সমললৈ যাওক

কোয়েল মল্লিক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কোয়েল মল্লিক
জন্ম ২৮ এপ্ৰিল, ১৯৮২ (৪৪ বছৰ)
কলকাতা, পশ্চিমবঙ্গ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনয়
জনা যায় বঙালী চলচ্চিত্ৰ অভিনেত্ৰী
উচ্চতা ১.৬৭ মিটাৰ (U=ft}})
দাম্পত্যসঙ্গী নিশপাল সিং ৰাণে
পিতৃ-মাতৃ ৰঞ্জিত মল্লিক
দীপা মল্লিক

কোয়েল মল্লিক (ইংৰাজী: Koel Mallick) (জন্ম: ২৮ এপ্ৰিল, ১৯৮২) বঙালী চলচ্চিত্ৰ জগতৰ এগৰাকী বিখ্যাত ভাৰতীয় অভিনেত্ৰী।

জন্ম আৰু শিক্ষা জীৱন

[সম্পাদনা কৰক]

কোয়েলে পশ্চিমবঙ্গৰ কলকাতাত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ বিখ্যাত বঙালী অভিনেতা ৰঞ্জিত মল্লিক আৰু মাতৃৰ নাম দীপা মল্লিক। তেওঁ মডাৰ্ণ হাইস্কুল নামে এখন উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত স্কুলীয়া জীৱন অতিবাহিত কৰি পাচত কলকাতা বিশ্ববিদ্যালয়ৰ অধীনৰ গোখলে বালিকা মেমোৰিয়েল কলেজৰ পৰা মনোবিজ্ঞান বিষয়ত বি.এছ.চি (অনাৰ্চ) উপাধি লাভ কৰে।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০১৩ চনৰ ১ ফেব্ৰুৱাৰীত মল্লিক নিস্পল সিং (ৰানে)ৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[1] তাৰ আগতে ৭ বছৰ ধৰি দুয়োৰে সম্পৰ্ক আছিল যদিও দুয়োজনে টলিউডৰ গ্লেমাৰ জগতখনৰ পৰা নিজৰ সম্পৰ্কক আঁতৰাই ৰখাৰ সিদ্ধান্ত লৈছিল।[2] ২০২০ চনৰ ১ ফেব্ৰুৱাৰীত ইনষ্টাগ্ৰামত ঘোষণা কৰিছিল যে তেওঁৰ প্ৰথম সন্তানৰ আগমনৰ আশা কৰিছে। ২০২০ চনৰ ৫ মে’ত মালিকে এটি ল’ৰা সন্তান জন্ম দিয়ে। দম্পতীহালে পুত্ৰৰ নাম ৰাখিলে কবীৰ সিং।[3] ৩ অক্টোবৰত ছ’চিয়েল মিডিয়াৰ জৰিয়তে দ্বিতীয়বাৰৰ বাবে গৰ্ভধাৰণৰ খবৰ ঘোষণা কৰে। ১৪ ডিচেম্বৰ,২০২৪ তাৰিখে তেওঁ এটি কন্যা সন্তান জন্ম দিয়ে।

চলচ্চিত্ৰত কৰ্মজীৱন

[সম্পাদনা কৰক]

