সদস্য বাৰ্তা:Nayan j Nath/Archive/2023

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

যৌন সচেতনতা পদক[সম্পাদনা কৰক]

যৌন সচেতনতা পদক
প্ৰিয় সতীৰ্থ, শেহতীয়াকৈ মানৱ যৌনতা সম্পৰ্কীয় একাধিক মানবিশিষ্ট প্ৰবন্ধ সংযোজনেৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ লগতে যৌন সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱাৰ বাবে কৃতজ্ঞতাস্বৰূপে তোমালৈ এই পদকটি আগবঢ়ালোঁ‌।

অসমীয়া ৱিকিমিডিয়া সমাজ ---Joli Rumi (বাৰ্তা) 01:28, 28 February 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Women's Month Datathon on Commons[সম্পাদনা কৰক]

Dear Wikimedian,

Hope you are doing well. CIS-A2K and CPUG have planned an online activity for March. The activity will focus on Wikimedia Commons and it will begin on 21 March and end on 31 March 2023. During this campaign, the participants will work on structure data, categories and descriptions of the existing images. We will provide you with the list of the photographs that were uploaded under those campaigns, conducted for Women’s Month.

You can find the event page link here. We are inviting you to participate in this event and make it successful. There will be at least one online session to demonstrate the tasks of the event. We will come back to you with the date and time.

If you have any questions please write to us at the event talk page Regards MediaWiki message delivery (বাৰ্তা) 18:09, 12 March 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Women's Month Datathon on Commons Online Session[সম্পাদনা কৰক]

Dear Wikimedian,

Hope you are doing well. As we mentioned in a previous message, CIS-A2K and CPUG have been starting an online activity for March from 21 March to 31 March 2023. The activity already started yesterday and will end on 31 March 2023. During this campaign, the participants are working on structure data, categories and descriptions of the existing images. The event page link is here. We are inviting you to participate in this event.

There is an online session to demonstrate the tasks of the event that is going to happen tonight after one hour from 8:00 pm to 9:00 pm. You can find the meeting link here. We will wait for you. Regards MediaWiki message delivery (বাৰ্তা) 13:38, 22 March 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

এডিটাথনৰ তেজীঘোঁৰা ২০২৩[সম্পাদনা কৰক]

এডিটাথনৰ তেজীঘোঁৰা
হে ৱিকিসতীৰ্থ,
চলিত নাৰীবাদ আৰু লোকগাথা এডিটাথনত তড়িৎ গতিত সৃষ্টি কৰা অমূল্য প্ৰবন্ধসমূহৰ বাবে কৃতজ্ঞতাস্বৰূপে এই সামান্য সন্মান আগবঢ়ালোঁ। ধন্যবাদেৰে,
-Joli Rumi (বাৰ্তা) 23:30, 29 March 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

নাৰীবাদ পদক[সম্পাদনা কৰক]

নাৰীবাদ পদক
শ্ৰদ্ধাৰ ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত আয়োজন কৰা নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৩ শীৰ্ষক সম্পাদনা মেলাত অংশগ্ৰহণ কৰি এতিয়ালৈকে আপুনি নাৰীৰ জীৱনী, নাৰীৰ সৈতে জড়িত সামাজিক বিষয় আদি সম্পৰ্কীয় অৰ্ধ-শতাধিক প্ৰবন্ধ সৃষ্টিৰে অসমীয়া ৱিকিপিডিয়াৰ ভঁৰাল টনকিয়াল কৰিছে। আপোনাৰ এই অৱদানে প্ৰতিযোগিতাখনিক এক দূৰন্ত গতি প্ৰদান কৰিছে। আপোনাৰ এই বহুমূলীয়া অৱদানৰ ৱিকিমিডিয়া সমাজ আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। আপোনাক এই এই পদক আগবঢ়াবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ। অসমীয়া ৱিকিমিডিয়া পৰিয়ালৰ হৈ -Chandan Chiring Phukon Chat 06:17, 9 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

সমন্বয়ক পদক[সম্পাদনা কৰক]

সমন্বয়ক পদক
হে সতীৰ্থ, ২০২৩ বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ পৰা চলি থকা নাৰীবাদ আৰু লোকগাথা প্ৰতিযোগিতাখন সুচলভাৱে চলাই নিয়াত আপুনি সমন্বয়ক হিচাপে যি ভূমিকা পালন কৰিলে, সেইয়া প্ৰকৃততেই প্ৰশংসাযোগ্য৷ পৰৱৰ্তী সময়তো আপোনাৰ পৰা অনুৰূপ সহযোগিতা আশা কৰি উক্ত পদকটি আন্তৰিকতাৰে আপোনালৈ আগবঢ়ালোঁ৷ ধন্যবাদেৰে-
অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ- ঈশান জ্যোতি বৰা (বাৰ্তা) 10:19, 10 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

