ৱিকিপিডিয়া:সন্মিলন/ তেজপুৰ২

অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰথম ৱিকিসন্মিলন, গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেন্ট এণ্ড টেকনল'জী, তেজপুৰ[সম্পাদনা কৰক]

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেন্ট এণ্ড টেকনল'জী, তেজপুৰত এইখন প্ৰথম ৱিকিসন্মিলন, তথ্য তলত দিয়া হ'ল।

স্থান[সম্পাদনা কৰক]

চেমিনাৰ হ'ল, গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেন্ট এণ্ড টেকনল'জী, তেজপুৰ, কুণ্ডাৰবাৰী, শোনিতপুৰ

তাৰিখ[সম্পাদনা কৰক]

২৮ ফেব্ৰুৱাৰী, ২০১৫।

সময়[সম্পাদনা কৰক]

ৰাতিপুৱা ১০:০০ বজাত

বিশিষ্ট অতিথি[সম্পাদনা কৰক]

  • নিতুল বৰা
  • বিষ্ণু শইকীয়া

কাৰ্য্যসূচী[সম্পাদনা কৰক]

সন্মিলনখনিত মুখ্যতঃ উঠি অহা যুৱক-যুৱতীসকলক অসমীয়া ৱিকিপিডিয়াৰ প্ৰয়োজনীয়তা বুজাবলৈ আৰু ৱিকিপিডিয়াৰ লগত জড়িত হ'বলৈ উদ্বুদ্ধ কৰিবলৈ চেষ্টা কৰা হ'ব। লগতে নিম্নোল্লিখিত কামখিনিৰ বিষয়েও থুলমুলকৈ জ্ঞান দিয়া হ'ব:

  • কম্পিউটাৰত অসমীয়াত কেনেকৈ লিখিব
  • ৱিকিপিডিয়াত কেনেকৈ লিখিবলৈ আৰম্ভ কৰিব
  • ৱিকিপিডিয়ালৈ দিব পৰা অন্যান্য অৱদান

ইয়াৰ উপৰিও যোগদানকাৰী সকলক অসমীয়া ৱিকিউৎসৰ বিষয়েও অৱগত কৰা হ'ব।


ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সঙ্গতি ৰাখি ২৮ ফেব্ৰুৱাৰী,২০১৫ অসমৰ এখন আগশাৰীৰ কাৰিকৰী শিক্ষা প্ৰতিস্থান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেন্ট এণ্ড টেকনল'জী, তেজপুৰত এখন ৱিকিসন্মিলনৰ আয়োজন কৰা হৈছিল। সন্মিলনখনত মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰি অনা হৈছিল অভিজ্ঞ ৱিকিপিডিয়ান নিতুল বৰা দেৱ আৰু অসমীয়া ৱিকিপিডিয়াৰ প্ৰকাশক বিষ্ণু শইকীয়া দেৱক। কাৰিকৰী অসুবিধাৰ বাবে কিছুসময় পলমকৈ আৰম্ভ হোৱা সন্মিলনখনত অংশগ্ৰহণকাৰীৰ বিপুল ভিৰ পৰিলক্ষিত হৈছিল। আয়োজকসকলে জনোৱা অনুসৰি সন্মিলনখনৰ আৰম্ভণী হোৱাৰ লগে লগে বিজ্ঞান দিৱসৰ অন্যান্য অনুষ্ঠানসমূহৰ প্ৰতিযোগী আৰু দৰ্শকসকল ৱিকি সন্মিলন অনুষ্ঠিত হৈ থকা প্ৰেক্ষাগৃহত উপস্থিত হয়হি আৰু দৰ্শক-প্ৰতিযোগীৰ অভাৱৰ বাবে অন্যান্য অনুষ্ঠানসমূহ আয়োজকসকলে কিছু সময়লৈ স্থগিত ৰাখিবলৈ বাধ্য হয়। বিগত সপ্তাহত মহাবিদ্যালয় চৌহদত ৱিকি সন্মিলনখনৰ ঘোষণা হোৱাৰ পাছৰে পৰাই ছাত্ৰ-ছাত্ৰীসকলৰ মনত ৱিকি সন্মিলনখনৰ মনত তীব্ৰ উৎকন্ঠাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল আৰু এই উৎসাহ আজিৰ সন্মিলনখনত প্ৰতিফলিত হৈছিল।

