বংগ চুলতানী
বংগ চুলতানী (Middle Bengali: শাহী বাঙ্গালা Shahī Baṅgala, Classical Persian: سلطنت بنگاله Saltanat-e-Bangālah)[1] বংগ অঞ্চলত ১৪, ১৫ আৰু ১৬ শতিকাত বিয়পি থকা এখন ৰাজ্য।[2][3][4] ই গংগা-ব্ৰহ্মপুত্ৰ ব-দ্বীপৰ আতাইতকৈ শক্তিশালী ৰাজ্য আছিল। উৰিষ্যা, ত্ৰিপুৰা[5] আৰু আৰাকান[6] আছিল এই ৰাজ্যৰ তলতীয়া ৰাজ্য। বংগ চুলতানীৰ ৰজাসকলে কেইবাবাৰো অসম, নেপাল, জৌনপুৰ, বেনাৰস আদি আক্ৰমণ কৰিছিল। এই ৰাজ্যৰ অধীনত পূব-ভাৰতৰ বৃহৎ অংশ আছিল। ৰাজ্যখনত ৫ বংশই শাসন কৰিছিল, আৰু ইয়াৰ সৰ্বোচ্চ কাল আছিল হুছেইন শ্বাহ বংশৰ দিনত। ই এছিয়াৰ আতাইতকৈ শক্তিশালী ৰাজ্যৰ অন্যতম আছিল, আৰু আছিল এক ধনী বেপাৰী ৰাজ্য। বংগ চুলতানীৰ পতনৰ আৰম্ভণি ঘটিছিল চুৰী ৰাজ্যৰ দ্বাৰা কৰা হোৱা শাসনহীন কালত, যাৰ পাছত মোগলে এই ৰাজ্য জয় কৰিলে, আৰু এই ৰাজ্য সৰু সৰু ভাগত বিভক্ত হ'ল।
সমাজ
[সম্পাদনা কৰক]বংগ চুলতানী এখন চুন্নী মুছলিম ৰাজ্য আছিল, য'ত তুৰ্কীয়, বাঙালী, আৰবী, আবিছিনীয়, পাষ্টুন আৰু পাৰ্চী সম্ভ্ৰান্ত বৰ্গ আছিল।[7] এই ৰাজ্যৰ দুই প্ৰমুখ শাসনকাৰী বংশ আছিল ইলিয়াছ শ্বাহী আৰু হুছেইন শ্বাহী। এই ৰাজ্যত কেইবাটাও ধৰ্মৰ লোকে একেলগে, শান্তিৰে বাস কৰিছিল। আনুষ্ঠানিক, কূটনৈতিক আৰু বাণিজ্যিক কাম-কাজৰ বাবে পাৰ্চী ভাষাৰ ব্যৱহাৰ কৰা হৈছিল, কিন্তু বংগ চুলতানৰ শাসনতেই বাংলা ভাষাই প্ৰথমবাৰৰ বাবে এটি আনুষ্ঠানিক ভাষাৰ মৰ্যদা লাভ কৰিছিল।[8][9] বংগ চুলতানীৰ চহৰসমূহক 'মুদ্ৰণ চহৰ' বোলা হয় য্ত ঐতিহাসিক টাকাৰ মুদ্ৰণ হৈছিল। এই চহৰসমূহত ৰাজকীয় মধ্যযুগীয় ঘৰ দেখা গৈছিল।[10] ১৫০০ চনত ৰাজধানী গৌড় আছিল বিশ্বৰ পঞ্চম আতাইতকৈ জনবহুল মহানগৰ।[11][12] আন উল্লেখনীয় চহৰ হ'ল পাণ্ডুৱা, সোনাৰগাওঁ, বাগেৰঘাট আৰু চিট্টাগং। বংগ চুলতানীৰ এছিয়া, আফ্ৰিকা, ভাৰত মহাসাগৰ আৰু ইউৰোপৰ দেশৰ সৈতে সম্পৰ্ক আছিল। বাঙালী বেপাৰীয়ে জাহাজেৰে মলক্কা, চীন, মালদ্বীপ আদিত বস্তু বিক্ৰী কৰিছিল।
অৰ্থনীতি
[সম্পাদনা কৰক]ইউৰোপীয় আৰু চীনা দেশসমূহৰ লোকে মন কৰিছিল যে বংগ চুলতানী আছিল এক চহকী ৰাজ্য। পণ্যৰ উভৈনদীৰ বাবে বংগক "বাণিজ্যৰ বাবে বিশ্বৰ আতাইতকৈ ধনী দেশ" আখ্যা দিয়া হৈছিল। বংগ চুলতানীত কেইবাটাও উল্লেখনীয় স্মৃতি সৌধ পোৱা যায়। এই কালৰ বিদেশী আৰু বাঙালী সংস্কৃতিৰ মিলনেৰে এক স্বকীয় শৈলী তৈয়াৰ হৈছিল।[13] বংগ অঞ্চলত শাসন কৰা মুছলিম ৰাজ্যসমূহৰ ভিতৰত বংগ চুলতানী আতাইতকৈ দীৰ্ঘস্থায়ী আৰু বৃহৎ।[14]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "History". Banglapedia. Archived from the original on 29 September 2017. https://web.archive.org/web/20170929104319/http://en.banglapedia.org/index.php?title=History। আহৰণ কৰা হৈছে: 23 September 2017. "Shah-i-Bangalah, Shah-i-Bangaliyan and Sultan-i-Bangalah"
