শদিয়া সৰ্প স্তম্ভ
| এই প্ৰবন্ধটো অন্য কোনো ভাষাৰ পৰা কৰা আসোঁৱাহ থকা অনুবাদ। এয়া সম্ভৱতঃ যান্ত্ৰিক অনুবাদৰ দ্বাৰা বা দুয়োটা ভাষাৰ যথাযথ দক্ষতা নথকা অনুবাদকৰ দ্বাৰা অনূদিত। |
| এই প্ৰবন্ধটোত তথ্যসূত্ৰৰ এখন তালিকা দিয়া আছে, কিন্তু ইয়াৰ উত্স পৰিষ্কাৰ নহয় কাৰণ শাৰীবোৰৰ মাজত উদ্ধৃতি যথেষ্ট পৰিমাণে দিয়া হোৱা নাই। অনুগ্ৰহ কৰি উপযুক্ত উদ্ধৃতি অন্তৰ্ভুক্ত কৰি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। |
| শদিয়া সৰ্প স্তম্ভ | |
|---|---|
| লিখন | ভাষা; টাই ভাষা, লিপি; আহোম লিপি |
| আৱিষ্কাৰৰ ঠাই | শদিয়া, ডিবাং আৰু দেওপানী নদীৰ মাজত |
| নিৰ্মিত | চুতীয়া ৰাজত্বকাল, লিপি: প্ৰায়যোড়শ শতিকাৰ প্ৰাৰম্ভিক কাল[1] |
| আৱিষ্কৃত | শদিয়া, ডিবাং আৰু দেওপানী নদীৰ মাজত |
| বৰ্তমান অৱস্থান | অসম ৰাজ্যিক সংগ্ৰহালয় |
শদিয়া সৰ্প স্তম্ভ, ভাৰতৰ অসমৰ ঐতিহাসিক শদিয়া অঞ্চলত স্থাপিত এক প্ৰাচীন অষ্টকাতৰ শিল স্তম্ভ। এই স্তম্ভটো চুতীয়া ৰাজ্যৰ দিনত দিবাং আৰু দিক্ৰং নৈৰ মাজৰ এখন নগৰৰ মুখত থিয় কৰা হৈছিল। আহোম ৰজা চুহুংমুঙৰ দিনত এই স্তম্ভটোত এখন আহোম ভাষাৰ লিপি খোদিত কৰোৱা হৈছিল।
বিৱৰণ আৰু অৱস্থান
[সম্পাদনা কৰক]চুতীয়া যুগ
[সম্পাদনা কৰক]১৯২৮ চনৰ বৃটিছৰ লেখনীৰ মতে এই স্তম্ভটো দিবাং আৰু দেওপানী নৈৰ মাজত আৰু শদিয়াৰ পৰা নিজামঘাট লৈ যোৱা পথৰ সাত মাইলপষ্টৰ সোঁফালে পোৱা গৈছিল। স্তম্ভটোৰ কাষতে এখন শিলৰ দলং উদ্ধাৰ কৰা হৈছিল আৰু দলঙৰ পথে দি ওচৰৰ এটা ইটাৰ পুখুৰী লৈ যাব পৰা হৈছিল[2]। বৃটিছ গৱেষক SF Hannayয়ে ১৮৪৮ চনত উল্লেখ কৰা মতে দিবাং আৰু দেওপানী নৈৰ মাজত ১৪ ফোট ওখ গড়ে আগুৰা এখন বৃহৎ নগৰৰ ধ্বংসাৱশেষত পোৱা গৈছিল[3]। এই নগৰ খনৰ ইটাৰ দ্বাৰৰ মুখতে এখন শিলৰ দলং আছিল আৰু ওচৰতে গড়ৰ ভিতৰত এটা ইটাৰ পুখুৰী দেখা পোৱা গৈছিল। এই তথ্য সমূহৰ পৰা ধৰিব পৰা যায় যে দুয়োখন লেখনীত একেইটা অঞ্চলৰে বিবৰণ দিয়া হৈছিল। সম্ভৱতঃ দ্বাৰখনৰ সন্মুখত দুয়োফালে দুটা সৰ্প স্তম্ভ ঠিয় কৰোৱা