সমললৈ যাওক

ভূটানৰ পৰ্যটন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পাৰো বিমান বন্দৰত ড্ৰুক বিমান A319

ভূটানৰ পৰ্যটন (ইংৰাজী: Tourism in Bhutan)ক্ষেত্ৰ আৰম্ভ হৈছিল ১৯৭৪ চনত, যেতিয়া ভূটান চৰকাৰে ৰাজহ সংগ্ৰহ আৰু ভূটানৰ অনন্য সংস্কৃতি আৰু পৰম্পৰাক বহিৰ্জগতৰ আগত প্ৰচাৰৰ উদ্দেশ্যে তেতিয়ালৈকে বহিৰ্বিশ্বৰ সৈতে বিচ্ছিন্ন দেশখন বিদেশীৰ বাবে মুকলি কৰি দিছিল। ১৯৭৪ চনত মুঠ ২৮৭ জন পৰ্যটকে ভূটান ৰাজ্য ভ্ৰমণ কৰিছিল। ১৯৯২ চনত ভূটান ভ্ৰমণলৈ অহা পৰ্যটকৰ সংখ্যা ২,৮৫০ লৈ বৃদ্ধি পায় আৰু ১৯৯৯ চনত নাটকীয়ভাৱে ৭,১৫৮ লৈ বৃদ্ধি পায়।[1] ১৯৮০ চনৰ শেষৰ ফালে পৰ্যটনৰ বাৰ্ষিক ৰাজহে ২০ লাখ মাৰ্কিন ডলাৰৰ ওপৰত অৰিহণা যোগাইছিল।

বিদেশীৰ বাবে মুকলি কৰিছিল যদিও ভূটান চৰকাৰে ভূটানৰ অনন্য আৰু কাৰ্যতঃ অক্ষত ভূ-প্ৰকৃতি আৰু সংস্কৃতিৰ ওপৰত পৰ্যটনে কি প্ৰভাৱ পেলাব পাৰে সেই বিষয়ে তীব্ৰভাৱে সচেতন আছিল। সেই অনুসৰি তেওঁলোকে আৰম্ভণিৰে পৰাই পৰ্যটকৰ কাৰ্যকলাপৰ মাত্ৰা সীমিত কৰি ৰাখিছে, উচ্চমানৰ পৰ্যটকক অগ্ৰাধিকাৰ দিছে। প্ৰথম অৱস্থাত এই নীতিক “উচ্চ মান, কম আয়তন’’ৰ[2]পৰ্যটন ৰখা হৈছিল৷ ২০০৮ চনত ইয়াৰ নাম সলনি কৰা হয় “উচ্চ মূল্য, কম প্ৰভাৱ’’, “এটা সূক্ষ্ম কিন্তু উল্লেখযোগ্য পৰিৱৰ্তন’’। কম সংখ্যক দৰ্শনাৰ্থীৰ জৰিয়তে কম প্ৰভাৱ নিশ্চিত হোৱাত ভূটান ভ্ৰমণ কৰিবলৈ ভ্ৰমণকাৰী বিত্তশালী হোৱাটো এক প্ৰয়োজনীয়তা,[3] যিয়ে সমালোচনাৰ সুৰুঙা এৰি দিছে আৰু “উচ্চ মূল্যৰ পৰ্যটক’’ হ’বলৈ ধনী হ’ব লাগিব নেকি বুলি প্ৰশ্ন উত্থাপিত কৰিছে৷[4] পৰ্যটকৰ বাবে প্ৰতিজন ব্যক্তিৰ বাবে প্ৰতিদিনে ২০০ মাৰ্কিন ডলাৰ মাচুল আৰোপ কৰা হৈছে।[5] ২০০৫ চনত “বহনক্ষম পৰ্যটন উন্নয়ন কৌশল’’ নামৰ এখন নথিত “ভূটানক ধনী বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণীয় যোগ্য গন্তব্যস্থান হিচাপে প্ৰচাৰ কৰিবলৈ দেশৰ সংস্কৃতি আৰু পৰিৱেশ ব্যৱহাৰ কৰি পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল’’।[6] ভূটানৰ ৰাজধানী থিম্ফুত পৰ্যটনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কেন্দ্ৰসমূহ হৈছে থিম্ফু, পশ্চিমৰ পাৰো চহৰ, টকছাং, পাৰোৰ পৰা দেখা পোৱা টাইগাৰ নেষ্ট আদি৷ টাইগাৰ নেষ্ট বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ বাবে পৱিত্ৰ। মন্দিৰৰ ভিতৰত আছে এটা গুহা, য’ত বৌদ্ধ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ভূটানলৈ অহা বৌদ্ধ ধৰ্মগুৰুৱে ৯০ দিন ধ্যান কৰিছিল। হাজাৰ বছৰৰো অধিক আগৰে পৰা মন্দিৰটো পাহাৰৰ গাত আছে।

