কৱিৰাজ চক্ৰৱৰ্তী (১)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
এই প্ৰৱন্ধটো আহোম সভাকবি কৱিৰাজ চক্ৰৱৰ্তীৰ বিষয়ে। জ্যোতিষ বিষয়ক পুথিৰ ৰচক কৱিৰাজ চক্ৰৱৰ্তীৰ বাবে কৱিৰাজ চক্ৰৱৰ্তী (২) প্ৰৱন্ধ চাওক।

কৱিৰাজ চক্ৰৱৰ্তীৰ (১৭-১৮ শতিকা) আচল নাম আছিল ৰাম নাৰায়ণ। ৰুদ্ৰ সিংহ, শিৱসিংহ আৰু ফুলেশ্বৰীৰ আমোলৰ সভাকবি আছিল। এখেতক কৱিৰাজ উপাধি কোনে প্ৰদান কৰিছিল জনা নাযায়। কৱিচন্দ্ৰৰ পিতৃ আছিল ৰামানন্দ আৰু মাতৃ গোৱিন্দপ্ৰিয়া। জয়ধ্বজ সিংহ স্বৰ্গদেৱে পিতাক ৰামানন্দক 'সৰস্বতী' উপাধিৰে বিভূষিত কৰিছিল। কৱিৰাজ চক্ৰৱৰ্তীয়ে ৰুদ্ৰসিংহৰ নিৰ্দেশত 'গীত গোবিন্দ'ৰ পদ ভাঙনি কৰে। শিৱসিংহ আৰু ফুলেশ্বৰীৰ নিৰ্দেশানুসৰি মহাভাৰতৰ আদিপৰ্বৰপৰা 'দুষ্যন্ত চৰিত্ৰমালা' বা 'শকুন্তলা কাব্য' আৰু 'ব্ৰহ্মবৈৱৰ্ত পুৰাণ'ৰপৰা প্ৰকৃতি খণ্ডৰ 'শংখচূড় বধ'ৰ ভাঙনি কৰে। ১৭২৬ চনত 'শংখচূড় বধ'ৰ ৰচনা সমাপ্ত হৈছিল। এখেতক আহোম যুগৰ শ্ৰেষ্ঠ কবি বুলিব পাৰি।[1]

তথ্য সমল[সম্পাদনা কৰক]

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ৪৭