২০০৩ চনত জীতৰ বিপৰীতে নাটেৰ গুৰু বোলছবিখনৰ যোগেদি‍ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল কোয়েল মল্লিকে।[4] এই ছবিখনৰ পিছত জীত-কোয়েল যুটিয়ে বিভিন্ন চিনেমাত (প্ৰায় ১১খন ছবি) জনপ্ৰিয় যুটি হিচাপে অভিনয় কৰিছিল।[5] ২০০৪ চনত কোয়েলে দেৱীপক্ষ, শুধু তুমি, বাদশ্বাহ, বন্ধন ছবিত অভিনয় কৰে। প্ৰথম দুখন ছবিয়ে বক্স অফিচত যদিও ভাল প্ৰদৰ্শন নকৰিলে তথাপি‍ বাদশ্বাহ বিপুল হিট হৈ বক্স অফিচত ব্লকবাষ্টাৰ হৈ পৰে। ২০০৫ চনত কোয়েলে শুভ দৃষ্টি, মাণিক, যুদ্ধ, চোৰে চোৰে মাসতুতো ভাই ছবিত অভিনয় কৰে। যুদ্ধত মিথুন চক্ৰৱৰ্তী আৰু দেৱাশ্ৰী ৰায়ৰ বিপৰীতে অভিনয় কৰিছিল। ২০০৬ চনত অধিক বিশিষ্ট ভূমিকাৰে এজন সাংবাদিক হিচাপে এমএলএ ফাটাকেষ্ট-ত কাম কৰিছিল। ২০০৮ চনৰ লাভ ষ্ট’ৰী ছবিৰ পুনৰ্নিৰ্মাণ কৰা ছবি লাভত অভিনয় কৰিছিল।[6] ২০০৯ চনৰ পৰা কোয়েলে বহু বিখ্যাত ছবি যেনে বলো না তুমি আমাৰ, দুই পৃথিবী, পাগলু, হাণ্ড্ৰেড পাৰ্সেণ্ট লাভ, হেমলক সোসাইটি, পাগলু ২-ৰ লগতে‍ আৰু বহুতো ছবিত অভিনয় কৰি আহিছে। ২০১১ চনত ৰাজীৱ বিশ্বাস পৰিচালিত আৰু সুৰিন্দৰ ফিল্মছৰ প্ৰযোজিত পাগলুত দেৱ-কোয়েলৰ যুটিয়ে অভিনয় কৰিছিল। এই ছবিখনে চেলেঞ্জ ২ (২০১২) পৰ্যন্ত মুক্তিৰ প্ৰথম দিনা সৰ্বাধিক দৰ্শকে উপভোগ কৰাৰ অভিলেখ গঢ়ি তুলে৷ ইয়াৰ পিছত এই যুটিয়ে পাগলু ২-তো অভিনয় কৰে। ইয়াৰ বাহিৰেও এই যুটিয়ে আন বহু ব্লকবাষ্টাৰ ছবিত অভিনয় কৰিছিল।

টেলিভিছনত কৰ্মজীৱন

[সম্পাদনা কৰক]

২০০৭ চনত জি বাংলাত প্ৰচাৰিত মহালয়াত দেৱী মহিষাসুৰমৰ্দিনীৰি আৰু তেওঁৰ বিভিন্ন অৱতাৰৰ অভিনয়ৰ জৰিয়তে টেলিভিছনত আত্মপ্ৰকাশ কৰে কোয়েল মালিকে। ২০১০ চনত তেওঁ দিদি নং ১-তো চেলিব্ৰেটি প্ৰতিযোগী হিচাপে আত্মপ্ৰকাশ কৰিছিল৷ কথা ও কাহিনী তেওঁ আঁত ধৰা তেওঁৰ প্ৰথম টক শ্ব’ আছিল আৰু ষ্টাৰ জলসাত ই সম্প্ৰচাৰিত হৈছিল৷[7]

২০১৩ চনত চেলিব্ৰেটি বিচাৰক হিচাপে‍ ঝলক দিখলা যা-ৰ বাংলা সংস্কৰণত বলিউডৰ নৃত্য পৰিচালক ৰেমো ডিছৌজাৰ সৈতে আত্মপ্ৰকাশ কৰিছিল আৰু ইটিভি বাংলাই ইয়াক সম্প্ৰচাৰ কৰিছিল৷[8]

বি‍জ্ঞাপনৰ কৰ্মজীৱন

[সম্পাদনা কৰক]

টিভিএছ মটৰ কোম্পানী, ফেয়াৰ এণ্ড লাভলী, পেনাছনিক, ভেচেলিন আদি বিভিন্ন বহুজাতিক কোম্পানীত কোয়েলে প্ৰডাক্ট এম্বেছাদৰ হিচাপে বি‍জ্ঞাপনত কাম কৰি আহিছে‍।