হৈছিল। উল্লেখযোগ্য যে এই পুখুৰীটোত বৃটিছ গৱেষক SF Hannayয়ে কিছুমান খনিকৰ চিহ্ন খোদিত পাইছিল, যি বোৰ খনিকৰ চিহ্ন তেওঁ তাম্ৰেশ্বৰী মন্দিৰৰ ইটা-শিলৰ দেৱালতো দেখা পাইছিল। এই দেৱালখন মুক্তধৰ্মনাৰায়ণ ৰজাই ১৪৪২ চনত নিৰ্মাণ কৰিছিল[4]। গতিকে এই সকলো তথ্যৰ পৰা ধৰিব পৰা যায় যে সৰ্প স্তম্ভকে ধৰি সমগ্ৰ নগৰখন চুতীয়া যুগতে নিৰ্মাণ কৰা হৈছিল। এই কথা SF Hannayয়ে এইদৰে লিখিছে,
"I am inclined to think that the country from the Dibong to the Kundil river, a distance of 10 or 12 miles, with the hill fortifications known as Bhismak Nagar, and Sisupal Nagar, belonged to one people and dynasty. It is indeed quite obvious that the masonry of bricks or stone, which we examined, is the work of the same people, and the sandstone is the produce of one quarry."
ইয়াৰ ওপৰিও জনা যায় যে বৃটিছ সকলে একে ধৰণৰ দুটা আঠকোণীয়া সৰ্প স্তম্ভ শদিয়াৰ চুতীয়া সকলে নিৰ্মাণ কৰা তাম্ৰেশ্বৰী মন্দিৰতো উদ্ধাৰ কৰিছিল[5]। উল্লেখযোগ্য যে তাম্ৰেশ্বৰী মন্দিৰৰ সীমাৰ দেৱাল খনত সৰ্প আকৃতি কেইবাখনো terracotta plate পোৱা গৈছিল। বৃটিছ অভিযাত্ৰী T.Blockৰ মতে এই স্তম্ভ দুটাৰ প্ৰত্যেক টোতে সাপ দুটা পাক খাই কুণ্ডালিনী ৰূপ লৈ থকা দেখা গৈছিল। ইয়াৰ পৰা ক'ব পাৰি যে এই সকলো স্তম্ভ সমূহ চুতীয়া ৰাজ্যৰ দিনৰে সৃষ্টি। তেওঁ লিখিছে,
"They (the pillars) were found in the north-eastern section of the enclosed area (of Tamreswari). I found two such bases, their shape is octagonal, 2 feet 6 inches in diameter, with a circular hollow inside; these rested on squares, with their corners cut off and differently moulded. The hemispherical capital measures 2 feet 4 inches in diameter at its base and is perforated by a hollow shaft 1 feet 10 inches land. Near the bottom, a pair of snakes biting their tails is twisted around it."
