শদিয়া সৰ্প স্তম্ভ
| শদিয়া সৰ্প স্তম্ভ | |
|---|---|
| লিখন | ভাষা; টাই ভাষা, লিপি; আহোম লিপি |
| আৱিষ্কাৰৰ ঠাই | শদিয়া, ডিবাং আৰু দেওপানী নদীৰ মাজত |
| নিৰ্মিত | চুতীয়া ৰাজত্বকাল[1], লিপি: প্ৰায়যোড়শ শতিকাৰ প্ৰাৰম্ভিক কাল[2] |
| আৱিষ্কৃত | শদিয়া, ডিবাং আৰু দেওপানী নদীৰ মাজত |
| বৰ্তমান অৱস্থান | অসম ৰাজ্যিক সংগ্ৰহালয় |
শদিয়া সৰ্প স্তম্ভ, ভাৰতৰ অসম আৰু অৰুণাচল প্ৰদেশৰ ঐতিহাসিক শদিয়া অঞ্চলত স্থাপিত এক প্ৰাচীন অষ্টকাতৰ শিল স্তম্ভ। এই স্তম্ভটো চুতীয়া ৰাজ্যৰ দিনত দিবাং আৰু দিক্ৰং নৈৰ মাজৰ এখন নগৰৰ মুখত আন কিছু ভগনাৱশেষৰ লগত দেখা পোৱা গৈছিল।[3] এই স্তম্ভটোৰ লগত মিলা একেই আঠকোণীয়া সৰ্প স্তম্ভ বৃটিছৰ দিনত তাম্ৰেশ্বৰী মন্দিৰৰ সীমাৰ ভিতৰত পোৱা গৈছিল। [4] এই সমূহ তথ্যৰ ভিত্তিতে ইতিহাসবিদসকলে ইয়াক চুতীয়া ৰজাই নিৰ্মাণ কৰা বুলি বিশ্বাস কৰে।[5]
চুতীয়া ৰাজ্য দখল কৰা আহোম ৰজা চুহুংমুঙৰ দিনত (১৫৩২ খ্ৰীষ্টাব্দত) থাওমুঙলুং মʼঙেন বা শদিয়া খোৱা গোহাঁইয়ে[6] এই স্তম্ভ টোত এখন আহোম ভাষাৰ লিপি খোদিত কৰোৱাইছিল, য'ত আহোম ৰাজ্য আৰু মিছিমি জনগোষ্ঠীৰ মাজত শদিয়া অঞ্চল সুৰক্ষিত কৰাৰ বাবে কূটনৈতিক সন্ধি লিপিবদ্ধ কৰা হৈছে। [7]
আকৃতিৰ বিৱৰণ
[সম্পাদনা কৰক]শদিয়া সৰ্প স্তম্ভ হৈছে প্ৰায় ১১ ফুট (৩.৪ মিটাৰ) ওখ অষ্টভুজ আকৃতিৰ শিলৰ স্তম্ভ আৰু ইয়াৰ প্ৰতিটো ফালে ১৫ ইঞ্চি (৩৮ চে.মি.) জোখৰ বৰ্গক্ষেত্ৰৰ ভিত্তি।[7] ইয়াক এটা শিলৰ টুকুৰাৰপৰা তৈয়াৰ কৰা হয়। প্ৰকাণ্ড সাপ এডালে স্তম্ভটোৰ গুৰিৰপৰা মূধলৈ মেৰিয়াই আছে। সাপৰ মুখখন মানৱাকৃতিৰ।[5]
ইতিহাস আৰু অৱস্থান
[সম্পাদনা কৰক]চুতীয়া যুগ
[সম্পাদনা কৰক]অসম ৰাজ্যিক সংগ্ৰহালয়ৰ বিষয়া তথা ইতিহাসবিদ অবন্তিকা পৰাশৰ[8] অনুসৰি সৰ্প স্তম্ভটো চুতীয়া ৰাজ্যৰ দিনতে নিৰ্মাণ কৰা হৈছিল।[9] তেওঁ লিখিছে,
"...গতিকে সৰ্প স্তম্ভটো চুতীয়া শাসনৰ লগত জড়িত কথাটোক লৈ কোনো দ্বিমত থাকিব নোৱাৰে। তদুপৰি কুণ্ডিলাকৃতিৰ সৰ্প দিক্কৰবাসিনী/তাম্ৰেশ্বৰী/কেঁচাইখাতীৰ (চুতীয়াসকলৰ উপাস্য দেৱী) আন এটা ৰূপ কুণ্ডলিনীৰ প্ৰতীক হোৱা কথাটোৱে এই ধাৰণা সজোৰে সমৰ্থন কৰে।"