"মাইকীমুৱা" প্ৰবন্ধটোত সম্পাদনা পূৰ্ববত কৰা সন্দৰ্ভত[সম্পাদনা কৰক]

নমস্কাৰ, আপুনি সৃষ্টি কৰা "মাইকীমুৱা" প্ৰবন্ধটোত যিখন চিত্ৰ যোগ কৰিছিল, তাৰ তুলনাত বৰ্তমানৰ চিত্ৰখন বিষয়বস্তুৰ লগত আৰু অধিক সম্পৰ্কীয়। দ্বিতীয়তে, এনে নগ্ন ছবি দিলে শিশু-যুৱক সকলৰ মাজত বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। সেয়েহে, আপোনাৰ সম্পাদনা পূৰ্ববত কৰা হৈছে।

Thesaurabhsaha (বাৰ্তা) 09:40, 6 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Thesaurabhsaha, আপুনি এই দিশত সতৰ্ক হোৱাত ভাল পাইছোঁ। কোনো ধৰণৰ আলোচনা নকৰাকৈয়ে প্ৰবন্ধ একোটাৰ গুৰুত্বপূৰ্ণ সম্পাদনা কৰা উচিৎ নহয়। গতিকে আগলৈ এই ক্ষেত্ৰত প্ৰবন্ধৰ আলোচনা পৃষ্ঠাত আলোচনা কৰি ল'ব বুলি আশা কৰিলোঁ। আনহাতেদি "এনে নগ্ন ছবি দিলে শিশু-যুৱক সকলৰ মাজত বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে।" যুক্তিটো হাস্যকৰ। Nayan j Nath (বাৰ্তা) 10:00, 6 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
যুক্তিটো আপোনাৰ কাৰণে হাস্যকৰ হ'ব পাৰে, তথা আপুনি ইয়াত কি হাস্যৰস বিচাৰি পাইছে সেই সম্পৰ্কে মই অৱগত নহয়। পিছে আপোনাক জনাই থব বিচাৰো যে ৱিকিপিডিয়া কেৱল মাত্ৰ আমাৰ নিচিনা প্ৰাপ্তবয়স্কসকলেই নচলাই, বহুতো স্কুলত পঢ়া ১৮ বছৰৰ অনুৰ্ধ্বৰ শিশুয়েই প্ৰজেক্ট (প্ৰকল্প) ইত্যাদি প্ৰস্তুত কৰিবলৈ পৰিদৰ্শন কৰে। সেয়েহে, আমি অলপ সাৱধানতা অৱলম্বন কৰাটো ভাল।
Thesaurabhsaha (বাৰ্তা) 10:10, 6 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Thesaurabhsaha তেন্তে আপুনি বিদ্যালয়ত যৌন শিক্ষাৰ প্ৰচলন তথা, বিজ্ঞানৰ পাঠ্যপুথিত সন্নিবিষ্ট কৰা ফটো সমূহৰো বিৰোধিতা কৰে নিশ্চয়! ৱিকিপিডিয়া নিৰপেক্ষ। ইয়াৰ মূখ্য উদ্দেশ্য তথ্য প্ৰদান। 'পুৰুষৰ লিংগ' বিষয়ৰ প্ৰবন্ধত লিংগৰ মুক্ত ফটো এখন কাপোৰৰে ঢকা লিংগৰ ফটো এখনতকৈ অধিক তথ্যপূৰ্ণ। Nayan j Nath (বাৰ্তা) 10:18, 6 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
সেইবুলি বিদ্যালয়ত যৌন শিক্ষাৰ প্ৰচলন তথা, বিজ্ঞানৰ পাঠ্যপুথিত সন্নিবিষ্ট কৰা ফটো সমূহৰো বিৰোধিতা নকৰোঁ। যৌন শিক্ষা, জীৱ বিজ্ঞানৰ এক অভিন্ন অংগ। দ্বিতীয়তে, আপুনি সেই নগ্ন চিত্ৰখনক যৌন শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিষয় এটাৰ লগত তুলনা কৰাটোহে অযুক্তিকৰ। সেই চিত্ৰখনৰ পৰা ছাত্ৰ-ছাত্ৰীৰ কি শিক্ষণীয় আছে? অনুগ্ৰহ কৰি উল্লেখ কৰিব?
Thesaurabhsaha (বাৰ্তা) 10:27, 6 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
"চিত্ৰখনক যৌন শিক্ষাৰ দৰে বিষয় এটাৰ লগত তুলনা কৰাটোহে চৰম হাস্যকৰ" -কিয় হাস্যকৰ? Nayan j Nath (বাৰ্তা) 10:30, 6 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
