নাগ (লংকা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্ৰীলংকাৰ এটি হিন্দু মূৰ্ত্তি

নাগসকল (ইংৰাজী: Naga people) হৈছে এসময়ত শ্ৰীলংকা আৰু দক্ষিণ ভাৰতৰ বিভিন্ন প্ৰান্তত বসবাস কৰিছিল বুলি বিশ্বাস কৰা এক প্ৰাচীন জনগোষ্ঠী। ভি. কনকচাভাইৰ মতে, দক্ষিণ ভাৰত আৰু উত্তৰ-পূব শ্ৰীলংকাত বিস্তৃত হৈ থকা অলিয়াৰ, পাৰাথৱাৰ, মাৰাৱাৰ আৰু এয়িনাৰসকল সকলো নাগ জনজাতিৰ লোক। মহাবংশ, মণিমেকলাই, মহাভাৰত আদি বহুতো প্ৰাচীন গ্ৰন্থ তথা অন্য বহু সংস্কৃত আৰু পালি সাহিত্যতো নাগসকলৰ উল্লেখ পোৱা যায়। সাধাৰণতে তেওঁলোকক সাধাৰণতে পৃথিৱীৰ অভ্যন্তৰত (পাতাল) বাস কৰা সৰ্পৰ ৰূপ লোৱা এক শ্ৰেণীৰ অতিমানৱ হিচাপে প্ৰতিনিধিত্ব কৰা হয়।।[1] মণিমেকলাইৰ দৰে গ্ৰন্থসমূহে তেওঁলোকক মানৱ ৰূপত প্ৰতিনিধিত্ব কৰে।

জাফনাৰ নাগদ্বীপ আৰু গমপাহাৰ কল্যানীৰ দৰে কিছুমান ঠাই তেওঁলোকৰ বাসস্থান হিচাপে উল্লেখ কৰা হৈছে।[2] শ্ৰীলংকাৰ কিংবদন্তিত কিছুমান নাগ ৰজাৰ নাম যেনে মণি অক্ষিতা (মণি নাগ) আৰু মহোদৰাৰ নামো সংস্কৃত সাহিত্যত অতিমানৱীয় নাগসকলৰ মাজত পোৱা যায় আৰু ভাৰততো মধ্যযুগৰ সময়লৈকে মণি নাগৰ পূজা প্ৰচলিত আছিল।[3]

তামিল সাহিত্যত জাফনা উপদ্বীপক নাকানাডু, পালি সাহিত্যত নাগদ্বীপ আৰু গ্ৰীক গেজেটিয়াৰত নাগাদিবা বুলি উল্লেখ কৰা হৈছে।[4][5][6][7] জাফনাৰ উড়ুথুৰাইৰ ব্ৰাহ্মী লিপিযুক্ত মুদ্ৰাত আৰু তামিলনাডুৰ পুডুক্কোট্টাইৰ থকা তামিল লিপিযুক্ত শিলালিপিতো জাফনা উপদ্বীপৰ নাম নাগভূমি বুলি উল্লেখ কৰা দেখা পোৱা যায়।[8]

ব্যুৎপত্তি[সম্পাদনা কৰক]

সংস্কৃত, পালি, সিংহল আৰু তামিল ভাষাত "নাগ" শব্দটোৰ আক্ষৰিক অৰ্থ হৈছে "সৰ্প" বা "সাপ"।

উৎপত্তি[সম্পাদনা কৰক]

মনোগৰণৰ মতে কিছুমান পণ্ডিতে "যক্ষ আৰু নাগসকলক [...] শ্ৰীলংকাৰ আদিবাসী জনগোষ্ঠী বুলি ধাৰণা কৰিছে"।[9] কে. ইন্দ্ৰপালৰ দৰে পণ্ডিতসকলে তেওঁলোকক এটা প্ৰাচীন জনগোষ্ঠী হিচাপে গণ্য কৰে যিয়ে খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ পৰাই তামিল সংস্কৃতি আৰু ভাষাৰ লগত একত্ৰীকৰণ হ'বলৈ আৰম্ভ কৰিছিল।[10] তেওঁৰ মতে, নৱম শতিকাৰ শেষৰ ফালে বা সম্ভৱতঃ তাতকৈ সময়ৰ বহু আগতেই, নাগসকলে দ্বীপটোৰ দুটা প্ৰধান জনগোষ্ঠীৰ সৈতে নিজকে একত্ৰীকৰণ কৰিছিল।

ভি. কনকচাভাইৰ মতে, দক্ষিণ ভাৰত আৰু উত্তৰ-পূব শ্ৰীলংকাত বিস্তৃত হৈ থকা অলিয়াৰ, পাৰাথৱাৰ, মাৰাৱাৰ আৰু এয়িনাৰসকল সকলো নাগ জনজাতিৰ লোক।[11][12] কেইবাজনো লেখকে তেওঁলোকক দ্ৰাবিড় জনগোষ্ঠী বুলি ক’ব বিচাৰে।[13][9] সংগম সাহিত্যলৈ অৰিহণা যোগোৱা বহুতো তামিল কবিয়ে তেওঁলোকৰ নগা বংশৰ বুলি বুজাবলৈ তেওঁলোকৰ নামৰ লগত নগা উপসৰ্গ আৰু প্ৰত্যয় সংলগ্ন কৰিছিল।[14][15]

