দীপিকা বৰগোহাঁই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দীপিকা বৰগোহাঁই
জন্ম যোৰহাট, অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ।
বিষয় প্ৰবন্ধ সাহিত্য, শিশু সাহিত্য
সহযোগী দেৱেন বৰগোহাঁই

দীপিকা বৰগোহাঁই (ইংৰাজী: Dipika Borgohain; জন্ম: ১৯৩২) এগৰাকী প্ৰবন্ধকাৰ, সমালোচক, অধ্যাপক। তেওঁ দেৱীচৰণ বৰুৱা বালিকা বিদ্যালয়ত শিক্ষকতাৰে কৰ্মজীৱনৰ আৰম্ভ কৰি ১৯৬২ চনত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত দৰ্শন বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰে। তেওঁৰ লেখাত যুক্তিনিষ্ঠ বিশ্লেষণ আৰু ধৰ্মনিৰপেক্ষতা অন্যতম বৈশিষ্ট্য। [উদ্ধৃতিৰ প্ৰয়োজন] 'বিশ্বাস অবিশ্বাস অন্ধবিশ্বাস' তেওঁৰ বহুল সমাদৃত গ্ৰন্থ। [উদ্ধৃতিৰ প্ৰয়োজন]

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

দীপিকা বৰগোহাঁইৰ জন্ম ১৯৩২ চনৰ ৩০ জুলাইত যোৰহাটত। পিতৃ যোগেশ গগৈ আৰু মাতৃ ঘণকান্তি বুঢ়াগোহাঁই। ১৯৫৮ চনত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ যোগানন্দ বৰগোহাঁইৰ লগত বিবাহ পাশত আৱদ্ধ হয়।[1]

শিক্ষা আৰু কৰ্মজীৱন[সম্পাদনা কৰক]

যোৰহাটতে শিক্ষা জীৱন আৰম্ভ কৰি ১৯৫১ চনত তেখেতে জে বি কলেজৰ পৰা স্নাতক ডিগ্ৰী আৰু ১৯৫৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[1] দেৱীচৰণ বৰুৱা বালিকা বিদ্যালয়ত শিক্ষকতাৰে কৰ্মজীৱনৰ আৰম্ভ কৰি তেখেতে ১৯৬২ চনত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত দৰ্শন বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰে। ৩০ বছৰ অধ্যাপনা কৰি অৱসৰ গ্ৰহণ কৰে ১৯৯২ চনত। বিবাহসূত্ৰে লখিমপুৰৰ বোৱাৰী,সুলেখিকা আৰু এগৰাকী যুক্তিবাদী নাৰীৰূপে দীপিকা বৰগোহাঁই সমাজত প্ৰসিদ্ধ আৰু সমাদৃত। [উদ্ধৃতিৰ প্ৰয়োজন] অসম বাণী, আমাৰ অসম, প্ৰান্তিক, সাতসৰী আদি কাকত-আলোচনীত তেখেতৰ মূল্যৱান প্ৰবন্ধ প্ৰকাশিত হৈছে। ১৯৬৬ চনত তেখেতৰ প্ৰথমখন গ্ৰন্থ ‘আজৰি পৰৰ সাধু (লয়াৰ্চ বুক ষ্টল) প্ৰকাশ পায়। একে বছৰতে নিৰ্মলা বৰাৰ সৈতে যুতীয়াভাৱে সমাজ বিজ্ঞান’ (অসম বুক ডিপো) প্ৰকাশ হয়।[1]

সাহিত্যকৰ্ম[সম্পাদনা কৰক]

  • আজৰি পৰৰ সাধু (লয়াৰ্চ বুক ষ্টল, ১৯৬৬)
  • সমাজ বিজ্ঞান’ (অসম বুক ডিপো, ১৯৬৬)
  • পৃথিৱীৰ সমান্তৰাল সাধুকথা (চন্দ্ৰ প্ৰকাশ, ২০০০)
  • জীৱনৰ স্বৰূপ’, (ষ্টুডেণ্ট গুচ, ২০০৮)
  • বিশ্বাস অবিশ্বাস অন্ধবিশ্বাস (নৰ্থ লখিমপুৰ মহাবিদ্যালয় প্ৰকাশন, ২০১৫)
  • ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ আঁৰৰ তিনিগৰাকী ব্যক্তি (নৰ্থ লখিমপুৰ মহাবিদ্যালয় প্ৰকাশন, ২০১৭)।

