মণিপুৰী বতা চৰাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/Perdicula|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}
মণিপুৰী বতা চৰাই
সংৰক্ষণ স্থিতি
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
Unrecognized taxon (ঠিক কৰক): Perdicula
প্ৰজাতি: P. manipurensis
দ্বৈৰাশিক নামকৰণ
Perdicula manipurensis
(Hume, 1880)

মণিপুৰী বতা চৰাই সেমেকা তৃণভূমি (damp grassland) ত  দেখা পোৱা এবিধ অতিকৈ বিৰল কুৰুৱাজাতীয় চৰাই৷ এই চৰাই অতিকৈ স্পৰ্শকাতৰ আৰু প্ৰাকৃতিক অঞ্চলত দেখা পোৱা কঠিন৷ চৰাইবিধৰ বিষয়ে বৈজ্ঞানিক তথ্য তেনেই সীমিত৷[2] এই চৰাইবিধ পোনপ্ৰথমে প্ৰখ্যাত পক্ষীবিদ এলেন অক্টাভিয়ান হিউম ( Allan Octavian Hume)-এ ১৮৮১ চনত মণিপুৰত আৱিষ্কাৰ কৰিছিল৷

বিস্তৃতি[সম্পাদনা কৰক]

মণিপুৰী বতা চৰাই ভাৰত, বাংলাদেশ আৰু ভূটানত দেখা পোৱা যায়৷ অসমত এই চৰাইবিধ ব্ৰহ্মপুত্ৰ নৈৰ দুয়োপাৰে দুটা ভিন্ন গোষ্ঠী (race) হিচাপে পোৱা যায়৷[3] ১৯৩২ চনৰ পৰা এই চৰাইবিধ অসমত দেখা পোৱাৰ কোনো তথ্য নাছিল৷ ২০০৬ চনত প্ৰসিদ্ধ পক্ষীবিদ আনোৱাৰুদ্দিন চৌধুৰীয়ে মানাহ ৰাষ্ট্ৰীয় উদ্যানত মণিপুৰী বতা চৰাই পুনৰাৱিষ্কাৰ কৰে৷[4] [5]

বিৱৰণ[সম্পাদনা কৰক]

এই চৰাইৰ গাৰ দৈৰ্ঘ্য প্ৰায় ২০ ছেমি৷ চৰাইবিধৰ গাৰ পৃষ্ঠভাগৰ বৰণ সেউজীয়া-ধোঁৱা বৰণীয়া আৰু তাৰ ওপৰত ক’লা চুটি আঁচ থাকে৷ দুয়ো চকুৰ ওপৰত মিহি বগা আঁচ একোডাল (eye-stripe) থাকে৷ হালধীয়া-মুগা বৰণৰ পেটটো ক’লা ফুটুকীয়া৷ মতা চৰাইটোৰ মুখখন ৰঙচুৱা আৰু মাইকীজনীৰ মুখ ধোঁৱাবৰণীয়া হয়৷ [6]

আচৰণ[সম্পাদনা কৰক]

মণিপুৰী বতা চৰাইৰ বাসস্থান সাগৰ-পৃষ্ঠৰ পৰা ১০০০ মিটাৰ পৰ্য্যন্ত হ’ব পাৰে৷ ই তিনি মিটাৰ পৰ্য্যন্ত ওখ ঘাঁহনি আৰু দলনি আদিত ৫-১০ টাৰ দলত চৰে৷ মণিপুৰী বতা চৰায়ে জানুৱাৰীৰ পৰা মে’ মাহৰ ভিতৰত প্ৰজনন কৰে বুলি জনা যায়৷ [2]

সংৰক্ষণ[সম্পাদনা কৰক]

মণিপুৰী বতা চৰাইক আই ইউ চি এনৰ ৰঙা তালিকাত ’ঘোৰ সংকটজনক’ (Critically Endangered) বুলি চিহ্নিত কৰা হৈছে৷[2] বৰ্তমান এই চৰাইবিধৰ সংখ্যা ১৫০০-৩৭০০ বুলি থাৱৰ কৰা হৈছে৷ তৃণভূমি অঞ্চলৰ ধ্বংস হৈ বাসস্থান লোপ পোৱাটোৱে এই চৰাইৰ সংখ্যা হ্ৰাসৰ মূল কাৰণ৷ [4]

তথ্যউৎস[সম্পাদনা কৰক]

  1. BirdLife International (2013). Perdicula manipurensis. https://www.iucnredlist.org/details/22679012/0। আহৰণ কৰা হৈছে: 26 November 2013. 
  2. 2.0 2.1 2.2 "Manipur Bush-quail - BirdLife Species Factsheet". http://www.birdlife.org/datazone/species/index.html?action=SpcHTMDetails.asp&sid=207&m=0। আহৰণ কৰা হৈছে: 2006-06-28. 
  3. {Author1, Author2...}, (n.d.). Perdicula manipurensis Hume, 1881 . [online] India Biodiversity Portal,Species Page : {name of species field} Available at: https://indiabiodiversity.org/biodiv/species/show/238928 [Accessed date Oct 15, 2020].
  4. 4.0 4.1 "'Extinct' quail sighted in India". BBC News. 2006-06-28. http://news.bbc.co.uk/2/hi/south_asia/5125244.stm। আহৰণ কৰা হৈছে: 2006-06-28. 
  5. "Rare quail sighted in Assam after 75 years". Newkerala.com. 2006-06-24. http://www.newkerala.com/news3.php?action=fullnews&id=13306। আহৰণ কৰা হৈছে: 2006-06-28. 
  6. https://ebird.org/species/mabqua1