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
বছৰছবিপৰিচালকসহশিল্পীভাষা
২০১৭ককপিটকমলদেবৰুক্মিণী মৈত্ৰবঙালী
২০১৫বেশ কৰেছি প্ৰেম কৰেছি[9]ৰাজা চন্দজিৎবঙালী
২০১৫হিৰোগিৰি[10]ৰবি কিনাগীদেব, মিঠুন চক্ৰবৰ্তীবঙালী
২০১৪চাৰসন্দীপ ৰায়আবীৰ চট্টোপাধ্যায়বঙালী
২০১৪অৰুন্ধতী[11]সুজিত মণ্ডলইন্দ্ৰনীল সেনগুপ্তবঙালী
২০১৪হাইওয়েসুদিপ্ত চট্টোপাধ্যায়পৰমব্ৰত চট্টোপাধ্যায়বঙালী
২০১৩ৰংবাজৰাজা চন্দদেব, ৰজতাভ দত্তবঙালী
২০১২দশমীসুমন মৈত্ৰইন্দ্ৰনীল সেনগুপ্তবঙালী
২০১২পাগলু ২সুজিত মণ্ডলদেব, টোটা ৰায়চৌধুৰীবঙালী
২০১২হেমলক সোসাইটিসৃজিত মুখোপাধ্যায়পৰমব্ৰত চট্টোপাধ্যায়, সাহেব চট্টোপাধ্যায়, শিলাজিৎ মজুমদাৰবঙালী
২০১২জানেমনৰাজা চন্দসোহম চক্ৰবৰ্তী, আশিস বিদ্যাৰ্থীবঙালী
২০১২১০০% লাভৰবি কিনাগীজিৎবঙালী
২০১১পাগলুৰাজিব বিশ্বাসদেববঙালী
২০১০দুই পৃথিবীৰাজ চক্ৰবৰ্তীজিৎ, দেববঙালী
২০১০হ্যাংওভাৰপ্ৰভাত ৰায়বিশেষ আবিৰ্ভাববঙালী
২০১০প্ৰেম বাই চান্সসুদেষ্ণা ৰায়আবীৰ চট্টোপাধ্যায়বঙালী
২০১০মন যে কৰে উড়ু উড়ুসুজিত গুহহিৰণ চট্টোপাধ্যায়বঙালী
২০১০তু থা মন জাসি ৰাসিশ্ৰীতম দাসমিহিৰ দাস, হাৰা পাটনায়েকওড়িয়া
২০০৯বলো না তুমি আমাৰসুজিত মণ্ডলদেব, টোটা ৰায়চৌধুৰীবঙালী
২০০৯হিটলিষ্টসন্দীপ ৰায়সাহেব চট্টোপাধ্যায়, টোটা ৰায়চৌধুৰীবঙালী
২০০৯বৰ আসবে এখুনিৰঞ্জন চক্ৰবৰ্তীযীশু সেনগুপ্ত, কাঞ্চন মল্লিকবঙালী
২০০৯নীল আকাশেৰ চাঁদনীসুজিত গুহজিৎ, যীশু সেনগুপ্তবঙালী
২০০৯জ্যাকপটকৌশিক গাঙ্গুলিহিৰণ চট্টোপাধ্যায়, ৰাহুল বন্দ্যোপাধ্যায়, সোহিনী পাল, দেববঙালী
২০০৯সাত পাকে বাঁধাসুজিত মণ্ডলজিৎবঙালী
২০০৮লাভৰিঙ্গো বন্দ্যোপাধ্যায়যীশু সেনগুপ্তবঙালী
২০০৮চিৰ সাথীহৰনাথ চক্ৰবৰ্তীহিৰণ চট্টোপাধ্যায়বঙালী
২০০৮মন মানে নাসুজিত গুহদেববঙালী
২০০৮প্ৰেমেৰ কাহিনীৰবি কিনাগীদেব, যীশু সেনগুপ্তবঙালী
২০০৭চাদেৰ বাড়িতৰুন চক্ৰবৰ্তীসোহম চক্ৰবৰ্তীবঙালী
২০০৭মহানায়কদেবু পাটনায়েকৰাহুল দেব, অনুভব মোহান্তি, বিজয় মোহান্তিওড়িয়া
২০০৭মিনিষ্টাৰ ফাটাকেষ্টস্বপন সাহামিঠুন চক্ৰবৰ্তীবঙালী
২০০৭নবাব নন্দিনীহৰনাথ চক্ৰবৰ্তীহিৰণ চট্টোপাধ্যায়, তাথৈ দেববঙালী
২০০৬এম.এল.এ ফাটাকেষ্টস্বপন সাহামিঠুন চক্ৰবৰ্তীবঙালী
২০০৬শিকড়সাৰান দত্তঅমিতাভ ভট্টাচাৰ্যবঙালী
২০০৬ঘটকস্বপন সাহাজিৎবঙালী
২০০৬এৰই নাম প্ৰেমসুজিত গুহঅনুভব মোহান্তিবঙালী
২০০৬হিৰোস্বপন সাহাজিৎবঙালী
২০০৫চোৰে চোৰে মাসতুতো ভাইঅনুপ সেনগুপ্তযীশু সেনগুপ্ত, মিঠুন চক্ৰবৰ্তী, জিৎবঙালী
২০০৫প্ৰেমি নং ১দেবু পাটনায়েকৰাহুল দেব, অনুভব মোহান্তিওড়িয়া
২০০৫শুভদৃষ্টিপ্ৰভাত ৰায়জিৎ, পৰমব্ৰত চট্টোপাধ্যায়বঙালী
২০০৫যুদ্ধৰবি কিনাগীমিঠুন চক্ৰবৰ্তী, জিৎবঙালী
২০০৫মাণিকপ্ৰভাত ৰায়জিৎবঙালী
২০০৪দেবীপক্ষৰাজা সেনঋতুপৰ্ণ সেনগুপ্তবঙালী
২০০৪শুধু তুমিঅভিজিত গুহ, সুদেষ্ণা ৰায়প্ৰসেনজিৎ চট্টোপাধ্যায়, পায়েল সৰকাৰবঙালী
২০০৪বন্ধনৰবি কিনাগীজিৎবঙালী
২০০৪বাদশাহসৌৰভ চক্ৰবৰ্তীপ্ৰসেনজিৎ চট্টোপাধ্যায়বঙালী
২০০৩নাটেৰ গুৰুহৰনাথ চক্ৰবৰ্তীজিৎবঙালী