ভূটানৰ ভ্ৰমণ

[সম্পাদনা কৰক]
হিন্দু ধৰ্মাৱলম্বীসকলৰ মন্দিৰ, থিম্ফু

ভূটান চৰকাৰে ১৯৯১ চনৰ অক্টোবৰ মাহত “ভূটান পৰ্যটন নিগম’’(বিটিচি)ক ব্যক্তিগতকৰণ কৰি ব্যক্তিগত খণ্ডৰ বিনিয়োগ আৰু কাৰ্যকলাপৰ সুবিধা কৰি দিয়ে। ফলত ২০১৮ চনলৈকে দেশখনত ৭৫টাতকৈও অধিক অনুজ্ঞাপত্ৰপ্ৰাপ্ত পৰ্যটন কোম্পানীয়ে কাম কৰে।[1] পূৰ্বতে সকলো পৰ্যটকে (গোট বা ব্যক্তিগত) পৰিকল্পিত, প্ৰিপেইড, গাইড পেকেজ-ট্যুৰ বা কাষ্টম-ডিজাইন কৰা ট্ৰেভেল-প্ৰগ্ৰেম অনুসৰি যাত্ৰা কৰিবলগীয়া হৈছিল। সম্ভাৱ্য পৰ্যটকসকলে চৰকাৰীভাৱে অনুমোদিত ট্যুৰ অপাৰেটৰৰ জৰিয়তে পোনপটীয়াকৈ বা বহিঃৰাজ্যৰ এজেণ্টৰ জৰিয়তে ব্যৱস্থা কৰিবলগীয়া হৈছিল।

২০২২ চনৰ জুন মাহত ভূটানৰ পৰ্যটন নীতি আৰু অধিক সংশোধন কৰি ইয়াৰ ‘উচ্চ মূল্য, কম পৰিমাণ’ নীতি বজাই ৰখা হয় আৰু ভূটানলৈ ভিছা লাভ কৰিবলৈ সকলো বিদেশী লোকে প্ৰতি নিশাৰ বাবে বহনক্ষম উন্নয়ন মাচুল[7] হিচাপে ২০০ মাৰ্কিন ডলাৰ দিবলগীয়া হয়, আনহাতে ভাৰতীয় নাগৰিকে অনুমতি পত্ৰ লাভ কৰিবলৈ ১২০০ দিবলগীয়া হয়। ২০২৩ চনৰ আগষ্টৰ পৰা আৰম্ভ কৰি এছডিএফ ১০০ ডলাৰলৈ হ্ৰাস পায়, আনহাতে ভাৰতীয়সকলৰ বাবে এই ধনৰাশি একেই থাকে।[8] অৱশ্যে যাত্ৰীসকলে এতিয়া দেশ ভ্ৰমণৰ সময়ত নিজৰ থকাৰ ব্যৱস্থা আৰু ভ্ৰমণসূচী নিজে ব্যৱস্থা কৰিব পাৰিব। ভূটানৰ আপডেট কৰা ভিছা নীতিৰ ভিত্তিত ভূটান ভ্ৰমণৰ পূৰ্বে প্ৰায় সকলো পৰ্যটকে নিজৰ ভিছা বা অনুমতিৰ[9] পূৰ্ব-ব্যৱস্থা কৰিব লাগিব

বিমান পৰিবহন

[সম্পাদনা কৰক]
পাৰো আন্তৰ্জাতিক বিমান বন্দৰ

২০১১ চনৰ ডিচেম্বৰ মাহত ভূটান এয়াৰলাইন্সৰ প্ৰৱৰ্তনৰ দ্বাৰা ভূটানৰ বিমান উদ্যোগটো মুক্ত হোৱালৈকে।[10] ১৯৮১ চনত প্ৰতিষ্ঠা হোৱা ড্ৰুক এয়াৰ লাইনচৰ বিমানেই আছিল ভূটানত বিমান চলাচল কৰা একমাত্ৰ বিমান সংস্থা আছিল,[11]

