খামটি ভাষা
টাই-খামটি ভাষা | |
---|---|
(တဲး)ၵမ်းတီႈ / (တဲး)ၵံးတီႈ | |
অঞ্চল | ভাৰত, মানদেশ |
জাতীয়তা | খামটি জনগোষ্ঠী |
স্থানীয় ভাষিক |
e18 |
ভাষা পৰিয়াল |
|
লিখন প্ৰণালী | মান লিপি (লিক-টাই হিচাপে খামতি ৰূপ)[1] |
ভাষা সংকেত | |
ISO 639-3 | kht |
গ্লোটোলগ | kham1290 [2] |
টাই-খামটি ভাষা (খামটি:တဲးၵံးတီႈ) উত্তৰ-পূব ভাৰত আৰু মানদেশত বসবাস কৰা খামটি জনগোষ্ঠীৰ লোকসকলৰ দ্বাৰা ব্যৱহৃত এটা দক্ষিণ-পশ্চিমীয় টাই ভাষা। উত্তৰ পূব ভাৰতৰ অসম আৰু অৰুণাচল প্ৰদেশত খামটি ভাষী লোকসকলে বাস কৰে।
জনগাঁথনি
[সম্পাদনা কৰক]মানদেশ (বৰ্তমানৰ ম্যানমাৰ)ৰ ম্যিত্চিনাৰ সমীপৱৰ্তী চাগেইং অঞ্চলত প্ৰায় ৩০০০, আৰু কাচিন ৰাজ্যৰ পুতাও জিলাত প্ৰায় ৪,৫০০ খামটি ভাষী লোক আছে। উল্লেখ্য যে, এই উভয় তথ্যৰ ভিত্তি হৈছে ২০০০ চনৰ পৰিসংখ্যা। ২০০৭ চনৰ তথ্য অনুসৰি ভাৰতৰ অসম আৰু অৰুণাচল ৰাজ্যত প্ৰায় ৫,০০০ খামটি ভাষী লোক আছে। এই লোকসকল মূলতঃ ডিক্ৰং উপত্যকাৰ আশে পাশে আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে উত্তৰ অসমৰ অঞ্চলবিশেষে আৰু বিশেষকৈ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত বাস কৰে। নাৰায়ণপুৰৰ বৰখামটি গাঁও, গোসাঁইবাৰী, শ্ৰীভূঞা, বৰপথাৰ ইত্যাদি গাৱঁত খামটি জনগোষ্ঠীৰ লোকসকলে বাস কৰে।
খামটি ভাষাৰ তিনিটা উপভাষাৰ স্থিতি সম্পৰ্কে জনা যায়, এই তিনিটা হৈছে: উত্তৰ বাৰ্মা খামটি , অসম খামটি , আৰু চিংকালিং খামটি । সকলো খামটি ভাষী লোকেই দ্বি-ভাষিক। তেওঁলোক খামটি ভাষাৰ লগতে বিশেষভাৱে মান বা অসমীয়া ভাষী। [3]
নাম
[সম্পাদনা কৰক]"খামটি " শব্দটোৰ বিভিন্ন উচ্চাৰণভিত্তিক বানান আছে। এইসমূহ হৈছে কামতি (Hkamti), খাম্পতি (Khampti), খামটি শান (Khamti Shan), খাম্পতি শান (Khampti Shan), খান্দি শান (Khandi Shan),কাম তি (Kam Ti), টাই কাম তি (Tai Kam Ti), টাই-খামটি (Tai-Khamti), কামতি (Kamti), কাম্পতি শান (Hkampti Shan), আৰু খাম্পতি চাম (Khampti Sam)।[3] খামটি শব্দটোৰ অৰ্থ হৈছে "সোণৰ থল"।
ইতিহাস
[সম্পাদনা কৰক]খামটি ভাষা উজনি মানদেশৰ কাচিন ৰাজ্যৰ মোগৌং অঞ্চলৰ আশে-পাশে উদ্ভূত হৈছিল বুলি ঠাৱৰ কৰা হয়। [4] মৌগোং (বা মুংকেং) বিভিন্ন সময়ত বহিৰাগতৰ আক্ৰমণৰ সম্মুখীন হৈছিল। এই অঞ্চলৰ অধিবাসী খামটি সকলৰ এটা বৃহৎ গোটে অসমৰ লখিমপুৰ জিলাৰ উত্তৰ আৰু পূৱ অংশলৈ প্ৰৱজন কৰিছিল। তথ্য অনুসৰি, ১৮৫০ চনত প্ৰায় ৩০০-৪০০ গৰাকী খামটি লোকে অসমত বসতি স্থাপন কৰিছিল। [5]
ব্যকৰণ
[সম্পাদনা কৰক]বাক্য-বিন্যাস
[সম্পাদনা কৰক]অন্য টাই ভাষাসমূহৰ বাক্য-বিন্যাসৰ কৰ্তা-কৰ্ম-ক্ৰিয়া শব্দানুক্ৰমৰ বিপৰীতে খামটি ভাষাৰ বাক্য-বিন্যাস কৰ্তা-ক্ৰিয়া-কৰ্ম ধৰণৰ। [6]
লিখন প্ৰণালী
