সমললৈ যাওক

ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত চিত্ৰ/আগষ্ট-দ্বিতীয়খন ফটো, ২০২৪

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত চিত্ৰ/ আগষ্ট-দ্বিতীয়খন ফটো, ২০২৪
গায়ন-বায়ন
'গায়ন-বায়ন' অসমৰ বৈষ্ণৱ সত্ৰীয়া পৰম্পৰাৰ এক প্ৰধান অংগ। গায়ন-বায়ন পৰিবেশন যুটিত গীত গাওঁতা জনক ’গায়ন’ আৰু বাদ্য বজোৱাজনক ’বায়ন’ বোলা হয়। গীত গাওঁতাজনে হাতত সৰু তাল বা পাতিতাললৈ নৃত্য কৰা কেইজনক আগুৰি ঘূৰি থাকে আৰু বাদ্য বজোৱাসকলে হাতত খোল লৈ নৃত্য আৰু গীতৰ তালে তালে নিজৰ নৃত্য প্ৰদৰ্শন কৰে। শ্ৰীমন্ত শংকৰদেৱে পোনপ্ৰথমে গায়ন-বায়ন পৰম্পৰাৰ আৰম্ভণি কৰিছিল। তাৰপিছত শ্ৰীশ্ৰী মাধৱদেৱ, গোপালদেৱ, অনিৰুদ্ধদেৱ আদি গুৰুৱে স্থাপন কৰা সত্ৰ আৰু নামঘৰৰ যোগেৰে এই পৰম্পৰা গোটেই অসমত বিয়পি পৰে। গায়ন-বায়ন ভাওনা সংস্কৃতিৰ অবিচ্ছেদ্য অংগ।
আলোকচিত্ৰ:ধ্ৰুৱজান ফটোগ্ৰাফী

পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...