সমললৈ যাওক

চাহিৰ লুধিয়ানবী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চাহিৰ লুধিয়ানবী

ভাৰতীয় ডাক বিভাগে ২০১৩ চনত চাহিৰ লুধিয়ানবীৰ সন্মানাৰ্থে প্ৰকাশ কৰা ডাক-টিকট
জন্ম আব্দুল হায়ে
০৮ মাৰ্চ, ১৯২১
লুধিয়ানা, পাঞ্জাৱ প্ৰভিন্স, ব্ৰিটিছ ভাৰত
মৃত্যু ২৫ অক্টোবৰ, ১৯৮০ (৫৯ বছৰ)
মুম্বাই, ভাৰত
পেচা কবি, গীতিকাৰ আৰু লেখক
শিক্ষা এছ চি ডি গৱৰ্ণমেণ্ট কলেজ, লুধিয়ানা
সময় বিংশ শতিকা
ধৰণ কবিতা
বিষয় চলচ্চিত্ৰ গীত
সাহিত্যিক বিপ্লৱ প্ৰগতিশীল লেখক সংস্থা
উল্লেখযোগ্য বঁটা পদ্মশ্ৰী বঁটা (১৯৭১)
ফিল্মফেয়াৰ বঁটা (১৯৬৪, ১৯৭৭)
সহযোগী সুধা মালহোত্ৰা
অমৃতা প্ৰীতম

আব্দুল হায়ে (৮ মাৰ্চ ১৯২১ – ২৫ অক্টোবৰ ১৯৮০) হ’ল চাহিৰ লুধিয়ানবী নামেৰে জনাজাত এগৰাকী জনপ্ৰিয় পাকিস্তানী/ভাৰতীয় কবি। বিভাজনৰ পিছত তেওঁ ভাৰত ত্যাগ কৰিছিল। তেওঁ লাহোৰৰ চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰ আছিল আৰু ১৯৪৯ চনত পাকিস্তান এৰি পুনৰ ভাৰতলৈ উভতি আহিছিল। তেওঁ চলচ্চিত্ৰীয় গীতৰ গীতিকাৰ আছিল আৰু হিন্দীৰ উপৰিও প্ৰাথমিকভাৱে উৰ্দুত লেখা-মেলা কৰিছিল।[1] তেওঁক বিংশ শতিকাৰ ভাৰতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিপ্লৱী চলচ্চিত্ৰীয় গীতিকাৰ আৰু কবি হিচাপে গণ্য কৰা হয়।[2]

তেওঁৰ কামে ভাৰতীয় চলচ্চিত্ৰক প্ৰভাৱিত কৰিছিল, বিশেষকৈ হিন্দী ভাষাৰ চলচ্চিত্ৰসমূহক।[3] চাহিৰে ১৯৬৩ চনৰ চলচ্চিত্ৰ, ‘তাজমহল’ৰ বাবে শ্ৰেষ্ঠ গীতিকাৰৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। তেওঁ ‘কভি কভি’ (১৯৭৬)ত কৰা কামৰ বাবে শ্ৰেষ্ঠ গীতিকাৰৰ দ্বিতীয় ফিল্মফেয়াৰ বঁটা লাভ কৰে। ১৯৭১ চনত তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল।[4][5] ২০১৩ চনৰ ৮ মাৰ্চ তাৰিখে চাহিৰৰ ৯২ তম জন্ম বাৰ্ষিকীত তেওঁৰ সন্মানাৰ্থে ভাৰতীয় ডাক বিভাগে এটা স্মাৰক ডাক টিকট জাৰী কৰিছিল।[6]

