জুবিন নটিয়াল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জুবিন নটিয়াল

২০১৫ চনৰ গুড হোমছ এৱাৰ্ডছত নটিয়াল
প্ৰাথমিক তথ্য
জন্ম ১৪ জুন, ১৯৮৯ (৩৪ বছৰ)[1]
দেৰাডুন, উত্তৰাখণ্ড, ভাৰত
সংগীতৰ প্ৰকাৰ
  • ভাৰতীয় শাস্ত্ৰীয় সংগীত
  • প'প
  • ৰ'ক
  • ইডিএম
পেচা
  • কণ্ঠশিল্পী
  • অভিনেতা
কাৰ্যকাল ২০১৪–বৰ্তমান
ৰেকৰ্ড লেবেল
  • টি-ছিৰিজ
  • লাহৰী মিউজিক
  • জি মিউজিক কোম্পানী
  • চ'নী মিউজিক ইণ্ডিয়া
  • এছভিএফ মিউজিক
  • টিপছ
  • ৱাই আৰ এফ মিউজিক


জুবিন নটিয়াল (জন্ম: ১৪ জুন ১৯৮৯) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু সংগীত পৰিবেশক।[2] ২০২২ চনৰ জুন মাহত তেওঁ “ৰাতাঁ লাম্বিয়াঁ” গীতটোৰ বাবে “নেপথ্য কণ্ঠশিল্পী (পুৰুষ)”ৰ বাবে আইফা বঁটা লাভ কৰে। বজৰংগী ভাইজানৰ "জিন্দেগী কুছ তোহ বাতা (ৰিপ্ৰাইজ)" গীতৰ বাবে অষ্টম মিৰ্চি মিউজিক এৱাৰ্ডছত বছৰৰ আগন্তুক পুৰুষ কণ্ঠশিল্পী হিচাপে সন্মানিত হয়।[3] জি বিজনেছ এৱাৰ্ডত ৰাইজিং মিউজিকেল ষ্টাৰ এৱাৰ্ডো তেওঁ লাভ কৰে।[4] তেওঁ প্ৰধানকৈ হিন্দী ভাষাৰ গীত গায় যদিও অন্যান্য ভাৰতীয় ভাষাৰ চলচ্চিত্ৰৰ বাবেও তেওঁ গীত বাণীবদ্ধ কৰি আহিছে। তেওঁক টি-ছিৰিজ কোম্পানীয়ে চুক্তিবদ্ধ কৰিছে।[5]

জীৱনৰ প্ৰথমাৰ্ধ[সম্পাদনা কৰক]

১৯৮৯ চনৰ ১৪ জুন তাৰিখে উত্তৰাখণ্ডৰ ৰাজধানী দেৰাডুনত জুবিন নটিয়ালে জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ ৰাম শৰণ নটিয়াল উত্তৰাখণ্ডৰ এগৰাকী ব্যৱসায়ী তথা ৰাজনীতিবিদ আৰু মাতৃ নীনা নটিয়াল এগৰাকী ব্যৱসায়ী। চাৰি বছৰ বয়সতে তেওঁ সংগীতৰ প্ৰতি প্ৰৱণতা দেখুৱাইছিল, তেওঁৰ পিতৃৰো সংগীতৰ প্ৰতি আগ্ৰহ আছিল। তেওঁ দেৰাডুনৰ ছেইণ্ট জোচেফ একাডেমীত অষ্টম শ্ৰেণীলৈকে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ পিছত দেৰাডুনৰ ৱেলহাম বয়ছ স্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰি আনুষ্ঠানিকভাৱে সংগীতক বিষয় হিচাপে অধ্যয়ন কৰি শাস্ত্ৰীয় সংগীতৰ ভিত্তি গঢ়ি তোলে। গীটাৰ, পিয়ানো, হাৰমনিয়াম, ড্ৰাম আদি বাদ্যযন্ত্ৰ বজাবলৈও তেওঁ শিকিবলৈ আৰম্ভ কৰে। ১৮ বছৰ বয়সলৈকে নটিয়াল নিজৰ গৃহ চহৰ দেৰাডুনত আছিল আৰু তাতেই গায়ক হিচাপে সুপৰিচিত হৈছিল। তেওঁ এতিয়ালৈকে বহু অনুষ্ঠানত লাইভ অনুষ্ঠান পৰিৱেশন কৰিছে আৰু দাতব্য সংস্থাসমূহক দানো দিছে।[6]

