আম আদমী পাৰ্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(আম আদমি পাৰ্টিৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
আম আদমী পাৰ্টি
Logo_of_AAP_2019.png
নেতা অৰবিন্দ কেজৰিৱাল
সংসদীয় সভাপতি
লোকসভাত নেতা
ৰাজ্যসভাত নেতা
প্ৰতিষ্ঠা ২৬ নৱেম্বৰ ২০১২
মূখ্য কাৰ্যালয় ২০৬,ৰাউজ এভিনিউ, দীন দয়াল উপাধ্যায় মাৰ্গ, আই টি অ', নতুন দিল্লী- ১১০০০২[1]
মুখপত্ৰ www.aapkikranti.net
ৰাজনৈতিক মতাদৰ্শ স্বৰাজ
দুৰ্নীতি বিৰোধীতা
ৱেবছাইট www.aamaadmiparty.org

আম আদমী পাৰ্টি (ইংৰাজী: Aam Aadmi Party; সংক্ষেপে আপ; অৰ্থ: সাধাৰণ লোকৰ দল) এক ভাৰতীয় ৰাজনৈতিক দল। ইয়াৰ আনুষ্ঠানিক আৰম্ভ হয় ২০১২ চনৰ ২ নৱেম্বৰ তাৰিখে আৰু বৰ্তমানে ই ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীৰ শাসকদল। ২০১১ চনৰ পৰা জন লোকপাল বিলৰ দাবিত ভাৰতত হোৱা যি দুৰ্নীতিৰ বিৰোধী আন্দোলন, তাক ৰাজনীতিকৰণ কৰিব লাগে নে নালাগে তাক লৈ নেতাকৰ্মী অৰবিন্দ কেজৰিৱাল আৰু আন্না হাজাৰেৰ মাজত হোৱা মতবিৰোধৰ পাছত এই দলটোৰ গঠন হয়। আন্না হাজাৰেই বিচাৰিছিল যে এই আন্দোলন অৰাজনৈতিক হোৱা উচিত, কিন্তু অৰবিন্দ কেজৰিৱালৰ অনুসৰি আন্দোলনৰ পথ ব্যৰ্থতাৰ বাবে সক্ৰীয়ভাবে ৰাজনীতিত জড়িত হোৱা প্ৰয়োজন।

দলটোৱে ২০১৩ চনৰ দিল্লী বিধানসভা নিৰ্বাচনত প্ৰথমবাবৰৰ বাবে প্ৰতিদন্দ্বীতা কৰে, য'ত ২৮ খন সমষ্টিত বিজয়ী হৈ দ্বিতীয় বৃহত্তম দল হিচাবে আত্মপ্ৰকাশ কৰে। কোনো দলে পূৰ্ণ সংখ্যাগৰিষ্ঠতা নোপোৱাৰ ফলত আপে ভাৰতীয় জাতীয় কংগ্ৰেছৰ শৰ্তাধীন সমৰ্থনৰ বলত এক সংখ্যালঘু চৰকাৰ গঠন কৰে। দলটো কাৰ্যক্ৰমণিকাৰ এক উল্লেখযোগ্য অংশ আছিল ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীত জন লোকপাল বিলখন দ্ৰুততাৰে প্ৰচলন কৰা। নিৰ্বাচনৰ পাছত যেতিয়া স্পষ্ট হৈ পৰিল যে অন্য ডাঙৰ দলসমূহে এই বিলখনক সমৰ্থন নকৰে, তেতিয়া আপ চৰকাৰে ৪৯ দিনৰ ক্ষমতাৰ পাছত পদত্যাগ কৰে।

২০১৫ চনৰ দিল্লী বিধানসভা নিৰ্বাচনত, আম আদমী পাৰ্টিয়ে ৭০ খন আসনৰ ভিতৰত ৬৭ খনতে জয়লাভ কৰে। ভাৰতৰ দুটা মুখ্য ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টিয়ে ৩ খন বিজয় লাভ কৰে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে কোনো আসনতে বিজয় লাভ নকৰিলে।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]