ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
12,745 বাইট যোগ দিয়া হ’ল ,  9 মাহ পূৰ্বে
 
ওপৰৰ সংজ্ঞাসমূহৰ পৰা এটি ধাৰণাৰ কৰিব পাৰি যে- মানুহে নিজ ইচ্ছাৰে বাগিন্দ্ৰীয়ৰ দ্বাৰা উচ্চাৰিত কৰা সু-সংগঠিত, সু-পৰিকল্পিত আৰু যাদৃচ্ছিক প্ৰতীকৰ অৰ্থবহ এক পদ্ধতি, যাৰ দ্বাৰা বিশেষ জনসমষ্টিয়ে পৰস্পৰে ভাৱৰ আদান-প্ৰদান কৰি দৈনন্দিন জীৱনৰ কাৰ্য চলায়।
== ভাষাৰ উৎপত্তি ==
ভাষা কেনেকৈ উৎপত্তি হ'ল, এই সম্পৰ্কে পণ্ডিতসকলৰ মাজত যথেষ্ট আলোচনা হৈছে, কিন্তু কোনো এজন পণ্ডিতে সিদ্ধান্ত দিব পৰা নাই। ঊনবিংশ শতিকাৰ আগলৈকে পণ্ডিতসকলৰ মনত ভাষা সৃষ্টিৰ ক্ষেত্ৰ 'ভগৱানৰ প্ৰত্যক্ষ দান' এই ধাৰণাটো সোমাই আছিল। কিন্তু আধুনিক ভাষাবিজ্ঞানীসকলে এই ধাৰণাটো মানি ল'ব নোখোজে। বিশেষকৈ জে.ডি.হাৰ্ডাৰৰ 'The Origin of Language' নামৰ গ্ৰন্থখন ৰচনাৰ পাছত ভাষাবিজ্ঞানীসকলৰ মনৰ পৰা ভাষা 'ভগৱানৰ প্ৰত্যক্ষ দান' এই ধাৰণাটো আঁতৰি যায়।
 
ভাষাৰ উৎপত্তিৰ ইতিহাস ৰহস্যৰ কুঁৱলীৰে আবৃত যদিও ভাষাৰ উৎপত্তি সম্পৰ্কে বহুতো সূত্ৰ পোৱা যায়। এই সূত্ৰসমূহ অনুকৰণবাদ, ইংগিতধৰ্মিতা, প্ৰতীক, সহজাত প্ৰবৃত্তি আদিৰ লগত সম্পৰ্কজনিত। ভাষাৰ উৎপত্তি সম্পৰ্কীয় এই সূত্ৰসমূহ তলত উল্লেখ কৰা হ'ল<ref name=":0">Charles Barber : The Study of Language, P. 31 - 38.</ref> -
 
* অনুকৰণ সূত্ৰ (The Bow-Bow Theory)
* সহজাত প্ৰবৃত্তিজনিত সূত্ৰ (The Pooh-Pooh Theory)
* শব্দৰ অনুকৰণ সূত্ৰ (The Ding Dong Theory)
* ইংগিতধৰ্মী সূত্ৰ (The Gesture Theory)
* ভাৰসাম্য সূত্ৰ (The Yo-he-ho Theory)
* সংগীতধৰ্মী সূত্ৰ (The Musical Theory)
* ক্ৰমবিকাশবাদ সূত্ৰ (Theory of Evolution)
 
অনুকৰণ সূত্ৰ
 
মানুহ স্বাভাৱিকতে অনুকৰণশীল। পণ্ডিতসকলে অনুকৰণৰ পৰাই ভাষাৰ জন্ম হৈছে বুলি অনুমান কৰি লয়। আদিম কালত মানুহে পাৰিপাৰ্শ্বিক জগতৰ জীৱ-জন্তুৰ মাতৰ অনুকৰণত কিছুমান শব্দ সৃষ্টি কৰি লৈছিল। মেকুৰীৰ মাত - মেউ মেউ, কুলিৰ মাত - কুউ কুউ আদি শব্দৰ পৰা ধ্বন্যাত্মক শব্দৰ সৃষ্টি হৈছিল। বিভিন্ন জীৱ-জন্তু, চৰাই-চিৰিকটি, কীট-পতংগ আদিৰ মাত সুকীয়া। এনেদৰে জীৱ-জন্তুৰ মাত অনুকৰণৰ দ্বাৰাই মানুহে ভাষাৰ অনুশীলন কৰিবলৈ শিকে। জীৱ-জন্তুৰ বাহিৰেও প্ৰাকৃতিক জগতৰ অন্যান্য বস্তুৰ পৰা সৃষ্টি হোৱা ধ্বনিৰ অনুকৰণৰ দ্বাৰাও শব্দ সৃষ্টি কৰা হৈছিল। যেনে:- কেৰ-কেৰ, মেৰ-মেৰ, জন-জন ইত্যাদি।
 
