সমললৈ যাওক

ৰঞ্জনা লিপি

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ৰঞ্জনা

ৰঞ্জনা লিপি
প্ৰকাৰ আবুগিদা
ভাষা নেৱাৰ ভাষা (নেপাল ভাষা)
সংস্কৃত
তিব্বতীয় ভাষা
সময় c. 1100–present
মাতৃ লিপি
Proto-Sinaitic script
সন্তান লিপি Soyombo লিপি
ভগ্নী লিপি প্ৰচলিত
ভূজিমল
টোকা: এই পৃষ্ঠাত IPA চিহ্ন থাকিব পাৰে।

ৰঞ্জনা লিপি (Lantsa[2]) হৈছে একাদশ শতিকাত বিকশিত হোৱা এটা আবুগিদা লিখন ব্যৱস্থা।[3] এই লিপি ২০ শতিকাৰ মাজভাগলৈকে নেপালৰ পৰা তিব্বতলৈকে এটা অঞ্চলত কাঠমাণ্ডুৰ ঐতিহাসিক বাসিন্দা নেৱাৰ লোকসকলে সংস্কৃত আৰু নেৱাৰ ভাষা লিখিবলৈ এই লিপি ব্যৱহাৰ কৰিছিল৷ আজিকালি চীন দেশৰ বৌদ্ধ মঠসমূহতো ইয়াক ব্যৱহাৰ কৰা হয়। বিশেষকৈ তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ ভিতৰৰ তিব্বতী বৌদ্ধ অঞ্চল, ছিচুয়ান, ইউনান, কিংহাই আৰু গানছুতৰ লগতে মংগোলিয়া আৰু জাপানৰ বৌদ্ধ মঠ সমূহত ব্যৱহাৰ কৰা হয়। সাধাৰণতে বাওঁফালৰ পৰা সোঁফালে লিখা হয় যদিও কুটাক্ষৰ ৰূপটো ওপৰৰ পৰা তললৈ লিখা হয়।[3] ইয়াক মানক নেপালী ভাষাৰ কেলিগ্ৰাফিক লিপি বুলিও গণ্য কৰা হয়।

ৰঞ্জনা হ'ল ব্ৰাহ্মিক লিপি, যি প্ৰায় ১১০০ খ্ৰীষ্টাব্দত বিকশিত হৈছিল। নেপালত ইয়াক ব্যৱহাৰ কৰা হৈছিল আৰু এতিয়াও নেপালত নেৱাৰ লোকসকলে নেৱাৰ ভাষা লিখিবলৈ ব্যৱহাৰ কৰে৷[2] মহাযান আৰু বজ্ৰায়ণ মঠৰ অধিকাংশতো এই লিপি ব্যৱহাৰ কৰা হয়।[4] প্ৰচলিত নেপাল বৰ্ণমালাৰ লগতে ইয়াক নেপালৰ অন্যতম লিপি বুলি গণ্য কৰা হয়।[5]

বৰ্ণমালা

[সম্পাদনা কৰক]
অং অঃ
ক্ষ ত্ৰ জ্ঞ

মনোগ্ৰাম (কুটাক্ষৰ)

[সম্পাদনা কৰক]
জনবাহলৰ মুখাৱয়বত এটা কুটাক্ষৰ মনোগ্ৰাম

কুটাক্ষৰ হৈছে ৰঞ্জনা লিপিৰ এক মনোগ্ৰাম। মনোগ্ৰামত লিখিব পৰা নেপালী লিপিৰ ভিতৰত ই মাথোঁ এটা।

এই লিপিৰ বাবে এটা ইউনিক'ড ব্লক Evertype দ্বাৰা প্ৰস্তাৱ কৰা হৈছে।[6]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Masica, Colin (1993). The Indo-Aryan languages. পৃষ্ঠা. 143. 
  2. 2.0 2.1 Omniglotসাঁচ:Sps
  3. 3.0 3.1 Jwajalapaসাঁচ:Sps Archived 2007-03-10 at the Wayback Machine
  4. Folk tales from the Himalayan kingdom of Nepal: Black rice and other stories, p.47, Kesar Lall, Ratna Pustak Bhandar
  5. Nepalese Inscriptions in the Rubin Collection
  6. Preliminary proposal for encoding the Rañjana script in the SMP of the UCS . Proposal to Encode Ranjana Script in ISO/IEC 10646, Dev Dass Manandhar, Samir Karmacharya and Bishnu Chitrakar