ৱিকিপিডিয়া:সন্মিলন/শিলচৰ ২

অসমীয়া ৱিকিপিডিয়াৰ পৰা

দ্বিতীয় ৱিকিসন্মিলন, ৰাষ্ট্ৰীয় প্ৰাদ্যোগিক সংস্থান[সম্পাদনা কৰক]

ৰাষ্ট্ৰীয় প্ৰাদ্যোগিক সংস্থান, শিলচৰত এইখন দ্বিতীয় ৱিকিসন্মিলন, তথ্য তলত দিয়া হ'ল। প্ৰথমখন আয়োজন কৰা হৈছিল ৬ মাৰ্চ, ২০১৪ তাৰিখে।

স্থান[সম্পাদনা কৰক]

কম্পিউটাৰ বিজ্ঞান বিভাগ, ৰাষ্ট্ৰীয় প্ৰাদ্যোগিক সংস্থান, শিলচৰ

তাৰিখ[সম্পাদনা কৰক]

১৩ ফেব্ৰুৱাৰী, ২০১৫।

সময়[সম্পাদনা কৰক]

বিয়লি ৫:৩০ বজাত।

বিশিষ্ট অতিথি[সম্পাদনা কৰক]

জলি ৰুমী বৰা

কাৰ্য্যসূচী[সম্পাদনা কৰক]

সন্মিলনখনিত মুখ্যতঃ উঠি অহা যুৱক-যুৱতীসকলক অসমীয়া ৱিকিপিডিয়াৰ প্ৰয়োজনীয়তা বুজাবলৈ আৰু ৱিকিপিডিয়াৰ লগত জড়িত হ'বলৈ উদ্বুদ্ধ কৰিবলৈ চেষ্টা কৰা হ'ব। লগতে নিম্নোল্লিখিত কামখিনিৰ বিষয়েও থুলমুলকৈ জ্ঞান দিয়া হ'ব:

  • কম্পিউটাৰত অসমীয়াত কেনেকৈ লিখিব
  • ৱিকিপিডিয়াত কেনেকৈ লিখিবলৈ আৰম্ভ কৰিব
  • ৱিকিপিডিয়ালৈ দিব পৰা অন্যান্য অৱদান

ইয়াৰ উপৰিও যোগদানকাৰী সকলক অসমীয়া ৱিকিউৎসৰ বিষয়েও অৱগত কৰা হ'ব। লগতে শিলচৰত, বিশেষকৈ শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক লৈ ভৱিষ্যতে ৱিকিসম্মিলন আয়োজন কৰাৰ বিষয়েও আলোচনা কৰা হ'ব।

