জয় দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
জয় দাস
Joy Das

ভাস্কৰ্যশিল্পী জয় দাস
পেছা ভাস্কৰ্যশিল্পী, গীতিকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
সময় ১৯৬৯-
উল্লেখনীয় কৰ্মৰাজি অগ্নিগড়ৰ ঊষা-চিত্ৰলেখাৰ মূৰ্তি,
বীৰ লাচিতৰ প্ৰতিমূৰ্ত্তি,
হৰি-হৰ যুদ্ধৰ ভাস্কৰ্য

জয় দাস (ইংৰাজী: Joy Das) হৈছে অসমৰ এগৰাকী প্ৰবীণ ভাস্কৰ্যশিল্পী। ১৯৬৯ চনতেই শিল্পকৰ্ম আৰম্ভ কৰা জয় দাসে ঐতিহ্যমণ্ডিত তেজপুৰ চহৰত থকা বহুকেইটা উল্লেখযোগ্য মূৰ্তি, তোৰণ আদি নিৰ্মাণ কৰিছে। পঢ়াশালীয়া শিক্ষা গ্ৰহণ কৰি থকাৰ সময়তেই তেখেত ভাস্কৰ্য শিল্পৰ প্ৰতি আকৰ্ষিত হৈছিল। তেখেতৰ শিল্প-কৰ্মৰ ভিতৰত তেজপুৰৰ অগ্নিগড়ত থকা ঊষা-চিত্ৰলেখাৰ মূৰ্তি, তেজপুৰ-নগাঁও সংযোগী কলিয়াভোমোৰা সেতু সাতভনীৰ মূৰ্তি, মিছন চাৰিআলিৰ মাজত থকা ট্ৰেফিক পইণ্টৰ ভাস্কৰ্য, মহাভৈৰৱ মন্দিৰৰ নৱনিৰ্মিত তোৰণ আদি উল্লেখযোগ্য।[1] [2]

জন্ম আৰু শৈশৱ[সম্পাদনা কৰক]

জয় দাসৰ জন্ম হৈছিল ১৯৫৩ চনত। দুৰ্গা পূজাৰ নৱমীৰ দিনা। তেখেতৰ পিতৃ হৈছে স্বৰ্গীয় কোমল চন্দ্ৰ দাস আৰু মাতৃ হৈছে কণমাই দাস। তেওঁলোকৰ পৰিয়ালৰ চাৰিটি সন্তানৰ মাজত জয় দাস আছিল দ্বিতীয়। তেখেতৰ পঢ়াশালীয়া শিক্ষাৰ পাতনি মেলে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। সেই সময়তে তেখেত ভাস্কৰ্য শিল্পৰ প্ৰতি আকৰ্ষিত হয়।[1]

কৰ্মজীৱন[সম্পাদনা কৰক]

তেজপুৰৰ প্ৰখ্যাত ভাস্কৰ্য শিল্পী স্বৰ্গীয় লম্বোদৰ হাজৰিকাদেৱক জয় দাসে গুৰু হিচাপে গণ্য কৰি শিল্পকৰ্মত জড়িত হৈছিল। ১৯৬১ চনত গুৰু লম্বোদৰ হাজৰিকাই জয় দাসক পোনপ্ৰথমবাৰৰ বাবে দুৰ্গাৰ মূৰ্ত্তিত ভাস্কৰ্য বিদ্যাৰ শিক্ষা দিয়ে। তাৰ ঠিক আঠবছৰৰ পিছত, ১৯৬৯ চনত জয় দাসে নিজা প্ৰয়াসেৰে মূৰ্তি সাজিবলৈ আৰম্ভ কৰে। সেইসময়ত তেখেত নৱম মানৰ ছাত্ৰ আছিল। সেই সময়ত জয় দাসৰ পিতৃয়ে নটসূৰ্য ফণী শৰ্মাৰ ঘৰত আধি খেতি কৰিছিল। শিল্পী ফণী শৰ্মাৰ আৰ্থিক দুৰ্বলতা তেওঁৰ দৃষ্টিগোচৰ হৈছিল। সেয়েহে পুত্ৰ জয় দাস শিল্পকলাৰ প্ৰতি আকৃষ্ট হোৱাটো তেওঁ সমৰ্থন কৰা নাছিল। কিন্তু জয় দাসে গুৰু লম্বোদৰ হাজৰিকাৰ অধীনত সহকাৰী হিচাপে শিল্পকৰ্ম অব্যাহত ৰাখে। তেজপুৰ চহৰৰ ত্ৰিবেণী চিত্ৰগৃহত লম্বোদৰ হাজৰিকাই সাজি উলিওৱা বিহুৱা নাচনীৰ মূৰ্তিত জয় দাসে সহকাৰী হিচাপে কাম কৰিছিল। হাজিৰা হিচাপে তেখেতে ৭০ টকা লাভ কৰিছিল। পৰৱৰ্তী সময়ত জয় দাসে স্বতন্ত্ৰভাৱে ভাস্কৰ্য শিল্পত মনোযোগ দিয়ে। [1]

