দ্বিজেন গগৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
দ্বিজেন গগৈ

নিজা কাৰখানাত স্বনিৰ্মিত বাদ‌্যযন্ত্ৰ পৰীক্ষা কৰি থকা অ‌ৱস্থাত দ্বিজেন গগৈ
প্ৰাথমিক তথ্য
জন্ম ১৯৬৩
আমগুৰি হাতীমূৰীয়া গাঁও, শিৱসাগৰ জিলা
পেচা লোকশিল্পী আৰু লোকবাদ্য নিৰ্মাতা

দ্বিজেন গগৈ অসমৰ এজন লোকশিল্পী আৰু লোকবাদ্য নিৰ্মাতা।[1] বিদ্যালয়ত পঢ়ি থকা কালৰ পৰাই ‌ঢোল, পেঁপা আদি বাদ্যবযন্ত্ৰ তৈয়াৰ কৰিবলৈ আৰম্ভ কৰা গগৈয়ে নিজৰ প্ৰচেষ্টাৰে এইপৰ্যন্ত অসমৰ বিভিন্ন জনগোষ্ঠীৰ পয়ষষ্ঠিবিধ লোকবাদ্য বাণিজ্যিকভাৱে তৈয়াৰ কৰি উলিয়াইছে। শিৱসাগৰ নগৰৰ ওচৰত লোকবাদ‌্য নিৰ্মাণ, প্ৰদৰ্শন আৰু বিক্ৰীৰ বাবে তেখেতে "গগৈ বাদ্য ভাণ্ড" নামৰ এখন প্ৰতিষ্ঠান গঢ়ি তুলিছে।[1] স্বনিৰ্মিত লোকবাদ‌্যসমূহৰ প্ৰতিটো বাদ‌্যকেই প্ৰচলিত সুৰত বজাব জনা গগৈয়ে তেখেতৰ নেতৃত্বত আৰম্ভ কৰা এটা সুৰ-সমলয়ৰ দলে ইতিমধ‌্যে ভাৰতৰ বিভিন্ন স্থানত সংগীত পৰিবেশন কৰিছে।

জন্ম আৰু ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯৬৩ চনত শিৱসাগৰ জিলাৰ আমগুৰি হাতীমূৰীয়া গাঁৱত লিকচন মৌজাদাৰৰ বংশত দ্বিজেন গগৈৰ জন্ম হয়। তেখেতে ১৯৭৯ চনত স্থানীয় বিদ্যালয়ৰপৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু যোৰহাটৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰা বৃত্তিমূলক শিক্ষা গ্ৰহণ কৰে। ১৯৮৩ চনত তেখেতে তেল আৰু প্ৰাকৃতিক গেছ নিগমত অস্থায়ী পদত যোগদান কৰে। পিছলৈ তেখেতে সেই প্ৰতিষ্ঠানতে স্থায়ী পদত নিযুক্তি লাভ কৰি বৰ্তমানো প্ৰতিষ্ঠানটোতে খনন বিভাগৰ কাৰ্যবাহী অভিযন্তা হিচাবে কৰ্মৰত।[2] বৰ্তমান তেওঁ শি‌ৱসাগৰ চহৰৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ নিলগত লক্ষ্মীনগৰ-নিমাইজান সংযোগী পথৰ দৰিকা বৰপাত্ৰ নগৰৰ স্থায়ী বাসিন্দা। তেওঁৰ বাসগৃহৰ চৌহদতে লোকবাদ‌্যৰ বিপনী, "গগৈ বাদ‌্য ভাণ্ড" নামৰ প্ৰতিষ্ঠানটোও অ‌ৱস্থিত। তেখেতৰ চাৰিগৰাকী কণ্যাসন্তানৰ ভিতৰত জ্যেষ্ঠগৰাকীয়ে সম্প্ৰতি তেজপুৰ বিশ্ববিদ্যালয়ৰপৰা সাংস্কৃতিক অধ্যয়ন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আহৰণ কৰিছে। লোকবাদ্য আৰু লোকসংগীতৰ উপৰিও অভিনয়ৰ জগতখনৰ লগতো এইজন ব্যক্তি কিছু পৰিমাণে জড়িত। জোনবাই, মাজনী, ধনমইনা আদি ভি.চি.ডি. কথাছবি আৰু ৰং নামৰ টি.ভি. চেনেলত প্ৰচাৰিত ধাৰাবাহিক এখনতো তেওঁ পাৰ্শ্ব অভিনয় কৰিছে।[3]

লোকবাদ্য নিৰ্মাণ[সম্পাদনা কৰক]

