মিৰেল কুদ্দুছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মিৰেল কুদ্দুচৰ পৰা পুনঃনিৰ্দেশিত)
মিৰেল কুদ্দুছ

ক'ভিড নিলগীকৰণ কেন্দ্ৰত ভৰ্ত্তি হৈ থকা অৱস্থাত কুদ্দুছ, ২০২০
জন্ম মাছখোৱা, গুৱাহাটী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেতা
উল্লেখযোগ্য কৰ্ম জীৱন সুৰভি
ধৰ্ম ইছলাম


মিৰেল কুদ্দুছ (ইংৰাজী: Mirel Kuddus) সত্তৰ, আশী আৰু নব্বৈৰ দশকৰ এজন অসমীয়া চলচ্চিত্ৰৰ অভিনেতা। কৌতুক অভিনেতা ৰূপে তেওঁ যথেষ্ঠ জনপ্ৰিয়তা অৰ্জন কৰিছিল।[1]

সংক্ষিপ্ত জীৱনী[সম্পাদনা কৰক]

তেওঁৰ জন্ম হৈছিল গুৱাহাটীৰ মাছখোৱাত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ জীৱ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ আইনো পঢ়িছিল। সাংস্কৃতিক দিশটোৰ প্ৰতি ৰাপ থকা বাবে তেওঁ শিক্ষা সাং কৰি চলচ্চিত্ৰ জগতত পদাৰ্পন কৰে। তেওঁৰ প্ৰথম ছবি হৃদয়ৰ প্ৰয়োজন। ইয়াৰ উপৰিও তেওঁ আদালত, জীৱন সুৰভি, মা, হৃদয়ৰ আঁৰে আঁৰে, দেৱতা আদি অনেক ছবিত অভিনয় কৰিছে।[1]

কুদ্দুছৰ মঞ্চাভিনয়ৰ সৈতেও সম্পৰ্ক আছিল। দুলাল ৰয়ে পৰিচালনা কৰা শুনা জন্মজয়, মাছৰ তেলেৰে মাছ, চৰকাৰী ইন্সপেক্তৰ আৰু অন্ধযুগ নাটকত তেওঁ অভিনয় কৰে। তেওঁ শিৱপ্ৰসাদ ঠাকুৰে পৰিচালনা কৰা টেলিফিল্ম মুক্তবন্দী আৰু হাতীৰ উপৰিও পথৰুঘাটে ৰিঙিয়ায়, ঘৰত কোন আছে আৰু বহাগতে শীত শীৰ্ষক দূৰদৰ্শনৰ ধাৰাবাহিকতো অভিনয় কৰে।[1]

পিছলৈ কুদ্দুছে অভিনয় জীৱন ত্যাগ কৰি ধৰ্মীয় কাজ-কৰ্মৰ সৈতে জড়িত হৈ পৰে।

চলচ্চিত্ৰপঞ্জী[সম্পাদনা কৰক]

  • হৃদয়ৰ প্ৰয়োজন (১৯৭২)
  • উত্তৰণ (১৯৭৩)
  • আদালত (১৯৭৬)
  • পাপ আৰু প্ৰায়শ্চিত্ত (১৯৭৭)
  • আশ্ৰয় (১৯৭৯)
  • পোনাকণ (১৯৮১)
  • সাদৰী (১৯৮২)
  • সেন্দুৰ (১৯৮৪)
  • জীৱন সুৰভি (১৯৮৪)
  • সোণ মইনা(১৯৮৪)
  • বহাগৰ দুপৰীয়া (১৯৮৫)
  • মন মন্দিৰ (১৯৮৫)
  • পূজা (১৯৮৫)
  • অংগীকাৰ (১৯৮৫)
  • ময়ূৰী (১৯৮৬)
  • মধুছন্দা (১৯৮৬)
  • মা (১৯৮৬)
  • এই দেশ মোৰ দেশ (১৯৮৬)
  • প্ৰতিমা (১৯৮৭)
  • প্ৰতিদান(১৯৮৭)
  • প্ৰতিশোধ (১৯৮৭)
  • সূত্ৰপাত (১৯৮৭)
  • পিতা-পুত্ৰ (১৯৮৮)
  • ধ্ৰুৱতৰা (১৯৯০)
  • ৰঙা নদী (১৯৯০)
  • প্ৰভাতী পখীৰ গান (১৯৯২)
  • প্ৰিয়জন (১৯৯৩)
  • শ্ৰী মান মাইমন (১৯৯৩)
  • হৃদয়ৰ আঁৰে আঁৰে (১৯৯৪)
  • উৰ্বশী (১৯৯৫)
  • সাগৰলৈ বহুদূৰ (১৯৮৫)
  • সপোন (১৯৯৭)
  • দেৱতা (১৯৯৮)[1]

তথ্যউৎস[সম্পাদনা কৰক]