱেম্বৰ তাৰিখে সেই সময়ৰ কাছাৰ জিলাৰ শিলচৰত অসমৰ প্ৰাথমিক শিক্ষক সমাজৰ মুকলি অধিৱেশন অনুষ্ঠিত হয়। বাগ্মীবৰ নীলমণি ফুকনৰ সভাপতিত্বত বহা মুকলি সভাই ‘অসম প্ৰাদেশিক শিক্ষক সন্মিলনী’ গঠন কৰিলে। ইংৰাজীত নাম ৰখা হ’ল ‘Assam Provincial Primary Teachers’ Association’। ১৯৫১ চনৰ ৩১ জানুৱাৰী তাৰিখে অসম চৰকাৰৰ পৰা সন্মিলনীয়ে স্বীকৃতি নং ৬৩/৪৯/৬৪৯০ মতে স্বীকৃতি লাভ কৰিলে।
পৰিসীমা
[সম্পাদনা কৰক]অসম ৰাজ্যৰ ভৌগোলিক পৰিসীমাই অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ পৰিসীমা।
সাংগঠনিক স্তৰসমূহ
[সম্পাদনা কৰক]- ৰাজ্যিক
- মহকুমা/জিলা
- খণ্ড বা ব্লক
- কেন্দ্ৰ/শাখা সমিতি
অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ বৰ্তমান ৫১টা মহকুমা শাখা আৰু এটা স্বায়ত্ত্বশাসিত এলেকাৰ শাখা (বিটিএডি) আছে।
উল্লেখনীয় সফলতা
[সম্পাদনা কৰক]এই অংশটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
১৯৬৩ চনত, প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ মেট্ৰিক পাছৰ অৰ্হতা নথকাৰ অজুহাতত চৰকাৰে হঠাৎ ১২০০ শিক্ষকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে৷ সন্মিলনীেয় পদক্ষেপ গ্ৰহনেৰে এওঁলোকক পুনৰ মকৰল কৰিবলৈ বাধ্য কৰায়৷[2]
ৰাজ্যৰ বিদ্যালয়সমূহ প্ৰাদেশীকিকৃত নোহোৱাৰ বাবে শিক্ষক সকলৰ পেঞ্চন গ্ৰেচুইটিৰ ব্যৱস্থা নাছিল। সন্মিলনীৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ ফলত ১৯৭৫ চনৰ ৫ ছেপ্টেম্বৰ তাৰিখৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ চাকৰি চৰকাৰীকৰণ হৈ পেঞ্চন গ্ৰেচুইটি পাবলৈ সক্ষম হ’ল। [উদ্ধৃতিৰ প্ৰয়োজন][2]
১৯৭৩ চনৰ দৰমহা আয়োগমতে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ দৰমহা কাৰ্য্যালয় সহায়ক, এম ই আৰু এম ভি বিদ্যালয়ৰ শিক্ষকৰ বেতন নিৰিখতকৈ বহুত কম আছিল। সন্মিলনীযে কৰা যুক্তিপূৰ্ণ আলোচনা আৰু প্ৰতিবাদৰ মাধ্যমেৰে সম পৰ্য্যায়ৰ নিৰিখ পাবলৈ সক্ষম হ’ল।[উদ্ধৃতিৰ প্ৰয়োজন][2]
ৰাজ্যৰ শিক্ষক সমাজ আৰ্জিত ছুটিৰ পৰা বঞ্চিত হৈ আছিল। ভিন্ন ৰূপৰ সংগ্ৰাম, আলোচনাৰ মাজেৰে ১৯৯৬ চনত প্ৰাথমিক শিক্ষক সমাজে আদায় কৰিবলৈ সক্ষম হয়।
প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ জি.পি.এফ ব্যৱস্থা নাছিল। ন্যায় সংগত যুক্তিপূৰ্ন দাবীৰ ফলত শিক্ষকৰ জি.পি.এফ. ৰ সুবিধা কাৰ্যকৰী হয়।