বিদ্যালয়ত যৌনতাৰ বিষয়ে পঢ়াওতে বিছডিএমৰ দৰে বিষয় শিকোৱা হয় নেকি?। মোৰ বোধেৰে সেয়া আমাৰ শিক্ষা প্ৰণালীৰ বিষয়বস্তু নহয়। সেয়া, ব্যক্তি এজনৰ নিজস্ব ইচ্ছা তথা বিচাৰধাৰা। যিহেতু, চিত্ৰখন সলনি সৰ্ন্দভত আপুনি আলোচনাৰ অন্তত সন্মতি প্ৰদান কৰিছে। সেয়েহে, আমি এটা বিষয়তে লাগি থকাতো ঠিক নহ'ব।
Thesaurabhsaha (বাৰ্তা) 10:41, 6 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Thesaurabhsaha প্ৰথম কথা এই প্ৰবন্ধটো প্ৰতিযোগিতাৰ অন্তৰ্ভুক্ত। প্ৰবন্ধ তথা ফটো বিচাৰকৰ দ্বাৰা অনুমোদিত তথা গ্ৰহণ হোৱা। আনহাতে প্ৰবন্ধৰ বিষয়টো সঠিককৈ বুজি লোৱা উচিত। ফটোখনত অপত্তি থাকিলে কমন্সত গৈ আপুনি আপত্তি দেখাব পাৰে। ইয়াৰোপৰি নিজৰ কামত অধিক গুৰুত্ব দিবলৈ অনুৰোধ কৰিছোঁ। আন ব্যক্তিয়ে লিখা বা অনুবাদ কৰা প্ৰবন্ধত ভৱিষ্যতে আলোচনা পৃষ্ঠাত আলোচনাৰ মাধ্যমেৰে আগবাঢ়িবলৈ অনুৰোধ কৰিছোঁ। ইয়াৰ আগতেও আপুনি এনে কিছুমান আপত্তিজনক কাম কৰিছে আৰু কমন্সত আপুনি নিজৰ বুলি আপলোড কৰা ফটো ডিলিট হৈছে। Nayan j Nath (বাৰ্তা) 10:42, 6 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
প্ৰবন্ধটো প্ৰতিযোগিতাৰ কাৰণেই হওঁক নতুবা সাধাৰণতে সূষ্টি কৰা হঁওক, দুয়োটা ক্ষেত্ৰতে একে নিয়ম প্ৰযোজ্য হ'ব। তদুপৰি, আপুনি "কমন্সত আপুনি নিজৰ বুলি আপলোড কৰা ফটো ডিলিট হৈছে" বুলি কৈ কি বুজাব বিচাৰিছে। সেয়া মই ভূলবশতঃ আপলোড দিছিলোঁ, আৰু তৎক্ষণাৎ ডিলিটও কৰা হৈছিল। সেইবুলি, কোনেও অসমীয়া ৱিকিপিডিয়াত সম্পাদনা কৰোঁতে বাধা তো দিব নোৱাৰে।
Thesaurabhsaha (বাৰ্তা) 10:52, 6 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
বিষয়বস্তুৰ লগত সম্পৰ্কিত চিত্ৰখন একাধিক বাৰ মছি নিদিবলৈ সকিয়াই দিছোঁ। ইতিমধ্যেই, আমি আলোচনাৰ অন্তত সেয়া ৰাখিবলৈ সিদ্ধান্ত লৈছোঁ। অনুগ্ৰহ কৰি মোৰ কথাখিনিত গুৰুত্ব প্ৰদান কৰিব। তদুপৰি, পূৰ্ব্ববত সুবিধাটোৰ অপব্যৱহাৰ নকৰিব।
Thesaurabhsaha (বাৰ্তা) 12:02, 6 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Thesaurabhsaha ইংৰাজী প্ৰবন্ধটোত কোনো ফটো নাই, গতিকে ফটো নথকাকৈয়ে থকা শ্ৰেয়। ধন্যবাদ। Nayan j Nath (বাৰ্তা) 12:10, 6 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ইংৰাজী প্ৰবন্ধটোত কোনো ধৰণৰ ছবি দিয়া হোৱা নাই বুলিয়েই অসমীয়া ৱিকিপিডিয়াটো দিব নালাগে বুলি কি অযুক্তিকৰ কথা কৈছে হে। সেই হিচাপত আপোনাৰ দ্বাৰা প্ৰবন্ধটোত নগ্ন ছবিখন যোগ দিয়াটো আপোনাৰ ভুল আছিল। তাৰোপৰি, মই ছবিখন সলাই বিষয়বস্তুৰ লগত অধিক সম্পৰ্কীয় ছবি দিয়াত আপুনি মোৰ সম্পাদনা পূৰ্ববত কিয় কৰিছিলে নহ'লে? পৰবৰ্তী সময়ত সম্পাদনা কৰোঁতে সাৱধানতা অৱলম্বন কৰিব। লগতে মই ছবিখন পূৰ্ব্ববত কৰি দিছোঁ।
Thesaurabhsaha (বাৰ্তা) 12:16, 6 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]