বাৰ্তা:লাও (পানীয়)

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা



শিৰোনাম[সম্পাদনা কৰক]

লাও আৰু লাও পানী একে নে বেলেগ? যদি একে হয় শিৰোনাম লাও পানী ৰাখিবলৈ প্ৰস্তাৱ আগবঢ়ালোঁ।- অজয়  কথা-বতৰা 06:46, 15 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মোৰ বোধেৰে লাও শব্দই সামগ্ৰিকভাৱে সকলো পৰম্পৰাগত পানীয়কে বুজায়। লাও পানী হৈছে সাঁজ পানী। বিজ্ঞজনৰ মতামত আশা কৰিলোঁ।- চন্দন চিৰিং ফুকন ||✉️ 07:55, 15 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@অজয় দাস@Chiring chandan পৃষ্ঠা টোত ইতিমধ্যে লিখা আছেই লাও কেইবাবিধৰ থাকে। লাওপানী দিলে ভুল হব। যেনেকৈ চাহ পৃষ্ঠাটো লাল চাহ বুলি লিখিলে নহব। খিলঞ্জীত বাৰ্তা 11:16, 15 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
মন্তব্যৰ বাবে ধন্যবাদ। এই বিষয়ে মোৰ জ্ঞান নাই।- অজয়  কথা-বতৰা 11:33, 15 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@অজয় দাস অধ্যয়ন নকৰাকৈ চিধা শিৰোনাম সলনিৰ প্ৰস্তাৱ আগ বঢ়াই আনৰ সময় নষ্ট নকৰিব। খিলঞ্জীত বাৰ্তা 15:19, 16 July 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@সদস্য:KhiLanTzi, আমি লাও বুলি কলে পাচলি এবিধ হে বুজোঁ। "লাও খা বেঙেনা খা" বুলি কওঁতে গৰুক কোনো বিশেষ পানীয় খুওৱাৰ সলনি এবিধ পাচলি হে ব্যৱহাৰ কৰি আহিছোঁ। পানীয় হিচাপে লাও পানীৰ নাম হে শুনিছিলোঁ। পিছে টাই আহোম ভাষাৰ সিমান জ্ঞান নাই যদিও এতিয়া সন্মানীয় সদস্যৰ মন্তব্য কিবা এটা নতুন জনাৰ সুযোগ দিলে। কিন্তু আপোনাৰ মন্তব্যৰ বাবে আকৌ লাওৰ পৰা লাও (পানীয়)লৈ শিৰোনাম স্থানান্তৰ কৰাৰ হে প্ৰয়োজন যেন ভাৱ হৈছে।- অজয়  কথা-বতৰা 15:46, 16 July 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
লাও (পানীয়) কৰিব পাৰে। কিন্তু লাও পানী বুলি কৰিব লাগে বুলি কোৱা দাবী সঁচাকৈ Layman। খিলঞ্জীত বাৰ্তা 15:54, 16 July 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
আপুনি চাগে ভালকৈ পঢ়ি চোৱা নাই। একে নে বুলি প্ৰশ্ন সুধি প্ৰস্তাৱ হে আগবঢ়োৱা হৈছিল। একে নহয় যদি প্ৰস্তাৱৰ কোনো ভিত্তিয়ে নাই আৰু সেইবাবেই আলোচনা সামৰা হৈছিল। দাবী আৰু প্ৰস্তাৱ একে নহয়।- অজয়  কথা-বতৰা 15:59, 16 July 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@অজয় দাসসৰু সৰু কাৰণত অভিযোগ কৰাতকৈ প্ৰবন্ধটো অধ্যয়ন আৰু সম্প্ৰসাৰণ কৰাটো অধিক উপকাৰী খিলঞ্জীত বাৰ্তা 09:00, 18 July 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
শিৰোনাম স্পষ্ট হ’বৰ বাবে লাও (পানীয়)লৈ স্থানান্তৰ কৰা হ’ল। দিব্য দত্ত (বাৰ্তা) 10:48, 18 July 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@User:KhiLanTzi, অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাত ৱিকিপিডিয়াৰ মূল নীতিসমূহ মানি চলিব। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 11:42, 20 July 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Gitartha.bordoloi কথা-বতৰাৰ সময়ত মই কোনো ধৰণৰ অশ্লীল বা ঘৃণামূলক ভাষণ ব্যৱহাৰ কৰা নাই। মই মাত্ৰ তেওঁক ক’লোঁ যে আগতে সঠিক অধ্যয়ন কৰক। আৰু মই ভাবো কাৰোবাক বিষয়টো অধ্যয়ন কৰিবলৈ কোৱাটো অশ্লীল কথা নহয়। চিধাকৈ কোৱা আৰু উদ্ভাণ্ডালি মাজত যথেষ্ট পাৰ্থক্য আছে।তেওঁ এই reverts (revert 1) (Revert 2) (Revert 3)বোৰ কৰিছিল। য'ত তেওঁ ভালকৈ নুচুৱাকৈ মোৰ ISBN যুক্ত গ্ৰন্থৰ তথ্য আঁতৰাই ব্যক্তিগত ব্লগ (personal Blog http://motijan-hazarika-rahman.com/Battle-of-Saraighat.html ) ভিত্তিক তথ্য উভতাই দিলে। গতিকে, তেওঁক বিষয়টো অধ্যয়ন কৰি সঠিকভাৱে চাবলৈ কোৱাটো অতি প্ৰয়োজনীয় আছিল। তৰ্ক কৰাৰ পৰিৱৰ্তে আমি সভ্যতাৰ পৃষ্ঠাটো অসমীয়ালৈ অনুবাদ কৰা অধিক জৰুৰী বুলি মই ভাবো। চিধাকৈ কও মিঠাকৈ কব নাজানো কিন্তু ইয়াৰ অৰ্থ অসভ্যতা নহয়।খিলঞ্জীত বাৰ্তা 13:52, 21 July 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]