ভাৰতৰ শীৰ্ষস্থানীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান শিলচৰৰ ছাত্ৰ আৰু প্ৰৱক্তা সকলৰ সহযোগত যোৱা ১৩ ফেব্ৰুৱাৰীত অসমীয়া ৱিকিপিডিয়াৰ এখন কৰ্মশালা অনুষ্ঠিত হয়। বিশিষ্ট ৱিকিপিডিয়ান জলি ৰুমী বৰাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা কৰ্মশালাটোৰ আঁত ধৰে ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান শিলচৰৰ কম্পিউটাৰ বিভাগৰ প্ৰৱক্তা প্ৰভাকৰ শৰ্মা নেওঁগ দেৱে। নিজৰ বক্তৱ্যত নেওঁগ দেৱে ন-শিকাৰু সকলক অসমীয়া ৱিকিপিডিয়াৰ জন্ম আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰে। প্ৰবন্ধ অনুসন্ধান, মানসম্পন্ন নতুন প্ৰবন্ধ সৃষ্টি, প্ৰবন্ধ লিখাৰ নিয়ম, তথা ৰ’দালী, জাহ্নবী, আৰু অভ্ৰ লিখন সজুলিৰ সহায়ত কম্পিউটাৰত অসমীয়া লিখাৰ ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰে প্ৰভাকৰ শৰ্মা নেওঁগ, কন্দৰ্প বৰচেতিয়া আৰু ছাইদুল ইছলামে। গৌৰাংগ ফুকন, নিতু কুমাৰ দাস, অভিনব আকাশ গগৈ, জ্যোতিশ্মান খনিকৰ, মৃদুল বুঢ়াগোঁহাই, কিয়েকাশ্যপ পাঠক,গুনিন পাঠক, ইছানুল হুছেইন, বিশাল ভুঞা, শুভম পাল,আব্দুল কালাম আজাদ, চয়ন বাওঁল, ছৰোৱাৰ আহমেদ, হিমাংশু বৰা, নয়নজ্যোতি বৰা, প্ৰাচুৰ্য কৌশিক, হিমাংশু ভুঞা, দেৱব্ৰ্ত বৰগোঁহাই, ভাস্কৰজ্যোতি শইকিয়া, মনালি বৰদলৈ,হিমাশ্ৰি কৌৰ, লক্ষহীৰা কোঁৱৰ, গীতৰ্থী শৰ্মা,সুস্মিতা ভূঞাকে আদি কৰি প্ৰায় ত্ৰিছ জন ছাত্ৰ-ছত্ৰীয়ে অংশগ্ৰহন কৰা এই অনুষ্ঠানত মুখ্য অতিথি জলি ৰুমী বৰাই তেখেতৰ অনুপ্ৰেৰণাদ্বায়ক বক্তব্যত কয় যে অসমীয়া ভাষা তথা স্ংস্কৃতিৰ প্ৰতি সকলোৰে এক দ্বায়িত্ব আৰু কৰ্তব্য আছে আৰু সকলোৱে তাক পালন কৰা উচিত। ব্যস্ততাপূৰ্ণ দৈনন্দিন জীৱনৰ মাজত মাতৃভাষাৰ স্থায়িত্ব তথা উন্নতিৰ বাবে অসমীয়া ৱিকিপিডিয়া এক বৃহৎ সুযোগ বুলি অভিহিত কৰি সকলোকে একগোট হৈ কাম কৰাৰ বাবে শ্ৰীমতি বৰাই আহ্বান জনায়। ইংলেণ্ডৰ ইউনিভাৰ্ছিটি অব শ্বেফিল্ডত গৱেষণাৰত শ্ৰীমতি বৰাই বিগত কেইবা বছৰ ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তত অসমীয়া ৱিকিপিডিয়াৰ উন্নতিৰ বাবে কাম কৰি আহিছে। উল্লেখ্য, ভাৰতীয় ভাষা সমূহৰ ভিতৰত মালায়ালম ৱিকিপিডিয়াৰ পিছতে ২০০২ চনত মুক্ত-বিশ্বকোষ হিচাপে অসমীয়া ৱিকিপিডিয়া মুকলি কৰা হৈছিল আৰু বৰ্তমান ইয়াত প্ৰায় ৩১০৭ টা প্ৰবন্ধ আছে। মূলত অৱদানকাৰীৰ অভাৱেই প্ৰবন্ধৰ স্ংখ্যা বৃদ্ধিত প্ৰধান অন্তৰায় হৈ দেখা দিয়া বুলি কৰ্মকৰ্তা সকলে জানিবলৈ দিয়ে। অসমীয়া ভাষাৰ ভৱিষ্যতৰ প্ৰ্তি লক্ষ্য ৰাখি প্ৰ্ত্যেকজন আগ্ৰ্হী ব্যক্তিক ৱিকিপিডিয়াত যোগদান কৰি অৱদান আগবঢ়াবলৈ আহ্বান জনোৱা হয়।

অংশগ্ৰহণকাৰী[সম্পাদনা কৰক]

  • ৰাষ্ট্ৰীয় প্ৰাদ্যোগিক সংস্থান, শিলচৰৰ ৱিকি উৎসুক ছাত্ৰ-ছাত্ৰীবৃন্দ
  1. ছাইদুল ইছলাম
  2. কন্দৰ্প বৰচেতিয়া
  3. গৌৰাংগ ফুকন
  4. নিতু কুমাৰ দাস
  5. অভিনব আকাশ গগৈ
  6. জ্যোতিশ্মান খনিকৰ
  7. মৃদুল বুঢ়াগোঁহাই
  8. কিয়েকাশ্যপ পাঠক
  9. গুনিন পাঠক
  10. ইছানুল হুছেইন
  11. বিশাল ভুঞা
  12. শুভম পাল
  13. আব্দুল কালাম আজাদ
  14. চয়ন বাওঁল
  15. ছৰোৱাৰ আহমেদ
  16. হিমাংশু বৰা
  17. নয়নজ্যোতি বৰা
  18. প্ৰাচুৰ্য কৌশিক
  19. হিমাংশু ভুঞা
  20. দেৱব্ৰ্ত বৰগোঁহাই
  21. ভাস্কৰজ্যোতি শইকিয়া
  22. মনালি বৰদলৈ
  23. হিমাশ্ৰি কৌৰ
  24. লক্ষহীৰা কোঁৱৰ
  25. গীতাথী শমা
  26. সুস্মিতা ভূঞা

ছবিসমূহ ৱিকিমিডিয়া কমন্সতো ([1]) উপলব্ধ