হৰি-হৰ যুদ্ধৰ ভাস্কৰ্য

ঊষা-চিত্ৰলেখাৰ মূৰ্তি[সম্পাদনা কৰক]

ঊষা-চিত্ৰলেখাৰ মূৰ্তিটোত জয় দাসে জনগোষ্ঠীয় ৰূপ দিবলৈ প্ৰয়াস কৰিছিল। মূৰ্তি নিৰ্মাণ কৰিবৰ বাবে তেখেতৰ ওচৰত কোনোধৰণৰ চিত্ৰ নথকাৰ বাবে মূৰ্তিটো সম্পূৰ্ণ কল্পনাভিত্তিক আছিল। তেখেতে চিত্ৰলেখাৰ মুখত সুখ-দুখৰ এক প্ৰতিচ্ছবি ফুটাই তুলিবলৈ চেষ্টা কৰে।[1]

ট্ৰেফিক পইণ্টৰ ভাস্কৰ্য[সম্পাদনা কৰক]

মিছন চাৰিআলিৰ মাজত থকা ট্ৰেফিক পইণ্টটো যান-বাহনৰ মাজত থাকিব বাবে তেখেতে এটা খুঁটাৰ ভিতৰত অইন এটা খুঁটা দি ছাতিসদৃশ ভাস্কৰ্য নিৰ্মাণ কৰিছিল। [1]

নাট্য জগতত[সম্পাদনা কৰক]

জয় দাসে তেজপুৰৰ বাণ থিয়েটাৰ হলত ভক্ত প্ৰহ্লাদ নামৰ শিশু নাটকখন মঞ্চস্থ কৰে। নাটকখন জয় দাসেই লিখিছিল। নাটখনত তেখেতে নৰসিংহৰ ৰূপত অভিনয়ো কৰে। জয় দাসে একাধিক নাটকৰ গীত ৰচনা কৰিছিল। তেখেতে ৰচনা কৰা গীতসমূহৰে জাহ্নৱী গংগা নামৰ অডিঅ' কেছেটটো সমৃদ্ধ হৈছে। নবৈ দশকৰ এটি জনপ্ৰিয় গীত আকাশৰে গংগা মই জাহ্নৱী গংগাৰ ৰচনা জয় দাসৰ। তেখেতে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সান্নিধ্য লাভ কৰিছিল।[1]

উল্লেখযোগ্য কৰ্ম[সম্পাদনা কৰক]

  1. অগ্নিগড়ৰ ঊষা চিত্ৰলেখাৰ মূৰ্তি
  2. বানৰজাৰ নাগপাশত আবদ্ধ অনিৰুদ্ধৰ মূৰ্তি,
  3. হৰি-হৰৰ যুদ্ধ
  4. মহাদেৱৰ মূৰ্তি
  5. মহাভৈৰৱ মন্দিৰৰ নৱনিৰ্মিত তোৰণ
  6. তেজপুৰ নেহৰু ময়দানৰ সমীপৰ বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি
  7. গণেশঘাটৰ হনুমানৰ মূৰ্তি সম্বলিত তোৰণ
  8. মিছন চাৰিআলিৰ ট্ৰেফিক পইণ্টৰ ভাস্কৰ্য
  9. পৰুৱা চাৰিআলিৰ দ-পৰ্বতীয়া শিলৰ গেটৰ আৰ্হি
  10. বাইহাটা চাৰিআলিমদন কামদেৱৰ তোৰণ
  11. গুৱাহাটীৰ নেহৰু পাৰ্কৰ ভাস্কৰ্য
  12. ভৰলুমুখৰ শংকৰ উদ্যানৰ প্ৰৱেশদ্বাৰৰ ভাস্কৰ্য
  13. তেজপুৰ-নগাঁও সংযোগী কলিয়াভোমোৰা সেতুৰ সাত-ভনীৰ মূৰ্তি।[1]

তথ্য উৎস[সম্পাদনা কৰক]