ভদৰকলি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভদৰকলি (Great Tit)
মতা ভদৰকলি চৰাই
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Passeriformes
পৰিয়াল: Paridae
গণ: Parus
প্ৰজাতি: P. major
বৈজ্ঞানিক নাম
Parus major
Linnaeus, 1758
Map of Eurasia and North Africa with ranges depicted in four colours
ভদৰকলিৰ বিতৰণ

ভদৰকলি (ইংৰাজী: Great Tit, বৈজ্ঞানিক নাম-Parus major) ‘’Paridae’’ পৰিয়ালৰ অন্তৰ্ভুক্ত এটা সৰু আকাৰৰ চৰাইপ্ৰজাতি৷ ই ইউৰোপ, এছিয়া তথা আফ্ৰিকা মহাদেশত বহুলভাৱে বিস্তৃত হৈ আছে৷ ইয়াক সাধাৰণতে স্থানীয়ভাৱে দেখা পোৱা যায়৷ ভদৰকলিৰ আকাৰ সৰু৷ ইয়াৰ মূৰ আৰু ডিঙি অংশ ক’লা, মুখ বগা আৰু গাৰ তলৰ অংশ হালধীয়া হয়৷[2]

টেক্স’নমি[সম্পাদনা কৰক]

পোনপ্ৰথমে ওঠৰশ শতিকাত কাৰ্ল লিনিয়াছ (Carl Linnaeus) এ তেওঁৰ গ্ৰন্থ চিষ্টেমা নেচুৰীত ভদৰকলিৰ বৰ্ণনা কৰিছিল৷[3] ইয়াৰ বৈজ্ঞানিক নাম লেটিন শব্দ ‘parus’ ৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ ডাঙৰ৷[4] বৰ্তমানলৈকে ভদৰকলিৰ ১৪ বিধ উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে-[5]

Great Tit perched on twig. It has a wide black band down its breast and belly.
At Kew Gardens, London. The British subspecies P. m. newtoni has a wider mid-line ventral stripe on the lower belly than the nominate race.

বিৱৰণ[সম্পাদনা কৰক]

ভদৰকলিৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ১২.৫-১৪ ছে:মি হয়৷ ইয়াৰ দেহৰ বৰণ তথা সজ্জাৰ বাবে সহজেই চিনাক্ত কৰিব পৰা যায়৷ ইয়াৰ ডিঙি, মূৰ ক’লাবৰণৰ আৰু গাল বগা হোৱা দেখা যায়৷ ইয়াৰ দেহৰ বুকু অংশ হালধীয়া আৰু তাৰ মাজেদি দীঘলীয়াকৈ এডাল বহল ক’লা আঁচ থাকে৷ ডেউকা দুখন মটীয়া আৰু তাতে বগা আঁচ (wing-bar) থকা দেখা যায়৷ ইয়াৰ নেজডালো নীলা-মটীয়া৷ ভদৰকলিৰ মতা আৰু মাইকীৰ দেহৰ বৰণ প্ৰায় একে, কেৱল ইয়াৰ দেহৰ বৰণ মতাটোতকৈ শেঁতা হয় আৰু ডিঙিৰ মাজেৰে বুকুলৈকে থকা ক’লা আঁচডালো পাতল বৰণৰ হয়৷ [5] পোৱালি ভদৰকলি চৰাই দেখাত সাধাৰণতে মাইকীজনীৰ দৰেই হয়৷ [5]


বিতৰণ[সম্পাদনা কৰক]

জাৰ্মানিত মানুহে সঁজা বাঁহ (Nest box)ত ভদৰকলি

সমগ্ৰ ইউৰেচিয়াতে ভদৰকলি চৰাই বহুলভাৱে বিস্তৃত হৈ আছে৷ ইয়াক প্ৰধানকৈ ইউৰোপ, আফ্ৰিকা, এছিয়াইৰাণ, আফগানিস্তান ৰ পৰা চীন পৰ্যন্ত দেখা পোৱ যায়৷[5]

বাসস্থান[সম্পাদনা কৰক]

ভদৰকলিয়ে বিভিন্ন ধৰণৰ বাসস্থানত বসবাস কৰিব পাৰে৷ সাধাৰণতে ইয়াক মুকলি পৰ্ণপাতী অৰণ্য ( deciduous woodland), মিশ্ৰিত বনাঞ্চল (mixed forests) তথা বনাঞ্চলৰ দাঁতিকাষৰীয়া অঞ্চল (forest edges) সমূহত দেখা পোৱা যায়৷[5]

আচৰণ[সম্পাদনা কৰক]

মাত[সম্পাদনা কৰক]

ভদৰকলিৰ মাত

ভদৰকলিয়ে প্ৰায় ৪০ বিধ পৰ্যন্ত বেলেগ বেলেগ মাত উলিয়াব পাৰে৷ সাধাৰণতে মতা চৰায়ে মাইকীজনীতকৈ বেছিকৈ মাত মাতে৷[5] In former times, English folk considered the "saw-sharpening" call to be a foretelling of rain.[7]

খাদ্য[সম্পাদনা কৰক]