কৰ্মজীৱন[সম্পাদনা কৰক]

২০১১ চনত নটিয়ালে টেলিভিছনৰ সংগীতৰ ৰিয়েলিটি শ্ব’ এক্স ফেক্টৰত অংশগ্ৰহণ কৰে য’ত তেওঁ শীৰ্ষ ২৫ জন অংশগ্ৰহণকাৰীৰ ভিতৰত স্থান লাভ কৰে।[7]

সোণালী কেবল (২০১৪) ছবিৰ "এক মূলাকত" গীতেৰে ভাৰতীয় সংগীত জগতত আত্মপ্ৰকাশ কৰে।[8] একে বছৰতে তেওঁ দ্য শ্বউকিনছৰ বাবে ‘মেহেৰবাণী’ গীতটোও গাইছিল। ২০১৫ চনত বজৰংগী ভাইজানৰ বাবে ‘জিন্দেগী’, জাজবাৰ বাবে ‘বন্দেয়া’, বৰ্খাৰ বাবে ‘তু ইত্নি খুবছুৰত হ্যায় ৰিলোডেড’ আৰু কিছ কিস্কো প্যাৰ কৰোঁ ছবিৰ বাবে শ্ৰেয়া ঘোষালৰ সৈতে ‘সমন্দৰ’ নামৰ গীতটো গাইছিল।[9]

এছ থামানৰ সংগীত পৰিচালনাত "'ছাৰাইন'ডু চিনেমাৰ মাধ্যমেৰে তেলেগুত[10] আৰু আশিকী চিনেমাৰে বাংলা ছবিজগতত অভিষেক ঘটায়।[11]

২০১৬ চনত নটিয়ালে এমটিভি আনপ্লাগড ছিজন ৫ত কণ্ঠদান কৰিছিল আৰু দেহলিজ ধাৰাবাহিকৰ "জিয়া ৰে" শীৰ্ষক গীতটো গাইছিল। তেওঁ সুৰকাৰ যুটি শচীন–জিগাৰৰ সৈতে ধাৰাবাহিক এক দুজে কে ৱাস্তে আৰু অমিত ত্ৰিবেদীৰ পৰিচালনাত ফিতুৰ ছবিৰ "তেৰে লিয়ে" গীতটোত সুনিধি চৌহানৰ সৈতে কন্ঠদান কৰিছিল। তেওঁ সুৰকাৰ নদীম ছাইফিৰ সৈতে ইছ্ক ফৰেভাৰৰ টাইটেল ট্ৰেকৰ বাবে কাম কৰিছিল আৰু তেওঁৰই অধীনত কুছ কুছ লোচা হ্যায় ছবিৰ দুটা গীত গাইছিল। ১৯২০ লণ্ডন ছবিখনৰ বাবে "গুমনাম হায় ক'ই" শীৰ্ষক গীতটোত জেম৮ৰ কৌশিক আৰু আকাশৰ সৈতে সহযোগিতা কৰিছিল। ৱান নাইট ষ্টেণ্ড ছবিৰ "লে চালা" আৰু ৰাজ ৰিবুট ছবিৰ "দ্য চাউণ্ড অৱ ৰাজ" আৰু "য়াদ হ্যায় না (ৰিপ্ৰাইজ)" গীতে তেওঁক সুৰকাৰ আতিকুর রহমান মাহি সৈতে কাম কৰাৰ সুযোগ দিছিল আৰু এই সহযোগিতা ৰুষ্টম ছবিৰ "ঢল জাওঁ মেইন" লৈকে চলিছিল।[12]