পৰ্যটকৰ আগমন

[সম্পাদনা কৰক]
পাৰোৰ টকছাং মনেষ্ট্ৰী

২০১৯ চনলৈকে দেশত সৰ্বাধিক পৰ্যটকৰ সংখ্যা আছিল, ৩ লাখ ১৫ হাজাৰতকৈ অধিক লোক। বিশেষকৈ ভাৰত, থাইলেণ্ড, ভিয়েটনাম, ফিলিপাইনছ, অষ্ট্ৰেলিয়া, জাপান, চীন, ছিংগাপুৰ, বাংলাদেশ, মালয়েছিয়া আৰু দক্ষিণ কোৰিয়াৰ পৰ্যটকক এছিয়া-পেচিফিক বজাৰে এই বৃদ্ধিত অৰিহণা যোগাইছে৷ পশ্চিমীয়া বজাৰসমূহো বৃদ্ধি পাইছে, বিশেষকৈ আমেৰিকা, যুক্তৰাজ্য, জাৰ্মানী আৰু ফ্ৰান্সৰ আদিৰ পৰা।[12]

হ্ৰস্বম্যাদী ভিত্তিত ভূটানলৈ অহা অধিকাংশ দৰ্শনাৰ্থী আছিল তলত উল্লেখ কৰা দেশসমূহৰ:[13][14][15]

স্থানদেশ বা ঠাইৰ নাম২০১৯২০১৮২০১৭২০১৬২০১৫২০১৪২০১৩২০১২
1 ভাৰত২৩০,৩৮১১৯১,৮৩৬১৭২,৭৫১১১৪,৩০১প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়
2 বাংলাদেশ১৩,০১৬১০৪৫০১০৫৩৬৭,৭৫৩প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়
3 আমেৰিকা যুক্তৰাষ্ট্ৰ১১,৭০৭১০,৫৬১৯,২২০৭,২৯২৭,১৩৭৭,২৯১৬,৯৯৭৬,১০২
4 চীন৭,৫৬৪৬,৮৭৮৬,৪২১৯,২০৮৯,৩৯৯৮,১১১৪,৮২৭৩,৮১৬
5 ছিংগাপুৰ৪,৭৪৪৩,৮৮৬৪,১২৯৩,০১৫২,৫৮৭১,৭২০২,০৫১
6 যুক্তৰাজ্য৪,২৪১৩,৫৮৫৩,২৪৬৩,১২৪২,৯৫৮২,৬৮০২,৩০৯২,৪৯১
7 থাইলেণ্ড৪,০৮৬৩,৮৮৬৪,০৪৭৪,১৭৭৩,৭৭৮১২,১০৫৩,৫২৭৩,৬১৭
8 জাৰ্মানী৩,৩৭৫৩,৪২২২,৯৭০২,২৯৭২,৪৯৮২,৯৭১২,৭৭০২,৮৯৫
9 অষ্ট্ৰেলিয়া৩,১৫৩২,৭৩৯২,২৪৯১,৮১৮১,৮৩৩২,০৩৭২,০৬২১,৯৫০
10 জাপান৩,০১০২,৬৭৪২,৭৪৪৪,৮৩৩২,৪৩৭২,৭০৭৪,০৩৫৭,০২৯
11 মালয়েছিয়া২,৭৬১৩,১৪০২,৯৫৬১,৯৬৭১,৫৪৬২,০৬৭২,০৫৪১,৩১২
12 ভিয়েটনাম2,0721,9611,423প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়
13 ফ্ৰান্স১,৯৫৩১,৭৭৩১,৫৪৫১,৫০১১,৫৬৩১,৬৩৬১,৫৭২১,৮৬৩
14 ফিলিপাইন১,৯১২১,০৮৯১,১০১প্ৰযোজ্য নহয়
15 কানাডা১,৮৭০১,৮০৭১,৫২৪১,১১০প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়
16 স্পেইন১,৬৫৯১,৩৯৭১,১৪২প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়
17 টাইৱানপ্ৰযোজ্য নহয়১,৪৯৬১,৪৯১১,৮১২প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়
18 ছুইজাৰলেণ্ডপ্ৰযোজ্য নহয়১,৩৭৯১,৩৫২প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়
19 ইটালীপ্ৰযোজ্য নহয়১,২২৯৯৭৮প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়
20 ইণ্ডোনেছিয়াপ্ৰযোজ্য নহয়১,০৩৩প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়
21 নেডাৰলেণ্ডচপ্ৰযোজ্য নহয়৭৫৭প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়
অন্য২০,০০৭প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়
মুঠ৩১৫,৫৯৯২৭৪,০৯৭২৩৭,৫২৯২০৯,৫৭০১৫৫,১২১১৩৩,৪৮০১১৬,২০৯১০৫,৪০৭