প্ৰকাশিত গ্ৰন্থকেইখনৰ চমু পৰিচয়[সম্পাদনা কৰক]

জীৱনৰ স্বৰূপ[সম্পাদনা কৰক]

দীপিকা বৰগোহাঁইৰ চিন্তামূলক প্ৰবন্ধৰ প্ৰথমখন গ্ৰন্থ হল “জীৱনৰ স্বৰূপ। গ্ৰন্থখনক হোমেন বৰগোহাঞিয়ে অসমীয়া চিন্তামূলক সাহিত্যৰ এটা 'মূল্যৱান সম্পদ' বুলি উল্লেখ কৰি গৈছে। লগতে এইবুলিও উল্লেখ কৰিছে যে-“এটা বিশেষ উদ্দেশ্য চকুৰ আগত ৰাখি লেখিকাই এই প্ৰবন্ধবোৰ লিখিছে। সেইটো হৈছে এই যে তেওঁ জীৱনটোক-মানৱিক সম্পৰ্ক আৰু সমস্যাক সূক্ষ্মভাৱে পৰীক্ষা কৰি চাব খুজিছে, আৰু সেই পৰীক্ষালব্ধ জ্ঞানৰ ভাগ তেওঁ আনকো দিব খুজিছে। অসমীয়া ভাষাত এনে চিন্তামূলক প্ৰবন্ধ লিখা লেখকৰ সংখ্যা অতি তাকৰ। তেনে লেখকৰ চুটি তালিকাখনত বিশেষভাৱে চিহ্নিত হোৱাৰ যোগ্য এগৰাকী লেখক হ’ল দীপিকা বৰগোহাঁই। তাৰ প্ৰমাণ এই গ্ৰন্থখন।”(মুখবন্ধ, জীৱনৰ স্বৰূপ) গ্ৰন্থখনত ২২টা প্ৰবন্ধ সন্নিবিষ্ট কৰা হৈছে। আটাইবোৰ প্ৰবন্ধই অভিজ্ঞতাসম্বলিত। কাকতত প্ৰকাশিত প্ৰবন্ধই সময় বাগৰাৰ লগে লগে প্ৰাসংগিকতা হেৰুওৱা যি চৰিত্ৰ,সেয়া আলোচ্য গ্ৰন্থখনৰ লগত নাই। জীৱন বিষয়ক বিভিন্ন দিশ কিছুমানক প্ৰবন্ধবোৰৰ মাজেৰে বিশ্লেষণাত্মকভাৱে চোৱা হৈছে। ‘আধুনিক জীৱনধাৰা’, ‘জীৱনৰ স্বৰূপ’, ‘সক্ৰিয় পৰিয়াল’, ‘সামাজিক শৃংখলা আৰু পাৰিবাৰিক শান্তি’, ‘সৌজন্যবোধ শালিনতা আৰু অনুকম্পা’, ‘চাৰিত্ৰিক অখণ্ডতা ইনটিগ্ৰিটী অভ কেৰেটাৰ আদি বিশেষভাৱে উল্লেখযোগ্য প্ৰবন্ধ।[উদ্ধৃতিৰ প্ৰয়োজন] অৰ্থনৈতিক, পাৰিবাৰিক জীৱনকে ধৰি সামাজিক জীৱনক প্ৰভাৱিত কৰি ৰখা তিনিটা বিশেষ ধাৰণাৰ বিষয়ে আধুনিক জীৱনধাৰা’ প্ৰবন্ধত আলোচনা কৰা হৈছে। কল্যাণবাদৰ সলনি ভোগ আৰু প্ৰতিষ্ঠাৰ লালসাক প্ৰশ্ৰয়। দিয়াৰ মানসিকতা, বিলাসিতা আৰু পাৰিবাৰিক সম্পৰ্কত আহি পৰা অদ্ভুত নতুনত্বৰ প্ৰসংগ প্ৰবন্ধটোৰ আধাৰ বিষয়। এটা সমৃদ্ধ আৰু সুখী পৰিয়ালৰ ক্ষেত্ৰত ধৰণৰ কাৰবোৰ গুৰুত্বপূৰ্ণ, সেয়া সক্ৰিয় বয়াল’ প্ৰবন্ধ লিখা হৈছে। সময় আৰু সমাজৰ পৰিবৰ্তনৰ লগে লগে সংস্কাৰ আৰু পৰম্পৰাবোৰ সলনি হৈছে ঠিকেই। কিন্তু এইবোৰে আনি দিয়া কোনো যুক্তিসংগত পৰিবৰ্তনকে সামাজিক শৃংখলা বজাই ৰখাত মানি লোৱা হোৱা নাই। সামাজিক শৃংখলা আৰু পাৰিবাৰিক শান্তি’ প্ৰবন্ধত এনে বিষয় সম্পৰ্কত আলোচনা কৰা হৈছে। নিজস্ব দৃষ্টিভঙ্গীৰে নাৰীৰ শালিনতা সম্পৰ্কে অভিজ্ঞতাৰ আধাৰাত ‘সৌজন্যবোধ, শালীনতা আৰু অনুকম্পা’ প্ৰবন্ধটো ৰচনা কৰা হৈছে। চাৰিত্ৰ বিষয়ক প্ৰবন্ধটোত কোৱা। হৈছে যে—চাৰিত্ৰিক অখণ্ডতাৰ প্ৰথম পাঠ আৰম্ভ হয় ঘৰখনত। বিশ্বাস বা প্ৰত্যয়, আনৰ গুণৰ স্বীকৃতি আৰু সততাই হৈছে চাৰিত্ৰিক অখণ্ডতাৰ মূল তিনিটা লক্ষণ। দীপিকা বৰগোহাই দৰ্শন বিষয়ৰ অধ্যাপক। সেয়ে অৱধাৰিতভাৱেই তেখেতৰ জীৱনৰ স্বৰূপ। গ্ৰন্থখনৰ প্ৰবন্ধবোৰত দাৰ্শিনিক দৃষ্টিভঙ্গীযুক্ত হৈ পৰিছে। ব্যক্তিগত পৰ্যবেক্ষণ আৰু অভিজ্ঞতাৰ আধাৰত সমসাময়িক অনেক প্ৰসংগ প্ৰবন্ধবোৰৰ মাজেৰে বিচাৰ কৰা হৈছে।

