ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০২৪/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জ্ঞানদানন্দিনী ঠাকুৰ (জ্ঞানদানন্দিনী মুখোপাধ্যায়; ২৬ জুলাই ১৮৫০ – ১ অক্টোবৰ ১৯৪১) কলিকতা নিবাসী এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক আছিল। তেওঁ বিভিন্ন সাংস্কৃতিক উদ্ভাৱনৰ পথপ্ৰদৰ্শন কৰাই নহয় উনবিংশ শতিকাৰ বংগত মহিলা সৱলীকৰণৰ প্ৰাৰম্ভিক পৰ্যায়ত উল্লেখনীয় প্ৰভাৱ পেলাইছিল। তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰৰ ককায়েক আৰু জোৰাসাকোঁৰ ঠাকুৰ পৰিয়ালৰ বংশধৰ সত্যেন্দ্ৰনাথ ঠাকুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁ বম্বেত থকাৰ সময়ত দেখা গুজৰাটী আৰু পাৰ্চী শাড়ীৰ উপাদানৰ সৈতে পৰম্পৰাগত বঙালী শৈলীৰ ওপৰত ভিত্তি কৰি ব্ৰহ্মিকা শাড়ী নামৰ শাড়ীৰ এক অনন্য শৈলী বিকশিত কৰাৰ বাবে জনাজাত।

ঠাকুৰ পৰিয়ালৰ মহিলাসকলৰ ভিতৰত, স্বৰ্ণকুমাৰী দেৱীৰ পিছতে, জ্ঞানদানন্দিনীয়ে পৰিয়ালটোৱে সমৃদ্ধ সাহিত্যিক পৰিৱেশত আটাইতকৈ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ১৮৮০ চনত ইংলেণ্ডৰপৰা উভতি অহাৰ পিছত জ্ঞানদানন্দিনীয়ে বঙালী আলোচনী ভাৰতীত প্ৰবন্ধ লিখিবলৈ আৰম্ভ কৰে। সোনকালেই তেওঁৰ সাহিত্য প্ৰতিভা বুদ্ধিজীৱীসকলৰ নজৰলৈ আহিছিল। ১৮৮৫ চনত জ্ঞানদানন্দিনী দেৱীয়ে বঙালী ভাষাত প্ৰথম শিশু সাহিত্য আলোচনী বালক প্ৰতিষ্ঠা কৰে। ৰবীন্দ্ৰনাথেও বালকত লিখিছিল আৰু কেইবাটাও চুটি গল্প, কবিতা আৰু নাটকৰ অৱদান আগবঢ়াইছিল। তেওঁ শিশুসকলৰ বাবে টাকডুমাডুম আৰু সাত ভাই চম্পা নামেৰে দুখন নাটক লিখিছিল; সাহিত্য চক্ৰত দুয়োখন নাটকেই যথেষ্ট প্ৰশংসিত হৈছিল।

ইয়াত বিতংকৈ পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ ইল'ইজৰ বিষয়ে ইয়াত পঢ়ক...