২০১৭ চনত ৰাজেশ ৰোশনৰ সংগীত পৰিচালনাত কাবিল ছবিখনৰ মুখ্য গায়কৰ দায়িত্বত আছিল, আৰু ধৰ্ম প্ৰডাকচনৰ অ'কে জানু ছবিৰ "দ্য হাম্মা ছং" গাইছিল। তেওঁ পৌনী পাণ্ডেৰ সৈতে টি-ছিৰিজত ‘দিল বুধু’ নামৰ এটি হিন্দী পপ গীত মুকলি কৰে তেওঁ ৰাবতা, টিউবলাইট, কমাণ্ডো ২, আৰু মেচিনৰ বাবে গাইছিল। জলী এল এল বি ২ৰ বাবে ‘বাঁৱৰা মন’, বাদশাহোৰ বাবে ‘সোচা হায়’ ৰিমেক আৰু ইটেফাকৰ বাবে ‘ৰত বাকি’ ৰিমেক গাইছিল। ইয়াৰ উপৰিও তেওঁ ষ্টাৰ প্লাছৰ ধাৰাবাহিক তু সূৰাজৰ টাইটেল ট্ৰেক, পলক মুছলৰ সৈতে মেইন সাঁঝ পিয়াজী আৰু ২০১৭ চনৰ ষ্টাৰ পৰিয়াল বঁটাৰ বাবে গীত গাইছিল।২০১৮ চনত তেওঁ প্ৰকৃতি কাকৰৰ সৈতে দিল জংলীৰ বাবে ‘গজাব কা হ্যায় দিন ৰিমেক’, আৰু ‘বুন্দ বুন্দ’ গীত গাইছিল। নীতি মোহনৰ সৈতে হেট ষ্ট’ৰী ৪ ছবিখনৰ বাবে। একেখন ছবিৰ বাবেই তেওঁ মিথুনৰ ৰচনাৰ অধীনত অমৃতা সিঙৰ সৈতে ‘তুম মেৰে হো’ও গাইছিল। বাঘী ২ৰ পিছত মিথুনৰ সৈতেও তেওঁৰ প্ৰথম সহযোগিতা আছিল। কুছ ভীগে আলফাজৰ বাবে তেওঁ পলক মুচলৰ সৈতে 'পেহলা নাছা ৱানছ এগেইন'ও গাইছিল।[13]

২০১৯ চনত কবীৰ সিঙৰ 'তুঝে কিতনা চাহেইন ঔৰ হম' গীত, মাৰ্জাৱাঁৰ "তুম হী আনা" আৰু "কিন্না সোনা" গীত চাৰ্টবাষ্টাৰ হয়।[14]

নটিয়াল আৰু সংগীত সুৰকাৰ মিথুনে পুনৰ ‘তোহ আগে হাম’ৰ বাবে টিম আপ কৰে।[15] তুলসী কুমাৰৰ সৈতে ‘মেইন জিছ দিন ভুলা দু’ এটি নতুন গীতো মুক্তি দিয়ে। ২০২১ চনত ইমৰাণ হাছমী আৰু শক্তি থাৰেজাৰ সৈতে তেওঁৰ নতুন গীত লুট গয়ে ইউটিউবত ৯১৫ মিলিয়নতকৈ অধিক ভিউ লাভ কৰিছিল।[16][17] তেওঁৰ পৰৱৰ্তী গীত "বেদৰ্দি সে প্যাৰ কা" মাত্ৰ ১৩ দিনতে ৫৫ মিলিয়ন ভিউ লাভ কৰে।[18] তনিষ্ক বাগচীৰ সংগীত পৰিচালনাত নটিয়াল আৰু আছিছ কৌৰ গোৱা উক্ত গীতটো প্ৰকাশ কৰিছিল টি-ছিৰিজে।[19] নটিয়ালৰ পৰৱৰ্তী গীত "বৰসাত কি ধুন" ২০২১ চনৰ ২০ জুলাই তাৰিখে মুক্তি লাভ কৰে য'ত কৰিশ্মা শৰ্মা আৰু গুৰুমীত চৌধাৰীয়ে অভিনয় কৰিছিল।[20]

২০২২ চনৰ জানুৱাৰী মাহত তেওঁৰ গীত "অ' আছামানৱালে" টি-ছিৰিজ (কোম্পানী)ৰ দ্বাৰা মুক্তি পায়।[21] এইটো এটা প্ৰেমৰ গীতৰ এলবাম আছিল য’ত নটিয়ালে শিল্পী নেহা খানৰ সৈতে অভিনয় কৰিছিল। মনোজ মুন্টাশ্বিৰৰ ৰচনা আৰু ৰচক কোহলিৰ সুৰেৰে গীতটিৰ গীতটিৰ ৰচনা।[22]

২০২২ চনৰ ১ ফেব্ৰুৱাৰীত টি-ছিৰিজ (কোম্পানী)ৰ দ্বাৰা "তুমছে প্যাৰ কাৰ্কে" মুক্তি দিয়া হয় য'ত গুৰমীত চৌধুৰী আৰু ইহানা ধিলোনৰ অভিনয় আছিল। এয়া পায়াল দেৱৰ সংগীত আৰু তুলসী কুমাৰ আৰু নৌতিয়ালে কণ্ঠদান।

