ইম'জি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গুগলৰ দ্বাৰা ব্যৱহৃত ৰঙীণ ইম'জি

ইম'জি (ইংৰাজী: Emoji) হৈছে ইলেক্ট্ৰনিক মেছেজ আৰু ৱেবপেজত ব্যৱহৃত একপ্ৰকাৰৰ ভাবপ্ৰকাশক চিহ্ন।[1] ইম'জিবোৰ হৈছে একো একোটা চিত্ৰ যিবোৰ মূলতঃ ভাব প্ৰকাশৰ বাবে ব্যৱহাৰ কৰা হয়।[2] ইম'জি বিভিন্ন প্ৰকাৰৰ, যেনে ― মুখভঙ্গি, দৈনন্দিন বস্তু, স্থান, বতৰ আৰু জীৱ-জন্তু। ইম'জি নামৰ উৎপত্তি জাপানী ভাষাৰ 絵 ( মানে ছবি) আৰু 文字 (ম'জি মানে আখৰ) শব্দ দুটা লগলাগি হৈছে; ইংৰাজী ভাষাৰ শব্দ emotion আৰু emoticon-ৰ সৈতে ইয়াৰ মিল মাত্ৰ এক সংযোগহে।[3] ইয়াৰ আক্ষৰিক অৰ্থ হ'ল চিত্ৰলিপি

১৯৯০-ৰ দশকত জাপানী মোবাইল ফোনত ইম'জিৰ প্ৰথম আৱিৰ্ভাব হয়। আপেল কোম্পানীৰ আইফোনত ইম'জি অন্তৰ্ভুক্ত হোৱাৰ লগে লগে ইম'জিৰ জনপ্ৰিয়তা বৃদ্ধি হৈ পৰে। তাৰ পাছত এণ্ড্ৰইড আৰু অন্যান্য মোবাইল ফোনতো আপেলৰ অনুসৰণ কৰি ইম'জিক অন্তৰ্ভুক্ত কৰে।[4][5][6] মাইক্ৰ'চফ্ট ৱিণ্ড'জ ৮-ত চিগো উইআই চিম্বল চিষ্টম ফণ্টত একবৰ্ণী ইউনিক'ড ইম'জি আৰম্ভ কৰা হয়, পাছত ৱিণ্ড'জ ৮.১-ত চিগো উইআই ইম'জি ফণ্টৰ মাধ্যমেৰে ৰঙীণ ইম'জিৰ প্ৰবৰ্তন কৰা হয়।[7] বৰ্তমানে পাশ্চাত্যৰ জনপ্ৰিয় সংস্কৃতিত ইম'জিয়ে গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে।[8]

ইতিহাস[সম্পাদনা কৰক]

ইম'জি
চিহ্নৰ সংহতি ইম'জি
ব্যৱহৃত ১,০১৮ ক'ড বিন্দু
ইউনিক'ড সংস্কৰণৰ ইতিহাস
১.০.০ 79 (+79)
৩.০ 81 (+2)
৩.২ 89 (+8)
৪.০ 97 (+8)
৪.১ 113 (+16)
৫.১ 117 (+4)
৫.২ 144 (+27)
৬.০ 860 (+716)
৬.১ 873 (+13)
৭.০ 977 (+104)
৮.০ 1018 (+41)
৯.০ 1,090 (+72)
১০.০ 1,146 (+56)
১১.০ 1,212 (+66)
১২.০ 1,273 (+61)
টোকা: এই ইম'জিৰ সংখ্যা কেৱল একক ইউনিক'ড কেৰেক্টাৰবোৰৰ বাবে;[9][10] এনে আন বহুতো ইম'জি আছে যিবোৰ একাধিক ইম'জি জোৰা লাগি গঠন হয়।[11] ইম'জি প্ৰথম প্ৰকাশ পায় ইউনিক'ড ৬.০-ত।

বিশ্বৰ প্ৰথম বহুলভাবে ব্যৱহৃত ইম'জি জাপানৰ ছিগেটাকা কুৰিটা নামৰ ব্যক্তি এজনে ১৯৯৯ চনত সৃষ্টি কৰিছিল।[12][13] তেওঁ আছিল NTT DoCoMo-ৰ আই-মোড মোবাইল ইণ্টাৰনেট প্লেটফৰ্ম দলৰ সদস্য।[14] কুৰিটাই বতৰৰ চিহ্ন, চীনা ভাষাৰ আখৰ আৰু ৰাস্তাৰ চিহ্নবোৰক ইম'জিলৈ ৰূপান্তৰিত কৰিছিল। তদুপৰি মাংগা নামৰ জাপানী চিত্ৰকলাত ব্যৱহৃত মনৰ ভাব প্ৰকাশ কৰা চিহ্ন (যেনে - বুদ্ধি বুজাবলৈ বৈদ্যুতিক বাল্ব) আদিৰ ইম'জিলৈ ৰূপান্তৰ কৰাত কামত লাগে।[15][16][14] ইম'জি প্ৰথমে কেৱল জাপানী মোবাইল অপাৰেটৰ NTT DoCoMo, au আৰু চফ্টবেংক মোবাইল (পূৰ্বৰ ভোডাফোন)-ত উপলব্ধ আছিল। এই অপাৰেটৰসমূহে নিজৰ ভিন্ন ভিন্ন ইম'জি ব্যৱহাৰ কৰিছিল। আই-মোডৰ মেচেজিং সুবিধাটোত বৈদ্যুতিক যোগাযোগক ত্বৰান্বিত কৰা আৰু আন অপাৰেটতকৈ পৃথক সুবিধা উপলব্ধ কৰাৰ মানসেৰে NTT DoCoMo-ই ১৭৬টা ১২×১২ পিক্সেলেৰ ইম'জিৰ প্ৰথম ছেট প্ৰকাশ কৰে।[4] কুৰিটাই মানুহৰ মুখভঙ্গি আৰু চহৰৰ অন্য বস্তুবোৰ পৰ্যবেক্ষণ কৰি নিজেই প্ৰথম ১৮০টা ইম'জি সৃষ্টি কৰে।[16]

