তেজপুৰ বালিপাৰা লাইট ৰেলৱে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
তেজপুৰ বালিপাৰা লাইট ৰেলৱে
উদ্যোগ ৰেলৱে
স্থাপিত ১৮৯২
মুখ্য কাৰ্যালয় তেজপুৰ, বৃটিছ ভাৰত
দেশ/অঞ্চল শোণিতপুৰ জিলা, অসম
পৰিসেৱা ৰেল পৰিবহন

তেজপুৰ বালিপাৰা লাইট ৰেলৱে (ইংৰাজী: Tezpur Balipara Light Railway, চমুকৈ TBLR) বৃটিছ ভাৰতৰ দৰং জিলাৰ (বৰ্তমান শোণিতপুৰ জিলা) চাহ খেতিয়কসকলৰ বিশেষ প্ৰচেষ্টাত গঢ়ি উঠা এটা বেচৰকাৰী নেৰ'গজ ৰেলসেৱা আছিল। 'তেজপুৰ বালিপাৰা ষ্টীম ট্ৰামৱে কোম্পানী'য়ে বিশেষকৈ চাহপাত কঢ়িয়াবলৈ এই তেজপুৰ-বালিপাৰা ৰেলপথ নিৰ্মাণ কৰিছিল।[1] ১৯৫২ চনত ভাৰত চৰকাৰে ইয়াক অধিগ্ৰহণ কৰি মিটাৰগজলৈ পৰিবৰ্তন কৰে আৰু ৰাঙাপাৰা-বালিপাৰা খণ্ড বন্ধ কৰি দিয়ে।[2]

ইতিহাস[সম্পাদনা কৰক]

বৃটিছ ভাৰতৰ দৰং জিলাৰ সদৰ আছিল তেজপুৰ। অসমৰ অন্যান্য ঠাইৰ দৰে বৃটিছসকলে এই জিলাখনতো চাহখেতি আৰম্ভ কৰিছিল। চাহ বাগিছাবোৰ তেজপুৰ নগৰৰ উত্তৰে অৱস্থিত। ঊনবিংশ শতিকাৰ শেষ দশকত তেজপুৰৰ সৈতে চাহ বাগিছাৰে পৰিবেষ্টিত হৈ থকা বালিপাৰা এটা মাত্ৰ সৰু ৰাষ্টাৰে সংযোজিত হৈ আছিল। তাৰো অৱস্থা আছিল অতি শোচনীয়। এই ৰাষ্টাটোৰ গৰুগাড়ীত তেজপুৰ জাহাজঘাটলৈ উত্পাদিত চাহ আৰু জাহাজঘাটৰ পৰা বাগিছালৈ কয়লা, দৈনিক ব্যৱহাৰ্য সামগ্ৰী, যন্ত্ৰ-পাতি আদি সৰবৰাহ কৰা হৈছিল। সেয়েহে দৰং জিলাৰ চাহ খেতিয়কসকলে তেজপুৰ বালিপাৰা ষ্টীম ট্ৰামৱে কোম্পানী লিমিটেড নামৰ এটা কোম্পানী গঠন কৰি ৪ লাখ মূলধন সংগ্ৰহ কৰে। কোম্পানীৰ ঘোষণা-প্ত্ৰত উল্লেখ কৰা হৈছিল যে অঞ্চলটোৰ বাট-ঘাট বাৰ মাহেই, বিশেষকৈ চাহ উত্পাদনৰ সময়খিনিত সূচল কৰি ৰাখিবলৈ চৰকাৰে অসমৰ্থতা প্ৰকাশ কৰিছে। সেয়েহে চৰকাৰক সহায় কৰিবলৈ ৰেলপথ নিৰ্মাণৰ কাম হাতত লোৱা হৈছে।[2] ৰেল লাইন পাতিবৰ বাবে কোম্পানীয়ে চৰকাৰৰ ওচৰত অনুমতি বিচৰাৰ লগতে কিছু ৰেহায়ো বিচাৰে। চৰকাৰে বিনামূলীয়াকৈ মাটি আৰু বাৰ্ষিক অনুদানৰ বাবে প্ৰতিশ্ৰুতি দিলেও শ্লিপাৰৰ বাবে কাঠ দিয়াৰ ক্ষেত্ৰত ৰাজী হোৱা নাছিল। এনেবোৰ কাৰণতে চৰকাৰী অনুমতি পাওঁতে যথেষ্ট পলম হৈছিল। অৱশেষত চৰকাৰে ১৮৯৫ চনৰ জুন মাহত ১৩,২৬৭ টকা মূল্যৰ কাঠ বিনা ৰয়েল্টিত দিবলৈ সন্মত হ'ল আৰু '১৮৮৬ চনৰ ইণ্ডিয়ান ট্ৰামৱেজ এক্ট'ৰ অধীনত ৰেললাইন পতাৰ বাবে ঘোষণা-পত্ৰ জাৰি কৰিলে। চৰকাৰী অনুমতি নৌপাওঁতেই ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ হয় আৰু ১৮৯৬ চনৰ অক্টোবৰ মাহৰ ভিতৰত ২০ মাইল (৩২ কিঃমিঃ) দৈৰ্ঘৰ আৰু ২ ফুট ৬ ইঞ্চি বহল এই নেৰ'গজ ৰেলপথৰ কাম সমাপ্ত হয়[1][2]