২০২২ চনৰ ২৫ অক্টোবৰত মুক্তি পোৱা কমেডী ছবি "থেংক গড"ৰ বাবে ২০২২ চনত য়োহানীৰ সৈতে "মানিকে" গীতটো গাইছিল।[23][24]

বঁটা আৰু মনোনয়ন[সম্পাদনা কৰক]

বছৰ বঁটা প্ৰদান অনুষ্ঠান বিভাগ চলচ্চিত্ৰ/ধাৰাবাহিক গীত ফলাফল টোকা
২০১৫ মিৰ্চি মিউজিক এৱাৰ্ডছ আগন্তুক বৰ্ষৰ গায়ক বজৰংগী ভাইজান "জিন্দেগী কুছ তোহ বাতা (ৰিপ্ৰাইজ)" বিজয়ী [25]
২০১৭ আইটিএ বঁটা শ্ৰেষ্ঠ গায়ক তু সূৰজ মেইন সাঞ্জ, পিয়াজী "তু সূৰজ মেইন সাঞ্জ, পিয়াজী" বিজয়ী [26]
২০২১ ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ নেপথ্য গায়ক শ্বেৰশ্বাহ "ৰাতাঁ লাম্বিয়াঁ" মনোনীত [27]
২০২২ আইফা বঁটা শ্ৰেষ্ঠ নেপথ্য গায়ক শ্বেৰশ্বাহ "ৰাতাঁ লাম্বিয়াঁ" বিজয়ী [28][29]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]