১৯২৮ চনৰ বৃটিছৰ লেখনীৰ মতে এই স্তম্ভটো দিবাং আৰু দেওপানী নৈৰ মাজত আৰু শদিয়াৰপৰা নিজামঘাট লৈ যোৱা পথৰ সাত মাইলপষ্টৰ সোঁফালে পোৱা গৈছিল। স্তম্ভটোৰ কাষতে এখন শিলৰ দলং উদ্ধাৰ কৰা হৈছিল আৰু দলঙৰ পথে দি ওচৰৰ এটা ইটাৰ পুখুৰী লৈ যাব পৰা হৈছিল[10]। বৃটিছ গৱেষক SF Hannayয়ে ১৮৪৮ চনত উল্লেখ কৰা মতে দিবাং আৰু দেওপানী নৈৰ মাজত ১৪ ফোঁট ওখ গড়ে আগুৰা এখন বৃহৎ নগৰৰ ধ্বংসাৱশেষত পোৱা গৈছিল[11]। এই নগৰখনৰ ইটাৰ দ্বাৰৰ মুখতে এখন শিলৰ দলং আছিল আৰু ওচৰতে গড়ৰ ভিতৰত এটা ইটাৰ পুখুৰী দেখা পোৱা গৈছিল। এই তথ্য সমূহৰপৰা ধৰিব পৰা যায় যে দুয়োখন লেখনীত একেইটা অঞ্চলৰে বিৱৰণ দিয়া হৈছিল। সম্ভৱতঃ দ্বাৰখনৰ সন্মুখত দুয়োফালে দুটা সৰ্প স্তম্ভ থিয় কৰোৱা হৈছিল। উল্লেখযোগ্য যে এই পুখুৰীটোত বৃটিছ গৱেষক SF Hannayয়ে কিছুমান খনিকৰ চিহ্ন খোদিত পাইছিল, যিবোৰ খনিকৰ চিহ্ন তেওঁ তাম্ৰেশ্বৰী মন্দিৰৰ ইটা-শিলৰ দেৱালতো দেখা পাইছিল। এই দেৱালখন মুক্তধৰ্মনাৰায়ণ ৰজাই ১৪৪২ চনত নিৰ্মাণ কৰিছিল[12]। গতিকে এই সকলো তথ্যৰপৰা ধৰিব পৰা যায় যে সৰ্প স্তম্ভকে ধৰি সমগ্ৰ নগৰখন চুতীয়া যুগতে নিৰ্মাণ কৰা হৈছিল। এই কথা SF Hannayয়ে এইদৰে লিখিছে,
"I am inclined to think that the country from the Dibong to the Kundil river, a distance of 10 or 12 miles, with the hill fortifications known as Bhismak Nagar, and Sisupal Nagar, belonged to one people and dynasty. It is indeed quite obvious that the masonry of bricks or stone, which we examined, is the work of the same people, and the sandstone is the produce of one quarry."
ইয়াৰ উপৰিও জনা যায় যে বৃটিছসকলে একে ধৰণৰ দুটা আঠকোণীয়া সৰ্প স্তম্ভ শদিয়াৰ চুতীয়াসকলে নিৰ্মাণ কৰা তাম্ৰেশ্বৰী মন্দিৰতো উদ্ধাৰ কৰিছিল[13]। উল্লেখযোগ্য যে তাম্ৰেশ্বৰী মন্দিৰৰ সীমাৰ দেৱালখনত সৰ্প আকৃতি কেইবাখনো terracotta plate পোৱা গৈছিল। বৃটিছ অভিযাত্ৰী T.Blockৰ মতে এই স্তম্ভ দুটাৰ প্ৰত্যেক টোতে সাপ দুটা পাক খাই কুণ্ডালিনী ৰূপ লৈ থকা দেখা গৈছিল। ইয়াৰপৰা ক'ব পাৰি যে এই সকলো স্তম্ভ সমূহ চুতীয়া ৰাজ্যৰ দিনৰে সৃষ্টি। তেওঁ লিখিছে,
"They (the pillars) were found in the north-eastern section of the enclosed area (of Tamreswari). I found two such bases, their shape is octagonal, 2 feet 6 inches in diameter, with a circular hollow inside; these rested on squares, with their corners cut off and differently moulded. The hemispherical capital measures 2 feet 4 inches in diameter at its base and is perforated by a hollow shaft 1 feet 10 inches land. Near the bottom, a pair of snakes biting their tails is twisted around it."
