ৱিকিপিডিয়া:বেংগালুৰু চাহমেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বেংগালুৰু (বাংগালোৰ) মহানগৰত ন-পুৰণি ৱিকিপিডিয়ানৰ চাহমেল আৰু ৱিকি-আড্ডা।

পুৰণি ৱিকিপিডিয়ানসকল লগ হৈ অসমীয়া ৱিকিপিডিয়া/ৱিকিউৎসৰ বাবে ন-ন ধাৰণা মুকলি কৰা আৰু ৱিকিপিডিয়াৰ বিষয়ে নজনা কিন্তু শিকিবলৈ আগ্ৰহ কৰাসকলক যিমান পাৰি প্ৰশিক্ষণ দিয়া।

কেতিয়া[সম্পাদনা কৰক]

১ ডিচেম্বৰ (২০১৩), বিয়লি ৩ বজা

চাহমেলৰ বাবে প্ৰস্তাৱিত স্থান[সম্পাদনা কৰক]

চাহমেলৰ বাবে সম্ভাৱ্য স্থান হিচাপে সদ্যহতে ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ নাম প্ৰস্তাৱ কৰিছো। যাৱতীয় অনুমতিৰ বাবে কতৃপক্ষক অনুৰোধ জনোৱাৰ দায়িত্ব মই লৈছো। এই সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত আগ্ৰহী সদস্য সকলক সময়ত জনোৱা হ'ব।

প্ৰণৱ জ্যোতি ভূঞা (talk) 19:17, 22 নৱেম্বৰ 2013 (UTC)

মাত্ৰ কেইজনমান মানুহহে। ডাঙৰ প্ৰতিষ্ঠান নহ'লেও নাই। পাৰ্ক/ৰেস্তোঁৰা হ'লেও চলিব! — গীতাৰ্থ বৰদলৈ (talk) 15:08, 23 নৱেম্বৰ 2013 (UTC)

স্থান আৰু সময়[সম্পাদনা কৰক]

স্থান:

পদাৰ্থ বিজ্ঞান বিভাগ

ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান

বাংগালোৰ-৫৬০০১২

ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (Indian Institute of Science, চমুকৈ IISc) লৈ কেনেকৈ আহিব:

ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ স্থানীয় জনপ্ৰিয় নাম টাটা ইনষ্টিউট। সেয়ে আগ্ৰহী যোগদানকাৰীসকলে বাছ/অট' ইত্যাদিৰে আহিব খুজিলে সেই নামেৰে ক'লে সুবিধাজনক হয়।

পথৰ নিৰ্দেশনা ইয়াতে পাব।

অহাৰ ক্ষেত্ৰত কোনো অসুবিধা পালে মোক যোগাযোগ কৰিব পাৰিব এই নম্বৰত +৯১ ৯৪৮৩৮৩২১৮৫।

সময়: বিয়লি ৩ বজা

বিঃ দ্ৰঃ আগ্ৰহী যোগদানকাৰীসকলক তেখেতসকলৰ আস্থানৰ পৰা সোনকালে যাত্ৰা আৰম্ভ কৰিবলৈ অনুৰোধ জনালো। বিশেষতঃ IISc ৰ মূখ্য প্ৰৱেশ দ্বাৰৰ পৰা পদাৰ্থ বিজ্ঞান বিভাগলৈও অলপ দূৰ খোজকাঢ়িব লাগিব।



সকলোৰে সুবিধা অনুসৰি চাহমেলৰ সময় প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালো।

মই বিয়লি ৩ বজা সুবিধাজনক হ'ব বুলি প্ৰস্তাৱ কৰিছো।

প্ৰণৱ জ্যোতি ভূঞা (talk) 05:11, 29 নৱেম্বৰ 2013 (UTC)

ok. — গীতাৰ্থ বৰদলৈ (talk) 05:09, 30 নৱেম্বৰ 2013 (UTC)

কোন কোন থাকিব[সম্পাদনা কৰক]