[সম্পাদনা কৰক]টাই-খামটি সকলৰ 'লিক-টাই' ('Lik-Tai') নামৰ নিজস্ব লিখন প্ৰণালী আছে, আৰু এই প্ৰণালী টাই ফাকে আৰু টাই আইটন জনগোষ্ঠীৰ লোকসকলেও ব্যৱহাৰ কৰে। [1] ম্যানমাৰৰ উত্তৰ শান বৰ্ণমালাৰ সৈতে এই প্ৰণালীৰ নিকট সাদৃশ্য আছে, আৰু এই বৰ্ণমালা মান লিপিৰ এক ৰূপ। মান লিপিৰ বিপৰীতে উত্তৰ শাণ বৰ্ণমালাত কেইটামান বৰ্ণই অপসাৰী আকৃতি ধাৰণ কৰে। [7] তেওঁলোকৰ লিপি লিক্-ত'-গ'ক (Lik Hto Ngauk)-ৰ পৰা উদ্ভুত আৰু ই কেইবাশ বছৰ ধৰি প্ৰয়োগ হৈ আহিছে। এই লিপিত ১৭ টা ব্যঞ্জণবৰ্ণ আৰু ১৪ টা স্বৰবৰ্ণৰ সৈতে মুঠ ৩৫ টা বৰ্ণ আছে। পৰম্পৰাগতভাৱে, বৌদ্ধ মঠসমূহত ত্ৰিপিটক, জাতকৰ কাহিনী, আচৰণ বিধি, মতবাদ আৰু দৰ্শন, ইতিহাস, নীতি সংহিতা, জ্যোতিষশাস্ত্ৰ, হস্তৰেখাবিদ্যা আদি বিষয়সমূহৰ মাধ্যমেৰে এই লিপিৰ শিক্ষা প্ৰদান কৰা হয়। এই লিপিত যান্ত্ৰিকভাৱে ছপা হোৱা প্ৰথমখন গ্ৰন্থ ১৯৬০ চনত প্ৰকাশিত হৈছিল। ১৯৯২ চনত টাই সাহিত্য সমিতিয়ে ইয়াক সম্পাদনা কৰিছিল। ২০০৩ চনত ই পুনৰ উত্তৰ মানদেশ আৰু অৰুণাচল প্ৰদেশৰ খামটি পণ্ডিতসকলৰ দ্বাৰা স্বৰভংগীৰ প্ৰতীকেৰে সংশোধিত হৈছিল। [উদ্ধৃতিৰ প্ৰয়োজন]
ব্যঞ্জনবৰ্ণ
[সম্পাদনা কৰক]- က - ka - k - [k]
- ၵ - kha - kh - [kʰ]
- ꩠ - ga - g - [g]
- ၷ - gha - gh - [gʱ]
- င - nga - ng - [ŋ]
- ꩡ - ca - c - [t͡ʃ], [t͡s]
- ꩢ - cha - ch - [t͡ʃʰ]
- ꩣ - ja - j - [ɟ]
- ꩤ - jha - jh - [ɟʱ]
- ꩥ - nya - ny - [ɲ]
- ꩦ - ṭa - ṭ - [ʈ]
- ꩧ - ṭha - ṭh - [ʈʰ]
- ꩨ - ḍa - ḍ - [ɖ]
- ꩩ - ḍha - ḍh - [ɖʱ]
- ၼ - ṇa - ṇ - [ɳ]
- တ - ta - t - [t]
- ထ - tha - th - [tʰ]
- ၻ - da - d - [d]
- ꩪ - dha - dh - [dʱ]
- ꩫ - na - n - [n]
- ပ - pa - p - [p]
- ၸ - pha - ph - [pʰ]
- ၿ - ba - b - [b]
- ၹ - bha - bh - [bʱ]
- မ - ma - m - [m]
- ယ - ya - y - [j]
- ꩳ or ရ - ra - r - [r~ɹ][8]
- ြ ([ɾ]) medially, such as ၸြႃ (phraa, "Buddha")
- လ - la - l - [l]
- ဝ - wa - w - [w~v]
- ꩬ - sa - s - [s]
- ꩭ - ha - h - [h]
- ꩮ - ḷa - ḷ - [ɭ]
- ꩯ - fa - f - [f]
- ꩲ - za - z - [z]
- ꩱ - xa - x - [x]
- ꩴ - oay - oay - [oaʲ]
- ꩵ - qn - qn - [qⁿ]
- ꩶ - hm - hm - [mʰ]
- ဢ - a - a - [ʔ][9]
স্বৰবৰ্ণ
[সম্পাদনা কৰক]- ႊ - a - [a]
- ၢ - ā, aa - [aː]
- ႃ - ā - [aː]
- ိ - i - [i]
- ီ - ī - [iː]
- ု - u - [u]
- ူ - ū - [uː]
- ေ - e - [eː]
- ူဝ် - o - [oː]
- ဲ - ai - [ai][10]
- ၢဲ - aai - [aːi]
- ဝ် - au - [au]
- ်ွ - au - [au]
- ၢဝ် - aau - [aːu]
- ံ - aṁ - [(a)ŋ̊][11]
- ႄ - ae - [ɛ]
- ေႃ - aw - [ɔ]
- ွ - aw - [ɔ]
- ိဝ် - iu - [iu]
- ႅ - ia - [ia]
- ႅဝ် - iau - [iau]
- ျႃ - iaa - [iaː]
- ိူ - oe - [ɤ]
- ွဲ - oi - [oi]
- ွ - ua - [ua]
- ဴွ - uai - [uai]
- ွႃ - uaa - [uaː]
- ေူ - ui - [ui]
- ို - ue - [ɯ]
- ိုဝ် - uee - [ɯː][12]
- ုဝ် - uo - [wo]
- ႂ် - aue - [aɯ]
- ိုဝ် - uea - [ɯa][13]
অধিক তথ্যৰ বাবে
[সম্পাদনা কৰক]- টাই-খামটি ব্যাকৰণ
- Inglis, Douglas. (forthcoming) Khamti Shan anti-ergative construction: a Tibeto-Burman influence? Linguistics of the Tibeto-Burman Area. 40(2).