ভদৰকলি ঘাইকৈ পতংগভোজী (insectivorous)৷ গ্ৰীস্মকালত ই গছৰ ডালে-পাতে থকা পোক-পতংগ, মকৰা আদি ধৰি খায়৷[8] তাৰোপৰি ই পইঁতাচোৰা, ফৰিং, পৰুৱা, মাখি-মৌ, সৰু শামুক আদিও খোৱা দেখা যায়৷[5] প্ৰজনন কালত ই পোৱালিক খুৱাবৰ বাবে প্ৰটিন সমৃদ্ধ খাদ্য যেনে পলু আদি পছন্দ কৰে৷ [9]

প্ৰজনন[সম্পাদনা কৰক]

ভদৰকলিয়ে প্ৰজননৰ কালত নিজৰ টেৰীটৰী (territory) গঠন কৰে৷ [10] সাধাৰণতে এই প্ৰক্ৰিয়া জানুৱাৰীত আৰম্ভ হয়৷ [5] সুৰ্য্যৰ পোহৰ তথা দিনৰ উষ্ণতাই ইয়াৰ প্ৰজনন কালত প্ৰভাৱ পেলাই বুলি জনা যায়৷[5] ভদৰকলিয়ে গছৰ খোৰোং নাইবা শিলৰ ফাঁকত সাধাৰণতে বাহ সাজে৷ বাহ সাজিবলৈ ই প্ৰধানকৈ ঘাঁহ, পাখি, গছৰ পাত আদি ব্যৱহাৰ কৰে৷ এবাৰত প্ৰায় ৫ ৰ পৰা ১২ টালৈকে কণী পাৰে৷ [11] কণীবোৰ দেখাত বগা আৰু ৰঙা ফুটুকীয়া হয়৷ মাইকী চৰাইজনীয়ে পোৱালিৰ উমনি দিয়ে৷ জন্মৰ পিছত মতা-মাইকী দুয়ো পোৱালিৰ যত্ন লোৱাৰ দায়িত্ব পালন কৰে৷[5] জন্মৰ সময়ত ইয়াৰ পোৱালি নোমবিহীন আৰু অন্ধ হয়৷[12]


তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. BirdLife International (2012). "Parus major". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/160032615। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. Péter Estók, Sándor Zsebők and Björn M. Siemers (2009). "Great tits search for, capture, kill and eat hibernating bats". Biology Letters খণ্ড 6 (1): 59–62. doi:10.1098/rsbl.2009.0611. PMID 19740892. 
  3. লেটিন Linnaeus, C (1758). Systema naturae per regna tria naturae, secundum classes, ordines, genera, species, cum characteribus, differentiis, synonymis, locis. Tomus I. Editio decima, reformata.. Holmiae (Laurentii Salvii). পৃষ্ঠা. 189. "P. capite nigro, temporibus albis, nucha lutea" 
  4. Simpson, D.P. (1979). Cassell's Latin Dictionary (5 সম্পাদনা). প্ৰকাশক London: Cassell Ltd.. পৃষ্ঠা. 883. ISBN 0-304-52257-0. 
  5. 5.00 5.01 5.02 5.03 5.04 5.05 5.06 5.07 5.08 5.09 Gosler, Andrew; Clement, Peter (2007). "Family Paridae (Tits and Chickadees)". In del Hoyo, Josep; Elliott, Andrew; Christie, David. Handbook of the Birds of the World. Volume 12: Picathartes to Tits and Chickadees. প্ৰকাশক Barcelona: Lynx Edicions. পৃষ্ঠা. 662–709. ISBN 978-84-96553-42-2. 
  6. Mlíkovský, Jiří (26 August 2011). "Nomenclatural and taxonomic status of bird taxa (Aves) described by an ornithological swindler, Josef Prokop Pražák (1870–1904)". Zootaxa (3005): 45–68. 
  7. Swann, H Kirke (1913). A dictionary of English and folk-names of British Birds. Witherby & Co, London. পৃষ্ঠা. 108. ISBN 0-7158-1239-4. http://www.archive.org/stream/dictionaryofengl00swannhk#page/108/mode/1up/. 
  8. Ehrlich, Paul; Dobkin, David; Wheye, Darryl; Pimm, Stuart (1994). The Birdwatcher's Handbook. Oxford University Press. পৃষ্ঠা. 434. ISBN 0-19-858407-5. 
  9. Royoma, T (1970). "Factors governing the hunting behaviour and selection of food by the Great Tit (Parus major L.)". Journal of Animal Ecology খণ্ড 39 (3): 619–668. doi:10.2307/2858. 
  10. Krebs, John R. (1971). "Territory and breeding density in the Great Tit, Parus major L". Ecology খণ্ড 52 (1): 3–22. 
  11. Perrins, C.M.; R. H. McCleery (1989). "Laying dates and clutch size in the Great Tit". Wilson Bulletin খণ্ড 101 (2): 236–253. 
  12. Ismael Galván, Luisa Amo, and Juan J. Sanz (2008). "Ultraviolet-blue reflectance of some nestling plumage patches mediates parental favouritism in great tits Parus major". Journal of Avian Biology খণ্ড 39 (3): 277–82. doi:10.1111/j.0908-8857.2008.04273.x. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]