  1. — গীতাৰ্থ বৰদলৈ (talk) 17:36, 22 নৱেম্বৰ 2013 (UTC)
  2. প্ৰণৱ জ্যোতি ভূঞা (talk) 18:25, 22 নৱেম্বৰ 2013 (UTC)
  3. অংকুৰ দত্ত
  4. জলি বৰা - Joli (talk) 03:34, 23 নৱেম্বৰ 2013 (UTC)
  5. প্ৰণৱজ্যোতি বৰা প্ৰণৱজ্যোতি বৰা
  6. ফাৰহানা য়াছমিন
  7. চিজু এলেক্স
  8. প্ৰীতম জ্যোতি বৰা
  9. বুদ্ধ ডেকা বৰুৱা
  10. গীতা ডেকা
  11. ময়ুৰী গগৈ
  12. দীপাংকৰ পাঠক
  13. প্ৰত্যুষ বৰগোঁহাই
  14. শুভংকৰ চক্ৰৱৰ্ত্তী
  15. প্ৰাঞ্জল মহন্ত

কি কি কৰা হ'ব[সম্পাদনা কৰক]

  1. আগ্ৰহীসকলক ৱিকিপিডিয়াত তথ্য যোগ দিয়াৰ প্ৰশিক্ষণ
  2. ৱিকিপিডিয়া/ৱিকিউৎসৰ প্ৰচাৰৰ বাবে আঁচনি

আৰু কি কি কৰা হ'ব পাৰে তাৰ বাবে অনুৰোধ/পৰামৰ্শ[সম্পাদনা কৰক]

  1. ৱিকিমীটআপ খনৰ খবৰ প্ৰচাৰ মেডিয়াত ভালদৰে প্ৰচাৰ কৰিব লাগে আৰু ইয়াৰে লগতে খবৰৰ পঢ়ুৱৈক ৱিকিপিডিয়া কি, কিয় লাগে আদি খবৰো দিব লাগে। বিশেষকৈ ৱিকিমীটআপ মানে সৰু মিটিং বুলি প্ৰচাৰবিমুখ হ'ব নালাগে
  2. আৰু ৱিকিমীটআপ পাতিবলৈ বিভিন্ন স্থানৰ ৱিকিপিডিয়াৰ প্ৰতি উৎসাহী মানুহক উদগণি দিব লাগে।

শুভেচ্ছা[সম্পাদনা কৰক]

  1. প্রভাকৰ শৰ্মা নেওগ (talk) 11:03, 25 নৱেম্বৰ 2013 (UTC)
  2. জ্যোতি প্ৰকাশ নাথ (talk) 10:00, 30 নৱেম্বৰ 2013 (UTC)
  3. নিয়ৰপৰশ (talk) 15:19, 30 নৱেম্বৰ 2013 (UTC)

কাৰ্যবিৱৰণী[সম্পাদনা কৰক]