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "আজ কোয়েলেৰ বিয়ে". Prothom Alo. 1 February 2013. Archived from the original on 3 February 2013. https://web.archive.org/web/20130203060107/http://www.prothom-alo.com/detail/date/2013-02-01/news/325672.
  2. "Feb wedding for Koel". The Times of India (Calcutta, India). 27 August 2012. https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/Feb-wedding-for-Koel/etarticleshow/15809914.cms.
  3. "Koel-Nispal's son, Kabir, turns one today". The Times of India. 5 May 2021. ISSN 0971-8257. https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/koel-nispals-son-kabir-turns-one-today/articleshow/82403299.cms.
  4. Nag, Kushali (29 April 2010). "Star talk". The Telegraph (Calcutta, India). http://www.telegraphindia.com/1100429/jsp/entertainment/story_12391073.jsp.
  5. Nag, Kushali (11 February 2013). "Star talk". The Telegraph (Calcutta, India). http://www.telegraphindia.com/1130211/jsp/entertainment/story_16547396.jsp.
  6. "তখনই বুঝেছিলাম জিতেৰ সহ্যশক্তি ভালোই". এই সময়. Archived from the original on 2015-07-10. https://web.archive.org/web/20150710200613/http://eisamay.indiatimes.com/entertainment/cinema/koyel-mullick-shares-her-equation-with-jeet/articleshow/47983670.cms আহৰণ কৰা হৈছে: ৮ জুলাই, ২০১৫.
  7. "ব্যোম শঙ্কৰ ভজ গৌৰাঙ্গ". আনন্দবাজাৰ পত্ৰিকা. http://www.anandabazar.com/supplementary/anandaplus/1.24112 আহৰণ কৰা হৈছে: ২৩ এপ্ৰিল, ২০১৪.
  8. "ৰণং দেহি". আনন্দবাজাৰ পত্ৰিকা. Archived from the original on 2020-08-06. https://web.archive.org/web/20200806084615/http://archives.anandabazar.com/archive/1131021/21ananda-plus1.html আহৰণ কৰা হৈছে: ২১ অক্টোবৰ ২০১৩.