প্ৰাচীন উল্লেখ[সম্পাদনা কৰক]

মহাবংশ[সম্পাদনা কৰক]

মহাবংশ হৈছে পালি ভাষাত লিখিত শ্ৰীলংকাৰ পৌৰাণিত ইতিহাসৰ বিৱৰণ থকা এখন প্ৰাচীন গ্ৰন্থ। এই গ্ৰন্থখনত উল্লেখ আছে যে বুদ্ধই দ্বীপটোলৈ দ্বিতীয়বাৰৰ বাবে ভ্ৰমণৰ সময়ত নাগদ্বীপৰ দুজন নাগ ৰজা চুলোদৰা আৰু মহোদৰাৰ মাজত ৰত্নৰে ভৰা সিংহাসনৰ বাবে হোৱা বিবাদ মীমাংসা কৰিছিল। এই সিংহাসন অৱশেষত কৃতজ্ঞ নাগ ৰজাসকলে বুদ্ধক অৰ্পণ কৰে আৰু তেওঁলোকে ইয়াক নাগদ্বীপৰ ৰাজায়াথান গছৰ (Rajayathana tree) তলত পূজাৰ বেদী হিচাপে স্থাপন কৰে।[16] তেতিয়াৰ পৰাই বহু শতিকা জুৰি এই ঠাইখন দ্বীপটোৰ বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ অন্যতম পবিত্ৰ মন্দিৰলৈ পৰিণত হয়। মহাবংশত নাগদ্বীপৰ উল্লেখৰ লগতে অন্যান্য পালি লিখনীসমূহৰ লগতে প্ৰত্নতাত্ত্বিক আৰু এপিগ্ৰাফিক প্ৰমাণৰ পৰা মহাবংশত উল্লেখিত নাগদ্বীপ বৰ্তমানৰ জাফনা উপদ্বীপ বুলি ঠাৱৰ কৰা হৈছে।[17][18][19]

মণিমেকলাই[সম্পাদনা কৰক]

তামিল মহাকাব্য মণিমেকলাইত উল্লেখ আছে যে গ্ৰন্থৰ নায়িকাগৰাকীক অলৌকিকভাৱে বুদ্ধৰ লগত জড়িত আসন বা পদশিলা থকা মণিপল্লৱম নামৰ এটা সৰু দ্বীপলৈ লৈ যোৱা হয়। মণিপল্লৱত থকা এই আসনখন বুদ্ধই নাগ ভূমিৰ দুই ৰজাৰ মাজত হোৱা যুদ্ধৰ মীমাংসা আৰু মিলন কৰাৰ সময়ত ব্যৱহাৰ কৰিছিল আৰু দেৱতাৰ ৰজা ইন্দ্ৰই ইয়াক মণিপল্লৱত স্থাপন কৰিছিল।[20] কিংবদন্তিটোত কোৱা হৈছে জাফনা উপদ্বীপৰ মণিপল্লৱমত মহান নাগ ৰজা “ৱালাই বানন” (Valai Vanan) আৰু তেওঁৰ ৰাণী “বাছামাইলাই” (Vasamayilai) শাসন কৰিছিল। এই দ্বীপটোতে তেওঁলোকৰ কন্যা ৰাজকুমাৰী “পিল্লী ভালাই”ৰ (Pilli Valai) আৰু আদিম চোল ৰজা “কিল্লীবল্লভম”ৰ (Killivalavan) সৈতে সম্পৰ্ক ঘটিছিল; এই সম্পৰ্কৰ পৰাই ৰাজকুমাৰ “টণ্ডাই ইলাম থিৰাইয়াৰ”ৰ (Tondai Eelam Thiraiyar) জন্ম হৈছিল। এওঁৱেই পল্লৱ ৰাজবংশৰ প্ৰাৰম্ভিক পূৰ্বপুৰুষ বুলি ইতিহাসবিদসকলে উল্লেখ কৰিছে।[21][22][23]

ৰামায়ণ[সম্পাদনা কৰক]