ছাত্ৰ ছাত্ৰীৰ বৃত্তিৰ সংখ্যা আৰু নিৰিখ সময়ে সময়ে চৰকাৰৰ সৈতে আলোচনা কৰি ক্ৰমাগত বৃদ্ধি কৰোৱা হৈছিল।
পঞ্চায়তৰ সভাপতিয়ে দৰমহা বিলত অনুমোদনৰ ব্যৱস্থা কৰোৱাৰ সিদ্ধান্ত অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ নেতৃত্বত বাধা প্ৰদানেৰে স্থগিত কৰোৱা হৈছিল।
প্ৰায় ১৯৮৬ চনৰ পৰা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ‘প্ৰাক্ প্ৰাথমিক শ্ৰেণী’ প্ৰাথমিক বিদ্যালয়ত অন্তৰ্ভুক্তকৰণৰ দাবী কৰি অহাৰ ফলশ্ৰুতিত ১৯৯৮ চনত শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োদেৱৰ সময়ত প্ৰাথমিক বিদ্যালয়ত ‘ক’ শ্ৰেণীৰ প্ৰৱৰ্তন হৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ চেষ্টাত প্ৰাথমিক বিদ্যালয়ত ইংৰাজী শিক্ষা প্ৰৱৰ্তন হৈছিল। ২০০০ চনত প্ৰথমবাৰলৈ প্ৰাথমিক বিদ্যালয়ৰ তৃতীয়, চতুৰ্থ শ্ৰেণীত ইংৰাজী শিক্ষা অন্তৰ্ভুক্ত হৈছিল।
পদোন্নতিহীন প্ৰাথমিক শিক্ষকক সাময়িক পদোন্নতিৰে আৰ্থিক সকাহ দিয়াবলৈ কৰা প্ৰয়াসৰ অংশৰূপে ষষ্ঠ দৰমহা আয়োগত এচিপিএচ পাবলৈ সক্ষম হৈছিল। সপ্তম দৰমহা আয়োগে প্ৰক্ৰিয়া সলনি কৰি MACP ৰব্যৱস্থা কৰিছিল। এই প্ৰক্ৰিয়া ইমানেই জটিল আছিল যে শিক্ষক সমাজে বাটকুৰি বাই হাবাথুৰি খাইছিল। সন্মিলনীৰ প্ৰয়াসত জিলা পৰ্য্যায়তে প্ৰাপ্য লাভৰ আদেশ প্ৰকাশে শিক্ষক সকলক সকাহ দিছে।
শিক্ষাত ঠিকাভিত্তিক নিয়োগ কেতিয়াও গ্ৰহণযোগ্য নহয়। ৰাজ্য চৰকাৰে ঠিকাভিত্তিকভাবে নিয়োগ কৰা শিক্ষকসকলক নিয়মীয়াকৰণৰ জৰিয়তে চাকৰিৰ নিৰাপত্তা প্ৰদানৰ বাবে কৰা অহৰহ প্ৰচেষ্টাত প্ৰথমে ৬০ বছৰলৈকে সকলো পৰ্য্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ চাকৰিৰ নিৰাপত্তা আদায় দিবলৈ বাধ্য হয়। অৱশ্যে নিয়মীয়াকৰণৰ সংগ্ৰামে এতিয়াও সফলতা পাবলৈ বাকী আছে।
মুৰব্বীহীন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি আৰু স্নাতক শিক্ষকৰ পৰা কৰ্তন কৰা গ্ৰেড পে ঘূৰাই অনাৰ সংগ্ৰাম প্ৰাপ্য আদায় নোহোৱা পৰ্যন্ত অব্যাহত ৰখাৰ বাবে সন্মিলনী বদ্ধপৰিকৰ।
ৰাজ্যখনৰ প্ৰাথমিক শিক্ষক সকলক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষক সন্মিলনীয়ে কাহিনীও পিছ পৰা নাই। বিভাগীয়ভাবে দিয়া কেন্দ্ৰ সম্পাদকৰ দায়িত্ব পালন কৰিব গৈ জীৱন হেৰুৱাব লগাত পৰা শিক্ষকৰ পৰিয়ালৰ পৰা দুৰ্ঘটনাত শৰীৰৰ অংগ হেৰুওৱা শিক্ষকলৈ সকলোকে সহায়ৰ হাত আগবঢ়াইছে।
অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ লগত সম্পৰ্ক
[সম্পাদনা কৰক]ভাৰতৰ সংবিধানে প্ৰাথমিক শিক্ষাক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়কে দায়িত্ব অৰ্পণ কৰিছে। প্ৰাথমিক শিক্ষক সমাজ ৰাজ্যিক ভিত্তিত সংগঠিত হৈছিল যদিও ৰাষ্ট্ৰীয়ভাৱে সংগঠিত হোৱাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি নেতৃবৃন্দই চেষ্টা অব্যাহত ৰাখিছিল।
১৯৫৪ চনৰ ৭ ফেব্ৰুৱাৰী তাৰিখে নাগপুৰত তদানীন্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুয়ে শুভ উদ্বোধন কৰা প্ৰথম ৰাষ্ট্ৰীয় অধিৱেশনৰ জৰিয়তে ALL INDIA PRIMARY TEACHERS’ FEDARATION গঠন হয়।[3] গৌৰৱৰ কথা যে, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘ গঠনৰ অন্যতম প্ৰতিষ্ঠাতা সদস্য।
প্ৰাথমিক শিক্ষা আৰু শিক্ষকৰ ক্ষেত্ৰত উদ্ভৱ হোৱা ৰাষ্ট্ৰীয় সমস্যাসমূহত সেৱা আগবঢ়োৱা AIPTF হ'ল ২৫খন ৰাজ্যৰ প্ৰায় ২৩ লাখ সদস্যৰ শক্তিশালী সংগঠন। এই মঞ্চৰ যোগেদি শিক্ষক সমাজে ৰাষ্ট্ৰীয় একতাৰ সুযোগো লাভ কৰিছে।
ভাৰত চৰকাৰৰ বহুকেইখন উচ্ছস্তৰীয় কমিটিৰ সদস্য হিচাপে AIPTF মনোনীত হৈ দায়িত্ব পালন কৰি আহিছে। কিছু উল্লেখযোগ্য কমিটি হৈছে-
- ভাৰত চৰকাৰৰ শিক্ষা বিভাগ মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়
- মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়
- শ্ৰম মন্ত্ৰণালয়
- NCERT
- National AIDS control Organisation (NACO)
- National Council For Teachers Education (NCTE)
- National Commission For Protection Of Child Rights
- National Commission of Sarba Siksha Abhijan আদি
২০০২ চনত আন্তঃৰাষ্ট্ৰীয় লক্ষ্য পূুৰণৰ বাবে ভাৰত চৰকাৰে “সকলোৰে বাবে শিক্ষা” কাৰ্যকৰী কৰিবলৈ লোৱা সিদ্ধান্তক ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে সৰ্বভাৰতীয় ভিত্তিত অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই দেশৰ চাৰিও দিশৰ পৰা উলিওৱা শিক্ষা যাত্ৰাৰ পূৱ দিশৰ যাত্ৰা অসমৰ পৰা আৰম্ভ কৰা হৈছিল। এইদৰে ভাৰতৰ সকলো দিশৰ পৰা পথ যাত্ৰাৰে দিল্লীত সকলো লগ হৈছিল। একেদৰে ২০১৪ বৰ্ষত নতুন পেঞ্চন নীতি