জীৱনপঞ্জী

[সম্পাদনা কৰক]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

পাঞ্জাৱৰ লুধিয়ানাৰ কৰিমপুৰাত, এটা পাঞ্জাৱী মুছলিম পৰিয়ালত, ১৯২১ চনৰ ৮ মাৰ্চ তাৰিখে চাহিৰ লুধিয়ানবীৰ জন্ম হৈছিল।[7] লুধিয়ানাত জন্ম গ্ৰহণ কৰাৰ বাবে তেওঁ লুধিয়ানবী উপাধি গ্ৰহণ কৰিছিল। তেওঁৰ মাক চৰ্দাৰ বেগমে স্বামীক স্ব-ইচ্ছাই ত্যাগ কৰিছিল, সেয়ে বিবাহ সূত্ৰে লাভ কৰা সম্পত্তিৰ স্বত্ত্ব হেৰুৱাইছিল। ১৯৩৪ চনত, চাহিৰৰ দেউতাক পুনৰ বিবাহ পাশত আৱদ্ধ হয় আৰু তেওঁৰ পুত্ৰৰ জিম্মাৰ বাবে গোচৰ ৰুজু কৰে; কিন্তু অসফল হয়। অক্সফৰ্ড ইউনিভাৰচিটি প্ৰেছে প্ৰকাশ কৰা আৰু যুক্তৰাষ্ট্ৰ নিবাসী লেখক সুৰিন্দৰ দেউলে লিখি উলিওৱা চাহিৰৰ জীৱনী গ্ৰন্থ চাহিৰ: আ লিটাৰেৰী প্ৰ’ট্ৰেইটত চাহিৰৰ বন্ধু পাকিস্তানী লেখক আহমদ ৰাহীৰ বক্তব্যৰ সৈতে একমত প্ৰকাশ কৰি লেখকে কৈছে যে; চাহিৰে গোটেই জীৱন এটি ভালপোৱা আৰু এটি ঘৃণাক প্ৰতিপালন কৰিছিল; তেওঁ তেওঁৰ মাকক ভাল পাইছিল আৰু দেউতাকৰ প্ৰতি বিদ্বেষ প্ৰতিপালন কৰিছিল।[5][8] চৰ্দাৰ বেগমে আৰ্থিক বঞ্চনাৰ সন্মুখীন হৈছিল আৰু নিৰাপত্তাৰ অভাৱত ভুগিছিল।[9] চাহিৰৰ জন্ম স্থান, ভৱনটোৰ ধেনুভিৰীয়া প্ৰৱেশদ্বাৰত এখন ফলক লগাই চিহ্নিত কৰা হৈছিল।

লুধিয়ানাৰ খালছা হাই স্কুলৰপৰা চাহিৰে স্কুলীয়া শিক্ষা সম্পন্ন কৰিছিল। তাৰপিছত তেওঁ লুধিয়ানা চৰকাৰী মহাবিদ্যালয়ত নাম ভৰ্তি কৰিছিল।[10] তাৰ প্ৰেক্ষাগৃহটো তেওঁৰ নামেৰে নামাংকন কৰা হৈছিল।[11] কলেজত পঢ়ি থকা সময়ত, চাহিৰ তেওঁৰ গজল, উৰ্দু কবিতা (নাজম) আৰু অভিব্যক্তিপূৰ্ণ ভাষণ সমূহৰ বাবে জনপ্ৰিয় আছিল।[12]