চৰকাৰী ঘোষণা-পত্ৰযোগে চৰকাৰে ৰেলগাড়ী চলা সম্পৰ্কত বহুতো নিয়ম-কানুন নিৰ্দ্ধাৰণ কৰি দিছে। যাত্ৰী আৰু মালভাৰা নিৰ্দ্ধাৰণত চীফ কমিচনাৰৰ পূৰ্ণ নিয়ন্ত্ৰণ আছিল। ডাক বিভাগৰ বাবে সুকীয়া ব্যৱস্থাৱলী ৰখা হৈছিল আৰু চৰকাৰী ৰেলৰ নিৰ্দ্ধাৰিত নিৰিখতে ডাক বিভাগক সা-সুবিধা প্ৰদানৰ বাধ্য-বাধকতা ৰখা হৈছিল। চালক আৰু গাৰ্ডে মানিবলগীয়া নিয়মাৱলী, ডবা আৰু ইঞ্জিনৰ বাবে প্ৰযোজ্য হোৱা নিয়মাৱলী আদিৰো উল্লেখ ঘোষণা-পত্ৰত আছিল। ১৫ বছৰ ৰেল চলাৰ পিছত ৭ বছৰৰ মূৰে মূৰে পুনৰনৱীকৰণ কৰিব লাগিছিল। ১২ মাহৰ জাননী দি ২০ শতাংশ বোনাছ আৰু উপযুক্ত মূল্যত ৰেললাইনটো অধিগ্ৰহণ কৰা ব্যৱস্থাৱলীও ৰখা হৈছিল।[2]

ৰেলপথ[সম্পাদনা কৰক]

তেজপুৰ বালিপাৰা লাইট ৰেলৱে
সাঁচ:BS-alt
০ মাইল তেজপুৰ
সাঁচ:BS-alt
৮ মাইল বিন্দুকুৰি
সাঁচ:BS-alt
১১ মাইল চেঁচা
সাঁচ:BS-alt
১৬ মাইল ৰঙাপাৰা
সাঁচ:BS-alt
২০ মাইল বালিপাৰা