বিশ্বাস অবিশ্বাস অন্ধবিশ্বাস[সম্পাদনা কৰক]

'বিশ্বাস অবিশ্বাস অন্ধবিশ্বাস’ যুক্তিপূৰ্ণ প্ৰবন্ধৰ এক গুৰুত্বপূৰ্ণ সংকলন। গ্ৰন্থখনত বৰগোহাঁইৰ - ৫০টা প্ৰবন্ধ সংকলিত হৈছে। গ্ৰন্থখনৰ কেইবাটাও প্ৰবন্ধত অৱধাৰিতভাৱে আহি পৰা বিষয় হ’ল ধৰ্ম। ধৰ্ম নৈতিকতা নহয়’ গ্ৰন্থখনৰ এটা প্ৰবন্ধ। ধৰ্ম আৰু নৈতিকতাক বহু সময়ত একাকাৰ কৰাৰ চেষ্টা কৰা হয়। ধৰ্ম বিষয়ক অনেক বদ্ধমূল ধাৰণাই সমাজৰ উত্তৰণত বাধা দি আহিছে। ধৰ্মীয় আবেষ্টনীয়ে নীতিভিত্তিক সমাজক আঁতৰাই ৰখাৰ চেষ্টা কৰে। আক্টোৰগোজ, কতৃত্বশীল মনোভাৱক ধৰ্মই দি আহিছে। জাতি, সম্প্ৰদায়, বৰ্ণৰ বিভাজন ধৰ্মীয় চেতনাৰেই পাৰ্শ্বক্ৰীয়া। ধৰ্মই বাস্তৱ পৃথিৱীৰ কথা নকয়, কয় পৰজনমৰ কথা। মানৱীয় সম্পৰ্কবোৰ সাৰহীন বুলি ভাবিবলৈ সদায় শিকাই আহিছে। ধৰ্মৰ প্ৰৰোচনাত মানুহ অন্ধবিশ্বাসী হয়। হিন্দু ধৰ্মৰো অনেক ৰীতি-পৰম্পৰা মানৱীয় নহয়। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আশীৰ্বাদত দেশ ইতিমধ্যে বহুদূৰ আগুৱাই গৈছে। নিজক যুগোপযোগী কৰি ৰাখিবলৈ বৈজ্ঞানিক দৃষ্টিভঙ্গীৰ প্ৰয়োজন আছে। দেশ বিভাজন আৰু জাতিৰ পিতাৰ মৃত্যুৰ কাৰণো আছিল ধৰ্ম। ধৰ্ম বা ঈশ্বৰৰ ভয়ত সৎ হৈ থকাটোৱে নৈতিকতাক নুবুজায়। ধৰ্ম নৈতিকতা নহয়’ প্ৰবন্ধত তাকেই কোৱা হৈছে। বিশ্বাস অবিশ্বাস অন্ধবিশ্বাস’আন এটা শক্তিশালী প্ৰবন্ধ। বিশ্বাস কৰি অহা হৈছে কাৰণেই যিবোৰ বিশ্বাস কৰা হয়, যি বিশ্বাসে কাৰো মঙ্গল সাধন নকৰে, সেয়াই হল অন্ধবিশ্বাস। কৰ্মফল বিষয়ক পৰম্পৰাগত ধাৰণাই মানুহক। অন্ধবিশ্বাসী কৰি ৰখাৰ প্ৰসংগ আলোচনা কৰা হৈছে ‘ধৰ্ম বা ঈশ্বৰে মানুহকৰক্ষা কৰেনে’প্ৰবন্ধত। ধৰ্মীয় ৰীতি-নীতি মানুহৰ কাৰণে কেনেকৈ অমানৱীয় হ'ব পাৰে, সেয়া