NTT DoCoMo-ৰ আই-মোডত প্ৰতিটো ইম'জি ১২×১২ পিক্সেল গ্ৰীডত উপস্থাপন কৰা হৈছিল। ব্যক্তিগত ব্যৱহাৰৰ ইউনিক'ড কেৰেক্টাৰ স্পেচ E63E-ৰ পৰা E757-ৰ মাজত আৰু চিফ্ট জেআইএচ-ৰ F89F -ৰ পৰা F9FC-ৰ মাজত দুই বাইট কেৰেক্টাৰৰ অনুক্ৰমত ইয়াক ট্ৰান্সমিট কৰা হৈছিল। প্ৰাথমিক ৰূপত ইয়াত ১,৭০৬টা চিহ্ন আছে; কিন্তু যিবোৰ ফোনে C-HTML 4.0 সমৰ্থন কৰে, তাত আৰু ৭৮টা অধিক চিহ্ন যোগ কৰিব পাৰি।

জাপানী মোবাইল ব্ৰেণ্ড au-ৰ ইম'জিবোৰক চিহ্নিত কৰা যায় HTML-ৰ IMG টেগৰ দ্বাৰা। চফ্টবেংক মোবাইলৰ ইম'জি SI/SO এস্কেপ ক্ৰমত থাকে আৰু তাত ৰং আৰু এনিমেছনো দেয়া যায়। DoCoMo-ৰ ইম'জি ট্ৰান্সমিট কৰা সকলোতকৈ কঠিন, তাৰ বিপৰিতে au-ৰ ইম'জিৰ ক্ষেত্ৰত সেয়া সকলোতকৈ সহজ আৰু মুক্ত ষ্টেণ্ডাৰৰ ওপৰ ভিত্তি কৰা।

২০১০ চনত জাপানৰ এই ইম'জিবোৰৰ কেইবাটাকো ইউনিক'ডত অন্তৰ্ভুক্ত কৰা হয়, ফলত ইম'জিয়ে এক মান্য ৰূপ পায় আৰু সমগ্ৰ বিশ্বজুৰি ব্যৱহাৰৰ দুৱাৰ মুকলি হয়। ২০১০ চনৰ অক্টোবৰত ইউনিক'ড ষ্টেণ্ডাৰ্ডৰ ৬.০ সংস্কৰণত শতাধিক ইম'জি প্ৰকাশিত হয় (ISO/IEC 10646)। এই সংযুক্তিৰ বাবে আবেদন জনাইছিল গুগল (কেট ম'ম'ই, মাৰ্ক ডেভিছ আৰু মাৰ্কাচ ছেৰাৰে ২০০৭ চনৰ আগষ্টত ইউনিক'ড সমিতিলৈ এই সম্বন্ধে চিঠি লিখিছিল) আৰু আপল কোম্পানীয়ে (২০০৯ চনৰ জানুৱাৰীত ৬০৭টা চিহ্ন যোগ কৰাৰ প্ৰস্তাৱ দিছিল য়াছুউ কিডা আৰু পিটাৰ এডবাৰ্গে)। ইউনিক'ড তথা ISO/IEC JTC1/SC2/WG2-ত অংশগ্ৰহণকাৰী দেশৰ সংস্থাসমূহৰ (মূলতঃ আমেৰিকা যুক্তৰাষ্ট্ৰ, জাৰ্মানী, আয়াৰলেণ্ড আৰু জাপান) মাজত কেইবালানি আলোচনাৰ অন্তত কেইবা শতাধিক নতুন আখৰ (বেছিভাগেই মানচিত্ৰৰ চিহ্ন আৰু ইউৰোপীয় চিহ্ন) ইউনিক'ডত গৃহীত তথা সংযোগ কৰা হয়। ইউনিক'ডে ইম'জিক গ্ৰহণ কৰাৰ ফলত জাপানৰ বাহিৰেও বাকী বিশ্ব ইম'জিৰ সৈতে পৰিচিত হয়। ইউনিক'ডৰ ৬.০ সংস্কৰণৰ প্ৰাথমিক ইম'জি ছেটত ৭২২টা আখৰ আছিল, যাৰ মাজত ১১৪টা আছিল প্ৰাক-৬.০ ইউনিক'ড ষ্টেণ্ডাৰ্ডৰ ক্ৰম অনুযায়ী, আৰু বাকী ৬০৮টা প্ৰথম প্ৰকাশ পোৱা নতুন আখৰ।[17] ইম'জিৰ বাবে ইউনিক'ডৰ নিৰ্দিষ্ট কোনো ব্লক ৰখা হোৱা নাই ― সাতটা ভিন্ন ব্লকত ইম'জিবোৰক ভাগ কৰি ৰখা হৈছে (কিছু ব্লক নতুনকৈও সৃষ্টি কৰা হৈছে) আৰু ইয়াৰ লগতে EmojiSources.txt নামৰ এটি ইউনিক'ড ডাটা ফাইল আছে য'ত পুৰণা জাপানী ইম'জিৰ তথ্য আছে। এই আখৰৰ ছেটত "আঞ্চলিক নিৰ্দেশক চিহ্ন" নামেৰে এক অংশ আছে য'ত বিভিন্ন দেশৰ জাতীয় পতাকাক আখৰ হিচাপে ব্যৱহাৰ কৰাৰ বিকল্প ৰখা হৈছে।

