দাঁতোন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
A common Toothbrush
Toothbrushes
Horsehair toothbrush said to have been used by Napoleon Bonaparte (1769-1821)

দাঁতোন (ইংৰাজী: Toothbrush ) আধুনিক টুথব্ৰাছৰ উদ্ভাৱক হ'ল ইংলেণ্ডক্লাৰ্কনেল্ডৰ উইলিয়াম আড্ডিছ (Willam Addis) ৷ ১৭৮০ চনত তেওঁ গৰুৰ নেজৰ চুলি কাটি টুথব্ৰাছ তৈয়াৰ কৰিছিল৷ ব্ৰাছৰ নালবোৰো আছিল গৰুৰ তপিনাৰ হাড়ৰ৷ ১৪৯৮ চনত চীনদেশত প্ৰথম গাহৰিৰ ঠৰঙা নোম ব্যৱহাৰ কৰি টুথব্ৰাছ তৈয়াৰ কৰা হৈছিল৷৷ ১৯৩৬ চনৰপৰা ১৯৯৮ চনৰ ভিতৰত পৃথিৱীত ৩০০০ টা দাঁতোনৰ পেটেণ্ট হৈছে৷ [1]

ইতিহাস[সম্পাদনা কৰক]

ইজিপ্তৰ মৈদামত পোৱা সমলমতে ৫০০০ বছৰ পূৰ্বৰেপৰা ইজিপ্তবাসীয়ে টুথব্ৰাছ ব্যৱহাৰ কৰিছিল বুলি জনা যায়৷ তেতিয়াৰ টুথব্ৰাছবোৰ আছিল গছৰ ঠাৰিৰ৷ তাৰো আগতে মেছোপটেমিয়াৰ মানুহে কেটেলা পহুৰ কাঁইট,গছৰ কাঁইট,চৰাইৰ পাখি আদিৰে দাঁত পৰিষ্কাৰ কৰিছিল৷ ভাৰতৰ আয়ুৰ্বেদ শাস্ত্ৰতো বিভিন্ন গছৰ ঠানিৰ 'দাঁতোন' হিচাপে ব্যৱহাৰ কৰাৰ উদাহৰণ আছে৷ নিম.সৌৰা,বঙালী এৰা,পচতীয়া,বকুল,তেজমুৰী বা তেজমুই লতা,কুমলীয়া বাঁহৰ লেকেচী,দীঘলতি আদি গছৰ ঠানি টুকুৰা কৰি আগটো দাঁতেৰে চোবাই মিহি আৰু কোমল কৰি তাৰে দাঁত ঘঁহিছিল৷ বিশেষকৈ আমাৰ দেশত ৰে'লত ভ্ৰমন কৰিলে ৰে'ল ষ্টেচনবোৰত ৰাতিপুৱা 'দাঁতোন' বিক্ৰী কৰা দেখা যায়৷ খ্ৰীষ্টপূৰ্ব ১৬০০ বছৰ পূৰ্বৰ চীন দেশৰ সাহিত্যত 'দাঁতোন' ব্যৱহাৰ কৰাৰ উল্লেখ আছে৷ তেওঁলোকে সুগন্ধি গছৰ ঠানিৰে দাঁতোন তৈয়াৰ কৰিছিল৷ গ্ৰীক আৰু ৰোমান সাহিত্যতো অতীজতে দাঁত-মুখ পৰিষ্কাৰ কৰাৰ বাবে 'দাঁতোন'ব্যৱহাৰ কৰাৰ কথা পোৱা যায়৷ আজিও পৃথিৱীৰ বিভিন্ন দেশত কোটি কোটি মানুহে গছৰ ঠাৰিৰ দাঁতোন ব্যৱহাৰ কৰি আছে৷[1]

আধুনিক দাঁতোন[সম্পাদনা কৰক]