উদাহৰণেৰে সৈতে প্ৰবন্ধটোত দেখুওৱা হৈছে। ধৰ্মৰ আধ্যাত্মিকীকৰণ’ প্ৰবন্ধত আধ্যাত্মিকতা আৰু ধৰ্ম বিষয়ক স্পষ্ট ধাৰণা দিয়াৰ চেষ্টা আছে। সময়ৰ ওচৰত যিহেতু সদায় মানৱতাৰেই জয় হৈ আহিছে, সেই প্ৰসংগত লেখকৰ বক্তব্য মন কৰিবলগীয়া- “পৃথিৱীৰ ধৰ্মসমূহ আৰম্ভ হোৱাৰ পৰাই যিমান মঠ-মন্দিৰ মছজিদ, গীৰ্জা বনোৱা হ'ল, যিমান ধৰ্মবাণী শুনোৱা হ'ল, অতদিনে পৃথিৱীখন স্বৰ্গই হৈ পৰিব লাগিছিল। কিন্তু হোৱা নাই, কিয়? ইয়াৰ উত্তৰ বিচাৰি চাব লাগিব আমাৰ স্বভাৱত, আমি বনোৱা ব্যৱস্থাৱলীত। ধৰ্মও আমাৰেই সৃষ্টি। ইমানদিনৰ ব্যৱস্থাৱলীয়ে যদি আমাক ধাৰ্মিক বনাব পৰা নাই, আমাৰ আদিম হিংস্ৰ প্ৰবৃত্তিটোক যদি এটা ভাল মোৰ দিব পৰা নাই, তেন্তে এইবাৰ বিজ্ঞানসন্মত বিশ্বজনীন মানৱতাবাদেৰে চেষ্টা এটা চলোৱাত আপত্তি কি?”(পৃষ্ঠা-১০১)। লেখকে উল্লেখ কৰা “বিশ্বজনীন মানৱতাবাদ’ৰতাৎপৰ্য অনুধাৱন কৰাৰ প্ৰয়োজন আছে। ধৰ্মৰ অনেক নেতিবাচক দিশ আলোচনা কৰিলেও লেখকে ধমক সমাজৰ পৰা সমুলি উভালি পেলাব লাগে, সেয়াও কোৱা নাই। ধৰ্মৰ ক্ষেত্ৰত সংস্কাৰৰ কথাহে কৈছে। এই সংস্কাৰ হ'ব লাগিব মানৱতাৰ পক্ষে। সমাজৰ উত্তৰণৰ পক্ষে। আচলতে প্ৰতিটো চিন্তা আৰু কামৰে সমাজ উপযোগী ব্যাখ্যাইহে সকলোপ্ৰকাৰৰ উত্তৰণ সম্ভৱ কৰি তোলে। ধৰ্মীয় গোড়ামি আৰু সন্ত্ৰাসবাদ’ প্ৰবন্ধত তেনে আলোচনা আছে। ‘ধৰ্মীয় অসহিষ্ণুতা আৰু নাৰী সমাজ’ আন এটা এই বিষয়ক গুৰুত্বপূৰ্ণ প্ৰবন্ধ। ঈশ্বৰক আলোচ্য বিষয় কৰি লোৱা দুটা প্ৰবন্ধ হ’ল ‘আমাৰ ঈশ্বৰ' আৰু 'ঈশ্বৰৰ ভৱিষ্যৎ'। গ্ৰন্থখনৰ প্ৰথমৰ কেইবাটাও প্ৰবন্ধ জীৱন বিষয়ক। অভিজ্ঞতা আৰু নিজা দৃষ্টিভঙ্গীক অৱলম্বন কৰি লিখা প্ৰবন্ধকেইটাৰ মাজেৰে লেখক জীৱনবোধকো অনুভৱ কৰিব পৰা গৈছে।[1]