আহোম যুগ
[সম্পাদনা কৰক]চুতীয়া ৰাজ্য দখল কৰা পাছত ৰজা চুহুংমুঙে শদিয়াৰ দুই স্তম্ভৰ ভিতৰত এটা স্তম্ভত টাই ভাষাত কিছু কথা খোদিত কৰিছিল। এই লিপিখনত ১৫৩২ চনত মিচিমি সকলৰ লগত হোৱা সন্ধিৰ বিবৰণ পোৱা যায়। এইখন আহোম ভাষাৰ আটাইতকৈ প্ৰাচীন প্ৰত্নলিপি। এই প্ৰত্নলিপি চুহুংমুং দিহিঙীয়া ৰজাৰ ৰাজত্বকালৰ (১৪৯৭-১৫৩৯) সময়ৰ। ১৫৩২ চনত শদিয়া দখল কৰা আৰু স্থানীয় মিচিমি জনগোষ্ঠীৰ সৈতে চুক্তি কৰা আহোমসকলে চুক্তিৰ চৰ্তসমূহ ১১ ফুট উচ্চতাত অৱস্থিত এটা শিলৰ স্তম্ভত লিখা হৈছিল, যিটো এটা বৃহৎ সৰ্পৰ আৰ্হিৰে নিৰ্মাণ কৰা হৈছিল আৰু ই তলৰ পৰা ওপৰলৈ স্তম্ভটো আৱৰি ৰাখিছিল। স্তম্ভটোৰ ওপৰত ৯.৫ ৰেখাৰ অন্তৰ্গত এই প্ৰতিলিপিটো ফ্ৰাছেংমুং বৰগোহাঁয়ে (শদিয়াৰ আহোম সেনানায়ক) জাৰি কৰা এক ঘোষণা, য'ত মিচিমিসকলে কিছুমান প্ৰবন্ধত বাৰ্ষিক প্ৰতিদান আগবঢ়াব আৰু ডিবাং নদীৰ এটা পাৰত বসবাস কৰিবৰ বাবে আহ্বান জনায়।
অসম গেজেটৰ (১৯২৮) মতে, এই স্তম্ভটো ডিবাং আৰু দেওপানী নদীৰ মাজত, সত্তৰ পৰা নিজামগহাতলৈ পথৰ সপ্তম মাইলপষ্টৰ পূব দিশে পোৱা গৈছিল। স্তম্ভটোৰ ওচৰত এক শিলৰ দলং আছিল আৰু এই দলংখনৰ পৰা ওচৰৰ এটা বৃক্ক টেংকলৈ এটা পথ পৰিচালিত হৈছিল। ব্ৰিটিছ অনুসন্ধানকাৰী এছ. এফ হানাই একে অঞ্চলত (ডিবাং আৰু দেওপানী নদীৰ মাজত) এটা বৃক্ক গেটৱে, পাথৰ দলং আৰু এটা বৃক্কৰ টেংক পাইছিল, কিন্তু উচ্চ দেৱালৰ দ্বাৰা সুৰক্ষিত আছিল।
সৰ্প স্তম্ভটো শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰত পোৱা অষ্টকাতৰ শিলৰ সৰ্প স্তৰৰ প্ৰতীকসমূহৰ সৈতে সাদৃশ্য আছে।
বৰ্তমান
[সম্পাদনা কৰক]১৯৫৩ চনত ইয়াক মূল স্থানৰ পৰা আঁতৰাই দিয়া হয় আৰু অসম ৰাজ্যিক সংগ্ৰহালয়ত ৰখা হয় আৰু তেতিয়াৰে পৰা ইয়াত প্ৰদৰ্শন কৰা হয়।
টোকা
[সম্পাদনা কৰক]- ↑ The famous Snake Pillar of Sadiya, dated 1532 AD, erected as a mark of truce between the Ahoms and the Mishmis"(Das 1980:53)
- ↑ Assam District Gazetteers, 1928, p. 18.
- ↑ Journal of Asiatic Society of Bengal, p. 470.
- ↑ A Sircar, D.C, Journal of Ancient Indian History, p. 21; Barua, Swarnalata, Chutia Jatir Buranji, p.589; Journal of the Asiatic Soceity of Bengal, 1848, p.467
- ↑ T.Block, 1905, Assam District Gazetteers, 1928, p. 94)
গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]
- Sen, Pada Sen (1978). Sources of the History of India: Assam. Sikkim. Tamilnadu.
- Bhattacharya, Asutosh (1977). The Sun and the Serpent Lore of Bengal. Firma KLM. https://archive.org/details/sunserpentloreof0000vari/page/142/mode/2up.
- Nath, Rajmohan (1948). The Back Ground Of Assamese Culture.
- Das, Jogesh (1980). Folklore of Assam. National Book Trust.
- C. Allen, B (1928). Assam district gazetteers. XI. Baptist Mission Press.
- Phukan, J.N. (1997), Studies in some aspects of inscriptions of the Ahom kings, Gauhati University
- Prinsep, F.R.S James (1838) (en ভাষাত). Journal of the Asiatic Society of Bengal. 7. Asiatic Society (Calcutta, India). https://books.google.com/books?id=gjczAQAAMAAJ&q=Journal+of+the+asiatic+7.
- Wharton, David (2019). Historical Evidence for the Early Lik Tai Scripts.