১৯৪৩ চনত চাহিৰে লাহোৰত থাকিবলৈ লয়। তাত থাকোঁতেই ১৯৮৫ চনত, তেওঁ উৰ্দুত তেওঁৰ প্ৰথমখন প্ৰকাশিত কাব্য সংকলন ‘তলখিয়ান’ (বিটাৰনেছ) সম্পূৰ্ণ কৰে। চাহিৰ অল ইণ্ডিয়া ষ্টুডেণ্টছ ফেডাৰেচনৰ সদস্য আছিল। তেওঁ উৰ্দু আলোচনী ‘আদাব-এ-লতিফ’, ‘শ্বাহকাৰ’, ‘পৃথ্লাৰী’, আৰু ‘চৱেৰা’ সম্পাদনা কৰিছিল[12][13] আৰু প্ৰগতিশীল লেখক সন্থাৰ সদস্য হৈছিল। সাম্যবাদৰ প্ৰচাৰৰ অৰ্থে বিতৰ্কিত মন্তব্য দিয়াৰ বাবে পাকিস্তান চৰকাৰে তেওঁক গ্ৰেপ্তাৰৰ বাবে ৱাৰেণ্ট জাৰি কৰিছিল। ১৯৪৯ চনত বিভাজনৰ পিছত, চাহিৰ লাহোৰৰ পৰা দিল্লীলৈ পলাই আহে। আঠ সপ্তাহৰ পিছত, তেওঁ দিল্লীৰপৰা বোম্বাইলৈ যায়।[12] পিছলৈ তেওঁ মুম্বাইৰ আন্ধেৰী অঞ্চলত থাকিবলৈ লয়। তাত তেওঁৰ চুবুৰীয়াসকলৰ ভিতৰত আছিল; কবি আৰু গীতিকাৰ গুলজাৰ আৰু উৰ্দু সাহিত্যকাৰ কৃষ্ণ চন্দৰ। ১৯৭০ ৰ দশকত, চাহিৰে তেওঁৰ এটা কামৰ পিছত এটা বাংলো নিৰ্মাণ কৰিছিল যাক তেওঁ পৰশাইয়াঁ (শ্বেড’জ) নামেৰে নামাকৰণ কৰিছিল আৰু মৃত্যুলৈকে তাতে বাস কৰিছিল।

১৯৮০ চনৰ ২৫ অক্টোবৰ তাৰিখে, ঊনষাঠি বছৰ বয়সত, হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ চাহিৰ লুধিয়ানবীয়ে মৃত্যু বৰণ কৰে।[13] তেওঁৰ মৃত্যুৰ সময়ত তেওঁৰ বন্ধু জাভেদ আখটাৰ উপস্থিত আছিল। জুহুৰ মুছলিম সমাধিত তেওঁক কবৰ দিয়া হয়। ২০১০ চনত, নতুন কবৰ খননৰ বাবে তেওঁৰ সমাধিটো ভাঙি পেলোৱা হৈছিল।[14]

কৰ্মজীৱন

[সম্পাদনা কৰক]

চলচ্চিত্ৰ উদ্যোগত, গীতিকাৰ হিচাপে চাহিৰৰ কামে, কবি হিচাপে তেওঁৰ উপাৰ্জনৰ বাহিৰেও আৰ্থিক স্থিৰতা প্ৰদান কৰিছিল। তেওঁ আজাদী কী ৰাহ পৰ (১৯৪৯) চলচ্চিত্ৰত পৰিৱেশন কৰা চাৰিটা গানেৰে আত্মপ্ৰকাশ কৰিছিল। এটা গান আছিল বদল ৰহী হে জিন্দেগী। অৱশ্যে এই চলচ্চিত্ৰখন আৰু ইয়াৰ গান কোনোটোও চৰ্চালৈ অহা নাছিল। এছ.ডি. বৰ্মনৰ সংগীতৰ সৈতে ন’জৱান (১৯৫১ চলচ্চিত্ৰ)ৰ পিছত চাহিৰে স্বীকৃতি লাভ কৰে। চাহিৰৰ মুখ্য সফলতা আছিল বাজী (১৯৫১)। ইয়াতো বৰ্মন কম্পজাৰ আছিল। চাহিৰক তেতিয়া গুৰু দত্তৰ দলৰ অংশ হিচাপে গণ্য কৰা হৈছিল। বৰ্মনৰ সৈতে নিৰ্মাণ কৰা অন্তিমখন চলচ্চিত্ৰ আছিল প্যাছা (১৯৫৭)। প্যাছাত গুৰু দত্তই বিজয় নামৰ এজন কবিৰ চৰিত্ৰত অভিনয় কৰিছিল। প্যাছাৰ পিছত, শৈল্পিক আৰু চুক্তিগত পাৰ্থক্যৰ বাবে চাহিৰ আৰু বৰ্মনে পৃথকে কাম কৰিবলৈ লৈছিল।[15]