ভাৰতীয় মহাকাব্য ৰামায়ণত পৌৰাণিক দ্বীপ লংকাক প্ৰায়ে শ্ৰীলংকা বুলি চিনাক্ত কৰা হৈছে। লংকাৰ বাসিন্দাসকলক মূলতঃ ৰাক্ষস আৰু যক্ষ বুলি উল্লেখ কৰা হয়, কিন্তু নাগসকল[9] কথাও উল্লেখ কৰা হৈছে। ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতৰ বিবাহ নাগ ৰাজকুমাৰী সুলোচনাৰ সৈতে সম্পন্ন হৈছিল।[24]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Senarath Paranavitana (1961) (en ভাষাত). Journal of the Ceylon branch of the Royal Asiatic society# The Arya Kingdom in North Ceylon. VII, part II. Colombo apothecaries Co. Ltd. পৃষ্ঠা. 181. 
  2. JCBRAS, S. Paranavitana 1961, পৃষ্ঠা. 181.
  3. B.Ch.Chhabra, ed (1950) (en ভাষাত). Epigraphia Indica. XXVIII Part VI. পৃষ্ঠা. 330–334. 
  4. Nicholas, C.W. (1963) (en ভাষাত). Historical topography of ancient and medieval Ceylon. Journal of the Ceylon Branch of the Royal Asiatic Society, New Series (Vol VI). পৃষ্ঠা. 10. "Other obvious identifications are Nagadiba with Nagadipa or Nakadiva (the Jaffna peninsula) and Rhogandanoi with the inhabitants of Rohana (Ruhuna)." 
  5. "Claudius Ptolemy's Sri Lankan Map" (en ভাষাত). Archaeology.lk. 2 November 2020. https://www.archaeology.lk/claudius-ptolemys-sri-lankan-map/. 
  6. Intirapālā, Kārttikēcu (2005) (en ভাষাত). The evolution of an ethnic identity: the Tamils in Sri Lanka c. 300 BCE to c. 1200 CE. M.V. Publications for the South Asian Studies Centre, Sydney. পৃষ্ঠা. 172. ISBN 9780646425467. https://books.google.com/books?id=SkFuAAAAMAAJ. 
  7. Rajeswaran, S. T. B. (2012) (en ভাষাত). Geographical Aspects of the Northern Province, Sri Lanka. প্ৰকাশক University of Jaffna: Governor's Office, Department of Geography. পৃষ্ঠা. 61. https://books.google.com/books?id=SCIDFTjeDD4C&q=nagadibois. 
  8. K. Rajan - Situating the Beginning of Early Historic Times in Tamil Nadu: Some Issues and Reflections (2008) p.56-57
  9. 9.0 9.1 9.2 Manogaran 1987, পৃষ্ঠা. 21.
  10. Indrapala 2005, পৃষ্ঠা. 172,174.
  11. › ca... Castes and Tribes of Southern India Vol. I-A and B | INDIAN CULTURE "Castes and tribes of Southern Indian". http://www.indianculture.gov.in › ca... Castes and Tribes of Southern India Vol. I-A and B | INDIAN CULTURE. 
  12. Kanakasabhai, V. (1904) (en ভাষাত). The Tamils Eighteen Hundred Years Ago. Asian Educational Services. ISBN 9788120601505. https://books.google.com/books?id=VuvshP5_hg8C. 
  13. Laura Smid (2003). South Asian folklore: an encyclopedia : Afghanistan, Bangladesh, India, Pakistan, Sri Lanka. Great Britain: Routledge. 429.
  14. Pillay, Kolappa Pillay Kanakasabhapathi (1963) (en ভাষাত). South India and Ceylon. University of Madras. পৃষ্ঠা. 37. https://books.google.com/books?id=ukHRAAAAMAAJ&q=naga+descent. 
  15. Indrapala 2005, পৃষ্ঠা. 174.
  16. Geiger, W. (1950) (en ভাষাত). Mahawamsa, Chapter 1, vv. 44–70 (English translation). পৃষ্ঠা. 5–8. 
  17. C.W. Nicholas (1963) (en ভাষাত). Journal of the Ceylon branch of the Royal Asiatic society#Historical Topography of Ancient and Medieval Ceylon. VI, Special number. পৃষ্ঠা. 83. 
  18. Paul E. Pieris (1917) (en ভাষাত). Journal of the Ceylon branch of the Royal Asiatic society# Nagadipa and Buddhist Remains in Jaffna (Part I). XXVI (no.70). পৃষ্ঠা. 11–30. 
  19. Paul E. Pieris (1919) (en ভাষাত). Journal of the Ceylon branch of the Royal Asiatic society# Nagadipa and Buddhist Remains in Jaffna (Part II). XXVIII (no.72). পৃষ্ঠা. 40–60. 
  20. S. Krishnaswami Aiyangar (1928) (en ভাষাত). Manimekalai in its Historical Setting. প্ৰকাশক London. পৃষ্ঠা. 129. 
  21. Ordhendra Coomar Gangoly. The art of the Pallavas, Volume 2 of Indian Sculpture Series. G. Wittenborn, 1957. পৃষ্ঠা. 2. 
  22. Schalk, Peter; Veluppillai, A.; Nākacāmi, Irāmaccantiran̲ (2002) (en ভাষাত). Buddhism among Tamils in pre-colonial Tamilakam and Īlam: Prologue. The Pre-Pallava and the Pallava period. Almqvist & Wiksell. পৃষ্ঠা. 148. ISBN 9789155453572. https://books.google.com/books?id=Q2QEAAAAYAAJ. 
  23. C. Rasanayagam (1926) (en ভাষাত). Ancient Jaffna. প্ৰকাশক Madras. পৃষ্ঠা. 26–28. 
  24. Saklani, Dinesh Prasad (2006) (en ভাষাত). Rāmāyaṇa tradition in historical perspective. Pratibha Prakashan. ISBN 9788177021295. https://books.google.com/books?id=KKh5AAAAMAAJ&q=Sulochana+naga.