১৮৯৪ চনৰ চেপ্তেম্বৰত তেজপুৰৰ পৰা বিন্দুকুৰি ষ্টেচনলৈ আৰু একেটা বছৰৰে নৱেম্বৰ মাহত চেঁচালৈকে ৰেলপথ মুকলি কৰা হয়। ১৮৯৫ চনৰ এপ্ৰিলত ৰঙাপাৰলৈকে আৰু একে বছৰৰে অক্টোবৰ মাহত বালিপাৰালৈ ৰেলপথ সম্প্ৰসাৰণ কৰা হয়। তেজপুৰ-বালিপাৰা ৰেলৱেত বহুকেইটা চাইডিঙো আছিল। আটাইতকৈ দীঘল চাইডিংটো আছিল ৰঙাপাৰাৰ পৰা বৰজুলি বাগিছালৈ। ইয়াৰ দৈৰ্ঘ আছিল ২ মাইল। ১৯০৮ চনলৈ এই চাইডিঙেৰে নিয়মীয়াকৈ যাত্ৰীবাহী ৰেল চলিছিল।[2]

খৰচ কমাবৰ বাবে পুৰণি ৰাষ্টাৰ দাঁতিতে ৰেললাইন বহুওৱা হৈছিল আৰু মাত্ৰ কিছুমান অংশতহে শিলগুটি দিয়া হৈছিল। ৰেলৰ চিৰিৰ ওজন আছিল প্ৰতি গজত মাত্ৰ ৩০ পাউণ্ড। ডিপোতা নৈৰ ওপৰৰ দলং স্থানীয়ভাবে উপলব্ধ নাহৰ কাঠেৰে নিৰ্মাণ কৰা হৈছিল।[1]

চলন্ত সম্পদ[সম্পাদনা কৰক]

তেজপুৰ বালিপাৰা ৰেলৱেই ইংলেণ্ডৰ 'পেনী এণ্ড ক'ম্পেনী' আৰু 'ব্ৰুচ ইলেক্ট্ৰিকেল ক'ম্পেনী লিঃ'ৰ পৰা তিনিটা 4-4-0 টাইপ ইঞ্জিন ক্ৰয় কৰিছিল। ১৯১৪ৰ পৰা ১৯২৫ চনৰ ভিতৰত 'ডবলিউ জি বাগনেল এণ্ড ক'ম্পেনী'ৰ পৰা আৰু তিনিটা ইঞ্জিন ক্ৰয় কৰা হৈছিল। পিছত ক্ৰয় কৰা এই ইঞ্জিন তিনিটাৰ প্ৰথমটো আৰু তৃতীয়টো ১৯৮১ চনলৈ উত্তৰ প্ৰদেশৰ ক্লাটাৰবাগগঞ্জ ষ্টেচনত শ্লীপাৰ ডিপোত সক্ৰিয় হৈ আছিল। ৰেলৰ সৰ্বোচ্চ বেগ আছিল ঘণ্টাত ১৫ মাইল। তেজপুৰৰ পৰা বালিপাৰালৈ পথচোৱা ১ ঘণ্টা ৪৫ মিনিটত অতিক্ৰম কৰিছিল।[1]

প্ৰথম শ্ৰেণীৰ যাত্ৰীবাহী ডবাবোৰৰ অন্তৰ্ভাগ চেগুণ কাঠেৰে সু-সজ্জিত আছিল। আসনবোৰ আছিল মৰক্কোদেশীয় মেৰুণ ৰঙৰ চামৰাৰে ঢকা। আনহাতে তৃতীয় শ্ৰেণীৰ যাত্ৰীয়ে কাঠৰ বেঞ্চত বহিব লাগিছিল। সামগ্ৰী কঢ়িয়াবলৈ খোলা আৰু বন্ধ- দুই ধৰণৰ ডবাই আছিল। সাধাৰণতে খোলা ডবা কয়লা কঢ়িয়াবলৈ আৰু বন্ধ ডবা চাহ আৰু অন্যান্য সামগ্ৰী কঢ়িয়াবলৈ ব্যৱহাৰ হৈছিল।[1]

ব্যৱসায়[সম্পাদনা কৰক]

