গম
গম | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Monocots |
(অশ্ৰেণীকৃত): | Commelinids |
বৰ্গ: | Poales |
পৰিয়াল: | Poaceae |
উপপৰিয়াল: | Pooideae |
গোত্ৰ: | Triticeae |
গণ: | Triticum L. |
Species | |
T. aestivum References: |
গম (ইংৰাজী: wheat) ভাৰতৰ দ্বিতীয় প্ৰধান শস্য৷ উত্তৰ আৰু পশ্চিম ভাৰতৰ ই প্ৰধান খাদ্য শস্য৷ আন খাদ্য বস্তুতকৈ গম খাদ্য হিচাপে বেছি পুষ্টিকাৰক৷ গম এবিধ শীতকালীন ৰবি শস্য৷
কৃষি পদ্ধতি[সম্পাদনা কৰক]
শীতল আৰু অপেক্ষাকৃতভাৱে শুকান জলবায়ু গমখেতিৰ কাৰণে উপযোগী৷ সেয়ে ভাৰতত উষ্ণতাৰ কাৰণে শীতকালতহে ইয়াৰ খেতি কৰা হয়৷ খেতিৰ বাবে ৭০ ৰ পৰা ৮০ ছেণ্টিমিটাৰ বৃষ্টিপাতৰ দৰকাৰ৷ ইয়াৰ বৃদ্ধিৰ সময়খিনিত ৩০ ছেণ্টিমিটাৰ বৰষুণ লাগে৷ পকিবৰ সময়ত বতৰ নিৰ্মল,শুকান আৰু গৰম হ'ব লাগে৷ এই খেতিৰ কাৰণে পলসুৱা বোকা মাটিৰ প্ৰয়োজন৷ ভাৰতত যি ঠাইত ১০০ ছেণ্টিমিটাৰৰ কম বৰষুণ হয়,তাতেই গম বা ঘেহুঁ খেতি হয়৷ অৱশ্যে কৃত্ৰিম উপায়েৰে পানীযোগান ধৰা অঞ্চলতহে উৎকৃষ্ট গম খেতি হয়৷ গম সিঁচা সময়ত মাটিত আৰ্দ্ৰতা থকা দৰকাৰ৷ গম খেতিৰ বাবে ৯০ দিন হিমযুক্ত হ'ব লাগে৷ সোনালিকা নামৰ গমবিধ ১০৫ দিনৰ ভিতৰতে পূৰঠ হয়৷ এইবোৰৰ উপৰিও "এই্চ- ডি-২২৮৫","ডব্লিউ এল -৭১১" আদি জাতৰ গমৰ খেতি কৰা হয়৷ হিমালয় পৰ্ব্বতৰ নামনি অঞ্চলত শীতকালৰ আৰম্ভণিতে গম সিঁচা হয় আৰু বাৰিষাৰ আগে আগে চপোৱা হয়৷ [1]
উৎপত্তি স্থল[সম্পাদনা কৰক]
গম খেতি প্ৰধানকৈ উত্তৰ ভাৰতৰ পঞ্জাৱ,হাৰিয়ানা,উত্তৰ প্ৰদেশ,পশ্চিম বিহাৰ আদি ঠাইত জলসিঞ্চন কৰি কৰা হয়৷ এইবোৰ অঞ্চলৰ মাটি পলসুৱা আৰু সমভূমিময়৷ ৰাজস্থান,মধ্যপ্ৰদেশ,গুজৰাট,মহাৰাষ্ট্ৰ আদিতো কিছু পৰিমাণে গম খেতি হয়৷ পঞ্জাৱৰ গম ভাৰত বিখ্যাত৷ দক্ষিণ ভাৰতত শীতকালৰ প্ৰধান্য কম আৰু উত্তৰ পূব ভাৰতত গ্ৰীষ্মকালত প্ৰচুৰ বৰষুণ হোৱা কাৰণে গমখেতিৰ প্ৰাধান্য কম৷ কিন্তু আজিকালি এইবিলাক ঠাইতো পৰিবেশৰ লগত খাপ কোৱাকৈ উন্নত বীজ উৎপন্ন কৰি গমৰ উৎপাদন বৃদ্ধি কৰা হৈছে৷ কোমল আৰু টান দুয়োবিধ গমৰ খেতিয়েই ভাৰতত কৰা হয়৷ ৰুটিৰ বাবে কোমল গম উপযোগী৷ গম খেতি কৰা প্ৰধান ৰাজ্যসমুহৰ ভিতৰত উত্তৰ প্ৰদেশৰ স্থান প্ৰথম,পঞ্জাৱ দ্বিতীয়৷ এই দুখন ৰাজ্যত ৫৮.৫ শতাংশ গম উৎপাদন হয়৷ [1]