  1. Desk, Video. "Jubin Nautiyal Birthday Special | 5 Most Loved Songs of the Jubin" (en ভাষাত). www.india.com. https://www.india.com/video-gallery/jubin-nautiyal-birthday-special-5-most-loved-songs-of-the-jubin-4732009/। আহৰণ কৰা হৈছে: 2021-12-11. 
  2. "ৰিয়েলিটি শ্ব’ত কেইবাৰো নাকচ হৈছিল, তথাপিও হাৰ মনা নাছিল জুবিনে; এই গীতটিৱে সলনি কৰিছিল জুবিনৰ ভাগ্য". ইটিভি ভাৰত. https://www.etvbharat.com/assamese/assam/entertainment/movie/rejected-in-reality-show-yet-jubin-nautiyals-courage-did-not-break-this-song-changed-his-luck/assam20230614142128616616567। আহৰণ কৰা হৈছে: ১৩ জানুৱাৰী ২০২৪. 
  3. "জুবিনৰ বিয়া! মোহময়ী অভিনেত্ৰী নিকিতা দত্তৰ সৈতে বিয়াত বহিব জুবিন". নিউজ ১৮ অসম. https://assam.news18.com/news/entertainment/are-jubin-nautiyal-and-nikita-dutta-engaged-heres-what-we-know-tvnilutpal-hb-208517.html। আহৰণ কৰা হৈছে: ১৩ জানুৱাৰী ২০২৪. 
  4. "অহা ১৯ নৱেম্বৰত অসমলৈ আহিব জনপ্ৰিয় কণ্ঠশিল্পী জুবিন নটিয়াল". নিউজ ৮ নৰ্থইষ্ট. https://news8northeast.com/%E0%A6%85%E0%A6%B9%E0%A6%BE-%E0%A7%A7%E0%A7%AF-%E0%A6%A8%E0%A7%B1%E0%A7%87%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A7%B0%E0%A6%A4-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A6%B2%E0%A7%88-%E0%A6%86%E0%A6%B9%E0%A6%BF/। আহৰণ কৰা হৈছে: ১৩ জানুৱাৰী ২০২৪. 
  5. "দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 'লুট গেয়ে' খ্যাত গায়ক জুবিন; হাস্পাতালত ভর্তি". নৰ্থ-ইষ্ট নাও. https://assam.nenow.in/singer-jubin-nautiyal-rushed-to-hospital-after-being-seriously-injured-falling-off-stairs/। আহৰণ কৰা হৈছে: ১৩ জানুৱাৰী ২০২৪. 
  6. "Jubin Nautiyal on Covid relief work in Uttarakhand: This is somebody else's job who's not doing it" (en ভাষাত). Hindustan Times. 2021-06-12. https://www.hindustantimes.com/entertainment/music/jubin-nautiyal-on-covid-relief-work-in-uttarakhand-this-is-somebody-else-s-job-who-s-not-doing-it-101623516391885.html। আহৰণ কৰা হৈছে: 2022-10-07. 
  7. Trivedi, Tanvi. "Jubin Nautiyal: I will never sing a song with bad lyrics". The Times of India. http://timesofindia.indiatimes.com/entertainment/hindi/music/news/Jubin-Nautiyal-I-will-never-sing-a-song-with-bad-lyrics/articleshow/50946849.cms। আহৰণ কৰা হৈছে: 12 February 2016. 
  8. "Listen to Jubin Nautiyal songs on Saavn". Saavn. http://www.saavn.com/s/artist/jubin-nautiyal-albums/uGdfg6zGf4s_। আহৰণ কৰা হৈছে: 6 February 2016. 
  9. "Jubin Nautiyal: Hitting The Right Notes" (en ভাষাত). Forbes India. https://www.forbesindia.com/article/30-under-30-2018/jubin-nautiyal-hitting-the-right-notes/49363/1। আহৰণ কৰা হৈছে: 2022-10-07. 
  10. "Sarrainodu music review: SS Thaman delivers an album that is high on energy but low on creativity!". Bollywood Life. 2 April 2016. http://www.bollywoodlife.com/news-gossip/sarrainodu-music-review-ss-thaman-delivers-an-album-that-is-high-on-energy-but-low-on-creativity/। আহৰণ কৰা হৈছে: 1 April 2016. 
  11. "Jeet Gannguli is happy to work with Jubin Nautiyal for Tumi Ashbe Bole" (en ভাষাত). www.indulgexpress.com. https://www.indulgexpress.com/culture/music/2021/jan/22/jeet-gannguli-is-happy-toworkwith-jubin-nautiyal-for-tumi-ashbe-bole-31086.html। আহৰণ কৰা হৈছে: 2022-10-07. 
  12. "Music review: 'Rustom' - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/music/music-reviews/music-review-rustom/articleshow/53433737.cms। আহৰণ কৰা হৈছে: 2022-10-07. 
  13. Iyengar, Shriram. "Kuchh Bheege Alfaaz song: This 'Pehla Nasha' a sweet melody to beat mid-week blues". Cinestaan. Archived from the original on 2022-10-07. https://web.archive.org/web/20221007110449/https://www.cinestaan.com/articles/2018/feb/8/10939/kuchh-bheege-alfaaz-song-this-pehla-nasha-a-sweet-melody-to-beat-mid-week-blues। আহৰণ কৰা হৈছে: 2022-10-07. 
  14. Dubey, Sanket (2021-10-02). "Best Romantic Songs Of Jubin Nautiyal & Arijit Singh To Listen On A Repeat!" (en ভাষাত). IWMBuzz. https://www.iwmbuzz.com/music/celebrities-music/best-romantic-songs-of-jubin-nautiyal-arijit-singh-to-listen-on-a-repeat/2021/10/02। আহৰণ কৰা হৈছে: 2022-10-07. 
  15. "Jubin Nautiyal And Mithoon Collaborate Again For Toh Aagaye Hum". NDTV.com. https://www.ndtv.com/entertainment/sponsored-jubin-nautiyal-and-mithoon-collaborate-again-for-toh-aagaye-hum-2346854। আহৰণ কৰা হৈছে: 2021-01-04. 