ইম'জিৰ জনপ্ৰিয়তা ইমানেনেই বৃদ্ধি পায় যে আন্তঃৰাষ্ট্ৰীয় বজাৰ মোবাইল ফোন নিৰ্মাতা আৰু প্ৰতিষ্ঠানে ভিন্ন ভিন্ন দেশ আৰু লোকৰ সংস্কৃতিৰ দৰ্শোৱা ইম'জি যোগ কৰাৰ বাবে ইউনিক'ড সমিতিক হেঁচা দিয়ে। ইউনিক'ড ৭.০-ত প্ৰায় ২৫০টা ইম'জি যোগ কৰা হয়, তাৰ বেছিৰভাগেই ৱেবডিংছ আৰু ৱিনডিংছ ফণ্টৰ পৰা লোৱা হয়।[18] য়াহু, এম এচ এন মেছেঞ্জাৰৰ দৰে মেছেঞ্জাৰ চিষ্টেমত ব্যৱহৃত কিছু প্ৰাক-ইউনিক'ড চিহ্নকো ইয়াত ইম'জি ৰূপে অন্তৰ্ভুক্ত কৰা হয়।[19] ইউনিক'ড ৮.০-ত ক্ৰিকেট বেটৰ দৰে কিছু খেলাৰ সৰঞ্জাম, খাদ্য বস্তু, ৰাশিচক্ৰৰ চিহ্ন, নতুন কিছু মুখভঙ্গি আৰু বিভিন্ন ধৰ্মৰ উপাসনা-গৃহ ইত্যাদিৰ সৈতে মুঠ ৪১টা নতুন ইম'জি যোগ কৰা হয়।[20] বিভিন্ন প্ৰতিষ্ঠানৰ পৰা নতুন ইম'জি যোগ কৰাৰ বাবে ইউনিক'ড সমিতিক যি হেঁচা দিয়া হৈছে তাক বহুতে এইবুলি সমালোচনা কৰিছে যে ইউনিক'ডৰ মূল উদ্দেশ্য, যি হৈছে পৃথিৱীৰ বিভিন্ন গৌণ বা পুৰাতন লিপিৰ আখৰক মান্য ৰূপ দিয়া, তাৰ ফালৰি কাটি গৈছে।[21]

ইউনিক'ডৰ দ্বাৰা নিৰ্ধাৰিত একে অৰ্থবহ ইম'জি প্লেটফৰ্ম অনুযায়ী দেখাত কিছু সালসলনি হ'ব পাৰে, কাৰণ সেই একেটা বস্তুকে বিভিন্ন কোম্পানীয়ে বেলেগ বেলেগ ধৰণৰ ছবিৰে ফুটাই তোলাৰ চেষ্টা কৰে।[22] যেনে- আপেল কোম্পানীৰ নিয়ম অনুসৰি, কেলেণ্ডাৰ ইম'জিত সদায়ে জুলাই ১৭ লিখা থাকে, কাৰণ ২০০২ চনৰ এই দিনটোতে আপলৰ মেক কম্পিউটাৰৰ বাবে আই-কেল কেলেণ্ডাৰ এপ্লিকেছন বজাৰলৈ মুক্তি দিয়া হৈছিল। ফলস্বৰূপে আপেলৰ কিছু ব্যৱহাৰকাৰীয়ে ১৭ জুলাইৰ দিনটোক "আন্তঃৰাষ্ট্ৰীয় ইম'জি দিৱস" নামেৰে নামমাকৰণ কৰে।[23] আন প্লেটফৰ্মবোৰত পিছে কেলেণ্ডাৰ ইম'জিত ১৭ জুলাইৰ সলনি বেলেগ বেলেগ তাৰিখ থাকে।[24]

চফ্টবেংকৰ সৈতে আপেল ইম'জিৰ যথেষ্ট মিল দেখা যায়। উদাহৰণ স্বৰূপে, ইউনিক'ডত U+1F483 💃 (যাৰ নাম DANCER বা নৰ্তক) ইম'জি আপেল আৰু চফ্টবেংকৰ ষ্টেণ্ডাৰ্ডত মহিলা হিচাপে দেখুওৱা হৈছে, কিন্তু অন্য ঠাইত পুৰুষ অথবা লিঙ্গ-নিৰপেক্ষ ৰূপেৰে দেখুওৱা হৈছে।[25]