আহোম যুগ
[সম্পাদনা কৰক]আহোম ৰজা চুহুংমুঙে ১৫২৪ চনত শদিয়া দখল কৰে আৰু ফ্ৰাচেংমুঙক শদিয়াত থাকিবলৈ আদেশ দিয়ে। ১৫২৭ আৰু ১৫২৯ চনত চুতীয়া সকলে দুবাৰকৈ শদিয়া অঞ্চলত বিদ্ৰোহ সংঘটিত কৰোৱাই।[14] ১৫২৭ চনৰ বিদ্ৰোহৰ পাছত "লাকনি ৰুঙৰাও"ত[15] আহোম ৰজাই চাও-চেং-লুং বা ৰাজমন্ত্ৰী কিঙলুন বুঢ়াগোহাঁইক থাওমুঙলুং মʼ-ঙেন[16] হিচাপে নিযুক্ত কৰে আৰু ফ্ৰাচেংমুঙৰ লগত শদিয়াত থাকিবলৈ দিয়ে।[17] ১৫২৯ চনৰ চুতীয়া বিদ্ৰোহৰ পাছত ৰজাই ফ্ৰাচেংমুঙৰ ক্ষমতা বঢ়া কথা গম পাই তেওঁক শদিয়াৰ পৰা মাতি পঠিয়ায় আৰু বুঢ়াগোহাঁইকে শদিয়াৰ অধিকাৰী পাতে।[18][19]
ইয়াৰ পাছতে ১৫৩২ চনত শদিয়াখোৱা গোহাঁই কিঙলুনে শৰ্প স্তম্ভটোত টাই ভাষাত কিছু কথা খোদিত কৰোৱাই। এই লিপিখনত মিচিমি সকলৰ লগত হোৱা সন্ধিৰ বিৱৰণ পোৱা যায়। এইখন আহোম ভাষাৰ আটাইতকৈ প্ৰাচীন প্ৰত্নলিপি। স্তম্ভটোৰ ওপৰত ৯.৫ ৰেখাৰ অন্তৰ্গত এই প্ৰতিলিপিটো থাওমুং বঙেন বা শদিয়াখোৱা গোহাঁই (শদিয়াৰ আহোম সেনানায়ক) জাৰি কৰা এক ঘোষণা, য'ত মিচিমিসকলে কিছুমান প্ৰবন্ধত বাৰ্ষিক প্ৰতিদান আগবঢ়াব আৰু ডিবাং নদীৰ এটা পাৰত বসবাস কৰিবৰ বাবে আহ্বান জনায়।
আহোম ভাষাৰ লিপিত লিখা এই শিলা লিপিটোৰ ব্যাখ্যা ১৯২৪ চনত গোলাপ চন্দ্ৰ বৰুৱাই দিছিল।[7] এই শিলা লিপিটোৰ অসমীয়া অনুবাদ এনেধৰণৰ:-
𑜉𑜤𑜈𑜫 𑜃 𑜎𑜩 𑜄𑜨𑜂𑜫 𑜄𑜢𑜃𑜫 𑜀𑜨𑜂𑜫 𑜇𑜡 𑜉𑜩 𑜄𑜦 (‘’মৌ ন’ লাই টং টিন খং ফা মাই টে”)
𑜏𑜢 𑜁𑜂𑜫 𑜋𑜩𑜨 𑜁𑜂𑜫 𑜏𑜢𑜤𑜂𑜫 𑜄𑜦𑜧 (“চি খাঙ চৈ খাঙ য়ুং টে’’)
𑜓𑜢 𑜈𑜨𑜂𑜫 𑜓𑜢𑜃𑜫 𑜓𑜩𑜨 𑜓𑜩 𑜄𑜂𑜫 𑜄𑜀𑜫 𑜒𑜧𑜈𑜫 𑜉𑜡 (‘’দি বং দিন দৈ দাই টাং টক আও মা”)
𑜀𑜧 𑜌𑜧 𑜉𑜢𑜤𑜂𑜫 𑜎𑜤𑜂𑜫 𑜉𑜦𑜡 𑜂𑜢𑜃𑜫 𑜽 𑜇𑜧 𑜉𑜡 𑜀𑜡 (“কাও থাও মু’ঙ লুং ম’ ঙিন 𑜽 ফাও মা কা’’)
𑜀𑜧 𑜋𑜈𑜫 𑜏𑜤𑜂𑜫 𑜎𑜤𑜂𑜫 𑜃𑜩 𑜑𑜤𑜂𑜫 𑜈𑜡 𑜁𑜡 (‘’কাও চাও ছুং লুঙ নাই হুং বা খা’’)
𑜉𑜧𑜈𑜫 𑜈𑜃𑜫 𑜇𑜥 (‘’মৌ বান ফু’’)
𑜐𑜢𑜂𑜫 𑜇𑜥 𑜋𑜩 𑜋𑜪 𑜎𑜢𑜀𑜫 𑜁𑜡 (‘’ঙিন ফু ছাই চাম লিক খা’’)
𑜁𑜃𑜫 𑜋𑜪 𑜉𑜣 𑜏𑜣 𑜉𑜣 𑜽 𑜆𑜢𑜤𑜂𑜫 (‘’খন চাম মিছিমি 𑜽 পৌং’’)
𑜁𑜪 𑜁𑜂𑜫 𑜓𑜢𑜃𑜫 𑜓𑜩𑜨 𑜉𑜩 𑜓𑜩 𑜋𑜪 𑜁𑜡 𑜉𑜡(‘’খাম খাং দিন দৈ মাই দাই চাম খা মা’’)
𑜄𑜀𑜫 𑜒𑜈𑜫 𑜈𑜡 𑜀 (‘’তাক আও বা কৈ’’)
𑜐𑜥 𑜈𑜡 𑜎𑜩 𑜄𑜨𑜂𑜫 𑜎𑜀𑜫 (‘’ঙু বা লাই তং লাক’’)