মহাবিদ্যালয়খনৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ভূপেন বৰুৱাই সন্মিলনখন মুকলি কৰে। অনুষ্ঠানটোৰ আঁত ধৰে মহাবিদ্যালয়খনৰে যান্ত্ৰিক অভিযন্ত্ৰণ বিভাগৰ সহকাৰী অধ্যাপক ফাৰুক আজিজে। তেখেতে ইউনিকোডত অসমীয়া লিখিবলৈ মনতে পুহি ৰখা ভয় ভাৱ আঁতৰ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায় লগতে অসমীয়া লিখন সঁজুলি ‘ৰ’দালি’ৰ সহায়ত কম্পিউটাৰত অসমীয়া লিখাৰ ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰে। বিষ্ণু শইকীয়াই অসমীয়া ৱিকিপিডিয়াৰ ইতিহাস আৰু বৰ্তমানৰ ই-বিশ্বত ভাষা এটাৰ স্বকীয়তা ৰক্ষাৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব সম্বন্ধে ছাত্ৰ- ছাত্ৰীসকলক অৱগত কৰায়। তেওঁ আকৌ কয় ভাৰতীয় ভাষা সমূহৰ ভিতৰত মালায়ালম ৱিকিপিডিয়াৰ পিছতে ২০০২ চনত মুক্ত-বিশ্বকোষ হিচাপে অসমীয়া ৱিকিপিডিয়া মুকলি কৰা হৈছিল আৰু বৰ্তমান ইয়াত প্ৰায় ৩১২৫ টা প্ৰবন্ধ আছে। প্ৰায় একে সময়তে মুকলি কৰা অন্যান্য ভাৰতীয় ভাষাসমূহ অসমীয়া ভাষাতকৈ বহু যোজন দূৰ আগুৱাই গ’ল বুলি আক্ষেপ কৰে। প্ৰায় আশীজনমান ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থকা সন্মিলনখনৰ আনজন অতিথি নিতুল বৰাই ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া ৱিকিপিডিয়াৰ কাৰিকৰী দিশসমূহৰ বিষয়ে অৱগত কৰায়। তেখেতে ৱিকিপিডিয়াত নতুন পৃষ্ঠাৰ সৃষ্টি, পুৰণি সাহিত্য সংৰক্ষণত ৱিকি উৎসৰ গুৰুত্ব ছাত্ৰ-ছাত্ৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰে। তেখেতে অসমীয়া ৱিকিপিডিয়াৰ মূল সমস্যাসমূহৰ বিষয়েও ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰায়। মূলত অৱদানকাৰীৰ অভাৱ আৰু সচেতনতাৰ অভাৱেই প্ৰবন্ধৰ স্ংখ্যা বৃদ্ধিত প্ৰধান অন্তৰায় হৈ দেখা দিয়া বুলি তেখেতে জানিবলৈ দিয়ে। অসমীয়া ভাষাৰ ভৱিষ্যতৰ প্ৰ্তি লক্ষ্য ৰাখি প্ৰ্ত্যেকজন আগ্ৰ্হী ব্যক্তিক ৱিকিপিডিয়াত যোগদান কৰি অৱদান আগবঢ়াই অসমীয়া ভাষাক জগত সভালৈ লৈ যাবলৈ সকলোকে আহ্বান জনোৱা হয়।

অংশগ্ৰহণকাৰী[সম্পাদনা কৰক]

কৰ্মশালাত উপস্থিত থকা মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল[সম্পাদনা কৰক]

  1. ফাৰুক আজিজ
  2. প্ৰাঞ্জল দাস
  3. প্লাবিতা বৰুৱা
  4. ৰাজকুমাৰ জয়দ্বীপ বৰা
  5. ভূপেন কুমাৰ বৰুৱা
  6. মণি পুস্পক হাজৰিকা
  7. ভাৰ্গৱ জ্যোতি দাস
  8. বিনিতা বৰা
  9. বিশ্বজিত শ্যাম
  10. সাধনা গোস্বামী
  11. ৰুবি বৰা

কৰ্মশালাৰ পৰিচালনা সহযোগীসকল[সম্পাদনা কৰক]