সাংবাদিকসকলে উল্লেখ কৰিছে যে কিছু ইম'জিৰ মূল চিহ্নত কোনো সংস্কৃতি-নিৰ্ভৰ অৰ্থ নাথাকিলেও সেই চিহ্নটোৰ দ্ব্যৰ্থতাৰ বাবে সংস্কৃতি ভেদে তাৰ অৰ্থ ভিন্ন ভিন্ন হৈ পৰিছে। যেনে- U+1F485 💅 নখ পলিচ ইম'জিক ইংৰাজী ভাষী সমাজত "কালৈকো ভ্ৰূক্ষেপ নকৰাকৈ আড়ম্বৰপূৰ্ণ মনোভাৱ" অথবা "নিজৰ সম্মান বৃদ্ধি কৰা আৰু নিন্দুকৰ মুখ বন্ধ কৰা মনোভাৱ" হিচাপে ব্যৱহাৰ কৰা হয়।[26][27][28] কেতিয়াবা ইউনিক'ডৰ নিৰ্দেশিকাত কোনো এক ইম'জিটি কি ধৰণে ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে লিখা থাকে। যেনে- U+1F4BA 💺 চিট ইম'জি বিমান, ট্ৰেইন বা থিয়েটাৰৰ সংৰক্ষিত আসনৰ ৰূপত ব্যৱহাৰ কৰিব পাৰি।[29]

২০১৭ চনৰ জুলাইৰ তথ্য অনুসৰি ইউনিক'ডত বৰ্তমানলৈ ২,৬৬৬টা ইম'জি অন্তৰ্ভুক্ত কৰা হৈছে।[30]

সাংস্কৃতিক প্ৰভাৱ[সম্পাদনা কৰক]

টুইটাৰ, গুগলৰ নাটো ইম'জি প্ৰজেক্ট আৰু ফায়াৰফক্স অ' এচত U+1F602 😂 আনন্দৰ চকুপানী সহ মুখ-ৰ ৰঙীণ ইম'জি

অক্সফৰ্ড অভিধানে U+1F602 😂 আনন্দৰ চকুপানী সহ মুখ ইম'জিক "২০১৫ ৱৰ্ড অফ দ্য ইয়েৰ" হিচাপে স্বীকৃতি দিয়ে।[31] অক্সফৰ্ডে এয়াও উল্লেখ কৰে যে, ২০১৫ চনত বিশ্বজুৰি "ইম'জি" শব্দটোৰ ব্যৱহাৰ উল্লেখযোগ্য ভাবে বৃদ্ধি পাইছে আৰু জনপ্ৰিয় সংস্কৃতিত ইয়াৰ যথেষ্ট প্ৰভাব দেখা গৈছে।[31] SwiftKey-ৰ তথ্য অনুসৰি, "আনন্দৰ চকুপানী সহ মুখ" ইম'জিটো বিশ্বেৰ সকলোতকৈ জনপ্ৰিয় ইম'জি।[32] আমেৰিকান উপভাষা সংস্থাই ২০১৫ চনৰ তেওঁলোকৰ "ৱৰ্ড অফ দ্য ইয়েৰ" নিৰ্বাচনৰ ভিত্তিত U+1F346 🍆 বেঙেনা ইম'জিক "আটাইতকৈ উল্লেখযোগ্য ইম'জি" হিচাপে ঘোষণা কৰে।[33]

কিছু ইম'জি আছে যিবোৰ সম্পূৰ্ণ জাপানী সংস্কৃতি-নিৰ্ভৰ, যেনে- জাপানী ব্যৱসায়ীৰ মূৰ দোঁৱাই কৰা সম্ভাষণ (U+1F647 🙇 ), অনভিজ্ঞ গাড়ীচালকক বুজাবলৈ ব্যৱহাৰ কৰা চিহ্ন (U+1F530 🔰 ), "অসাধাৰণ হোমৱৰ্ক"-ৰ অৰ্থে ব্যৱহৃত বগা ফুলৰ ষ্টাম্প (U+1F4AE 💮 ),[34] অথবা কিছু জনপ্ৰিয় জাপানী খাদ্য-সামগ্ৰী: ৰামেন নুডল্‌চ (U+1F35C 🍜 ), ডাংগো (U+1F361 🍡 ), অনিগিৰি (U+1F359 🍙 ), জাপানী তৰকাৰি (U+1F35B 🍛 ) আৰু চুচি (U+1F363 🍣 )। ইউনিক'ড কনছৰ্চিয়ামৰ প্ৰতিষ্ঠাপক মাৰ্ক ডেভিছে ইম'জিৰ ব্যৱহাৰক বিকশিত ভাষাৰ লগত তুলনা কৰিছে, যেনে- আমেৰিকান লোকসকলে বেঙেনা (U+1F346 🍆 ) ইম'জিক পুৰুষৰ যৌনাংগ বুজাবলৈ কৰা ব্যৱহাৰ বিশেষভাবে উল্লেখ কৰিছে।[35] কিছু ভাষাবিদে ইম'জি আৰু ইম'টিকনসমূহ ভাব প্ৰকাশৰ উৎকৃষ্ট মাধ্যম বুলি মত প্ৰদান কৰিছে।[36]

২০১৫ চনৰ ডিচেম্বৰত ইম'জিৰ এক "অনুভূতি সমীক্ষা" প্ৰকাশ পায়,[37] আৰু ইম'জি চেণ্টিমেণ্ট ৰেংকিং ১.০ বেৰ প্ৰকাশ হয়।[38] ২০১৬ চনত চ'নি পিকচাৰচ্ এনিমেছনে ইম'জিৰ ওপৰ ভিত্তি কৰি এখন চলচ্চিত্ৰ নিৰ্মাণৰ কথা ঘোযণা কৰে। পাছত ২০১৭ চনত চলচ্চিত্ৰখনে "দ্য ইম'জি মুভি" নামেৰে মুক্তি পায়।[39][40] ২০১৬ চনত লচ এঞ্জেলেছত ইম'জিক লৈ এটি সাংগীতিক নাটকৰো প্ৰদৰ্শন কৰা হয়।[41][42]