ভাৰতীয় ধৰ্ম নিৰপেক্ষতাৰ আঁৰৰ তিনিগৰাকী ব্যক্তি[সম্পাদনা কৰক]

দীপিকা বৰগোহাঁইৰ আন এখন উল্লেখযোগ্য গ্ৰন্থ হল- ‘ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ আঁৰৰ তিনিগৰাকী ব্যক্তি’। গ্ৰন্থখনৰ আলোচ্য বিষয় আধাৰিত ব্যক্তি তিনিগৰাকী হ’ল সম্ৰাট অশোক, মহামতী আকবৰ আৰু মহাত্মা গান্ধী। তিনিওগৰাকী ব্যক্তিৰ চিন্তা আৰু কৰ্মৰ দৃষ্টিৰে ধৰ্ম নিৰপেক্ষতা বিষয়টোক চোৱা হৈছে। তিনিওগৰাকী ব্যক্তিৰ চিন্তাত ধৰ্ম নিৰপেক্ষতাৰ শক্তিশালী প্ৰতিফলন আছে। ভাৰত এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। গণতন্ত্ৰৰ লগত গণ আলোচনাৰ বিষয়টো জড়িত হৈ আছে। ভাৰতত গণ আলোচনাৰ প্ৰয়োগ বৌদ্ধসকলে বিশেষভাৱে কৰিছিল। তাৰ প্ৰতি তেওঁলোক দায়বদ্ধও আছিল। সম্ৰাট অশোক। আছিল এনেগণ আন্দোলনক গুৰুত্ব দিয়া ভাৰতীয় উপমহাদেশ। এক বৃহৎ অংশৰ নৃপতি। পৰবৰ্তী সময়ত গণ আলোচনাক যোগ্য সম্মান দিছিল সম্ৰাট আকবৰে। এই ক্ষেত্ৰত কুৰি শতিকাৰ। মহাত্মা গান্ধী হৈ ৰৈছিল অদ্বিতীয়। ভাৰতীয় ধৰ্ম নিৰপেক্ষতা পশ্চিমীয়া ধৰ্মনিৰপেক্ষতাতকৈ পৃথক। ইয়াত আন ধৰ্মৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাতকৈ আন ধৰ্মৰ প্ৰতি নিৰপেক্ষ হোৱাটোতহে বেছি জোৰ দিয়া যায়। অশোক, আকবৰ আৰু মহাত্মা গান্ধীৰ মাজত তেনে ধৰ্ম নিৰপেক্ষতা আৰু গণতান্ত্ৰিক চিন্তাধাৰাৰ ছবিয়েই ফুটি উঠা দেখা যায়। নতুন প্ৰজন্মক উদ্দেশ্য কৰিয়েই গ্ৰন্থখনৰ আয়োজন। যিকোনো ইতিহাসপ্ৰিয় পাঠকৰ কাৰণেও গ্ৰন্থখন গুৰুত্বপূৰ্ণ।[1]