ইউনেস্ক’ৰ সাম্ভাব্য তালিকা

[সম্পাদনা কৰক]

২০১২ চনত ভূটানে আনুষ্ঠানিকভাৱে নিজৰ দৰ্শনীয় স্থানসমূহ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাভুক্ত কৰে। ভূটানে প্ৰথমবাৰৰ বাবে নিজৰ ঠাইসমূহ ভৱিষ্যতে অন্তৰ্ভুক্তিৰ বাবে সংস্থাটোৰ অধীনত তালিকাভুক্ত কৰিছিল। সমগ্ৰ দেশতে আঠটা স্থান তালিকাভুক্ত কৰা হৈছিল।[16]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 Dorji, Tandi. "Sustainability of Tourism in Bhutan". Digital Himalaya. Archived from the original on February 6, 2011. https://web.archive.org/web/20110206041810/http://www.thlib.org/static/reprints/jbs/JBS_03_01_03.pdf। আহৰণ কৰা হৈছে: August 10, 2008.
  2. ↑ High Value Low Volume Archived 2020-10-21 at the Wayback Machine. KuenselOnline (2015-08-21). Retrieved on 2020-07-28.
  3. ↑ Kent Schroeder, Politics of Gross National Happiness: Governance and Development in Bhutan, Cham (Switzerland): Palgrave Macmillan, 2018, 54–55.
  4. ↑ Schroeder, Kent (2017). "The Last Shangri-La?". Politics of Gross National Happiness: Governance and Development in Bhutan. প্ৰকাশক Cham (Zug): Springer. পৃষ্ঠা. 55. ISBN 9783319653884. https://books.google.com/books?id=LXo4DwAAQBAJ। আহৰণ কৰা হৈছে: 25 January 2020. "To drive increased tourism revenues, the earlier approach of 'high value, low volume' was replaced by 'high value, low impact'. This represented a subtle but significant shift."
  5. ↑ Yeginsu, Ceylan (2022-07-05). "Famous for Happiness, and Limits on Tourism, Bhutan Will Triple Fees to Visit" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2022/07/05/travel/bhutan-tourism.html.
  6. ↑ Kent Schroeder, Politics of Gross National Happiness: Governance and Development in Bhutan, Cham (Switzerland): Palgrave Macmillan, 2018, 54–55.
  7. ↑ "Bhutan set to raise SDF to 200 USD". Daily Bhutan. https://www.dailybhutan.com/article/bhutan-set-to-raise-sdf-to-200-usd.
  8. ↑ Ahuja, Bhawna (27 August 2023). "Enhancing Bhutan's Tourism Sector: Strategies for Success" (en ভাষাত). IndraStra Global. ISSN 2381-3652. https://www.indrastra.com/2023/08/enhancing-bhutans-tourism-sector.html। আহৰণ কৰা হৈছে: 2023-11-28.
  9. ↑ "Planning YOUR TRIP to Bhutan". Tourism Council of BhutanTourism Council of Bhutan. https://bhutan.travel/faqs#planning-your-trip.
  10. ↑
  11. ↑ "About Drukair". DrukairDrukair Singapore office. https://www.drukair.com.sg/about-drukair/about-drukair-corporation-ltd/। আহৰণ কৰা হৈছে: 6 October 2022.
  12. ↑ "Bhutan Tourism Monitor". Tourism Council of BhutanTourism Council of Bhutan. Archived from the original on 12 June 2018. https://web.archive.org/web/20180612184532/https://www.tourism.gov.bt/resources/annual-reports। আহৰণ কৰা হৈছে: 6 October 2022.
  13. ↑ Tourism Council of Bhutan (2014) BHUTAN TOURISM MONITOR. Annual Report 2013 Archived 2019-11-15 at the Wayback Machine.
  14. ↑ Tourism Council of Bhutan (2016) "BHUTAN TOURISM MONITOR. Annual Report 2015". Archived from the original on 2018-10-09. https://web.archive.org/web/20181009015240/http://tcb.img.ebizity.bt/attachments/tcb_052016_btm-2015.pdf। আহৰণ কৰা হৈছে: 2016-06-17.
  15. ↑ Tourism Council of Bhutan (2017) "BHUTAN TOURISM MONITOR. Annual Report 2016". Archived from the original on 2017-07-12. https://web.archive.org/web/20170712175845/http://tcb.img.ebizity.bt/attachments/tcb_041217_bhutan-tourism-monitor-2016.pdf। আহৰণ কৰা হৈছে: 2017-05-30.
  16. ↑ Bhutan. UNESCO World Heritage Centre. Retrieved on 2020-07-28.