২০১৭ চনৰ জানুৱাৰীত মিশ্বিগান বিশ্ববিদ্যালয়ৰ প্ৰথমবাৰৰ বাবে কৰা এক বৃহদাকাৰৰ ইম'জি বিষয়ক গৱেষণাত গৱেষকসকলে কিকা ইম'জি কিব'ৰ্ডৰ দ্বাৰা প্ৰেৰণ কৰা ১২০ কোটি মেছেজক[43] অধ্যয়ন কৰাৰ অন্তত "আনন্দৰ চকুপানী সহ মুখ" ইম'জিক আটাইতকৈ জনপ্ৰিয় ইম'জি ৰূপে ঘোষণা কৰে। হৃদয় আৰু চকু-সহ হৃদয় ইম'জিয়ে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে। গবেষণাত এয়াও দেখা যায় যে, ফৰাচী লোকসকলে হৃদয় ইম'জি আটাইতকৈ বেছি ব্যৱহাৰ কৰে।[44] লগতে এয়াও দেখা যায় যে, অষ্ট্ৰেলিয়া, ফ্ৰান্স আৰু চেক গণৰাজ্যৰ লোকসকলে আনন্দৰ ইম'জিবোৰ বেছি ব্যৱহাৰ কৰে; আনহাতে মেক্সিকো, কলম্বিয়া, চিলি আৰু আৰ্জেণ্টিনাত দুঃখবাচক ইম'জিবোৰৰ ব্যৱহাৰ বেছি।[45]

ইম'জিক বৰ্তমানে বহুতেই পূৰ্ণাঙ্গ ভাষা ৰূপে গণ্য কৰে। আইনৰ বিশেষজ্ঞসকলৰ মাজতো ইম'জিক সাক্ষ্যৰ ৰূপত আদালতত গ্ৰহণ কৰিব পৰা যায় নে নাযায় তাৰ বিষয়ে আলোচনা চলিছে।[46][47] ইয়াৰোপৰি ইম'জি "চিহ্ন ভাষা" ৰূপে পৰিণত হোৱাৰ ফলস্বৰূপে ইম'জিৰ "উপভাষা" সৃষ্টি হোৱাৰো প্ৰৱণতা দেখা দিছে।[48] ইম'জি ব্যৱহাৰৰ সংজ্ঞা দিনে দিনে সলনি হ'ব ধৰিছে আৰু ই কেৱল ভাব প্ৰকাশতে সীমিত হৈ ৰোৱা নাই।[49] স্নেপচাট নামৰ এপ্পটোৱে তাৰ ট্ৰফি আৰু ফ্ৰেইণ্ড চিষ্টেমত ইম'জিক যোগ কৰিছে, য'ত প্ৰতিটো ইম'জিয়েই এক জটিল তথা গভীৰ অৰ্থ বহন কৰে।[50]

২০১৮ চনত মহ আৰু আন পতংগৰ পৰা বিয়পা ৰোগ যেনে ডেংগু আৰু মেলেৰিয়াৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে এটা মহৰ ইম'জি সৃষ্টি কৰা হয়।[51] ২০১৯ চনৰ শেষৰফালে ঋতুস্ৰাবক লৈ এক ইম'জিৰ মুক্তি দিয়া হ'ব। এই পদক্ষেপ ঋতুস্ৰাবৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবৰ বাবে লোৱা হৈছে।[52] ইয়াৰ লগতে আন কিছু গুৰুত্বপূৰ্ণ চিকিৎসাজনিত বিষয় যেনে ৰক্তদান আৰু তেজৰ সৈতে জড়িত কাৰ্যকলাপৰ বাবেও ইম'জিৰ সৃষ্টি কৰা হ'ব।[52]

গাৰ বৰণ[সম্পাদনা কৰক]

ইউনিক'ড ৮.০-ত পাঁচটা চিহ্ন পৰিবৰ্তকৰ যোগ কৰা হয়, ইয়াৰ দ্বাৰা মানৱ ইম'জিবোৰৰ গাৰ বৰণ সলনি কৰিব পৰা যায়। এই পৰিবৰ্তকবোৰক বোলা হয় EMOJI MODIFIER FITZPATRICK TYPE-1-2, -3, -4, -5, আৰু -6 (U+1F3FB–U+1F3FF): 🏻 🏼 🏽 🏾 🏿। মানৱ চালৰ বৰণ নিৰ্ধাৰণ কৰা "ফিৎজপেক স্কেল" অনুসৰি এইবোৰ তৈয়াৰ কৰা হয়। যিবোৰ মানৱ ইম'জি এই পাঁচটা পৰিবৰ্তকক সমৰ্থন নকৰে, সেইবোৰৰ ৰং অবাস্তৱ চালৰ ৰং, যেনে- উজ্জ্বল হালধীয়া (), নীলা (), বা ধোঁৱা-বৰণৰ () হয়।[53] অমানৱ ইম'জিৰ (যেনে U+26FD ইন্ধন পাম্প) ওপৰত ফিৎজপেক পৰিবৰ্তকৰ কোনো প্ৰভাব নপৰে। ইউনিক'ড ৯.০ অনুসৰি, ফিৎজপেক পৰিবৰ্তক মুঠ ৮৬টা মানৱ ইম'জিৰ ওপৰত ব্যৱহাৰ কৰা যায়।[9]