বাতিল আৰু অন্যান্য দাবীৰ সমৰ্থনত ৰথ যাত্ৰা আৰু পুনৰাই ২০২৩ চনৰ ছেপ্তেম্বৰ মাহত পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীৰে মাহজোৰা ‘ভাৰত যাত্ৰা’ আৰম্ভ কৰিছিল। পূৱ দিশৰ দিল্লী অভিমুখী এই যাত্ৰাত গুৱাহাটীৰ পৰা আৰম্ভ কৰি সমগ্ৰ অসমতে ৫খন বিশাল সভা আৰু ৩১খন পথ সভা অনুষ্ঠিত কৰি শ্ৰীৰামপুৰলৈকে ৰথখনি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আগবঢ়াই দিছিল।
শিক্ষা অধিকাৰ আইন প্ৰস্তুত কালত অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই গ্ৰহণ কৰা ভূমিকাৰ বাবেই শিক্ষক সমাজ বহুলাংশে সকাহ পাবলৈ সক্ষম হৈছে। শিক্ষাত ব্যক্তিগত ৰাজহুৱা অংশীদাৰত্ব, ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ত থকা শিক্ষক বিৰোধী দফা প্ৰত্যাহাৰ কৰা, ঠিকা ভিত্তিক শিক্ষকৰ নিয়মীয়া কৰা আদিৰ দাবীৰে ভাৰতবৰ্ষৰ প্ৰাথমিক শিক্ষক সমাজৰ হকে অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই কাম কৰি আছে। অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ সভাপতিৰ গুৰু আসনত অসমৰ পৰা হীৰালাল পাটোৱাৰী দেৱে অলংকৃত কৰাৰ[4] পাছৰে পৰা ভিন্ন পদত আব্দুল ৰছিদ, ঠানুৰাম বুঢ়াগোহাই, অলক পাল, লাৱন্য দত্ত, জীৱন চন্দ্ৰ বৰা অধিষ্ঠিত হোৱাৰ বিপৰীতে ডেপুটি চেক্ৰেটাৰী পদত জ্যোস্না ফুকন আৰু কাৰ্যকৰী সভাপতি ৰূপে ৰাতুল চন্দ্ৰ গোস্বামীয়ে কাৰ্যনিৰ্বাহ কৰিছে।
আন্তৰাষ্ট্ৰীয় শিক্ষক সংগঠন আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী
[সম্পাদনা কৰক]১৯২৬ চনৰ পৰাই বিভিন্ন সময়ত গঠন হৈ সেৱা আগবঢ়াই অহা আন্তৰ্জাতিক সংগঠন IFFTU, WCOTP, আৰু WCT লগ হৈ একেলগে কাম কৰাৰ লক্ষ্যৰে ১৯৯৩ চনৰ ২৬ জানুৱাৰী তাৰিখে বিশ্বৰ সৰ্ববৃহৎ সংগঠন EDUCATION INTERNATIONAL য়ে প্ৰতিষ্ঠা লাভ কৰিলে।
EDUCATION INTERNATIONAL-য়ে বিশ্বৰ ১৭৮খন দেশৰ ৩.৫ কোটি শিক্ষক কৰ্মচাৰীক একেটা ছাটিৰ তলত সমবেত কৰিবলৈ সক্ষম হৈছে।
AIPTF ১৯৮২ চনৰে পৰা WCOTP ৰ সদস্য হৈ থকাত EI ৰ সদস্য ৰাষ্ট্ৰীয় সংগঠন হৈ পৰিল।
UNESCO, ILO, WHO, OECD, IMF, WORLD BANK, CONGO, ICFTU, WORLD EDUCATION FORUM আদি আন্তৰাষ্ট্ৰীয় সংস্থাসমূহৰ সংস্পৰ্শত শিক্ষা কৰ্মীসকলৰ উত্তৰণত EIয়ে অৰিহণা যোগাইছে।
উল্লেখনীয় কাম-কাজ