দ্বিজেন গগৈয়ে পঞ্চম শ্ৰেণীত পঢ়ি থকা সময়ৰ পৰাই বাঁহী বজাবলৈ আৰু নিৰ্মাণ কৰিবলৈ শিকে আৰু অতি সোনকালেই বিহুৰ লগত জড়িত প্ৰতিটো বাদ্যযন্ত্ৰৰেই নিৰ্মাণ আৰু ব্যৱহাৰৰ পৰম্পৰাগত জ্ঞানো আহৰণ কৰি পেলায়। ১৯৮৩ চনত কৰ্মসূত্ৰে শি‌ৱসাগৰ চহৰৰ পৰা কিছু আতৰৰ চেৰেকাপাৰ অঞ্চলত বস‌বাস কৰিবলৈ লৈ তেখেত কেইবাটাও বিহুদলৰ লগত জড়িত হৈ পৰে আৰু বাঁহীৰ লগতে পৰ্যায়ক্ৰমে অন্যান্য বাদ্যযন্ত্ৰও নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰে জেংটং, ধোৎটং, বীণ, কৰতাল, ৰামতাল, আনন্দ লহৰী, বাদুলি চুঙা আদি কেইবাবিধো বাদ্য-যন্ত্ৰৰ ব্যৱহাৰ একেবাৰে সীমিত অথবা লুপ্তপ্ৰা‌য়। ইয়াৰ উপৰি, তেওঁ পৰম্পৰাগত বাদ্যযন্ত্ৰসমূহত তেওঁৰ নিজস্ব সৃষ্টিশীলতা আৰু কল্পনাশক্তি প্ৰয়োগ কৰি মাজে মাজে ন-ৰূপ দি পৰীক্ষা-নিৰীক্ষা কৰি চায়। তেখেতে উদ্ভা‌ৱন কৰি উলিওৱাব পৰম্পৰাগত সুৰ তুলিব পৰা বাঁহৰ সুতুলি আৰু বাঁহৰ পেঁপাই বহুতো লোকৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। পিছলৈ তেখেতে লোকবাদ্যৰ নিৰ্মাণ আৰু বিক্ৰীৰ বাবে নিজা বাসগৃহৰ চৌহদত "গগৈ বাদ্য ভাণ্ড" নামৰ প্ৰতিষ্ঠানটো গঢ়ি তোলে। "গগৈ বাদ‌্যভাণ্ড"ক ইতিমধ‌্যে চৰকাৰীভাৱে পঞ্জীকৰণ কৰা হৈছে।

বাৰ ফুট দৈৰ্ঘ‌্যৰ স্বনিৰ্মিত বাঁহৰ পেঁপা পৰিবেশন কৰি থকা মূহুৰ্তত দ্বিজেন গগৈ

বাদ্যযন্ত্ৰসমূহ নিৰ্মাণ কৰিবৰ বাবে প্ৰয়োজন হো‌ৱা কেঁচামালসমূহ তেখেতে ঘাইকৈ অসম আৰু নাগালেণ্ডৰ কিছুমান ভিতৰু‌ৱা গাঁওৰ পৰাও সংগ্ৰহ কৰে। বাদ্যযন্ত্ৰসমূহৰ ক্ৰমবৰ্ধমান চাহিদা পূৰাবলৈ তেওঁৰ দ্বাৰাই প্ৰশিক্ষণপ্ৰাপ্ত আঠজন যু‌ৱকক বৰ্তমান প্ৰতিষ্ঠানটোত নিয়োগ কৰা হৈছে। অসমৰ উপৰিও থাইলেণ্ড, জাপান, জাৰ্মানী, ইংলেণ্ড আদিত বস‌বাস কৰা প্ৰবাসী অসমী‌য়া অথবা বিদেশী গ‌ৱেষক আৰু পৰ্যটকেও লোকবাদ্যসমূহ বিচাৰি তেখেতৰ ওচৰলৈ আহে।[2] কে‌ৱল প্ৰদৰ্শনৰ বাবে নিৰ্মাণ কৰা (বজাব পৰা) ফুট ২৪ ফুট দীঘল “সংযুক্ত বাঁহী-সুতুলি”, ১২ফুট দৈৰ্ঘ্যৰ “বাঁহৰ পেঁপা”, আৰু ২৭ ফুট দীঘল “সম্প্ৰীতিৰ জেংটং” আদি তেখতৰ সৃষ্টিসমূহৰ ভিতৰত অন্যতম। অসমৰ ২৭ খন অসমৰ জিলাসমূহৰ লোকৰ সম্প্ৰীতিৰ সাক্ষৰৰূপে তেখেতে ২৭ফুট দীঘল “সম্প্ৰীতিৰ বৰটকা” এটা নিৰ্মাণ কৰিছে।[2] বিহুত ব্যৱহাৰ হো‌ৱা ‌ঢোলৰ প্ৰচলিত জাংফাই চেহেৰাৰ সলনি মাদলিৰ চেহেৰা দিও তেখেতে ব‌্যৱহাৰ আৰু প্ৰদৰ্শন কৰিছে।

প্ৰশিক্ষণ[সম্পাদনা কৰক]