ফিৎজপেক পৰিবৰ্তকৰ ব্যৱহাৰৰ উদাহৰণ
ক'ড বিন্দু ডিফল্ট FITZ-1-2 FITZ-3 FITZ-4 FITZ-5 FITZ-6
U+1F466: ল'ৰা 👦 👦🏻 👦🏼 👦🏽 👦🏾 👦🏿
U+1F467: ছোৱালী 👧 👧🏻 👧🏼 👧🏽 👧🏾 👧🏿
U+1F468: পুৰুষ 👨 👨🏻 👨🏼 👨🏽 👨🏾 👨🏿
U+1F469: মহিলা 👩 👩🏻 👩🏼 👩🏽 👩🏾 👩🏿

সংযুক্তি[সম্পাদনা কৰক]

U+200D zero width joiner (ZWJ) নামৰ এক বিশেষ ইউনিক'ড চিহ্ন ব্যৱহাৰ কৰি একাধিক ইম'জিক জোৰা লাগাই এক নতুন ইম'জি গঠন কৰিব পাৰি।[53] যিবোৰ চিষ্টেমে এই বিশেষ চিহ্নটো সমৰ্থন নকৰে সেইবোৰত ইম'জিবোৰক জোৰা লগাব পৰা নাযায় আৰু সেয়ে সংযুক্ত ইম'জিৰ সলনি বেলেগ বেলেগকৈ দেখা যায়।

উদাহৰণ স্বৰূপ, চিষ্টেমে সমৰ্থন কৰিলে, ক্ৰমানুযায়ী U+1F468 MAN, U+200D ZWJ, U+1F469 WOMAN, U+200D ZWJ, U+1F467 GIRL (👨‍👩‍👧) সাজালে সকলোবোৰ জোৰা লাগি এটা ইম'জি গঠন হয়, যিটো স্বামী-স্ত্ৰী আৰু কন্যাসহ পৰিয়ালৰ দৰে দেখা যায়। যে চিষ্টেমত এয়া সমৰ্থন নকৰে, তাত মূল ইম'জিবোৰেই দেখা যায়: U+1F468 MAN, U+1F469 WOMAN, U+1F467 GIRL (👨👩👧)।