[সম্পাদনা কৰক]অসমৰ প্ৰাথমিক বিদ্যালয়সমূহৰ প্ৰয়োজনীয় পাঠ্যপুথি প্ৰস্তুতকৰণত চৰকাৰক সহায় কৰাৰ ক্ষেত্ৰত প্ৰায় ২০০০ চনকে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়েই আছিল প্ৰথম স্থানত। তাৰ সমান্তৰালকৈ প্ৰাথমিক বিদ্যালয়ৰ সহযোগী বিভিন্ন পুথিসমূহ যেনে- হস্তলিপি, চিত্ৰাংকন, নেওতা, নীতিশিক্ষা আদি ৰাজ্যিক সন্মিলনীৰ নিজা উদ্যোগত তথা বিভিন্ন মহকুমাই ঠায়ে ঠায়ে প্ৰকাশ কৰিছিল। প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উৎকৰ্ষ সাধনৰ কথা চিন্তা কৰি অসমৰ জনপ্ৰিয় শিশু আলোচনী ‘সঁফুৰা’ৰ সৈতে সঁফুৰা বৃত্তি পৰীক্ষা প্ৰথম দুটা বছৰৰ বাবে একেলগে অনুষ্ঠিত কৰিছিল। কুৰি শতিকাৰ প্ৰথম ভাগৰ পৰাই ছাত্ৰ-ছাত্ৰীৰ মেধা আৰু প্ৰজ্ঞাৰ সন্ধানত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিভিন্ন মহকুমাই বৃত্তি পৰীক্ষা আৰু ভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। ২০২৩ চনৰ পৰা চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ বাবে ৰাজ্যিক সন্মিলনীয়ে অসম ভিত্তিত বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰি আহিছে।
অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে শিক্ষক-শিক্ষা গ্ৰহণ কৰা শিক্ষক-শিক্ষয়িত্ৰীৰ কন্যা সন্তানলৈ একঁকালীন সাহায্য প্ৰদান কৰি আহিছে। বিভিন্ন শিতানত অসমৰ শিক্ষক সমাজক অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে বঁটাৰে সন্মানিত কৰি আহিছে। সন্মিলনীৰ অক্লান্ত সেৱক ধৰণীধৰ মেধি দেৱে আগবঢ়োৱা দুই লাখ টকাৰ অনুদানেৰে গঠন কৰা “মেধি ধৰণীধৰ গুণলতা ন্যাস” পুঁজিৰ পৰা অসমৰ বয়োজেষ্ঠ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুজনলৈ শিক্ষকশ্ৰী বঁটা আৰু কৰ্মক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা প্ৰাথমিক বিদ্যালয়ৰ এজন শিক্ষাগুৰুক দ্ৰোণাচাৰ্য বঁটাৰে সন্মানিত কৰা হয়। অন্যহাতে সাংগঠনিক দিশত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্যতম কাণ্ডাৰী শিক্ষক নেতা হীৰালাল পাটোৱাৰীদেৱৰ স্মৃতিত একেৰাহে তিনিটা কাৰ্যকালৰ বাবে ৰাজ্যিক সন্মিলনীক নেতৃত্ব প্ৰদান কৰি অৱসৰগ্ৰহণ কৰা শিক্ষাগুৰুক হীৰালাল পাটোৱাৰী বঁটা প্ৰদান কৰা হয়।
অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ গঠনৰ কেইবছৰমান পাছতে তৰুণ চন্দ্ৰ চাংকাকতিদেৱৰ সম্পাদনাত ‘মুক্তি’ নামেৰে তিনিমহীয়া মুখপত্ৰ প্ৰকাশ পাইছিল। [5]পৰৱৰ্তী সময়ত ১৯৯৮ চনত সন্মিলনীৰ মুখপত্ৰ ‘শিক্ষাজ্যোতি’ৰ প্ৰস্তাৱনা সংখ্যা[6] প্ৰকাশ কৰি বৰ্তমানলৈকে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে। ইয়াৰ লগতে সন্মিলনীৰ তিনিমহীয়া বাৰ্তাপত্ৰ ২০০৪ চনত প্ৰথম প্ৰকাশ হৈ বৰ্তমান দুমহীয়া ই-বাৰ্তালোচনী হিচাপে প্ৰকাশ পাই আছে।
দেশৰ বিভিন্ন জৰুৰীকালীন অৱস্থা তথা আৰ্থিক সংকট যেনে- ভাৰত চীনৰ যুদ্ধ, ভাৰত-পাকিস্তানৰ যুদ্ধৰ সময়ত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে চৰকাৰক আৰ্থিক সহযোগিতা প্ৰদান কৰাৰ [7]উপৰিও ভয়াৱহ ক’ভিড অতিমাৰী সংকটৰ সময়ত চৰকাৰক সন্মিলনীৰ আহ্বানতেই অসমৰ প্ৰাথমিক শিক্ষক সমাজে সম্পূৰ্ণ এদিনৰ বেতন প্ৰদান কৰি জনসাধাৰণৰ কাষত থিয় দিছিল।
প্ৰতিবছৰে বানপানীত প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ৩ানত সাহায্য প্ৰদান কৰা হৈ আহিছে। ২০১৬ চনৰ বানৰ সময়ত মুখ্যমন্ত্ৰী সাহায্য পূজিলৈ ৫০,০০০ টকাৰ বৰঙণি প্ৰদান কৰা হৈছিল।
অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্যতম কোষ মহিলা কোষ ২০০৬ চনত গঠন হৈছিল। বতৰ্মানলৈ সন্মিলনীৰ অন্তৰ্গত ৫২টা মহকুমা আৰু ৭৮টা শিক্ষাখণ্ডত মহিলা কোষ গঠন হৈছে। অসম ৰাজ্যিক মহিলাকোষৰ বাৰ্ষিক মুখপত্ৰ হ’ল ‘শক্তি’।
২০২২ চনৰ বঙাইগাঁও অধিবেশনত ডিজিটেল কোষ গঠনৰ বাবে সন্মিলনীৰ সংবিধান সংশোধন পদক্ষেপ লোৱা হৈছিল। শেহতীয়াকৈ ৰাজ্যিক ডিজিটেল কোষৰ তত্ত্বাৱধানত মহকুমা সমিতিসমূহেও ডিজিটেল কোষ গঠন কৰি কাম কাজ আগবঢ়াই নিছে। ইয়াৰ উপৰিও ডিজিটেল কোষৰ দ্বাৰা দুমহীয়া ই-বাৰ্তালোচনী শিক্ষাজ্যোতি প্ৰকাশ কৰাৰ লগতে ৰাজ্যিক সমিতিৰ বিভিন্ন ডিজিটেল কৰ্মসূচী আৰু সামাজিক মাধ্যমত সন্মিলনীৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ফেচবুক পেজ,*অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী*, ইউটিউব চেনেল Edupath ASPTA_Official পৰিচালনাৰ কাম কৰে।