- ↑ Wink, André (2003). Indo-Islamic society: 14th – 15th centuries. BRILL. ISBN 978-9004135611. https://books.google.com/books?id=nyYslywJUE8C&pg=PA139.
- ↑ Uhlig, Siegbert (2003). Encyclopaedia Aethiopica. পৃষ্ঠা. 151.
- ↑ Embree, Ainslie (1988). Encyclopedia of Asian history. Asia Society. পৃষ্ঠা. 149.
- ↑ Richard M. Eaton (31 July 1996). The Rise of Islam and the Bengal Frontier, 1204-1760. University of California Press. পৃষ্ঠা. 64–. ISBN 978-0-520-20507-9. https://books.google.com/books?id=gKhChF3yAOUC&pg=PA64.
- ↑ Keat Gin Ooi (2004). Southeast Asia: A Historical Encyclopedia, from Angkor Wat to East Timor. ABC-CLIO. পৃষ্ঠা. 171. ISBN 978-1-57607-770-2. https://books.google.com/books?id=QKgraWbb7yoC&pg=PA171.
- ↑ "Gaur and Pandua Architecture". Sahapedia. https://www.sahapedia.org/gaur-and-pandua-architecture.
- ↑ "Evolution of Bangla". The Daily Star. 2019-02-21. https://www.thedailystar.net/shout/cover-story/news/evolution-bangla-1705177। আহৰণ কৰা হৈছে: 2019-12-31.
- ↑ Saikia, Mohini Kumar (1978). Assam-Muslim Relation and Its Cultural Significance. Luit Printers. পৃষ্ঠা. 20.
- ↑ Safvi, Rana (2 March 2019). "Once upon a fort: Gaur's Firoz Minar is still an imposing sight". The Hindu. https://www.thehindu.com/society/history-and-culture/once-upon-a-fort-gaurs-firoz-minar-is-still-an-imposing-sight/article26407049.ece.
- ↑ "Bar chart race: the most populous cities through time", Financial Times, https://www.youtube.com/watch?v=pMs5xapBewM, আহৰণ কৰা হৈছে: 2019-12-31
- ↑ Kapadia, Aparna. "Gujarat's medieval cities were once the biggest in the world – as a viral video reminds us". Scroll.in. https://scroll.in/article/917929/medieval-cities-in-gujarat-were-once-the-biggest-in-the-world-their-culture-deeply-influential। আহৰণ কৰা হৈছে: 2019-12-22.
- ↑ "Gaur and Pandua Architecture". Sahapedia. https://www.sahapedia.org/gaur-and-pandua-architecture.
- ↑ Barbara Watson Andaya; Leonard Y. Andaya (19 February 2015). A History of Early Modern Southeast Asia, 1400-1830. Cambridge University Press. পৃষ্ঠা. 114. ISBN 978-0-521-88992-6. https://books.google.com/books?id=0Rh2BgAAQBAJ&pg=PA114.