দ্বিজেন গগৈয়ে নিজাববীয়াকৈয়ে স্থানীয় যু‌ৱক-যু‌ৱতীসকলক এই বাদ্যযন্ত্ৰসমূহ বজাবলৈ বা নিৰ্মাণ কৰিবলৈ শিকো‌ৱাৰ উপৰি বহুদিনৰ পৰা হুঁচৰি আৰু বিহুনৃত্যৰ প্ৰশিক্ষণো দি আহিছে।[4] নিজৰ প্ৰতিষ্ঠানত প্ৰশিক্ষণ আগবঢ়ো‌ৱাৰ উপৰি অসমৰ বিভিন্ন স্থানত আয়োজন কৰা বিহু বা লোকবাদ্য সম্পৰ্কীয় কৰ্মশালাবিলাকতো তেওঁ সমল ব্য‌ক্তি হিচাবে যোগদান কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এইবিষয়ত জ্ঞান আৰু আগ্ৰহ বঢ়াবলৈ বছেৰেকত দুবাৰকৈ তেওঁক আমন্ত্ৰণ কৰি নিয়ে।[3]

সংগীত পৰিবেশনা[সম্পাদনা কৰক]

দ্বিজেন গগৈয়ে নিজে নিৰ্মাণ কৰিব জনা বিভিন্ন জনগোষ্ঠীৰ ৬৫ বিধ লোকবাদ‌্যযন্ত্ৰৰ প্ৰতিবিধেই সুন্দৰকৈ বজাব জানে আৰু বিভিন্ন অনুস্থানত পৰিবশন কৰে। ইয়াৰ উপৰি, তেওঁ নিজৰ নেতৃত্বত কে‌ৱল লোকবাদ‌্যসমূহ ব‌্যৱহাৰ কৰি সংগীত পৰিবেশন কৰিব পৰাকৈ এটি সুৰ-সমলয়ৰ দল গঢ়ি তুলিছে। এই দলটো‌ৱে লোকবাদ্যসমূহৰ জনপ্ৰিয়তা বঢ়াবলৈ আৰু জনমানসত সেইবিলাকৰ প্ৰতি উৎসুকতা জগাই তোলাৰ উদ্দেশ‌্যে অসমৰ বিভিন্ন স্থানত নিজাকৈ আৰু আমন্ত্ৰণক্ৰমে সংগীত পৰিবেশন কৰি ফূৰে। অসমৰ উপৰিও দলটোৱে কলকাতা, নতুন দিল্লী, পঞ্জাব, উৰিষ্যা ধৰি অসমৰ বহুতো স্থানত সংগীত পৰিবেশন কৰি জনপ্ৰিয়তা অৰ্জন কৰিছে।[3]

প্ৰচাৰ আৰু সন্মান[সম্পাদনা কৰক]

শিল্পীগৰাকীক ২০১০ চনত অসম সাংস্কৃতিক মহাসভাৰ পৰা "জী‌ৱনজোৰা সংস্কৃতি সাধনা বঁটা" আৰু ২০১১ চনত পশ্চিম বংগৰ গংগা-গোমতী-ব্ৰহ্মপুত্ৰ লোক উৎসৱ সমিতিয়ে সাংস্কৃতিক বঁটা প্ৰদান কৰা হৈছে।[1] ২০১৪ চনৰ ১ ফেব্ৰুৱাৰীত নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাই শিল্পীগৰাকীক মোহন ভাইৰা স্মাৰক বঁটাৰে সন্মানিত কৰে। [5] সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু কেইবাটাও স্থানীয় গোটেও অসমীয়া সংস্কৃতিৰ প্ৰতি তেওঁৰ অৱদানৰ বাবে কেইবাবাৰো সম্বৰ্ধনা জনাইছে। শেহতীয়াকৈ কেইবাখনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰি কাকতৰ বিভিন্ন শিতানত আৰু টেহেলকা নামৰ ‌ৱেবচাইটতো এটা প্ৰবন্ধত তেওৰ সৃষ্টিকৰ্মৰ বিষয়ে বিস্তাৰিতভাৱে প্ৰকাশ পাইছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 Utpal Sarma (2013-04-07). "Artist Dwijen Gogoi makes 27 feet giant musican instrument". Times of Assam. http://www.timesofassam.com/international/artist-dwijen-gogoi-makes-27-feet-giant-folk-musical-instrument/। আহৰণ কৰা হৈছে: 2013-04-24. 
  2. 2.0 2.1 2.2 Kongkon K. Bora (2013-04-13). "Musical tribute to bind Assam’s 27 districts". The Telegraph. http://www.telegraphindia.com/1130413/jsp/northeast/story_16778747.jsp#.UXeG98ogfYE। আহৰণ কৰা হৈছে: 2013-04-24. 
  3. 3.0 3.1 3.2 অচিন্ত্য বৰঠাকুৰ (2013-05-18). "লোকশিল্পী দ্বিজেন গগৈ". সাহিত্য ডট্‌ অৰ্গ. http://www.xahitya.org/2013/05/14/dwijen_gogoi/। আহৰণ কৰা হৈছে: 2013-05-18. 
  4. Ratnadip Choudhury (2013-04-07). "Keeping the Music Alive". Tahelka.com. http://tehelka.com/keeping-the-music-alive/। আহৰণ কৰা হৈছে: 2013-05-02. 
  5. লোকবাদ্যৰ ৰূপকাৰ দ্বিজেন গগৈক মোহন ভাইৰা বঁটা, অসমীয়া প্ৰতিদিন, ২ ফেব্ৰুৱাৰী ২০১৪

বাহ্যিক সংযোগ[সম্পাদনা কৰক]