২০১১ চনৰ লোকপিয়লৰ তথ্য মতে ভাৰতবৰ্ষৰ ১০.১ মিলিয়ন শিশু শ্ৰমিক আৰু এন এছ এছৰ তথ্য মতে ৩ কোটি ২২ লাখ শিশু বিদ্যালয় বৰ্হিভূত হৈ আছে। বহনক্ষম বিকাশৰ লক্ষ্যৰ দিশত এই প্ৰতিবন্ধকতাৰ প্ৰতি দৃষ্টি ৰাখি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে শিশু শ্ৰমিক ৰোধ আৰু বিদ্যালয় বৰ্হিভূত শিশুক বিদ্যালয়লৈ ঘূৰাই অনাৰ বাবে সজাগতা অভিযান আৰম্ভ কৰি জৰীপ কৰিছে। অসমৰ বিভিন্ন ঠাইত সজাগতা সৃষ্টিৰ বাবে ‘সপোনবোৰ মৰহিবলৈ নিদিব’ আৰু ‘হেঁপাহৰ এমুঠি জীয়া সপোন সাৰ্থক কৰোঁ আহক’(উন্মোচক-শিক্ষামন্ত্ৰী ৰণোজ পেগু) শীৰ্ষক পোষ্টাৰ মুকলি, সজাগতা সভা অনুষ্ঠিতকৰণ, বাটৰ নাট প্ৰদৰ্শনকে ধৰি বিভিন্ন কৰ্মসূচী হাতত লোৱা লৈছে। ইয়াৰ সমান্তৰালকৈ বিশ্বৰ ভয়াবহ জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে সজাগতা আনিবলৈ ‘শিক্ষাই জলবায়ু পৰিৱৰ্তন সমস্যা সমাধনাৰ পথ’ শীৰ্ষক পোষ্টাৰ অসমৰ প্ৰতিখন প্ৰাথমিক বিদ্যালয়তে মুকলি কৰা, প্ৰতিখন কেন্দ্ৰসভাতে এই সম্পৰ্কে সজাগতামূলক সভা অনুষ্ঠিত কৰাকে ধৰি কৰ্মসূচীৰে এই সজাগতা অভিযানসমূহ সন্মিলনীয়ে আগবঢ়াই নিছে।
পৰিচালিত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰকল্পসমূহ
[সম্পাদনা কৰক]অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে AIPTF আৰু EI ৰ জৰিয়তে বিভিন্ন দেশৰ ভাতৃ সংগঠনৰ পৰা লাভ কৰা প্ৰকল্প পৰিচালনাৰে শিশুৰ শিক্ষা, শিক্ষক সংগঠন আৰু মহিলা সৱলীকৰণ আৰু উন্নয়নত অৰিহণা যোগোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে।
PROFESSIONAL DEVELOPMENT PROJECT- -কানাডিয়ান শিক্ষক সংঘ (CTF) ৰ সহযোগত শিক্ষকৰ বৃত্তিগত উন্নয়ন প্ৰকল্পৰ যোগেদি শৈক্ষিক দক্ষতা উন্নয়নৰ বাবে ১৯৯৬ চনৰ পৰা প্ৰচেষ্টা অব্যাহত ৰাখিছে। ৰাজ্যখনৰ প্ৰায় ৩০০০ শিক্ষক শিক্ষয়িত্ৰীক শৈক্ষিক দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।
LEADERSHIP DEVELOPMENT PROJECT-- চুইদেনৰ শিক্ষক সংগঠন LARARFORBUNDET ৰ সহযোগত জিলা বা মহকুমা পৰ্য্যায়ত নেতৃত্ব বিকাশ প্ৰকল্পৰ জৰিয়তে ২০০৪ চনৰ পৰা ৩৫০০০ শিক্ষক-শিক্ষয়িত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।
EFAAIDS - অষ্ট্ৰেলিয়ান এডুকেচন ইউনিয়ন (AEU) ৰ সহযোগত ২০২১-২২ বৰ্ষত কামৰূপ জিলাত প্ৰায় তিনিহাজাৰ পৰিয়াল জৰীপ কৰি ১১১ গৰাকী আৰু ২০২২-২০২৩ বৰ্ষত ডিব্ৰুগড় আৰু গোৱালপাৰা জিলাত ৯১৪০ টি পৰিয়াল জৰীপ কৰি ৫৮ৰ গৰাকী বিদ্যালয় বৰ্হিভূত শিশুক চিনাক্ত কৰি বিদ্যালয় মুখী কৰা হৈছে। এইদৰে প্ৰতি মহকুমাতে ৰাজ্যিক সন্মিলনীৰ নেতৃত্বত বিদ্যালয় বৰ্হিভূত শিশুক বিদ্যালয়মুখী কৰা আৰু শিশু শ্ৰমিক বন্ধ কৰাৰ কৰ্মসূচী আগবঢ়াই নিয়া হৈছে।