𑜇𑜨𑜂𑜫 𑜃𑜨𑜂𑜫 𑜋𑜪 𑜁𑜡 𑜉 (‘’ফং নং চাম খা মিছিমি’’)
….𑜀𑜂𑜫 𑜲𑜦 𑜎𑜧𑜈𑜧… 𑜏𑜂𑜫 𑜏𑜤 …𑜋𑜢𑜂𑜫 𑜋𑜪 𑜁𑜡 𑜉𑜃𑜫 𑜄(‘’কাং খে লাও চাং চু চেং চাম খা মান তে’’)
অনুবাদ:
মই, থাওমুঙলুং মʼ-ঙেন শদিয়াখোৱা গোহাঁয়ে, এই কথাবোৰ এই শিলৰ স্তম্ভত আৰু এখন তাম্ৰফলকত খোদিত কৰালোঁ। এই ব্যৱস্থা অনুসৰি, মিচিমিসকলে দিবাং নদীৰ ওচৰৰ পাহাৰসমূহত নিজৰ তিৰোতা, সন্তান, পৰিচাৰক আৰু অনুগামীসকলৰ সৈতে বাস কৰিব আৰু সেই পাহাৰীয়া অঞ্চল অধিকাৰ কৰি থাকিব। তেওঁলোকে কৰ হিচাপে চাৰি পাচি বিষ আৰু অন্যান্য সামগ্ৰী যোগান ধৰিব লাগিব আৰু শদিয়াখোৱা গোহাঁইৰ ওপৰত চকু ৰাখিব লাগিব।
যিসকলে সেই অঞ্চলৰ ওপৰত অধিকাৰ দাবী কৰি পাহাৰৰ দুয়োফালে বাস কৰিব বিচাৰে, তেওঁলোকক তাত অনধিকাৰ প্ৰৱেশ বা দখল কৰিবলৈ নিষেধ কৰা হৈছে। যিকোনো ব্যক্তিয়ে পাহাৰৰ কাষত বসতি স্থাপন কৰিলে তেওঁ মিচিমিসকলৰ অধীন হ’ব।
মই প্ৰকাশ্যভাৱে ঘোষণা কৰিছোঁ যে পৰৱৰ্তী সময়ত যিয়েই ক্ষমতালৈ উঠি শাসক হওক, তেওঁ এই ব্যৱস্থা ভংগ কৰিব নোৱাৰিব আৰু যি শিলত এই বিধান খোদিত কৰা হৈছে, তাকো ধ্বংস কৰিব নোৱাৰিব।

সৰ্প স্তম্ভৰ আধ্যাত্মিকতা
[সম্পাদনা কৰক]শদিয়াৰ সৰ্প স্তম্ভ কুণ্ডলিনীৰ প্ৰতিক হয়। এই কুণ্ডলিনী আদি-শক্তি (দিক্কৰবাসিনী)ৰ আন এটি ৰূপ।[20] কুণ্ডলিনী (kuṇḍalinī)ৰ অৰ্থ হৈছে “কুণ্ডলী-পকোৱা” বা “পকাই থকা”; শব্দটোৰ মূল কুণ্ডল (kuṇḍala)ৰ অৰ্থ বৃত্ত বা পাক।[21][22]
এই কুণ্ডলিনী শক্তি জনজাতীয় তান্ত্ৰিক ধৰ্মৰ (শিৱ তন্ত্ৰৰ) এক গুৰুত্বপূৰ্ণ অংশ। তান্ত্ৰিক আৰু যোগ-পৰম্পৰাত ইয়াক সাধাৰণতে পাক খাই থকা সৰ্পৰূপী শক্তি হিচাপে কল্পনা কৰা হয়। প্ৰথম অৱস্থাত এই কুণ্ডলিনী শক্তি অক্ৰিয় ৰূপত শৰীৰৰ তলৰ অংশত থাকে আৰু সেই বাবে পাক খাই থকা সৰ্প হিচাপে দেখোৱা হয়। Yoga-Kundalini Upanishadৰ অনুসৰি, “The divine power, Kundalini, shines like the stem of a young lotus; like a snake, coiled round upon herself she holds her tail in her mouth and lies resting half asleep as the base of the body.”