  1. ভৃগু বৰঠাকুৰ
  2. কিশোৰ কলিতা
  3. বিক্ৰম বৰুৱা
  4. অভিনন্দন বৰুৱা
  5. বেদান্ত বিকাশ শৰ্মা
  6. মহৰ্ষী কাশ্যপ
  7. ভাস্বতী বৈশ্য আৰু অন্যান্য

কৰ্মশালাত উপস্থিত থকা মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকল[সম্পাদনা কৰক]

  1. অঙ্কিতা কলিতা
  2. ৰাবিনা আহমেদ
  3. স্বাগতা বৰা
  4. সুকন্যা বৰা
  5. অনন্যা চৌধুৰী
  6. স্নিগ্ধা কলিতা
  7. পূৰ্বশ্ৰী ডেকা
  8. ভাগ্যশ্ৰী ডেকা
  9. ৰাতুল বৰ্মন
  10. প্ৰশান্ত ঘোষ
  11. তন্ময় জ্যোতি গগৈ
  12. মৃণাল কুমাৰ বৰঠাকুৰ
  13. পঙ্কজ বৰা
  14. প্ৰাঞ্জল সন্দিকৈ
  15. পৰমাৰ্থ নাথ
  16. আংশুমান বৰা
  17. ৰংকিত ডেউৰি
  18. প্ৰীতম ভৰদ্বাজ
  19. ধ্ৰুৱজ্যোতি দাস
  20. হীৰেন্দ্ৰ নাথ ৰাজবংশী
  21. অভিজিত শৰ্মা
  22. আবু ওমৰ ফাৰুক
  23. চন্দন বৰগোঁহাই
  24. কৌস্তভ কাশ্যপ বৰা
  25. অভিক হৌৰ
  26. কায়নাত উল আমিন
  27. তুৰিস্মা চবনম
  28. আজিবৰ ৰহমান
  29. ভাৰ্গৱ বৰথাকুৰ
  30. দ্বীপজ্যোতি পাটোৱাৰী
  31. ধৰ্মেন্দ্ৰ নাথ
  32. ৰূপম হাজৰিকা
  33. অনুৰাগ শইকীয়া
  34. কাশ্মিৰী ডেকা
  35. মেহেৰ জেচিয়া
  36. ৰাম কিংকৰ মহন্ত
  37. অভিলাষ দাস
  38. পুষঙ্ক লস্কৰ
  39. সিদ্ধাৰ্থ কেম্প্ৰাই
  40. নিলোৎপল পাটগীৰি
  41. ভাৰ্গৱ নাথ
  42. অৰিন্দম দাস
  43. পৰিণিতা ফুকন
  44. প্ৰাঞ্জনা হাজৰিকা
  45. তাপস জ্যোতি কলিতা
  46. ৰাজীৱ পাটোৱাৰী
  47. সঞ্জীৱ গোহাঁই
  48. সংকোচ্ছ নাথ
  49. জিন্নুৰ আহমেদ
  50. কেখৰ কেছ দাস
  51. অৰূপ কুমাৰ বৰদলৈ
  52. জয়ন্ত কলিতা
  53. চাহানা পাৰবিন
  54. কবিতা ছেত্ৰী
  55. প্ৰণামিকা বৰঠাকুৰ
  56. জেবিন চুলতানা আলম
  57. মীজানুল হক বড়ভূয়া
  58. সুস্মিতা লাহন
  59. মোক এইম ৱেংকেন
  60. ৰাহুল বৰ্মন
  61. কৌবিদ গগৈ
  62. দেৱৰ্ষী মজুমদাৰ
  63. কংকন বৰ্মন
  64. নিলোৎপল শৰ্মা
  65. দেৱাংৰাজ কাশ্যপ
  66. নিলোৎপল তালুকদাৰ
  67. ভিক্টৰ দত্ত
  68. সৌভানিক চৌধুৰি
  69. চাহিল হুচেইন
  70. শঙ্কৰী হাজৰীকা
  71. কিশোৰ কলিতা
  72. মিনু চুতিয়া
  73. মাচাবা হুচেইন
  74. বৈশালী চেতিয়া
  75. নিলাঞ্জনা কাশ্যপ
  76. দিগন্ত নাথ
  77. নীলিম গগৈ
  78. কংকণ কিশোৰ নাথ
  79. প্ৰণৱ শইকীয়া
  80. দ্বীপজ্যোতি চৰকাৰ আৰু অন্যান্য

শুভেচ্ছা[সম্পাদনা কৰক]