ইয়াৰ উপৰিও ২০০০ চনৰ পৰা (MDG) ৰ EDUCATION FOR ALL, ২০১৬ চনৰ পৰা আলোচনা চক্ৰ, বক্তৃতা অনুষ্ঠান আদি যোগাত্মক কাৰ্যসূচী গ্ৰহণ কৰি SDG-4, SDG-5 ৰ সফল ৰূপায়ণৰ স্বাৰ্থত ইন্ধন যোগাই আহিছে।
শিক্ষক ভৱন (ৰাজ্যিক আৰু বিভিন্ন মহকুমাৰ ভৱনসমূহ)
[সম্পাদনা কৰক]শিক্ষকৰ দান বৰঙণি আৰু পাঠ্যপুথিৰ ৰয়েলিটিত পোৱা টকাৰে গুৱাহাটীৰ দুই নম্বৰ জাপৰিগোগ চানমাৰিৰ কমাৰ্চ কলেজৰ সন্মুখত মাটি ক্ৰয় কৰি নিৰ্মাণ কৰা হয় অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ স্থায়ী কাৰ্যালয় ‘শিক্ষক ভৱন’। দূৰ দূৰণিৰ শিক্ষকসকলৰ ৰাজধানীৰ আশ্ৰয়স্থলী আৰু সন্মিলনীৰ সভা-সমিতি অনুষ্ঠিত কৰিবলৈ এটি স্থায়ী ঠিকনাৰ অভাৱ দূৰকৰিলে এই শিক্ষক ভৱনে। ইয়াৰ সমান্তৰালকৈ সন্মিলনীৰ মহকুমাসমূহত মহকুমা আৰু খণ্ড সমিতিয়ে নিৰ্মাণ কৰা ৪৬ টি শিক্ষক ভৱন আছে। এই ভৱনসমূহৰ যোগেদি সমাজ উপকৃত হোৱাৰ লগতে সংগঠনৰ সামাজিক দায়বদ্ধতা আৰু সবল সাংগঠনিক ভেটিৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। একেদৰে দেশৰ প্ৰতিখন চহৰত শিক্ষক ভৱন আছে। য’ত ৰাজ্যৰ শিক্ষকসকল থকাৰ সুব্যৱস্থা আছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ পঞ্জীয়ন পত্ৰ
- ↑ 2.0 2.1 2.2 ঘনকান্ত বড়া: অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ইতিবৃত্ত:অতীতৰ সুৱাস সোপানেৰে ভৱিষ্যতলৈ:প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰকাশিত পুস্তিকা, ২৩ নৱেম্বৰ, ২০২৩ (প়ষ্ঠা ১০,১১)
- ↑ Foundation: http://aiptfindia.org/?page_id=52
- ↑ Foundation: http://aiptfindia.org/?page_id=52
- ↑ সম্পাদনা সমিতি. মুক্তি. ৰূপালী জয়ন্তীৰ স্মৃতি গ্ৰন্থ: যোৰহাট মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী ১৯৬৬ চন (সম্পাদনা তৰুণ চন্দ্ৰ চাংকাকতি). পৃষ্ঠা.১৩,১৪
- ↑ শিক্ষাজ্যোতি.অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ মুখপত্ৰ. প্ৰস্তাৱনা সংখ্যা ১৯৯৮ চন (সম্পাদনা হীৰেন্দ্ৰ কুমাৰ বৰঠাকুৰ).
- ↑ সম্পাদনা সমিতি. ৰূপালী জয়ন্তীৰ স্মৃতি গ্ৰন্থ: যোৰহাট মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী ১৯৬৬ চন (সম্পাদনা তৰুণ চন্দ্ৰ চাংকাকতি). পৃষ্ঠা.১৪,১৫