[23] আজিৎ মুখাৰ্জীয়ে কুণ্ডলিনী শক্তিক “কুণ্ডলী-পকোৱা নাৰী-শক্তি” বুলি বৰ্ণনা কৰিছে। তেওঁৰ মতে, অক্ৰিয় কুণ্ডলিনী সৰ্পৰূপে পাক খাই, নিজৰ নেজ মুখত ধৰি কেন্দ্ৰীয় অক্ষৰ চাৰিওফালে অৱস্থিত থাকে; জাগ্ৰত হ’লে ই ওপৰলৈ উঠি শিৱৰ সৈতে মূৰৰ ভাগত মিলিত হয়।[24] তাম্ৰেশ্বৰী মন্দিৰৰ ইটাৰ দেৱালত এই অক্ৰিয় কুণ্ডালিনীৰ আকৃতি খোদিত কৰা হৈছিল, য'ত শৰ্প এটাই পাক খাই নিজৰ নেজ মুখেৰে ধৰি ৰখা দেখা গৈছিল।[5]তাম্ৰেশ্বৰীৰ আঠকোণীয়া সৰ্পস্তম্ভ দুটাও এই পাক খাই থকা অক্ৰিয় কুণ্ডলিনীৰ প্ৰতিক হিচাপে নিৰ্মাণ কৰা হৈছিল, য'ত সৰ্প কেইটাই পাক খাই নিজৰ নেজ মুখত ধৰি ৰখা দেখা পোৱা গৈছিল।[25] তান্ত্ৰিক পদ্ধতিৰ অনুসৰি ধ্যান বা যোগ কৰিলে এই অক্ৰিয় পাক খাই থকা কুণ্ডলিনী (স্ত্ৰি-শক্তি) জাগ্ৰত হয় আৰু ৰাজহাড়ে দি গৈ মগজুত শক্তি প্ৰদান কৰে। মগজু শিৱৰ প্ৰতিক। অৰ্থাৎ শিৱ-শক্তিৰ মিলন হয়। এনে দৰে আত্মাই মুক্তি পাই বুলি বিশ্বাস কৰা হৈছিল। পূজা-পাতল কৰিও এই শক্তি জাগ্ৰত কৰিব পৰা যায়।[26] দিবাং আৰু দেওপানী নৈৰ মাজত থকা উল্লেখিত সৰ্প স্তম্ভটো এই জাগ্ৰত ৰূপৰে প্ৰতিচ্ছবি দাঙি ধৰিছিল। স্তম্ভটোৰ শীৰ্ষভাগত সাপটোৰ পাক খুলি ওপৰলৈ উঠি পূৰ্ণ কলচি সদৃশ এক উপাদানৰ সৈতে সংযুক্ত হোৱা দেখা যায়। কলচিটোৰ ওপৰত নাৰিকল-সদৃশ অংশো দেখা যায়, যাৰ ফলত ইয়াক পূৰ্ণ কলচিৰ ৰূপ বুলি ব্যাখ্যা কৰা সম্ভৱ। পূৰ্ণ কলচি সাধাৰণতে পানী বা শস্যেৰে পূৰ্ণ কৰি মুখত নাৰিকল আৰু পাত স্থাপন কৰা হয়; ভাৰতীয় ধৰ্মীয় আৰু শিল্প-পৰম্পৰাত ই পূৰ্ণতা, উৰ্বৰতা, সমৃদ্ধি, জীৱন আৰু মঙ্গলৰ প্ৰতীক হিচাপে ব্যৱহৃত হয়।[27] পূৰ্ণ কলচিৰ আনুষ্ঠানিক ৰূপত কলচিৰ মুখত নাৰিকল আৰু পাত স্থাপন কৰাৰ প্ৰথাও দেখা যায়।[28]
কুণ্ডলিনী-তত্ত্বত শিৱ হৈছে ঊৰ্ধ্বমুখে আৰোহণ কৰা শক্তিৰ চূড়ান্ত চৈতন্যগত গন্তব্য; সেই অৰ্থত স্তম্ভটোৰ কলচি-সদৃশ শীৰ্ষভাগক শিৱৰ প্ৰত্যক্ষ মূৰ্তি বুলি নহয়, বৰং কুণ্ডলিনীৰ আৰোহণৰ পূৰ্ণতা, মঙ্গল আৰু পবিত্ৰকৰণৰ প্ৰতীকী শীৰ্ষচিহ্ন হিচাপে ব্যাখ্যা কৰিব পাৰি। চুতীয়া সমাজত পানীতোলা বৰসবাহ নামৰ এক ধৰ্মীয় আচাৰৰ উল্লেখ পোৱা যায়, য'ত এই পূৰ্ণ কলহ ব্যৱহাৰ কৰা হয়।