১৯২০ চনত হেণ্ডেলডালৰ মূৰত ফুটা কৰি ব্ৰাছবোৰ লগোৱাৰ নতুন পদ্ধতি ওলায়৷ তেতিয়ালৈকে টুথব্ৰাছবোৰ প্ৰাণীদেহৰ নোমৰ পৰাই তৈয়াৰ কৰা হৈছিল৷ ১৯৩৮ চনত আমেৰিকাত নাইলনৰ ব্ৰাছ উৎপাদন হয়৷ প্ৰথম মহাসমৰৰ সময়লৈকে টুথব্ৰাছৰ ঠাৰিডাল জন্তুৰ হাড়ৰ পৰা তৈয়াৰ কৰা হৈছিল৷ নাইলনৰ ব্ৰাছৰ সুবিধা বহুত৷ কম খৰচতে আৱু অধিক পৰিমানে বিভিন্ন আকাৰৰ নাইলনৰ ব্ৰাছৰ উৎপাদন কৰিব পাৰি৷ তদুপৰি নাইলনৰ ব্ৰাছবোৰ সোনকালে শুকায়৷ ফলত বীজাণুৰ বৃদ্ধি নঘটে৷ কম দিনৰ ভিতৰতে নাইলনৰ ব্ৰাছৰ বিস্তাৰ ঘটে৷ আজিকালি বজাৰত বিভিন্ন ধৰণৰ,বিভিন্ন আকাৰৰ,বিভিন্ন ৰঙৰ,বিভিন্ন গুণ সম্পন্ন টুথব্ৰাছ ওলাইছে৷[1]

বিদ্যুৎৰ দাঁতোন[সম্পাদনা কৰক]

বিভিন্ন দেশত বিদ্যুৎৰ দাঁতোন ও পোৱা যায়৷ এই ক্ষেত্ৰত চীন দেশ আগবঢ়া৷


দাঁতোন ব্যৱহাৰ কৰাৰ নিয়ম[সম্পাদনা কৰক]

  1. আনৰ টুথব্ৰাছ ব্যৱহাৰ কৰা অনুচিত৷ যাতে এজনৰ বেমাৰ আন এজনলৈ নাযায়৷
  2. ব্ৰাছ কৰি উঠি ব্ৰাছডাল জোকাৰি লাগি থকা পানীখিনি শুকুৱাব লাগে৷
  3. ব্ৰাছকৰি উঠি ব্ৰাছডাল পানীৰে ভালদৰে ধুব লাগে,যাতে টুথপেষ্ট লাগি নাথাকে৷
  4. টুথব্ৰাছডাল থওঁতে ওপৰলৈ মূৰ কৰি থ'ব লাগে,যাতে বতাহ লাগি শুকাই যায়৷
  5. একেলগে কেইবাডালো টুথব্ৰাছ থ'লে,গাত গা লগাই থ'ব নালাগে,যাতে এডালৰ বীজানু আনডাল ব্ৰাছলৈ যাব নোৱাৰে৷
  6. টুথব্ৰাছডাল ব্ৰাছ কৰি সদায় শুকাব পৰাকৈ মুকলিকৈ থ'ব লাগে,বাকচ বা ড্ৰয়াৰত ভৰাই থ'ব নালাগে৷
  7. প্ৰতি তিনি মাহৰ মূৰে মূৰে নতুন টুথব্ৰাছ ল'ব লাগে৷ বেয়া বা চেপেটা হোৱা টুথব্ৰাছডাল কামত নাহে৷ বৰঞ্চ দাঁতৰ আলুৰ ঘাঁহে লগাব পাৰে৷[1]
Set of interdental brushes.
Brush Color (coded as per ISO 16409) Brush Size Wire Size Passage Hole Diameter (PHD)
Pink 0 0.4mm
Orange 1 0.45mm <=0.8mm
Red 2 0.5mm 0.9 mm-1.0 mm
Blue 3 0.6mm 1.1 mm-1.2 mm
Yellow 4 0.7mm 1.3 mm-1.5 mm
Green 5 0.8mm 1.6 mm-1.8 mm
Purple 6 1.1mm >1.9 mm
Grey 7 1.3mm
Black 7 1.5mm


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 শান্তনু তামুলী (এপ্ৰিল ২০০৭). "টুথব্ৰাছ". নতুন আৱিষ্কাৰ খণ্ড ২০শ বছৰ (৪ৰ্থ সংখ্যা): ২৪ - ২৫. 


বাহ্যিক সংযোগ[সম্পাদনা কৰক]