চাহিৰে ৰবি, ৰৌচন, খৈয়াম আৰু দত্ত নায়েককে ধৰি বিভিন্নজন কম্পজাৰৰ সৈতে কাম কৰিছিল। দত্ত নায়েকে চাহিৰৰ কবিতা ভাল পাইছিল আৰু দুয়োজনে মিলি মিলাপ (১৯৫৫), চন্দ্ৰকান্ত (১৯৫৬), সাধনা (১৯৫৮), ধুল কা ফুল (১৯৫৯), ধৰমপুত্ৰ (১৯৬১) আৰু নয়া ৰাস্তা (১৯৭৭) চলচ্চিত্ৰৰ বাবে সংগীতৰ কাম কৰে। চাহিৰে সংগীত পৰিচালক লক্ষ্মীকান্ত-প্যাৰেলালৰ সৈতে মন কি আঁখে, ইজ্জত, দস্তান আৰু য়শ চোপ্ৰাৰ দাগ আদি চলচ্চিত্ৰত কাম কৰিছিল। প্ৰায় ১৯৫০ চনৰ পৰা মৃত্যুলৈকে, চাহিৰে বলদেৱ ৰাজ চোপ্ৰা (১৯১৪ - ২০০৮) নামেৰে এজন চলচ্চিত্ৰ প্ৰযোজক আৰু পৰিচালকৰ সৈতে সহযোগিতা মূলক কাম কৰিছিল। চোপ্ৰাৰ বাবে ইনচাফ কা তৰাজুৰ বাবে কৰা কামটোৱেই চাহিৰৰ অন্তিম কাম আছিল। য়শ চোপ্ৰাই বি.আৰ.ফিল্মচ্‌ত পৰিচালক ৰূপে কাম কৰোঁতে, আৰু পিছতো এজন স্বতন্ত্ৰ পৰিচালক আৰু প্ৰযোজক হিচাপে কাম কৰোঁতে, চাহিৰৰ মৃত্যুলৈকে চাহিৰক তেওঁৰ চলচ্চিত্ৰৰ গীতিকাৰ হিচাপে নিযুক্ত কৰিছিল।

শিল্পী ৰূপে চাহিৰ খুব মেজাজী আছিল আৰু এই লৈ তেওঁ বিতৰ্কিত আছিল।তেওঁ লতা মংগেশকাৰতকৈ তেওঁক এক টকা বেছি পৰিশোধ কৰাৰ ওপৰত জোৰ দিছিল আৰু এই লৈ তেওঁলোকৰ মাজত বিভেদ সৃষ্টি কৰিছিল।[13] চাহিৰে তেওঁৰ প্ৰেমিকা সুধা মালহোত্ৰাৰ গানৰ কেৰিয়াৰ বনোৱাত সহায় কৰিছিল।[13] তেওঁ অল ইণ্ডিয়া ৰেডিঅ’ক চলচ্চিত্ৰ গীতৰ গীতিকাৰসকলক ক্ৰেডিট দিবলৈ জোৰ দিছিল।

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]
  • মেহমুদ কে টি (২০০০) কালাম-এ চাহিৰ লুধিয়ানভি; ইংৰাজী অনুবাদেৰে সৈতে চাহিৰ লুধিয়ানভিৰ কবিতা সংকলন[16]
  • আব্বাছ কে টি (১৯৫৮) শ্বেড’জ স্পীক:(Parchhalyan). ২৯ পৃষ্ঠা[17]
  • হাছান আৰ (১৯৭৭) দ্য বিটাৰ হাৰভেষ্ট:চিলেকচন ফ্ৰম চাহিৰ লুধিয়ানভিজ ভাৰ্চ; ১৬৯ পৃষ্ঠা[18]
  • চুছা এছ (১৯৮৯) Sorcery (চাহিৰ): কবিতা[19]
  • গাতা জায়ে বঞ্জাৰা (১৯৯২); চলচ্চিত্ৰীয় সংগীতৰ সংকলন
  • বিটাৰনেছ : তলখিয়ান