[29] দেউৰী সমাজৰ ধৰ্মীয় আচাৰতো পূৰ্ণ কলহৰ পৰা পবিত্ৰ পানী ছটিয়াই শুদ্ধিকৰণ কৰাৰ প্ৰথা আছে; উদ্ভিদৰ কেঁচা পাত ব্যৱহাৰ কৰি ভক্ত বা পূজাস্থলী শুদ্ধ কৰাৰ কথাও নৃ-উদ্ভিদবিষয়ক অধ্যয়নত উল্লেখ কৰা হৈছে।[30] এই জীৱন্ত আচাৰসমূহৰ পটভূমিত সৰ্পটোৰ ঊৰ্ধ্বমুখী গতি আৰু কলচিৰ সৈতে সংযোগক সৰ্প-শক্তি, পবিত্ৰ জল, উৰ্বৰতা আৰু আশীৰ্বাদৰ মাজৰ সম্পৰ্কৰ প্ৰতীকী প্ৰকাশ হিচাপে ব্যাখ্যা কৰিব পাৰি।
আৱিষ্কাৰ আৰু সংৰক্ষণ
[সম্পাদনা কৰক]শদিয়া সৰ্প স্তম্ভ ১৯২১ চনত ব্ৰিটিছ ঔপনিৱেশিক সমীক্ষাৰ সময়ত ডেওপানী নদীৰ ওচৰত, শদিয়াৰ প্ৰায় সাত মাইল উত্তৰত আৱিষ্কাৰ কৰা হৈছিল। ই এটা জংঘলীয়া অঞ্চলত পুৰণি ইটাৰ গাঁথনি আৰু শিলৰ অৱশেষৰ ওচৰত পোৱা গৈছিল।[7]
সময় আৰু প্ৰাকৃতিক প্ৰভাৱৰ ফলত স্তম্ভটো কিছু ক্ষতিগ্ৰস্ত হৈছিল যদিও সৰ্পৰ আকৃতি আৰু আহোম লিপিৰ লিখনী স্পষ্টভাৱে দেখা গৈছিল। ব্ৰিটিছ বিষয়া আৰু গৱেষকসকলে ইয়াক এক গুৰুত্বপূৰ্ণ ঐতিহাসিক নিদৰ্শন হিচাপে চিনাক্ত কৰে। পিছত ৰাই চাহাব গোলাপ চন্দ্ৰ বৰুৱাই ইয়াৰ লেখনী অধ্যয়ন কৰে। ১৯২০ দশকৰ শেষৰফালে স্তম্ভটো শদিয়ালৈ স্থানান্তৰ কৰা হয়।[7]
১৯৫৩ চনত শদিয়া সৰ্প স্তম্ভটো সুৰক্ষা আৰু সংৰক্ষণৰ বাবে শদিয়াৰপৰা অসম ৰাজ্যিক সংগ্ৰহালয়, গুৱাহাটীলৈ স্থানান্তৰ কৰা হয়। ৰাজনৈতিক অশান্তি আৰু পৰিৱেশজনিত ক্ষতিৰপৰা স্মৃতিস্তম্ভটো ৰক্ষা কৰাৰ বাবে এই ব্যৱস্থা লোৱা হৈছিল।[7]বৰ্তমান স্তম্ভটো সংগ্ৰহালয়ৰ প্ৰত্নতত্ত্ব বিভাগত সংৰক্ষিত হৈ আছে। ইয়াক এক সুৰক্ষিত স্থানত ৰখা হৈছে আৰু দৰ্শনাৰ্থীয়ে ইয়াৰ ইতিহাস সম্পৰ্কীয় তথ্যসহ স্তম্ভটো চাব পাৰে। আৰ্দ্ৰতা আৰু সময়ৰ ফলত হোৱা ক্ষতি ৰোধ কৰিবলৈ স্তম্ভটোৰ পৰিষ্কাৰ আৰু সংৰক্ষণমূলক কামো কৰা হৈছিল।[7]
টোকা
[সম্পাদনা কৰক]- ↑ Parashar, Abantika. Gariyakhi (7th edition, May 2023). পৃষ্ঠা. 21. https://archive.org/details/gariyokhi-historical-journal-may-23.