সহজাত প্ৰবৃত্তিজনিত সূত্ৰ
 
মানুহৰ কিছুমান সহজাত প্ৰবৃত্তি আছে। এই সহজাত প্ৰবৃত্তিসমূহে ভাষা সৃষ্টিত ইন্ধন যোগাই আহিছে। মানুহে সুখ-দুখ, আনন্দ-বিষাদ, বিস্ময়, ক্ৰোধ আদি প্ৰকাশ কৰিবলৈ মুখেৰে কিছুমান শব্দ উচ্চাৰণ কৰে। যেনে - উহ্, আঃ, বাঃ বাঃ আদি। কিন্তু প্ৰত্যেক ভাষাৰে এনে ভাব প্ৰকাশক শব্দবোৰ সুকীয়া সুকীয়া। মানুহৰ মনৰ ভাব প্ৰকাশক এনে শব্দবোৰে পাছলৈ ভাষা সৃষ্টিত ইন্ধন যোগাইছে বুলি ভবাৰ থল আছে। মনৰ ভাবৰ লগত সংগতি থকা এই সূত্ৰটোক মেক্সমূলাৰে 'pooh-pooh theory' বুলি অভিহিত কৰিছিল।
 
শব্দৰ অনুকৰণ সূত্ৰ
 
কিছুমান বস্তুত বৰ জোৰেৰে আঘাত কৰিলে টং টং শব্দ; ডবা এটাত কোবালে ধুম ধুম, ধাম ধাম; ঢোল এটা বজালে ধিং দাও, ধিং দাও আদি শব্দৰ সৃষ্টি হয়। বিভিন্ন বস্তুত আঘাত কৰাৰ পাছত সৃষ্টি হোৱা শব্দবোৰ মানুহৰ কাণত প্ৰতিধ্বনিত হয়, অৰ্থাৎ মানুহে শুনিবলৈ পায়। এনেদৰে বস্তুৰ মাধ্যমেদি সৃষ্টি হোৱা শব্দবোৰে ভাষা বিকাশত অৰিহণা যোগাইছিল বুলি পণ্ডিতসকলে অনুমান কৰে। মেক্সমূলাৰে ভাষা সৃষ্টিৰ এই সূত্ৰটোক প্ৰথমে সমৰ্থন কৰিছিল যদিও পাছলৈ সমৰ্থন কৰা নাছিল।
 
ইংগিতধৰ্মী সূত্ৰ
 
ইংগিতৰ পৰা ভাষাৰ সৃষ্টি হ'ব পাৰে, এই সূত্ৰটোৰ প্ৰধান বক্তা হ'ল মাউথ গেইছাৰ (Mouth Gesture)। মানুহে বিভিন্ন অংগী-ভংগীৰে ভাব প্ৰকাশ কৰে, আনকি জীৱ-জন্তুৱেও নানা চিৎকাৰেৰে বিশেষ অৰ্থ প্ৰকাশ কৰিব খোজে। কলা-বোবা মানুহে ভাব প্ৰকাশ কৰিবলৈ অংগী-ভংগী ব্যৱহাৰ কৰে, নৃত্য পটীয়সীয়ে অংগী-ভংগী বা হস্ত মুদ্ৰাৰ সহায়ত সীমিত সংখ্যক ভাব বিনিময় কৰে, কোনো কথা বা কামৰ সন্মতি প্ৰকাশ কৰা বুজাবলৈ মানুহে মুখেৰে শব্দ উচ্চাৰণ নকৰি মূৰ দুপিয়ায়, এনেদৰে ইংগিতৰ সহায়ত ভাব প্ৰকাশ কৰিবলৈ যত্ন কৰে। এই সূত্ৰটোৰ মতে ই চাৰিটা স্তৰ অতিক্ৰম কৰি আহিছে বুলি ধৰা হয়। প্ৰথম স্তৰত মানুহে শোক, দুখ, ভয়, ক্ৰোধ আদি অনুভূতিবোৰ প্ৰকাশ কৰিবলৈ জন্তুৰ দৰে কিছুমান প্ৰতীকাত্মক ধ্বনি প্ৰকাশ কৰিছিল। দ্বিতীয় স্তৰৰ জীৱ-জন্তু বা অন্যান্য বস্তুৰ দ্বাৰা সৃষ্টি হোৱা ধ্বনিবোৰ অনুকৰণৰ দ্বাৰা আয়ত্ত কৰিছিল। তৃতীয় স্তৰত মানুহে কিছুমান শব্দ আহৰণ কৰিছিল আৰু চতুৰ্থ স্তৰত ক্ৰমান্বয়ে মনৰ ভাব প্ৰকাশক কিছুমান শব্দ সৃষ্টি কৰি লৈছিল বুলি ভবা হয়।
 