সামৰণি[সম্পাদনা কৰক]

দীপিকা বৰগোহাঁইৰ বিশেষভাৱে আলোচিত তিনিওখন গ্ৰন্থৰে চিন্তাখিনি পাঠকক আলোড়িত কৰিব পৰাকৈ শক্তিশালী। জীৱনৰ স্বৰূপ আৰু ভাৰতীয় ধৰ্ম নিৰপেক্ষতাৰ আঁৰৰ তিনিগৰাকী ব্যক্তি গ্ৰন্থতকৈ ‘বিশ্বাস অবিশ্বাস আৰু অন্ধবিশ্বাস’ গ্ৰন্থখনৰ মাজেৰে লেখকৰ মৌলিক চিন্তাৰ খতিয়ান ল’বলৈ বেছি উপযোগী। জীৱন আৰুসমাজ সম্পৰ্কত লেখকৰ দৃষ্টিভঙ্গী মৌলিক। এই মৌলিকতা কোনো যুক্তিহীন ধৰ্মীয় বিশ্বাস বা পৰম্পৰাৰ দ্বাৰা পৰিচালিত নহয়। পৰম্পৰাগত কিছু বিশ্বাসত এচামৰ সুবিধা আদায়ৰ চেষ্টা থাকে। তাৰ বাবে বলি হয় সাধাৰণ মানুহ। তেখেতৰ প্ৰবন্ধৰ অন্যতম বৈশিষ্ট্য হল সামাজিক দায়বদ্ধতা। সমাজৰ উন্নতিত বাধা হিচাপে থিয় দিয়া যিকোনো বিশ্বাস-পৰম্পৰাকে লেখকে মানি লোৱা নাই।[1] নাৰীসকলেই বেছিকৈ অন্ধবিশ্বাসী বুলি অভিযোগ উঠাৰ সময়। এচোৱাত ইয়াৰ বিৰুদ্ধে মাত মাতিছেনাৰীয়েই। এনে উদাহৰণ বৰ সুলভ নহয়। বিশ্বাস-পৰম্পৰাক লৈ কেৱল যে নেতিবাচকভাৱেই কথাবোৰ কোৱা হৈছে, তেনে নহয়। সমাজ জীৱনৰ অনেক দিশক লৈ সম্ভাৱনাও পোষণ কৰা হৈছে। লগতে আলোচিত হৈছে সেই সম্ভাৱনাক প্ৰতিপালন কৰাৰ ক্ষেত্ৰত পালনীয় দায়িত্ব সম্পৰ্কেও। আলোচ্য তিনিওখন গ্ৰন্থই দীপিকা বৰগোহাঁইৰ প্ৰগতিবাদী চিন্তাৰ সৈতে পৰিচিত হোৱাৰ সুযোগ দিয়ে। আধুনিকতাৰ বাৰ্তাবাহী তেখেতৰ চিন্তাধাৰা সমাজ জীৱনৰ বাবে নিতান্তই প্ৰয়োজনীয়।[2]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 সম্পাদনা-অৰবিন্দ ৰাজখোৱা (২০১৭). গ্ৰন্থ সৌৰভ. পৃষ্ঠা. ৯৫, ৯৬. 
  2. ৰিন্তু শইকীয়া (২০১৭). "দিপীকা বৰগোহাঁইৰ চিন্তামূলক প্ৰবন্ধ". ৰিন্তু শইকীয়া. প্ৰকাশক লখিমপুৰ: লখিমপুৰ গ্ৰন্থ উৎসৱ সমিতি. পৃষ্ঠা. ৯৫.