- Inglis, Douglas. 2014. This here thing: Specifying Morphemes an3, nai1, and mai2 in Tai Khamti Reference-point Constructions. PhD Dissertation. The University of Alberta.
- Inglis, Douglas. 2013. Oral stop consonants in Tai Khamti: An acoustic study in voice onset time. Paper presented at ISCTLL46. Dartmouth College.
- Inglis, Douglas. 2013. Deictic mai2 'here' as an object marker in Khamti Shan: A Tibeto-Burman influence in Tai?. Paper presented at ISCTLL46. Dartmouth College.
- Inglis, Douglas. 2004. Preliminary report: Khamti Shan wordlist and lexicostatistical results. Payap University. Chiang Mai.
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Diller, Anthony (1992). "Tai languages in Assam: Daughters or Ghosts". Papers on Tai Languages, Linguistics and Literatures: 16.
- ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Khamti". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/kham1290.
- ↑ 3.0 3.1 "Khamti". Endangered Languages Project. http://www.endangeredlanguages.com/lang/1425। আহৰণ কৰা হৈছে: 2 May 2015.
- ↑ "Khamti". Khamti - A Language of Siamese-Chinese sub-family. http://www.iitg.ernet.in/rcilts/phaseI/languages/khamti.htm। আহৰণ কৰা হৈছে: 7 May 2015.
- ↑ Needham, J.F. (1894). Outline Grammar of the Khamti Language. Government Printing, Burma. http://babel.hathitrust.org/cgi/pt?id=nyp.33433081855326;view=1up;seq=9.
- ↑ Wilaiwan Kanittanan. 1986. Kamti Tai: From an SVO to an SOV language. In Bhadriraju Krishnamurti (ed.), South Asian Languages: Structure, Convergence and Diglossia, 174-178. Delhi: Motilal Banarsidass.
- ↑ Inglis, Douglas (2017). "Myanmar-based Khamti Shan Orthography". Journal of the Southeast Asian Linguistics Society. https://www.academia.edu/34791306.
- ↑ Ben Mitchell. "Notes on Khamti". 20162-notes-khamti.pdf. https://www.unicode.org/L2/L2020/20162-notes-khamti.pdf। আহৰণ কৰা হৈছে: 26 January 2021.
- ↑ "Khamti alphabet and language". Omniglot. https://www.omniglot.com/writing/khamti.htm। আহৰণ কৰা হৈছে: 26 January 2021.
- ↑ http://www.unicode.org/notes/tn11/UTN11_4.pdf
- ↑ "Khamti alphabet and language". Omniglot. https://www.omniglot.com/writing/khamti.htm। আহৰণ কৰা হৈছে: 26 January 2021.
- ↑ INGLIS, Douglas. "Myanmar-based Khamti Shan Orthography". Journal of the Southeast Asian Linguistics SocietyAcademia.edu. https://www.academia.edu/34791306/_2017_Myanmar_based_Khamti_Shan_Orthography। আহৰণ কৰা হৈছে: 8 February 2021.
- ↑ [ွဲ "THE TRADITIONAL DRESS OF TAI KHAMTI BOYS"]. Tai Khamti. ွဲ। আহৰণ কৰা হৈছে: 26 January 2021.