ৰাসায়নিক মৌল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Periodic table (polyatomic).svg
Hydrogen discharge tube.jpg
Barium unter Argon Schutzgas Atmosphäre.jpg
Copper.jpg
HEUraniumC.jpg
Bromine vial in acrylic cube.jpg
HeTube.jpg
ওপৰত: ৰাসায়নিক মৌলৰ পৰ্যাবৃত্ত তালিকা
তলত: কিছুমান ৰাসায়নিক মৌলৰ উদাহৰণ। বাঁওফালৰ পৰা ক্ৰমে: হাইড্ৰ'জেন, বেৰিয়াম, কপাৰ, ইউৰেনিয়াম, ব্ৰ'মিণ, আৰু হিলিয়াম

ৰাসায়নিক মৌল বা মৌল (ইংৰাজী:  Chemical element; বা element) এক প্ৰকাৰৰ পৰমানুৰ দ্বাৰা গঠিত ৰসায়ন। ইহঁতৰ পৰমানু কেন্দ্ৰত সম সংখ্যক প্ৰট'ন (একে আনৱিক সংখ্যা Z) থাকে।[1] বৰ্তমানলৈকে ১১৮ টা মৌল চিনাক্তকৰণ কৰা হৈছে, ইয়াৰে ৯৪ টা প্ৰাকৃতিকভাৱে পোৱা যায় আৰু বাকী ২৪ টা সংশ্লেষিত মৌল। প্ৰায় ৮০ টা মৌলৰ কমেও এটাকৈ সুস্থিৰ আইছ'টপ আৰু ৩৮ টাৰ তেজস্ক্ৰিয় আইছ'টপ আছে।

বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো পদাৰ্থৰ প্ৰায় ১৫% মৌলৰ দ্বাৰা গঠিত: বাকী খিনি ডাৰ্ক মেটাৰ নামৰ ৰাসায়নিক মৌল নহয় কিন্তু এক অজ্ঞাত সংযুতিৰ দ্বাৰা গঠিত।[2] ব্ৰহ্মাণ্ডত সৰ্বাধিক উপলব্ধ মৌলবোৰ হৈছে মহা নাদৰ সময়তেই গঠন হোৱা, আটাইতকৈ পাতল হাইড্ৰ'জেন আৰু হিলিয়াম। পৰৱৰ্তী তিনিটা মৌল (লিথিয়াম, বেৰিলিয়াম আৰু ব'ৰণ) মহাজাগতিক ৰশ্মিৰ বিচ্ছুৰণৰ দ্বাৰা গঠিত হৈছিল। ছয়ৰ পৰা ছাবিশলৈকে প্ৰ'টনবোৰ তৰাত সৃষ্টি হৈছিল আৰু হৈ আছে। পৃথিৱীঅক্সিজেন, ছিলিকণ, আৰু আইৰণৰ পাচুৰ্যতাই ইয়াকে প্ৰতিফলিত কৰে। ছাবিশতকৈ সৰহ প্ৰ'টনৰ মৌলবোৰ ছুপাৰন'ভা বিস্ফোৰণত গঠন হয় আৰু মহাকাশলৈ বিচ্ছুৰিত হয়।[3]

ভিন্ন মৌলবোৰ ৰাসায়নিক বন্ধনৰ দ্বাৰা লগলাগি যৌগ গঠন কৰে। বিশুদ্ধ খনিজৰ দৰে খুব কম সংখ্যক মৌলহে এককভাৱে পোৱা যায়। এনে কিছুমান সাধাৰণ "স্থানিক মৌল" হৈছে কপাৰ, ৰূপ, সোণ, কাৰ্বন (যেনে, কয়লা, গ্ৰেফাইট বা হীৰা) আৰু ছালফাৰসম্ভ্ৰান্ত গেছ আৰু সম্ভ্ৰান্ত‌ ধাতুৰ দৰে কিছুমান নিস্ক্ৰিয় মৌলৰ বাদে, প্ৰায় সকলো মৌলকে পৃথিৱীত যৌগ হিচাপে পোৱা যায়। আনহাতে প্ৰায় ৩২ বিধ মৌলক এককভাৱে পোৱা যায়, ইয়াৰে বেচিভাগেই মিশ্ৰ অৱস্থাত থাকে, যেনে, বায়ুত নাইট্ৰ'জেন, অক্সিজেন, আৰ্গন আদি মিহলি হৈ থাকে আৰু স্থানিক কঠিন মৌলবোৰক সংকৰ ধাতু যেনে- লো আৰু নিকেল, হিচাপে পোৱা যায়।

প্ৰাৰম্ভিক মানৱ সম্প্ৰদায়ৰ আৰম্ভণিৰ পৰায়ে কাৰ্বন, ছালফাৰ, কপাৰ, সোণ আদিৰ দৰে স্থানীয় মৌলবোৰৰ আবিস্কাৰ আৰু ব্যৱহাৰৰ প্ৰচলন আছিল। পৰৱৰ্তী সময়ত সভ্য মানৱে আকৰিকৰ পৰা কপাৰ, টিন, সীহ, লো আদি ধাতু আহৰণ কৰিবলৈ শিকিছিল।

ৰাসায়নিক মৌলৰ ধৰ্মবোৰ পৰ্যাবৃত্ত তালিকাত সংক্ষিপ্তকৰণ কৰা হৈছে । ইয়াত মৌলবোৰৰ পৰমানু সংখ্যা অনুহৰি শাৰীবদ্ধ (পৰ্যায়) কৰা হৈছে আনহাতে স্তম্ভ (বৰ্গ) বোৰত মৌলৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম অনুহৰি সজ্জিত কৰা হৈছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. IUPAC, ed. "chemical element". doi:10.1351/goldbook.C01022. http://goldbook.iupac.org/C01022.html. 
  2. Oerter, Robert (2006). The Theory of Almost Everything: The Standard Model, the Unsung Triumph of Modern Physics. Penguin. পৃষ্ঠা. 223. ISBN 978-0-452-28786-0. 
  3. E. M. Burbidge, G. R. Burbidge, W. A. Fowler, F. Hoyle (1957). "Synthesis of the Elements in Stars". Reviews of Modern Physics খণ্ড 29 (4): 547–650. doi:10.1103/RevModPhys.29.547.