- ↑ The famous Snake Pillar of Sadiya, dated 1532 AD, erected as a mark of truce between the Ahoms and the Mishmis"(Das 1980:53)
- ↑ (Hannay 1848:676)
- ↑ (C. Allen 1928:94)
- 1 2 3 Parashar, Abantika. Gariyakhi (7th edition, May 2023). পৃষ্ঠা. 21. https://archive.org/details/gariyokhi-historical-journal-may-23.
- ↑ Barua, Golap Chandra, Ahom Buranji, p.61, Ahom script: Lakni Rung-rao cham Hao Chao-seng-lung King-lun pai pao Mung Kang-kham. Ka reu Tilao phak kan nai cham hao Timan. Hao Chao Thao-mung-lung Mo-Ngen jao.
- 1 2 3 4 5 6 7 [https://ijcrt.org/papers/IJCRT2507261.pdf "The Sadiya Serpent Pillar Inscription: A Historical and Epigraphic Analysis of the Ahom- Mishmi Relation"]. International Journal of Creative Research Thoughts খণ্ড 13 (7). 2025. https://ijcrt.org/papers/IJCRT2507261.pdf। আহৰণ কৰা হৈছে: 15 May 2026.
- ↑ "Tender for celebration of International Museum Day 2022 at District Museum, Jorhat". Directorate of Museums, Government of Assam. 2 May 2022. https://museums.assam.gov.in/sites/default/files/swf_utility_folder/departments/museum_medhassu_in_oid_5/menu/right_menu/right_menu/tender_for_celebration_of_international_museum_day_2022.pdf। আহৰণ কৰা হৈছে: 29 June 2026. "Smt Abantika Parashar, District Museum Officer, Jorhat—for information."
- ↑ Parashar, Abantika. Gariyakhi (7th edition, May 2023). পৃষ্ঠা. 21. https://archive.org/details/gariyokhi-historical-journal-may-23.
- ↑ Assam District Gazetteers, 1928, p. 18.
- ↑ Journal of Asiatic Society of Bengal, p. 470.
- ↑ A Sircar, D.C, Journal of Ancient Indian History, p. 21; Barua, Swarnalata, Chutia Jatir Buranji, p.589; Journal of the Asiatic Soceity of Bengal, 1848, p.467
- ↑ T.Block, 1905, Assam District Gazetteers, 1928, p. 94)
- ↑ Barua, Golap Chandra, Ahom Buranji,pp.60-64
- ↑ Sarkar, J. N. (2003). "Assam and Her Pre-Mughal Invaders". In Barpujari, H. K.. The Comprehensive History of Assam. II (2nd সম্পাদনা). প্ৰকাশক Guwahati: Publication Board Assam. পৃষ্ঠা. 133. "In fact AB, 61 clearly states that the Bengal invasion occurred after Lakni Rungrao, Saka 1448-49 or AD. 1527."
- ↑ Barua, Golap Chandra, Ahom Buranji, p.61, Ahom script: Lakni Rung-rao cham Hao Chao-seng-lung King-lun pai pao Mung Kang-kham. Ka reu Tilao phak kan nai cham hao Timan. Hao Chao Thao-mung-lung Mo-Ngen jao.
- ↑ Barua, Golap Chandra, Ahom Buranji,p.61
- ↑ Bhuyan, S.K, "Satsari Assam Buranji, p.15
- ↑ Barua, Golap Chandra, Ahom Buranji,p.64
- ↑ Parashar, Abantika (May 2023). Gariyakhi (7th সম্পাদনা). "...তদুপৰি কুণ্ডিলাকৃতিৰ সৰ্প দিক্কৰবাসিনী/তাম্ৰেশ্বৰী/কেঁচাইখাতীৰ (চুতীয়াসকলৰ উপাস্য দেৱী) আন এটা ৰূপ কুণ্ডলিনীৰ প্ৰতীক হোৱা কথাটোৱে এই ধাৰণা সজোৰে সমৰ্থন কৰে।"
- ↑ "Kundalini, Kuṇḍalinī". Wisdom Library. https://www.wisdomlib.org/definition/kundalini। আহৰণ কৰা হৈছে: 29 June 2026. "The kuṇḍalī or kuṇḍalinī is derived from the word kuṇḍala—“a ring, coil”."