  1. সভাখন নিৰ্দিষ্ট সময়তকৈ ১৫ মিনিট পলমকৈ ৩:১৫ বজাত আৰম্ভ কৰা হয়। সভাত অসমীয়া ৱিকিপিডিয়ান প্ৰণৱ জ্যোতি ভূঞা, জলি বৰা আৰু গীতাৰ্থ বৰদলৈকে ধৰি ১৬ গৰাকী অসমীয়া যুৱক-যুৱতী উপস্থিত থাকে। তাৰোপৰি ৱিকিমিডিয়া ভাৰত শাখাৰ তৰফৰ পৰা শুভাশিস পানিগ্ৰাহী আৰু অসমীয়া ৱিকিপিডিয়াৰ শুভাকাংক্ষী চিজু এলেক্সো উপস্থিত থাকে।
  2. আৰম্ভণিতে উদ্যোক্তা প্ৰণৱ জ্যোতি ভূঞাই সকলোকে আদৰণি জনায় আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে।
  3. ইয়াৰ পিছতে উপস্থিত লোকসকলে নিজৰ নিজৰ পৰিচয় দাঙি ধৰে।
  4. অসমীয়া ৱিকিপিডিয়াৰ প্ৰশাসক গীতাৰ্থ বৰদলৈয়ে ৱিকিপিডিয়া আৰু অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে ন-শিকাৰুসকলক অৱগত কৰায়। ৱিকিপিডিয়াত কি লিখিব লাগে, কি লিখিব নালাগে, সাধাৰণ নীতিসমূহ, টেব্‌সমূহৰ কাম আদি কথা চমুকৈ কোৱা হয়। ইয়াৰ লগতে অসমীয়া ৱিকিউৎসৰো কথা তেওঁলোকক কোৱা হয়।
  5. অসমীয়া টাইপিং সঁজুলিৰ বিষয়ে কোনো কোনোৱে জানিবলৈ বিচৰাত ৰ'দালি পৰ্টেবল সঁজুলিৰে কিদৰে সহজতে অসমীয়া টাইপ কৰিব পাৰি সেয়া গীতাৰ্থ বৰদলৈয়ে সকলোকে দেখুৱায়।
  6. ইয়াৰ পিছত ৱিকিপিডিয়ান জলি বৰাই ৱিকিপিডিয়াত কিদৰে একাউণ্ট সৃষ্টি কৰিব পাৰি, পুৰণা পদ্ধতি আৰু ভিজুৱেল এডিটৰেৰে কেনেকৈ প্ৰবন্ধ এটা সম্পাদনা কৰিব পাৰি আদি কথা ন-শিকাৰুসকলক হাতে-কামে কৰি দেখুৱায়। প্ৰবন্ধ অনুসন্ধান, নতুন প্ৰবন্ধ সৃষ্টি, ইংৰাজী প্ৰবন্ধৰ পৰা অসমীয়ালৈ অনুবাদ কৰিব পৰা কৌশল, ছবি আপল'ড প্ৰক্ৰিয়া আদিও তেওঁলোকক শিকোৱা হয়।
  7. ইয়াৰ পিছত ন-শিকাৰুসকলে কেতবোৰ প্ৰশ্ন উত্থাপন কৰে আৰু সেইবোৰৰ যথাসম্ভৱ উত্তৰ দিয়া হয়।
  8. অসমীয়া ৱিকিপিডিয়া-ৱিকিউৎসক জনপ্ৰিয় কৰিবলৈ কি কি কাম হাতত ল'ব পাৰি সেই বিষয়ে সকলোৰে লগত আলোচনা কৰা হয়।
ৰাইজে আগবঢ়োৱা দুটামান পৰামৰ্শ-
বিদ্যালয়ৰ কম্পিউটাৰ শিক্ষকৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক ৱিকিত লিখিবলৈ আগ্ৰহী কৰি তোলা- গীতা ডেকা
ন-শিকাৰুৰ বাবে ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰি নতুন প্ৰবন্ধ সৃষ্টিত উৎসাহ যোগোৱা- প্ৰাঞ্জল মহন্ত
  1. তাৰ পিছত শুভাশিস পানিগ্ৰহীয়ে দুআষাৰমান কয় আৰু ৱিকিপিডিয়াৰ ল'গ' সম্বিলিত বেজ বিতৰণ কৰে। তেওঁ জানুৱাৰীত একে ঠাইতে একেখিনি মানুহক লৈ আৰু এটা কৰ্মশালা পতাৰ প্ৰস্তাৱ দিয়ে।
  2. চিজু এলেক্সে অসমীয়া ৱিকিপিডিয়াৰ লগত তেওঁৰ সম্পৰ্কৰ কথা কয় আৰু ৱিকিপিডিয়াৰ গুৰুত্ব বুজি বৰঙণি আগবঢ়াবলৈ সকলোকে উৎসাহ প্ৰদান কৰে।
  3. ইয়াতেই সভা/কৰ্মশালাৰ অন্ত পৰে সকলোৱে চাহ গ্ৰহণ কৰে।

ছবিসমূহ ৱিকিমিডিয়া কমন্সত (Category:Assamese Wikipedia workshop, Indian Institute of Science 01 December 2013) উপলব্ধ