  16. "Lut Gaye, Featuring Emraan Hashmi, To Cross 300 Million Views". NDTV.com. https://www.ndtv.com/entertainment/sponsored-lut-gaye-featuring-emraan-hashmi-to-cross-600-million-views-2398370। আহৰণ কৰা হৈছে: 2021-04-19. 
  17. "Emraan Hashmi's 'Lut Gaye' in Jubin Nautiyal's voice hits a record; becomes first song to reach fastest 500 mn on YouTube - Watch again!" (en ভাষাত). Zee News. 2021-04-21. https://zeenews.india.com/people/emraan-hashmis-lut-gaye-in-jubin-nautiyals-voice-hits-a-record-becomes-first-song-to-reach-fastest-500-mn-on-youtube-watch-again-2356402.html। আহৰণ কৰা হৈছে: 2021-08-19. 
  18. "Bedardi Se Pyaar Ka by Jubin Nautiyal". Gotu World. 10 June 2021. Archived from the original on 18 November 2021. https://web.archive.org/web/20211118103937/https://gotuworld.com/hindi-song/bedardi-se-pyaar-ka-song-lyrics-t-series-by-jubin-nautiyal/। আহৰণ কৰা হৈছে: 11 June 2021. 
  19. "Gurmeet Choudhary and Karishma Sharma's BTS pics from their new song, Barsaat Ki Dhun, are so HOT to handle that you'll remain transfixed to your screen" (en ভাষাত). www.bollywoodlife.com. https://www.bollywoodlife.com/photos/bollywood-news-gurmeet-choudhary-and-karishma-sharmas-bts-pics-from-their-new-song-barsaat-ki-dhun-are-so-hot-to-handle-that-youll-remain-transfixed-to-your-screen-1878209/। আহৰণ কৰা হৈছে: 2021-07-27. 
  20. "Jubin Nautiyal And Gurmeet Choudhary Collaborate Again For Barsaat Ki Dhun". NDTV.com. https://www.ndtv.com/entertainment/sponsored-jubin-nautiyal-and-gurmeet-choudhary-collaborate-again-for-barsaat-ki-dhun-2487276। আহৰণ কৰা হৈছে: 2022-10-07. 
  21. "Neha Khan stars in Jubin Nautiyal's new song O Asmanwale". Tribune India. https://www.tribuneindia.com/news/lifestyle/emotional-connect-363731. 
  22. "O Aasmanwale: Jubin Nautiyal And Neha Khan's Magical Chemistry In Bhushan Kumar's Latest T-Series Track". NDTV.com. https://www.ndtv.com/entertainment/o-aasmanwale-jubin-nautiyal-and-neha-khans-magical-chemistry-in-bhushan-kumars-latest-t-series-track-2724623। আহৰণ কৰা হৈছে: 2022-01-25. 
  23. "Thank God Song Manike OUT: Sidharth Malhotra aka Ayan gets charmed by Nora Fatehi in new track; WATCH". Npinkvilla.com. Archived from the original on 2022-09-16. https://web.archive.org/web/20220916071821/https://www.pinkvilla.com/entertainment/news/thank-god-song-manike-out-sidharth-malhotra-aka-ayan-gets-charmed-by-nora-fatehi-in-new-track-watch-1190498#:~:text=%23ThankGod%20in%20cinemas%20this%20Diwali,Tanishk%20Bagchi%20and%20Chamath%20Sangeeth। আহৰণ কৰা হৈছে: 2022-09-16. 
  24. "Thank God Song Manike: Sidharth Malhotra And Nora Fatehi Set The Dance Floor On Fire". ndtv.com. https://www.ndtv.com/entertainment/thank-god-song-manike-sidharth-malhotra-and-nora-fatehi-set-the-dance-floor-on-fire-3349812। আহৰণ কৰা হৈছে: 2022-09-16. 
  25. "MMA Mirchi Music Awards". MMAMirchiMusicAwards. http://www.mirchimusicawards.com/hindi-2015/winners/। আহৰণ কৰা হৈছে: 25 March 2018. 
  26. "INDIAN TELEVISION ACADEMY AWARDS 2017 WINNERS". Times Of India. https://timesofindia.indiatimes.com/tv/tv-awards/indian-television-academy-awards/2017/113?from=mdr. 
  27. "BEST PLAYBACK SINGER (MALE) NOMINEE JUBIN NAUTIYAL". Filmfare. https://www.filmfare.com/awards/filmfare-awards-2022/nominations/best-playback-singer-male/jubin-nautiyal। আহৰণ কৰা হৈছে: 24 June 2023. 
  28. "IIFA Awards 2022 complete list of winners: Vicky Kaushal, Kriti Sanon win top acting honours" (en ভাষাত). DNA India. https://www.dnaindia.com/bollywood/report-iifa-awards-2022-complete-list-of-winners-vicky-kaushal-kriti-sanon-win-top-acting-honours-2958025। আহৰণ কৰা হৈছে: 2022-06-05. 
  29. "Uttarakhand CM congratulates Jubin Nautiyal for winning 'Best Playback Singer Male' at IIFA 2022" (en ভাষাত). ANINEWS India. https://www.aninews.in/news/entertainment/bollywood/uttarakhand-cm-congratulates-jubin-nautiyal-for-winning-best-playback-singer-male-at-iifa-202220220613223324/। আহৰণ কৰা হৈছে: June 23, 2023. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]