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Ashish Rajadhyaksha; Paul Willemen (1994). Encyclopaedia of Indian cinema. Routledge. https://wiki.indiancine.ma/wiki/Sahir%20Ludhianvi। আহৰণ কৰা হৈছে: 26 December 2021. "Transferred the progressive Urdu literature exemplified by poet Faiz Ahmed Faiz to the Hindi film lyric..." 
  2. "Sahir Ludhianvi - Profile & Biography" (en ভাষাত). Rekhta. https://www.rekhta.org/poets/sahir-ludhianvi/profile। আহৰণ কৰা হৈছে: 2023-02-05. 
  3. Coppola C. "Politics, Social Criticism and Indian Film Songs: The Case of Sahir Ludhianvi." Journal of Popular Culture 1977 10(4) p896-902. "Perhaps the best known and certainly the most legendary songwriter in Indian films today is Sahir Ludhianvi." Accessed 8 July 2015.
  4. Sahir Ludhianvi's Padma Shri and Filmfare Awards on GoogleBooks website Archived 10 May 2023 at the Wayback Machine Accessed 28 January 2022
  5. 5.0 5.1 Nawaid Anjum (25 October 2019). "Sahir's poetry is a beacon of hope". The Indian Express (newspaper). https://indianexpress.com/article/lifestyle/books/sahir-ludhainvi-poetry-is-a-beacon-of-hope-book-6086766/। আহৰণ কৰা হৈছে: 28 January 2022. 
  6. "President releases a Commemorative Postage Stamp on Sahir Ludhianvi." Archived 29 October 2013 at the Wayback Machine Public Information Bureau, Government of India, Published 8 March 2013, Accessed 14 November 2019
  7. "Sahir: The poet lives on" Archived 29 May 2008 at the Wayback Machine Tribune India (newspaper), Published 24 October 2004, Accessed 14 November 2019
  8. Pandit P. Sahir Ludhianvi: Life Sketch and Poetry Rajpal and sons, 1995, p12.
  9. Verma C. and Abid S. "Main Sahir Hoon" Archived 1 September 2023 at the Wayback Machine Star Publications. 2014. আই.এচ.বি.এন. 817650629X (in Hindi).
  10. "Sahir memorial." Archived 12 September 2007 at the Wayback Machine Tribune India.com 1 June 2005.
  11. "Sahir Ludhianvi in Unki Nazar Unka Shahar." Archived 13 January 2016 at the Wayback Machine Rajya Sabha TV, 27 January 2012 at YouTube.
  12. 12.0 12.1 12.2 "Biography – Sahir Ludhyanvi." Archived 2 September 2011 at the Wayback Machine Urdu Poetry.com website, Accessed 14 November 2019
  13. 13.0 13.1 13.2 13.3 "Sahir Ludhianvi - Profile". Cineplot.com website. 22 July 2010. Archived from the original on 14 November 2019. https://web.archive.org/web/20191114235813/http://cineplot.com/sahir-ludhianvi/। আহৰণ কৰা হৈছে: 28 January 2022. 
  14. Jaisinghani B. "Rafi, Madhubala don't rest in peace here." Archived 13 February 2010 at the Wayback Machine The Times of India 11 February 2010. Accessed 14 November 2019
  15. Saran S. "Ten Years with Guru Dutt – Abrar Alvi’s Journey." p111-112.
  16. Mahmood K. Kalām-i Sāḥir Ludhiyānvī. Archived 10 May 2023 at the Wayback Machine Star Publications, 2000. আই.এচ.বি.এন. 9788176500302 Accessed at Google Books 19 november 2015.
  17. Abbas K. "Shadows Speak: (Parchhalyan)." Archived 10 May 2023 at the Wayback Machine P. P. H. Bookstall, Bombay 1958. Accessed at Google Books 19 November 2015.
  18. Hassan R. "The Bitter Harvest: Selections from Sahir Ludhiavni's Verse." Archived 10 May 2023 at the Wayback Machine Aziz Publishers, 1977, Lahore. Accessed at Google Books 19 November 2015.
  19. Sucha S. "Sorcery (Sahri): poetry. " Vudya Kitaban Forlag, Sollentuna, Sweden. আই.এচ.বি.এন. 91-86620-05-3. Accessed at World cat.org 19 November 2015.