আৰম্ভণিতে টি.বি.এল. ৰেলৱেই দুই দিশৰ পৰা দুখনকৈ যাত্ৰীবাহী ৰেল চলাইছিল। ১৯৩৪ চনৰ সময় তালিকাত ৩ খনকৈ যাত্ৰীবাহী ৰেল চলোৱাৰ উল্লেখ আছে। তাৰোপৰি দেওবৰীয়া বিন্দুকুৰি হাটৰ বাবে দুখন বিশেষ ৰেলো চলোৱা হৈছিল। ১৯৩৪ চনত তেজপুৰৰ পৰা বালিপাৰালৈ প্ৰথম শ্ৰেণী যাত্ৰীভাৰা আছিল ২ টকা, ১ অনা আৰু ৬ পইচা। তৃতীয় শ্ৰেণীৰ ভাৰা আছিল ৭ অনা ৬ পইচা। প্ৰথমৰে পৰা তেজপুৰ বালিপাৰা ৰেলৱে এটা সফল প্ৰতিষ্ঠান আছিল। তেওঁলোকে ১৯১৩-১৪ চনলৈ তেজপুৰ লোকেল বোৰ্ডৰ পৰা এটা ৫০০০ টকীয়া অনুদান লাভ কৰিছিল। Hugh Hughes-এ তেওঁৰ 'ইণ্ডিয়ান লোকোমোটিভ' গ্ৰন্থৰ ৩ খণ্ডত উল্লেখ কৰিছে যে ১৯০৭ চনত টি.বি.এল.আৰে ১৫৭,০০০জন যাত্ৰী আৰু ১৫,০০০ টন সামগ্ৰী (ইয়াৰ ভিতৰত ৪২০৩ টন চাহপাত আৰু ৩০১৫ টন কোক আৰু কয়লা) কঢ়িয়াইছিল।

অৰূপ কুমাৰ দত্তই তেওঁৰ 'দি ফাইনেল ফ্ৰণ্টিয়াৰ' গ্ৰন্থত উল্লেখ কৰা মতে টি.বি.এল.আৰৰ গড় ৰিটাৰ্ণ আছিল ১৯০০-১০ত ৫%, ১৯১১-২০ত ৮% আৰু ১৯৪৩-৪৪ বৰ্ষত হৈছেগৈ ৩১%।[1]

উত্তৰসূৰী[সম্পাদনা কৰক]

১৯১২ চনত ইষ্টাৰ্ণ বেংগল ৰেলৱেৰঙিয়া-টংলা ৰেলপথ নিৰ্মাণ কৰে। ১৯৩২ত ইয়াক ৰাঙাপাৰালৈ সম্প্ৰসাৰণ কৰা হয়। ৰঙাপাৰা ইষ্টাৰ্ণ বেংগল ৰেলৱে আৰু তেজপুৰ বালিপাৰা ৰেলৱেৰ জংচন ষ্টেচনলৈ ৰূপান্তৰ হয়। ১৯৫২ চনত ভাৰত চৰকাৰে টি.বি.এল.আৰক অধিগ্ৰহণ কৰি ভাৰতীয় ৰেলৰ উত্তৰ-পূব মণ্ডলত অন্তৰ্ভূক্ত কৰে আৰু ইয়াক মিটাৰগজলৈ পৰিবৰ্তন কৰে। ৰঙাপাৰা-বালিপাৰা খণ্ড বন্ধ কৰি দিয়া হয়। পিছত ৰঙাপাৰাৰ পৰা মুৰ্কংচেলেঙলৈ মিটাৰগজ ৰেলপথ নিৰ্মাণ কৰাত ৰাঙাপাৰা-বালিপাৰা খণ্ড তাতেই চামিল হয়।[1][2]

লগতে চাওক[সম্পাদনা কৰক]


বাহ্যিক সংযোগ[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 "The Tezpur Balipara Light Railway". Indian Railway Fun Club. http://irfca.org/articles/tezpur-balipara.html। আহৰণ কৰা হৈছে: 9 ফেব্ৰুৱাৰী 2014. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 ৰবীন্দ্ৰ চন্দ্ৰ বৰুৱা (চেপ্তেম্বৰ-অক্টোবৰ ২০০৭). "ব্ৰহ্মপুত্ৰ উপত্যকাত ৰেলগাড়ী". মন্থন: ২১, ২২.