কাকৈশিৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাকৈশিৰা
দীপৰ বিলত শীতকালত কাকৈশিৰা
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Coraciiformes
পৰিয়াল: Upupidae
Leach, 1820
গণ: Upupa
Linnaeus, 1758
প্ৰজাতি: U. epops
বৈজ্ঞানিক নাম
Upupa epops
Linnaeus, 1758
আনুমানিক বিস্তৃতি:
      nesting       resident (all year)       wintering

কাকৈশিৰা বা গোবৰ খোচৰা(ইংৰাজী: Hoopoe; (pron.: /ˈhp/); বৈজ্ঞানিক নাম: Upupa epops) এবিধ ৰংচঙীয়া মধ্যমীয়া আকাৰৰ চৰাই। মূৰত মুকুট সদৃশ পাখিৰ থোপা ইয়াৰ অন্যতম আকৰ্ষণীয় বৈশিষ্ট্য। ই Upupidae পৰিয়ালৰ দেখা পোৱা একমাত্ৰ প্ৰজাতি। ৰ'দত ইহঁতে পাখিমেলি ৰ'দ লোৱা (sunbathe) দেখা যায়।[2] তদুপৰি ধূলি-বালিৰেও ইহঁতে শৰীৰৰ পাখি চাফা কৰে।[3] কাকৈশিৰা ইজৰাইলৰ ৰাষ্ট্ৰীয় চৰাই।

বিৱৰণ[সম্পাদনা কৰক]

দীঘলে প্ৰায় ২৭ চেণ্টিমিটাৰ, পাখিৰে সৈতে ৪৪চেণ্টিমিটাৰ, ওজন প্ৰায় ৬৮ গ্ৰাম। দেহ বগা, কলা, মুগা পাখিৰে আবৃত। ঠোঁট অত্যন্ত দীঘল। ঠোঁটৰ আগমূৰ জোঙা। মূৰত একোছা বিশেষ ধৰণৰ জঁবা পাখি থাকে। উৰিবৰ সময়ত মূৰৰ পাখিখিনি বিচনীৰ আকৃতিত ফুলাই উৰা মাৰে। ডেউকা বহল আৰু গোলাকৃতিৰ। ই পখিলাৰ নিচিনাকৈ বতাহত ভাঁহি থাকিব পাৰে।[4]

অৱস্থিতি আৰু বাসস্থান[সম্পাদনা কৰক]

ইউৰোপ, এছিয়া, উত্তৰ আফ্ৰিকা, চাইবেৰিয়াত ইহঁতৰ অৱস্থিতি দেখা যায়। বেচি ডাঠ অৰণ্যত ইহঁতক দেখা নাযায়। গাওঁ বা নগৰৰ আশে পাশে থকা কাঠনি জাতীয় অৰণ্যত ইহঁত বাস কৰে। নিৰ্জন ঠাইত থকা গছৰ খোৰোং, শিলৰ ফাক, আদিত ঘাঁহ, বন, আঁহ আদিৰে বাঁহ সাজে। কণীপৰাৰ সময় অক্টোবৰৰপৰা ডিচেম্বৰলৈ। এবাৰত ৬-৭ টাকৈ কণী পাৰে। কণীবোৰ বগা। মাইকী চৰাইজনীয়ে উমনিত বহে আৰু মতাটোয়ে খাদ্যৰ যোগান ধৰে। ১৫-১৮ দিনৰ ভিতৰত কণীৰপৰা পোৱালি উলায়। প্ৰথম কেইদিন মতাটোৱে আৰু পাছত মাইকীজনীয়েও পোৱালিক খাদ্য যোগায়। প্ৰায় ২৬-২৯ দিনত পোৱালিবোৰ উৰিব পৰা হয়।[5]

খাদ্য[সম্পাদনা কৰক]

ই এবিধ পতংগভোজী চৰাই। ইয়াৰ জোঙা ঠোঁটটোৰে মাটি খুচৰি খাদ্যৰ সন্ধান কৰি ফুৰে। ফৰিং, উঁইচিৰিঙা আদি খোৱাৰ উপৰিও পোক-পৰুৱা, গছৰ গুটি আদিও খায়। ই পাতত লাগি থকা পোক পৰুৱা, গা-গছত থকা পোক, শিলৰ ফাকত থকা পোক পৰুৱা আদি বিচাৰি খায়। অলপ ডাঙৰ আকাৰৰ পোকবোৰ খোৱাৰ আগেয়ে ইহঁতে ঠোঁটেৰে ধৰি শিল বা মাটিত আচাৰি মাৰি লয়। তদুপৰি খোৱাৰ আগতে পোকটোৰ শৰীৰৰ খোৱাৰ অলাগতিয়াল অংশ যেনে- পাখি, ভৰি আদি এৰোৱাই লয়।[6]

আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Birdlife International (2008). "Upupa epops". Retrieved 10 Feb 2009.
  2. Fry, Hilary C. (2003). Christopher Perrins. ed. Firefly Encyclopedia of Birds. Firefly Books. pp. 382. ISBN 1-55297-777-3.
  3. Harrison, C.J.O.; Christopher Perrins (1979). Birds: Their Ways, Their World. The Reader’s Digest Association. pp. 303–304. ISBN 0-89577-065-2.
  4. Kristin, A (2001). "Family Upupidae (Hoopoes)". In Josep, del Hoyo; Andrew, Elliott; Sargatal, Jordi. Handbook of the Birds of the World. Volume 6, Mousebirds to Hornbills. Barcelona: Lynx Edicions. pp. 396–411. ISBN 84-87334-30-X.
  5. Pforr, Manfred; Alfred Limbrunner (1982). The Breeding Birds of Europe 2: A Photographic Handbook. London: Croom and Helm. p. 82. ISBN 0-7099-2020-2.
  6. Kristin, A (2001). "Family Upupidae (Hoopoes)". In Josep, del Hoyo; Andrew, Elliott; Sargatal, Jordi. Handbook of the Birds of the World. Volume 6, Mousebirds to Hornbills. Barcelona: Lynx Edicions. pp. 396–411. ISBN 84-87334-30-X.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]