ইউনিক'ডে এই ZWJ সম্পৰ্কিত ইম'জিবোৰৰ কিছুমান অনুমোদিত ক্ৰমৰ তথ্য প্ৰদান কৰে, যিবোৰ ক্ৰমত ইম'জিবোৰৰ ৰাখিলে নতুন ইম'জি গঠন হয়।[11]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "emoji Meaning in the Cambridge English Dictionary". http://dictionary.cambridge.org/dictionary/english/emoji। আহৰণ কৰা হৈছে: March 30, 2017. 
  2. Hern, Alex (February 6, 2015). "Don't know the difference between emoji and emoticons? Let me explain". The Guardian. https://www.theguardian.com/technology/2015/feb/06/difference-between-emoji-and-emoticons-explained. 
  3. Taggart, Caroline (November 5, 2015). "New Words for Old: Recycling Our Language for the Modern World". Michael O'Mara Books. https://books.google.com/books?id=VPO4CgAAQBAJ। আহৰণ কৰা হৈছে: October 25, 2017. "Hard on the heels of the emoticon comes the Japanese-born emoji, also a DIGITAL icon used to express emotion, but more sophisticated in terms of imagery than those that are created by pressing a colon followed by a parenthesis. Emoji is made up of the Japanese for picture (e) and character (moji), so its resemblance to emotion and emoticon is a particularly happy coincidence." 
  4. 4.0 4.1 Blagdon, Jeff (March 4, 2013). "How emoji conquered the world". The Verge. Vox Media. https://www.theverge.com/2013/3/4/3966140/how-emoji-conquered-the-world। আহৰণ কৰা হৈছে: November 6, 2013. 
  5. Adam Sternbergh (November 16, 2014). "Smile, You're Speaking EMOJI: The fast evolution of a wordless tongue". New York. http://nymag.com/daily/intelligencer/2014/11/emojis-rapid-evolution.html. 
  6. "Android – 4.4 KitKat". android.com. http://www.android.com/versions/kit-kat-4-4/. 
  7. Burge, Jeremy. "Windows 10 Emoji Changelog". Emojipedia. http://blog.emojipedia.org/windows-10-emoji-changelog. 
  8. "How Emojis took center stage in American pop culture". NBC News. July 17, 2017. https://www.nbcnews.com/video/how-emojis-took-center-stage-in-american-pop-culture-1001844803597. 
  9. 9.0 9.1 "UCD: Emoji Data for UTR #51". Unicode Consortium. January 15, 2019. https://unicode.org/Public/emoji/latest/emoji-data.txt. [সংযোগবিহীন উৎস]
  10. "Enumerated Versions of The Unicode Standard". The Unicode Standard. https://www.unicode.org/versions/enumeratedversions.html। আহৰণ কৰা হৈছে: August 17, 2016. 
  11. 11.0 11.1 "Emoji ZWJ Sequences Catalog". Unicode Consortium. June 14, 2016. https://www.unicode.org/emoji/charts/emoji-zwj-sequences.html. 
  12. Steinmetz, Katy (November 16, 2015). "Oxford's 2015 Word of the Year Is This Emoji". Time. http://time.com/4114886/oxford-word-of-the-year-2015-emoji/। আহৰণ কৰা হৈছে: July 28, 2017. 
  13. Sternbergh, Adam (November 16, 2014). "Smile, You're Speaking Emoji". http://nymag.com/daily/intelligencer/2014/11/emojis-rapid-evolution.html. 
  14. 14.0 14.1 Negishi, Mayumi (March 26, 2014). "Meet Shigetaka Kurita, the Father of Emoji". Wall Street Journal. https://blogs.wsj.com/japanrealtime/2014/03/26/meet-shigetaka-kurita-the-father-of-emoji। আহৰণ কৰা হৈছে: August 16, 2015. 
  15. "NTT DoCoMo Emoji List". nttdocomo.co.jp. https://www.nttdocomo.co.jp/service/imode_mail/function/pictograph. 
  16. 16.0 16.1 Nakano, Mamiko. "Why and how I created emoji: Interview with Shigetaka Kurita". Ignition. Archived from the original on June 10, 2016. https://web.archive.org/web/20160610220635/http://ignition.co/105। আহৰণ কৰা হৈছে: August 16, 2015. 
  17. "FAQ – Emoji & Dingbats". unicode.org. https://www.unicode.org/faq/emoji_dingbats.html. 
  18. "Host of New Characters and Emoji Introduced in Unicode 7.0". Hexus. June 17, 2014. http://hexus.net/tech/news/software/71157-host-new-characters-emoji-introduced-unicode-70/। আহৰণ কৰা হৈছে: November 30, 2017. 
  19. "Unicode 8.0.0". Unicode Consortium. http://unicode.org/versions/Unicode8.0.0/। আহৰণ কৰা হৈছে: June 17, 2015. 
  20. Warzel, Charlie. "Inside 'Emojigeddon': The Fight Over The Future of the Unicode Consortium". Buzzfeed. https://www.buzzfeed.com/charliewarzel/inside-emojigeddon-the-fight-over-the-future-of-the-unicode। আহৰণ কৰা হৈছে: September 15, 2017. 
  21. Allsopp, Ashleigh (December 15, 2014). "Lost in translation: Android emoji vs iOS emoji". Tech Advisor. Archived from the original on December 28, 2014. https://web.archive.org/web/20141228093209/http://www.techadvisor.co.uk/opinion/mobile-phone/lost-in-translation-android-emoji-vs-ios-emoji/। আহৰণ কৰা হৈছে: August 15, 2015. 
  22. Varn, Kathryn (July 17, 2015). "Letting Our Emojis Get in the Way". The New York Times. https://www.nytimes.com/2015/07/18/nytnow/letting-our-emojis-get-in-the-way.html। আহৰণ কৰা হৈছে: August 25, 2015. 
  23. "Calendar emoji". Emojipedia. http://emojipedia.org/calendar। আহৰণ কৰা হৈছে: August 15, 2015. 
  24. Bosker, Bianca (June 27, 2014). "How Emoji Get Lost in Translation". Huffington Post. http://www.huffingtonpost.com/2014/06/27/emoji-meaning_n_5530638.html। আহৰণ কৰা হৈছে: August 15, 2015. 
  25. Hern, Alex (August 12, 2015). "How to (pretend to) be young and down with the internet". The Guardian. https://www.theguardian.com/commentisfree/2015/aug/12/how-to-be-young-internet-lol-facebook। আহৰণ কৰা হৈছে: August 15, 2015. 
  26. Jewell, Hannah (December 13, 2014). "The 31 Most Nail Care Emoji Moments of 2014". Buzzfeed. https://www.buzzfeed.com/hannahjewell/the-most-nail-care-emoji-moments-of-2014। আহৰণ কৰা হৈছে: August 15, 2015. 
