তিনিচুকীয়া (বিধানসভা সমষ্টি)
তিনিচুকীয়া বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ১২২ হৈছে তিনিচুকীয়া বিধানসভা সমষ্টিৰ ক্ৰমাংক।[1][2] তিনিচুকীয়া তিনিচুকীয়া জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ অন্যতম। ই ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত নটা বিধানসভা সমষ্টিৰ এখন। ডিব্ৰুগড় লোকসভা সমষ্টিৰ আন আঠটা বিধানসভা সমষ্টি হ'ল, তিনিচুকীয়া জিলাৰ ডিগবৈ, মাৰ্ঘেৰিটা আৰু ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড়, মৰাণ, লাহোৱাল, দুলিয়াজান, টিংখং আৰু নাহৰকটীয়া।