- ↑ "Kundalini". Merriam-Webster Dictionary. https://www.merriam-webster.com/dictionary/kundalini। আহৰণ কৰা হৈছে: 29 June 2026. "Sanskrit kuṇḍalinī, from feminine of kuṇḍalin circular, coiled, from kuṇḍala ring."
- ↑ Aiyar, K. Narayanasvami (1914). "Yoga-Kundalini Upanishad". Thirty Minor Upanishads. প্ৰকাশক Madras: The Theosophical Publishing House. https://archive.org/details/thirtyminorupani00aiya। আহৰণ কৰা হৈছে: 29 June 2026. "The divine power, Kundalini, shines like the stem of a young lotus; like a snake, coiled round upon herself she holds her tail in her mouth and lies resting half asleep at the base of the body."
- ↑ Mookerjee, Ajit (1982). Kundalini: The Arousal of the Inner Energy. প্ৰকাশক London: Thames and Hudson. পৃষ্ঠা. 9–11. https://maypoleofwisdom.com/wp-content/uploads/2022/12/ajit-mookerjee-kundalini-the-arousal-of-the-inner-energy.pdf। আহৰণ কৰা হৈছে: 2 July 2026. "The static, unmanifested Kundalini is symbolized by a serpent coiled into three and a half circles, with its tail in its mouth, and spiralling around the central axis ... When the Kundalini Sakti is ready to unfold, she ascends to unite above the crown of the head with Siva."
- ↑ Bloch, T. (1905). Annual Report of the Archaeological Survey of India, Bengal Circle, for the Year Ending with April 1905. প্ৰকাশক Calcutta: Government Printing. পৃষ্ঠা. 3–4. "Near the bottom, a pair of snakes biting their tails is twisted around it and hold four irregular shaped bolts or knots projecting from the round surface."
- ↑ Woodroffe, John (1919). The Serpent Power: Being the Ṣaṭ-Cakra-Nirūpaṇa and Pādukā-Pañcaka. প্ৰকাশক Madras: Ganesh & Company. https://archive.org/details/serpentpowerbein00wood। আহৰণ কৰা হৈছে: 29 June 2026. "When the sleeping Kundalini is awakened ... She enters the royal road, the middle channel, and rises to the abode of Śiva."
- ↑ "Kalasha". Impart: Objects, Premodern Culture. 8 January 2024. https://imp-art.org/articles/kalasha/। আহৰণ কৰা হৈছে: 29 June 2026. "Its associations with plenitude and fertility are denoted by filling it with water and food and plant material. Given its strong association with water, fertility and plenty, the kalasha is also an iconographic emblem associated with the yakshas, nagas and river-goddesses."
- ↑ "Kalasha". Impart: Objects, Premodern Culture. 8 January 2024. https://imp-art.org/articles/kalasha/। আহৰণ কৰা হৈছে: 29 June 2026. "The purna-kalasha is commonly embodied in ceremonial use by filling a kalasha with water or rice and placing a coconut and mango leaves upon its mouth."
- ↑ Khanikar, Surjya Kanta (1991). Chutia Jaatir Itihax Aru Luko-Sanskriti. "চুতীয়া সমাজৰ আচাৰসমূহৰ ভিতৰত পানীতোলা বৰসবাহ অন্যতম।"
- ↑ "Ethnobotanical Study on Plants Used in Magico-Religious Practices of Deori Tribe in Assam, India". International Journal of Pharmacy and Biological Sciences. "The leaves are used for purifying the worship place, devotees, etc. and also used in many ceremonies done at Deohal. In case of inter-caste marriage, the bride is purified by sprinkling water with the fresh leaves.".
গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]- Nath, Rajmohan (1948). The Back Ground Of Assamese Culture. https://archive.org/details/in.ernet.dli.2015.56535.
- Das, Jogesh (1980). Folklore of Assam. National Book Trust.
- C. Allen, B (1928). Assam district gazetteers. XI. Baptist Mission Press.
- Hannay, S.F (1848). "Journal of the Asiatic Society of Bengal" (en ভাষাত). Journal of the Asiatic Society of Bengal (Calcutta: Asiatic Society of Bengal).
- Phukan, J.N. (1997), Studies in some aspects of inscriptions of the Ahom kings, Gauhati University
- Prinsep, F.R.S James (1838) (en ভাষাত). Journal of the Asiatic Society of Bengal. 7. Asiatic Society (Calcutta, India). https://books.google.com/books?id=gjczAQAAMAAJ&q=Journal+of+the+asiatic+7.
- Wharton, David (2019). Historical Evidence for the Early Lik Tai Scripts.