ভাৰসাম্য সূত্ৰ
 
মানুহে কোনো গধুৰ বস্তু দাঙিবলৈ শাৰীৰিক বল বা শক্তি খটুৱায়। এনেদৰে আদিম মানৱেও কোনো কাৰ্য কৰোঁতে শৰীৰৰ বল প্ৰয়োগ কৰিছিল। এনে কৰোঁতে শক্তিৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ মুখেৰে কিছুমান শব্দ উচ্চাৰণ কৰিছিল। উদাহৰণস্বৰূপে এজোপা ডাঙৰ গছ আঁতৰাবলৈ, শিল এটা বগৰাবলৈ বা আন গধুৰ বস্তু দাঙিবলৈ বা আঁতৰাবলৈ বল প্ৰয়োগ কৰোঁতে মুখেৰে 'হেইয়া-হো-হৈ-চো' আদিৰ দৰে বিভিন্ন ধ্বনি উচ্চাৰণ কৰিছিল। এনেদৰে উচ্চাৰিত হোৱা ধ্বনিসমূহৰ পৰাই ভাষাৰ সৃষ্টি হোৱা বুলি অনুমান কৰা হয়। ঊনবিংশ শতিকাৰ নয়ৰ নামৰ পণ্ডিতে ভাষা সৃষ্টিৰ এই সূত্ৰ আগবঢ়ায় আৰু এ.এছ.ডায়মণ্ড (A. S. Diamond)<ref name=":0" /> নামৰ আন এজন পণ্ডিতে এই সূত্ৰৰ ব্যাখ্যা দাঙি ধৰে।
 
সংগীতাত্মক সূত্ৰ
 
অট' জেচ্ পাৰচনে সংগীতৰ পৰা ভাষা সৃষ্টি হৈছে এই সূত্ৰটো সমৰ্থন কৰিছিল। তেওঁৰ মতে<ref>The first utterances of speech I fancy to myself like something between the nightly love lyrics to pass upon the tiles and the melodious love songs of the Nightingale. C. L. Barber : The Story of Language, P. 38.</ref> - মানুহৰ মনত ক্ৰিয়া কৰা সাংগীতিক মধুৰতাৰ পৰা ভাষাৰ জন্ম হৈছে। ভাষাৰ উচ্চাৰণৰ এই মধুৰতাক নিশাৰ সংগীত আৰু নাইটিংগেলৰ মধুৰ সংগীতৰ লগত তুলনা কৰিছে। সংগীত সৃষ্টিৰ এই সূক্ষ্ম অনুভূতিবোৰেও ভাষাৰ সৃষ্টিত ইন্ধন যোগাই আহিছে বুলি পণ্ডিতসকলে ধাৰণা কৰে।
 
ক্ৰমবিকাশবাদ সূত্ৰ
 
মানুহৰ মন আৰু বুদ্ধিৰ বিকাশৰ লগে লগে ভাষাইও বিকাশৰ পথত আগবাঢ়ে। এনেদৰে প্ৰাচীনকালৰ পৰাই ভাষাই ক্ৰমবিকাশৰ মাজেৰে বৰ্তমানৰ অৱস্থা পাইছে বুলি পণ্ডিতসকলে ধাৰণা কৰে। অট' জেচ্ পাৰচনৰ ধাৰণা যে<ref>Otto Jesperson, Language, P. 43.</ref> - 'ভাষা এনে এটা স্তৰৰ পৰা উৎপন্ন হৈছে, যি সময়ত নেকি ডিঙি আৰু মুখৰ মাংসপেশীবোৰৰ চালনা আৰু কিছু সুৱদি নাইবা আচৰিত ধ্বনি উচ্চাৰণ কৰি নিজে আনন্দ লাভ কৰা নাইবা আনক আনন্দ দিয়াৰ বাহিৰে আন একো উদ্দেশ্য নাছিল। এনে আনন্দ দান বা আনন্দ লাভ কৰাৰ উদ্দেশ্যতে ভাষাৰ সৃষ্টি হোৱা বুলিও অনুমান কৰিব পাৰি। '
 
ভাষা কেনেকৈ উৎপত্তি হ'ল, এই সম্পৰ্কে পণ্ডিতসকলৰ মাজত যথেষ্ট আলোচনা হৈছে, কিন্তু কোনো এজন পণ্ডিতে সিদ্ধান্ত দিব পৰা নাই। ঊনবিংশ শতিকাৰ আগলৈকে পণ্ডিতসকলৰ মনত ভাষা সৃষ্টিৰ ক্ষেত্ৰ 'ভগৱানৰ প্ৰত্যক্ষ দান' এই ধাৰণাটো সোমাই আছিল। কিন্তু আধুনিক ভাষাবিজ্ঞানীসকলে এই ধাৰণাটো মানি ল'ব নোখোজে। বিশেষকৈ জে.ডি.হাৰ্ডাৰৰ 'The Origin of Language' নামৰ গ্ৰন্থখন ৰচনাৰ পাছত ভাষাবিজ্ঞানীসকলৰ মনৰ পৰা ভাষা 'ভগৱানৰ প্ৰত্যক্ষ দান' এই ধাৰণাটো আঁতৰি যায়।
 
62

টা সম্পাদনা

সা-সঁজুলি