  27. Abad-Santos, Alexander; Jones, Allie (March 26, 2014). "The Five Non-Negotiable Best Emojis in the Land". The Atlantic Wire. Archived from the original on August 20, 2016. https://web.archive.org/web/20160820011420/http://www.thewire.com/culture/2014/03/the-only-five-emojis-you-need/359646/। আহৰণ কৰা হৈছে: August 15, 2015. 
  28. "Miscellaneous Symbols and Pictographs". Unicode Consortium. https://www.unicode.org/charts/beta/nameslist/n_1F300.html। আহৰণ কৰা হৈছে: September 15, 2017. 
  29. "Emojis Honoured in World Celebration". BBC. July 17, 2017. https://www.bbc.com/news/technology-40612529। আহৰণ কৰা হৈছে: November 30, 2017. 
  30. 31.0 31.1 "Oxford names 'emoji' 2015 Word of the Year". Oxford Dictionaries. November 16, 2015. Archived from the original on November 19, 2015. https://web.archive.org/web/20151119233424/http://blog.oxforddictionaries.com/2015/11/word-of-the-year-2015-emoji/। আহৰণ কৰা হৈছে: January 20, 2016. 
  31. Wang, Yanan (November 17, 2015). "For first time ever, an emoji is crowned Oxford Dictionaries' Word of the Year". The Washington Post. https://www.washingtonpost.com/news/morning-mix/wp/2015/11/17/for-first-time-ever-an-emoji-is-crowned-oxford-dictionaries-word-of-the-year। আহৰণ কৰা হৈছে: January 20, 2016. 
  32. "2015 Word of the Year is singular 'they'". American Dialect Societywww.americandialect.org. January 8, 2016. http://www.americandialect.org/2015-word-of-the-year-is-singular-they। আহৰণ কৰা হৈছে: October 19, 2017. 
  33. "White Flower Emoji". Emojipedia.org. http://emojipedia.org/white-flower। আহৰণ কৰা হৈছে: July 22, 2015. 
  34. Bromwich, Jonah (October 20, 2015). "How Emojis find their way to phones". The New York Times. https://www.nytimes.com/2015/10/21/technology/how-emojis-find-their-way-to-phones.html। আহৰণ কৰা হৈছে: October 19, 2017. 
  35. Collister, Lauren (April 6, 2015). "Emoticons and symbols aren't ruining language – they're revolutionizing it". The Conversation. https://theconversation.com/emoticons-and-symbols-arent-ruining-language-theyre-revolutionizing-it-38408। আহৰণ কৰা হৈছে: March 25, 2016. 
  36. Kralj Novak, P.; Smailović, J.; Sluban, B.; Mozetič, I. (2015). "Sentiment of Emojis". PLoS ONE খণ্ড 10 (12): e0144296. doi:10.1371/journal.pone.0144296. http://journals.plos.org/plosone/article?id=10.1371/journal.pone.0144296. 
  37. "Emoji Sentiment Ranking". http://kt.ijs.si/data/Emoji_sentiment_ranking। আহৰণ কৰা হৈছে: December 8, 2015. 
  38. Fleming, Mike Jr. (July 2015). "Emoji at Center of Bidding Battle Won By Sony Animation; Anthony Leondis To Direct". Deadline. http://deadline.com/2015/07/emoji-movie-sony-pictures-animation-anthony-leondis-kung-fu-panda-secrets-of-the-masters-1201482768। আহৰণ কৰা হৈছে: November 19, 2015. 
  39. Lawrence, Derek (July 27, 2017). "The Emoji Movie: Here's what the critics are saying". Entertainment Weekly. http://ew.com/movies/2017/07/27/emoji-movie-review-roundup/। আহৰণ কৰা হৈছে: August 13, 2017. 
  40. Gans, Andrew (April 12, 2016). "New Musical About Emojis Will Premiere in Los Angeles". Playbill. http://www.playbill.com/article/new-musical-about-emojis-will-premiere-in-los-angeles। আহৰণ কৰা হৈছে: December 23, 2016. 
  41. Cary, Stephanie (April 14, 2016). "'Emojiland' is bringing your phone's emojis to life in LA". Timeout. https://www.timeout.com/los-angeles/blog/emojiland-is-bringing-your-phones-emojis-to-life-in-la-050316। আহৰণ কৰা হৈছে: December 23, 2016. 
  42. "Emojis: How We Assign Meaning to These Ever-Popular Symbols". University of Michigan. May 19, 2017. http://ns.umich.edu/new/releases/24857-emojis-how-we-assign-meaning-to-these-ever-popular-symbols। আহৰণ কৰা হৈছে: November 30, 2017. 
  43. "People Around the World Use These Emojis The Most". Futurity. January 3, 2017. http://www.futurity.org/emoji-countries-1328712-2/। আহৰণ কৰা হৈছে: November 30, 2017. 
  44. "'Face with tears of joy' is the most popular emoji, says study". The Hindu. January 12, 2017. http://www.thehindu.com/sci-tech/technology/internet/%E2%80%98Face-with-tears-of-joy%E2%80%99-is-the-most-popular-emoji-says-study/article17025261.ece. 
  45. Danesi, Marcel (2015). The Semiotics of Emoji. Bloomsbury. পৃষ্ঠা. 139. 
  46. "Exhibit A:;-)". Slate. October 16, 2015. http://www.slate.com/articles/technology/users/2015/10/emoticons_and_emojis_as_evidence_in_court.html। আহৰণ কৰা হৈছে: November 30, 2017. 
  47. Bennett, Jessica (July 25, 2014). "The Emoji Have Won the Battle of Words". The New York Times. ISSN 0362-4331. https://www.nytimes.com/2014/07/27/fashion/emoji-have-won-the-battle-of-words.html. 
  48. "The Emoji is the Birth of a New Type of Language (? No Joke)". Wired. April 19, 2016. https://www.wired.com/2016/04/the-science-of-emoji/। আহৰণ কৰা হৈছে: November 30, 2017. 
  49. "Snapchat Emoji Meanings". Snapchat Emoji Meanings. Archived from the original on August 15, 2018. https://web.archive.org/web/20180815133017/https://snapchatemojimeanings.com/. 
  50. Desmon, Stephanie (2017-09-18). "Creating Buzz: Proposing a Mosquito Emoji for Public Health" (en-US ভাষাত). Johns Hopkins Center for Communication Programs. https://ccp.jhu.edu/2017/09/18/creating-buzz-proposing-mosquito-emoji-public-health/। আহৰণ কৰা হৈছে: 2019-02-11. 
  51. 52.0 52.1 "Why Period Activists Think The 'Drop Of Blood' Emoji Is A Huge Win" (en ভাষাত). NPR.org. https://www.npr.org/sections/goatsandsoda/2019/02/08/692481425/why-period-activists-think-the-drop-of-blood-emoji-is-a-huge-win। আহৰণ কৰা হৈছে: 2019-02-11. 
  52. 53.0 53.1 "UTR #51: Unicode Emoji". Unicode Consortium. February 4, 2019. https://unicode.org/reports/tr51/. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]